বৰালি মাছ | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Wallago |
প্ৰজাতি: | W. attu |
দ্বৈৰাশিক নামকৰণ | |
Wallago attu Bloch & Schneider, 1801 | |
সমাৰ্থক | |
Silurus boalis Hamilton, 1822 |
বৰালি মাছ (বৈজ্ঞানিক নাম: Wallago attu) হৈছে চিলুৰিডে পৰিয়ালৰ এবিধ সতেজ পানীৰ কেটফিছজাতীয় মাছ। এই মাছবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত থলুৱাভাৱে পোৱা যায়। ইয়াক ইংৰাজীত হেলিকপ্টাৰ কেটফিছ (ইংৰাজী: Helicopter Catfish) বা ৱালাগো কেটফিছ (ইংৰাজী: Wallago catfish) নামেৰে জনা যায়। বৰালি মাছক তামিলনাডুত আত্থও ভালাই, মণিপুৰত সৰেং, ওড়িশাত বালিয়া, বংগত ব'ল, চিলেটত গুৱাল বোলা হয়। মাছবিধ দুটা ভৌগোলিকভাৱে বিচ্ছিন্ন অঞ্চলৰ বৃহৎ নদী আৰু হ্ৰদত (বিল) সিঁচৰতি হৈ আছে। ইয়াৰে এটা অঞ্চল হৈছে ভাৰত উপমহাদেশ আৰু আনটো হৈছে দক্ষিণ-পূব এছিয়াৰ কিছু অংশ। প্ৰজাতিটোৰ সৰ্বোচ্চ দৈৰ্ঘ্য ২ মিটাৰ (৬ ফুট ৭ ইঞ্চি) হ’ব পাৰে।[2]
প্ৰাচীন কালৰে পৰা দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশত খাদ্য হিচাপে ব্যৱহাৰ কৰা মাছৰ প্ৰজাতিসমূহৰ ভিতৰত এই বৰালি মাছ অন্যতম।[3] ডাকৰ বচনত বা অন্যান্য প্ৰবচনত বৰালি মাছৰ উল্লেখ পোৱা যায়।
বৰালি মাছ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত থলুৱাভাৱে পোৱা যায়। অৱশ্যে ভাৰতীয় উপমহাদেশত বাস কৰা গোট আৰু মূল ভূখণ্ড তথা দক্ষিণ-পূব এছিয়াৰ দ্বীপপুঞ্জত পোৱা গোটৰ মাজত যথেষ্ট ব্যৱধানৰ সৈতে বিচ্ছিন্ন যেন লাগে। এইদৰে বৰালি মাছ বিচ্ছিন্ন বিতৰণ (ইংৰাজী: disjunct distribution) থকা এটা প্ৰজাতিৰ অন্যতম উদাহৰণ।[2]
ভাৰত উপমহাদেশত ইয়াৰ পৰিসৰ ভাৰত, পাকিস্তান, ভূটান, নেপাল আৰু বাংলাদেশৰ সকলোবোৰ প্ৰধান নদী যেনে গংগা, সিন্ধু, নৰ্মদা, গোদাৱৰী, কৃষ্ণা আৰু মহানদীৰ লগতে শ্ৰীলংকা জুৰি বিস্তৃত। উত্তৰ-পশ্চিম দিশত ইয়াৰ পৰিসৰ পাকিস্তানৰ পৰা ইৰাণ আৰু আফগানিস্তানলৈকে দেখা যায়। পূবৰ ফালে ইয়াক ম্যানমাৰৰ ইৰাৱাডী নদীৰ অৱবাহিকালৈকে পোৱা যায়।[2][4][5][6][7][8]
দক্ষিণ-পূব এছিয়াৰ গোটটো থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত পোৱা যায়।[2]
বৰালি মাছৰ খাদ্যৰ বহুলাংশই মাংস। ভাৰতৰ গোদাবৰী নদীৰ নমুনাৰ ওপৰত কৰা আন্ত্ৰিক পৰিমাণ বিশ্লেষণত দেখা গৈছে যে ইহঁতে খোৱা খাদ্যৰ প্ৰায় ৯০ৰ পৰা ৯৫% প্ৰাণীজ পদাৰ্থৰে গঠিত।[4]