মুঠ জনসংখ্যা | ||||||
---|---|---|---|---|---|---|
২৪,২৩৭ (২০১৭ চনৰ লোকপিয়ল মতে) | ||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | ||||||
| ||||||
ভাষাসমূহ | ||||||
বৰ্মন ঠাৰ, অসমীয়া ভাষা |
বৰ্মন কছাৰী দক্ষিণ এছিয়াৰ বড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি আছে। বৰ্মন কছাৰী সকল বৰাক উপত্যকাত ডিমাছা জনগোষ্ঠীৰ উপভাগ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত পৃথক গোষ্ঠী।[1] বৰাক উপত্যকাৰ কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাৰ লগতে অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি দেখা যায়। সেইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওদালগুৰি জিলা, বাক্সা জিলা, চিৰাং জিলা, কোকৰাঝাৰ জিলা, দৰং জিলা, কামৰূপ জিলা, গোৱালপাৰা জিলা, গোৱালপাৰা জিলা, নগাঁও জিলা, লখিমপুৰ জিলা, ধেমাজি জিলা আৰু বৰপেটা জিলাত তেওঁলোকৰ বসতি আছে। ২০০২ চনৰ সংশোধনী আইন মতে অসমৰ বৰ্মন কছাৰী সকলে নিজকে 'বৰ্মন' হিচাপে অভিহিত কৰে।
পুৰণি অসমৰ কছাৰী ৰাজ্যত বৰ্মন কছাৰী গোষ্ঠীৰ উৎপত্তি হৈছিল। তাৰপিছত তেওঁলোক মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডত সিঁচৰিত হৈ পৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে বহুতো বৰ্মন কছাৰী লোকে বৰ্তমান বাংলাদেশৰ মৈমনসিং আৰু ছিলেট অঞ্চলত বাস কৰিছিল। দেশ বিভাজনৰ পিছত তেওঁলোক অবিভক্ত অসমলৈ প্ৰব্ৰজন কৰে। ১৭০৮ চনত কছাৰী ৰজা তাম্ৰধ্বজৰ ৰাজত্ব কালত কছাৰী সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ১৮২৫ চনত কছাৰী ৰজা গোবিন্দ চন্দ্ৰ দেৱে কেইঘৰমান ডাঙৰীয়াৰ পৰিয়ালৰ সৈতে খাছপুৰ এৰি মৈমনসিঙলৈ পলাই গৈছিল। আহোম আৰু মণিপুৰী সকলৰ লগতে মান দেশৰ আক্ৰমণৰ বাবে এই প্ৰব্ৰজন সংঘটিত হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত কছাৰী ৰজাসকলে নিজ ৰাজ্যলৈ ঘূৰি আহে। এই সন্ধিৰ ফলত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় আৰু ১৮৩০ চনত গোবিন্দ চন্দ্ৰ দেৱৰ মৃত্যু হয়।
বৰ্মন কছাৰী সকলৰ নিজা ভাষাক 'বৰ্মন ঠাৰ' বোলে। ঠাৰ মানে হৈছে ভাষা। বৰ্মন ঠাৰ অতি বিপদাপন্ন ভাষা। এই ভাষা তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত আৰু বড়ো-গাৰো উপভাগৰ। ২০১৯ চনৰে লৈকে এই ভাষাৰ বৈজ্ঞানিক অধ্যয়ন সম্পন্ন হোৱা নাছিল। ২০১৯ চনত তেজপুৰ বিশ্ববিদ্যালয় ভাষাবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমবাৰৰ বাবে ইয়াৰ বৈজ্ঞানিক অধ্যয়ন কৰে। ২০১৭ চনৰ লোকপিয়ল অনুসৰি বৰ্মন কছাৰী সকলৰ মুঠ জনসংখ্যা ২৪,২৩৭ যদিও অতি কম সংখ্যক লোকে বৰ্মন ঠাৰ ব্যৱহাৰ কৰে।[2] তেওঁলোকে অসমীয়া ভাষা আৰু ডিমাছা ভাষাৰ লগতে হিন্দী আৰু ইংৰাজী ভাষায়ো ব্যৱহাৰ কৰে।
বৰাক উপত্যকাৰ বৰ্মন কছাৰী সকলে অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৰ্মন কছাৰী সকলে বৰ্তমানলৈকে এই অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰা নাই। ২০১৭ চনৰ জন গণনা অনুসৰি তেওঁলোকৰ মুঠ জনসংখ্যা ২৪,২৩৭ জন। ইয়াৰে ১২,৫৫৫ গৰাকী পুৰুষ আৰু ১১,৫০৩ গৰাকী মহিলা। তেওঁলোকৰ সাক্ষৰতাৰ হাৰ অতি নিম্নমানৰ। তেওঁলোকৰ আনুমানিক সাক্ষৰতাৰ হাৰ প্ৰায় ৪%তকৈ কম। ইয়াৰে ২.৫% পুৰুষৰ হাৰ আৰু ১.৫% মহিলাৰ হাৰ।
বৰ্মন কছাৰী সকলে পিতৃতান্ত্ৰিক সমাজত বাস কৰে অৰ্থাৎ পুৰুষ তেওঁলোকৰ ঘৰৰ মুৰব্বী। তেওঁলোকৰ একে গোত্ৰৰ মাজত বিবাহ নিষিদ্ধ। পাৰম্পৰিক গাঁৱৰ প্ৰশাসনিক মুখিয়াল জনক চিগা মাথাইছা বা মাতবাৰ বোলে। মুখিয়াল হিচাপে তেওঁ কিছুমান কাৰ্যকৰী আৰু ন্যায়িক ক্ষমতা লাভ কৰে। সামাজিক উৎসৱ অনুষ্ঠান আদিৰ তেওঁ অবিচ্ছেদ্য অংগ।
বৰ্মন কছাৰী সকলে তেওঁলোকৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰে। পুৰুষ সকলে এবিধ দীঘল 'গাম্চা'ৰে লেংটি মাৰে আৰু মহিলা সকলে বুকুত 'দাফনা' বান্ধে আৰু ডিঙিত 'ডুমা' গামোচা লয়। ইয়াৰ লগতে কঁকালত 'টকাৰা' পিন্ধে। বৃদ্ধ সকলে সাধাৰণতে চুৰীয়া পিন্ধে।
বৰ্মন কছাৰী সকলে মূলতঃ হিন্দু ধৰ্ম পালন কৰে যদিও তেওঁলোকৰ নিজা কিছুমান লোক-বিশ্বাস আছে। তেওঁলোকৰ পূজা থানক 'থাওল' বোলে। তেওঁলোকে বাস্ত' পূজা, লক্ষ্মী পূজা আৰু পদ্মা পূজা উদযাপন কৰে। সময়ত বৰ্মন কছাৰী সকলে মাঘ বিহুক 'পুচুড়া' বোলে। বৈষ্ণৱ সন্ত চৈতন্য দেৱৰ প্ৰভাৱত তেওঁলোকে কিছুমান বঙালী সংস্কৃতি আৰু ৰীতি-নীতি গ্ৰহণ কৰিছে। তেওঁলোকে 'বুদ্দাই মেদাই'ক উপাস্য দেৱতা হিচাপে পূজা কৰে ।
বৰ্মন কছাৰী সকলে নিজা পৰম্পৰাৰে বিহু উদযাপন কৰে। তেওঁলোকৰ পৰম্পৰাগত নৃত্যক 'মেশ্বক' বোলে। মেশ্বক সাধাৰণতে উৎসৱ-পাৰ্বন আৰু মেলাত পৰিবেশন কৰা হয়। বহাগ বিহু, মাঘ বিহু আৰু পূজা সমূহত মেশ্বক নৃত্য কৰা হয়। উৰুকাক তেওঁলোকে 'আৰ্ৱিষ' বোলে। আৰ্ৱিষৰ দিনা গৰু বিহুৰ দৰে গাই-গৰুক গা-পা ধুৱাই উপাসনা কৰা হয়। ইয়াৰ লগতে লাও-বেঙেনা আৰু পিঠা-পনায়ো খুৱাওৱা হয়। সেইদৰে কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা জনায় আৰু জ্যেষ্ঠ সকলে সকলোৰে ভালে-কুশলে বছৰটো পাৰ হবলৈ প্ৰাৰ্থনা জনায়। গাঁৱৰ ডেকা-বুঢ়া সকলোৱে পাৰম্পৰিক সাজ পৰিধান কৰি নৃত্য গীত কৰে। তেওঁলোকে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ সমূহ হল: খেৰেম, খাম্বাক, চাৰিন্দা, শিঙা ইত্যাদি।
বৰ্মন কছাৰী সকলে নিত্য ব্যৱহাৰ্য সামগ্ৰী সমূহ স্থানীয়ভাবে উপলব্ধ কাঠ-বাঁহেৰে সাজি লয়। বাঁহেৰে নিৰ্মাণ কৰা কিছুমান মাছ ধৰা সঁজুলি হল: জাখা বা জাখেই (জাকৈ), খক বা খকী (খালৈ) আৰু পল। তেওঁলোকৰ সকলোৰে ঘৰত ঢেঁকী পোৱা যায়। ঢেঁকীক তেওঁলোকে ঢেংকী বা খাম্বা বুলি কয়। তেওঁলোকে ধূম্ৰপানৰ বাবে ধাবা নামৰ হুকাহ ব্যৱহাৰ কৰে।
বৰ্মন কছাৰী সকলৰ অৰ্থনীতি মুখ্যতঃ কৃষিভিত্তিক। পাহাৰৰ পাদদেশত বসবাস কৰা সকলে খৰি বিক্ৰী কৰে। তেওঁলোকৰ বেছিভাগেই আধিত খেতি কৰে। তেওঁলোকৰ দ্বাৰা উৎপাদিত মুখ্য শস্য সমূহ হল: ধান, ঘেঁহু, ডাইল, সৰিয়হ। ইয়াৰ লগতে তেওঁলোকে বিভিন্ন প্ৰকাৰৰ শাক-পাচলি যেনে: আলু, জলকীয়া আৰু বেঙেনাৰ খেতি কৰে। তেওঁলোকে তামোল, আম, কঁঠাল, নাৰিকল আদি উদ্যান শস্যৰ খেতিয়ো কিছু পৰিমাণে কৰে।
বৰ্মন কছাৰী সকলৰ মাজত সাক্ষৰতা হাৰ অতি কম। সেয়ে চৰকাৰী কাম-কাজত তেওঁলোকৰ প্ৰতিনিধিত্ব নিচেই তাকৰ। বেছিভাগ পুৰুষে কাঠমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীৰ কাম কৰে। মহিলা সকলে ঘৰুৱা অৰ্থনীতিত বিশেষ ভূমিকা আগবঢ়ায়। তেওঁলোকে গৰু, ছাগলী, গাহৰি, হাঁহ-কুকুৰা পাৰ আদি পুহে। কিছুমান মহিলায়ে শ্ৰমিক হিচাপেও কাম কৰে আৰু খেতি পথাৰতো কাম কৰে। কিছুমানে পাৰম্পৰিক পদ্ধতিৰে কাপোৰ প্ৰস্তুত কৰে।