বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
অৱস্থান | নেপাল |
নিকটতম চহৰ | গুলাৰিয়া |
মাটিকালি | 968 বৰ্গ কি.মি. (374 বৰ্গ মাইল) |
প্ৰতিস্থা | ১৯৮৮ |
কৰ্তৃপক্ষ | ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ |
বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Bardiya National Park) নেপালৰ এক সংৰক্ষিত অঞ্চল যি অঞ্চলক ১৯৮৮ চনত ৰয়েল বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয়। ৯৬৮ বৰ্গ কিলোমিটাৰ (৩৭৪ বৰ্গমাইল) আয়তনৰ ই নেপালৰ তেৰাইৰ আটাইতকৈ ডাঙৰ আৰু ঘন ৰাষ্ট্ৰীয় উদ্যান। ই কৰ্ণালী নদীৰ পূব পাৰৰ লগত সংলগ্ন আৰু বৰ্দিয়া জিলাৰ বাবাই নদীৰ দ্বাৰা বিভাজিত। ইয়াৰ উত্তৰ সীমা শিৱালিক পাহাৰৰ শিখৰেৰে নিৰ্ধাৰিত। নেপালগঞ্জ-সুৰখেত ঘাইপথটোৱে আংশিকভাৱে দক্ষিণ সীমা নিৰ্ধাৰণ কৰিছে যদিও সংৰক্ষিত অঞ্চলটোক গুৰুতৰভাৱে বিঘ্নিত কৰিছে৷ মানৱ বসতিৰ বাবে প্ৰাকৃতিক সীমা পশ্চিমে থকা কৰ্ণালী নদীৰ এটি শাখা গেৰুৱা আৰু দক্ষিণ-পূব দিশত বাবাই নদীৰ দ্বাৰা গঠিত।[1]চুবুৰীয়া বাংকে ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে একেলগে ১,৪৩৭ বৰ্গ কিলোমিটাৰ (৫৫৫ বৰ্গমাইল)ৰ সুসংহত সংৰক্ষিত অঞ্চলে বাঘ সংৰক্ষণ ইউনিট (টিচিইউ) বৰদিয়া-বাংকেক প্ৰতিনিধিত্ব কৰে। ই ২,২৩১ বৰ্গ কিলোমিটাৰ (৮৬১ বৰ্গমাইল) জলজ ঘাঁহনি আৰু উপক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যৰে বিস্তৃত।[2][3]
১৮১৫ চনত চুগৌলি সন্ধিৰ জৰিয়তে এই অঞ্চলটি নেপালৰ হাতৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। ৪৫ বছৰ ধৰি ই ব্ৰিটিছ ভাৰতৰ অংশ আছিল আৰু ১৮৫৭ চনৰ ভাৰতীয় স্বাধীনতা আন্দোলনত কৰা সহায়ৰ স্বীকৃতি স্বৰূপে ১৮৬০ চনত ইয়াক নেপালক ওভতাই দিয়া হয়। আজিও এই সংলগ্ন অঞ্চলটোক নয়া মুলুক অৰ্থাৎ নতুন দেশ বুলি কোৱা হয়। ১৯৬৯ চনত ৩৬৮ বৰ্গ কিলোমিটাৰ (১৪২ বৰ্গমাইল) এলেকা ৰয়েল হাণ্টিং ৰিজাৰ্ভ হিচাপে আঁতৰাই ৰখা হৈছিল আৰু ইয়াক ১৯৭৬ চনত ৰয়েল কৰ্ণালী বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে অধিসূচনা জাৰি কৰা হয়। ১৯৮২ চনত ইয়াক ৰয়েল বৰ্দিয়া বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি ১৯৮৪ চনত বাবাই নদী উপত্যকাকো সামৰি লোৱা হয়। অৱশেষত ১৯৮৮ চনত সংৰক্ষিত অঞ্চলটোক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়।[1]
এই উপত্যকাত বাস কৰা প্ৰায় ১৫০০ লোকক আন ঠাইত পুনৰ সংস্থাপিত কৰা হৈছে। বাবাই উপত্যকাত কৃষি-কৰ্ম নিষিদ্ধ হোৱাৰ পৰা, প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি হোৱা গছ-গছনিয়ে অঞ্চলটোক বন্যপ্ৰাণীৰ বাবে এক প্ৰধান বাসস্থান হিচাপে গঢ়ি তুলিছে।[1]
উদ্যানখনৰ প্ৰায় ৭০% অৰণ্যৰে আবৃত, বাকী অংশ ঘাঁহনি, ছাভানা আৰু নদীপৰীয়া অৰণ্যৰ মিশ্ৰণ।[4]উদ্যানখনত নথিভুক্ত কৰা মতে উদ্ভিদকুলৰ ৮৩৯বিধ প্ৰজাতি আছে, তাৰে ভিতৰৰ ১৭৩বিধ ভাস্কুলাৰ উদ্ভিদ প্ৰজাতিৰ ১৪০বিধ ডাইকট, ২৬বিধ মনোকোট, ছবিধ ফাৰ্ণ, আৰু এবিধ জিমনোস্পাৰ্ম প্ৰজাতি অন্তৰ্ভুক্ত।[5]
বনাঞ্চল আৰু ঘাঁহনিত থকা গছ-গছনিৰ বিস্তৃত প্ৰকাৰে ৬৪২বিধ প্ৰজাতিৰ প্ৰাণীক উৎকৃষ্ট বাসস্থান প্ৰদান কৰিছে৷ কৰ্ণালী-বাবাই নদী প্ৰণালী, ইয়াৰ সৰু সৰু উপনদী, আৰু অগণন অক্সবো হ্ৰদত ১২৫বিধ প্ৰজাতিৰ মাছ নথিভুক্ত হৈছে। নদীবোৰত সামান্য সংখ্যক ঘৰিয়ালেও বাস কৰে। মুগ্গৰ ঘঁৰিয়ালৰ উপৰিও ২৩বিধ সৰীসৃপ আৰু উভচৰ প্ৰজাতি লিপিৱদ্ধ কৰা হৈছে।[5]
বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়, হাতী, ঢেকীয়াপতীয়া বাঘ, বৰাসিংহ আৰু শিহুকে ধৰি কমেও ৫৩বিধ স্তন্যপায়ী প্ৰাণী আছে।[5] ২০১২ চনৰ গ্ৰীষ্মকালত এটা ৰঙা দাগযুক্ত মেকুৰী দেখা গৈছিল।[6] ২০১৭ চনৰ শীতকালত বাবাই নদী উপত্যকাত এটা মেচেকাৰ তথ্য লিপিৱদ্ধ কৰা হৈছিল।[7]
২০২১ চনত বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা বাঘৰ আক্ৰমণৰ ফলত দহজন লোকৰ মৃত্যু হৈছিল আৰু আন কেইবাজনো লোক আহত হৈছিল। তিনিটা বাঘ বন্দী কৰি উদ্ধাৰ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল, দুটাক বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যানতে উদ্ধাৰ কৰি আৱদ্ধ কৰি ৰখা হৈছিল। সম্ভৱতঃ মতাকেইটাৰ মাজত হোৱা যুঁজৰ বাবে সিহঁতৰ কুকুৰ দাঁত ভাঙি গৈছিল। [8] পিঞ্জৰাৰ পৰা পলায়ন কৰি এটা বাঘ বাংকে জিলাৰ অৰণ্যলৈ স্থানান্তৰিত হৈছিল।[9] এটাক কাঠমাণ্ডুৰ কেন্দ্ৰীয় চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছিল।[10]
১৯৮৬ চনত চিতৱানৰ পৰা বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ গঁড় স্থানান্তৰণ আৰম্ভ হৈছিল। ২০০০ চনলৈকে ৫৮টা গঁড় স্থানান্তৰিত কৰা হৈছিল। ১৯৯৪ চনৰ পৰা ২০০০ চনলৈকে চিকাৰীসকলে গঁড়ৰ চোৰাং চিকাৰত বিফল হৈছিল। ২০০০ চনৰ এপ্ৰিলত উদ্যানখনত ৬৭টা গঁড় আছিল, যাৰ অধিকাংশই বাবাই উপত্যকাত বাস কৰিছিল।[11] ২০০৬ চনৰ মে’ মাহত বাবাই নদীৰ বানপানীৰ সমতলত এটা গোপন জৰীপ কৰা হৈছিল, য’ত গঁড়ৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছিল। এই হ্ৰাসৰ মূল কাৰণ চোৰাং চিকাৰ বুলি সন্দেহ কৰা হৈছিল। ২০০৭ আৰু ২০০৮ চনত পৰৱৰ্তী সমীক্ষাই বাবাই উপত্যকাৰ পৰা গঁড় সম্পূৰ্ণৰূপে অন্তৰ্ধান হোৱাটো নিশ্চিত কৰিছিল। কৰ্ণালী বানপানীৰ সমতলৰ বিভিন্ন স্থানত ২৫টা গঁড় প্ৰত্যক্ষ পৰ্যবেক্ষণ, গঁড়ৰ গোবৰ আৰু পথৰ পৰোক্ষ লক্ষণৰ ওপৰত ভিত্তি কৰি লিপিৱদ্ধ কৰা হৈছিল। সেইবোৰৰ বেছিভাগ বানপানীৰ সমতল ঘাঁহনি, নদী কাষৰীয়া অৰণ্য আৰু জলাশয়ত আছিল।[12] ২০০৮ চনৰ মাৰ্চ মাহত মাত্ৰ ২২টা গঁড়হে গণনা কৰা হৈছিল আৰু গণনাৰ পিছত তাৰে দুটাক অবৈধভাৱে চিকাৰ কৰা হয়।[13] ২০১৫ চনলৈকে গঁড়ৰ সংখ্যা ২৯টালৈ বৃদ্ধি পাইছিল। মুখ্যতঃ নিৰাপত্তা ব্যৱস্থাৰ বাবেই এই বৃদ্ধি হৈছে।[14]
১৯৮৫ চনত উদ্যানখনত প্ৰথমবাৰৰ বাবে দুটা ডাঙৰ দঁতাল হাতী দেখা গৈছিল, আৰু ইয়াৰে এটাৰ নাম ৰাজা গজ আৰু আনটোৰ নাম কাঞ্চা ৰখা হৈছিল। সিহঁত একেলগে উদ্যানত ঘূৰি ফুৰিছিল আৰু মাজে মাজে মাইকী হাতীৰ ওচৰলৈ গৈছিল। ৰাজা গজ কান্ধলৈকে ৩ মিটাৰ (১১.৩ ফুটা) ওখ আছিল আৰু তাৰ শৰীৰৰ ওজনো আছিল যথেষ্ট বেছি। উচ্চ দ্বি-গম্বুজ আকৃতিৰ মূৰৰ বাবে তাৰ চেহেৰাটোক এটা ম্যামথৰ সৈতে তুলনা কৰা হৈছে। তাৰ কপাল আৰু গম্বুজবোৰ অন্যান্য এছিয়ান দঁতাল হাতীতকৈ অধিক পৃথক আছিল। ১৯৯৩ চনত আৰু পাঁচটা হাতী উদ্যানখনত প্ৰৱেশ কৰা দেখা গৈছিল, আৰু এবছৰৰ পিছত আন ১৬টা হাতী আহিছিল। ১৯৯৭ চনৰ গ্ৰীষ্মকালত কৰা গণনাত ৪১টা হাতী থকাৰ কথা প্ৰকাশ পাইছিল।[15] ২০০২ চনত কৰ্ণালী বানপানী সমতল অঞ্চল আৰু বাবাই উপত্যকাত ৬০টাতকৈও অধিক হাতী বাস কৰিছিল বুলি অনুমান কৰা হৈছে।[16]
বৰ্তমানৰ চেকলিষ্টত ৪০৭বিধ চৰাইৰ প্ৰজাতি অন্তৰ্ভুক্ত। তাৰ ভিতৰত উলূম'ৰা, পাতি শগুণ, ময়ূৰ, আৰু ধৃতৰাজ অন্যতম; এইবোৰ উদ্যানখনৰ প্ৰতীকস্বৰূপ।[5] লেছাৰ ফ্ল'ৰিকান আৰু কৰ্চন চৰাইৰ উপস্থিতিৰ লগতে বৰ্তমান উদ্যানখনৰ ঘাঁহনি অঞ্চলত ধূসৰ-মুকুটযুক্ত প্ৰিনিয়া, জংঘল প্ৰিনীয়া, হালধীয়া ভৰিৰ বুচ ৱাৰ্বলাৰ, এবাৰেণ্ট বুচ ৱাৰ্বলাৰ, ষ্ট্ৰাইটেড গ্ৰাছবাৰ্ড, টিক টিক চৰাই আৰু চেষ্টনাট-কেপড ৱাৰ্বলাৰ দেখা যায়।[17]