কামৰূপ ৰাজ্য বৰ্মণ বংশ
| |
---|---|
৩৫০ খ্ৰীষ্টাব্দ–৬৫৫ খ্ৰীষ্টাব্দ
| |
ৰাজধানী | প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী) [1] |
সাধাৰণ ভাষা | Kamarupi Prakrit, সংস্কৃত |
ধৰ্ম | হিন্দু ধৰ্ম |
Government | Monarchy |
মহাৰাজাধিৰাজ | |
• ৩৫০ - ৩৭৪ খ্ৰীষ্টাব্দ |
পুষ্য বৰ্মা |
• ৫১৮ – ৫৪২ খ্ৰীষ্টাব্দ |
ভূতি বৰ্মা |
• ৬০০ - ৬৫০ খ্ৰীষ্টাব্দ |
ভাস্কৰ বৰ্মন |
ঐতিহাসিক যুগ | Classical India |
• Established |
৩৫০ খ্ৰীষ্টাব্দ |
• Disestablished |
৬৫৫ খ্ৰীষ্টাব্দ |
| ||||||||||||||||||||||||||||||||||||||||||||||||
বৰ্মণ বংশ (ইংৰাজী: Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে।[2][3] এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
তেওঁলোকক কেতিয়াবা নৰক বংশৰ বুলি কোৱা হয়। কাৰণ, তেওঁলোকৰ বংশৰ তথ্যসমূহ নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্তৰ লগত সাদৃশ্য দেখা যায়।[4]
পুষ্যবৰ্মা মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।[3] তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। বৰ্মণ বংশী ৰজাসকলৰ মাজত ভাস্কৰ বৰ্মাই প্ৰসিদ্ধ আছিল। পুষ্যবৰ্মা আৰু ভাস্কৰ বৰ্মাৰ মাজত এই বংশৰ এঘাৰজন ৰজাই ৰাজত্ব কৰিছিল।[3] ৰজাসকলৰ নাম একাদিকক্ৰমে হৈছে:
ক্ৰম | ৰজা | কাৰ্য্যকাল | পূৰ্বপুৰুষ | ৰাণী |
---|---|---|---|---|
১ | পুষ্য বৰ্মা | ৩৫০ - ৩৭৪ | ভগদত্তৰ বংশধৰ বুলি চিনাকি | অজ্ঞাত |
২ | সমুদ্ৰবৰ্মা | ৩৭৪ - ৩৯৮ | পুষ্য বৰ্মাৰ পুত্ৰ | দত্তদেৱী |
৩ | বল বৰ্মা | ৩৯৮ - ৪২২ | সমুদ্ৰবৰ্মাৰ পুত্ৰ | ৰত্নাৱতী |
৪ | কল্যাণ বৰ্মা | ৪২২ - ৪৪৬ | বল বৰ্মা | গন্ধৰ্বৱতী |
৫ | গণপতি বৰ্মা (গণেন্দ্ৰ বৰ্মা) | ৪৪৬ - ৪৭০ | কল্যাণ বৰ্মা | য়জনাৱতী |
৬ | মহেন্দ্ৰ বৰ্মা (সুৰেন্দ্ৰ বৰ্মা) | ৪৭০-৪৯৪ | গণপতি বৰ্মা | সুব্ৰতা |
৭ | নাৰায়ন বৰ্মা | ৪৯৪ - ৫১৮ | মহেন্দ্ৰ বৰ্মা | দেৱৱতী |
৮ | ভূতি বৰ্মা (মহাভূতি বৰ্মা) | ৫১৮ - ৫৪২ | নাৰায়ন বৰ্মা | বিজনায়াৱতী |
৯ | চন্দ্ৰমুখ বৰ্মা | ৫৪২ - ৫৬৬ | ভূতি বৰ্মা | ভাগৱতী |
১০ | স্থিত বৰ্মা | ৫৬৬ - ৫৯০ | চন্দ্ৰমুখ বৰ্মা | নয়নাদেৱী |
১১ | সুস্থিত বৰ্মা (মৃগাঙ্ক) | ৫৯০ - ৫৯৫ | স্থিত বৰ্মা | শ্যামদেৱী |
১২ | সুপ্ৰতিস্থিত বৰ্মা | ৫৯৫ - ৬০০ | সুস্থিত বৰ্মা | অজ্ঞাত |
১৩ | ভাস্কৰ বৰ্মা | ৬০০ - ৬৫০ | সুপ্ৰতিস্থিত বৰ্মাৰ ভাতৃ | অজ্ঞাত |
১৪ | অৱন্তী বৰ্মা[5] | ৬৫০ - ৬৫৫ | অজ্ঞাত | অজ্ঞাত |
বৰ্মণ বংশৰ পতন হোৱাৰ পাছত সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে।[6]