ভগৱান দাস | |
---|---|
জন্ম | ১২ জানুৱাৰী, ১৮৬৯ বেনাৰছ, বেনাৰছ ষ্টেট (বৰ্তমান বাৰানছি, উত্তৰ প্ৰদেশ, ভাৰত) |
মৃত্যু | ১৮ ছেপ্টেম্বৰ, ১৯৫৮ (৮৯ বছৰ) |
সন্তান | শ্ৰী প্ৰকাশ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ভাৰত ৰত্ন, ১৯৫৫ |
ভগৱান দাস (১২ জানুৱাৰী ১৮৬৯ – ১৮ ছেপ্টেম্বৰ ১৯৫৮) স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপনৰ বাবেও কাম কৰিছিল।[1] তেওঁ কিছুসময়ৰ বাবে ব্ৰিটিছ ভাৰতৰ কেন্দ্ৰীয় বিধানসভাৰ সদস্য আছিল। তাৰপিছত তেওঁ হিন্দুস্তানী সাংস্কৃতিক সমাজৰ লগত জড়িত হৈছিল আৰু হিংসাত্মক ঘটনাক প্ৰতিহত কৰিবলৈ প্ৰতিবাদ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল।
ৱিকিউদ্ধৃতিত ভগৱান দাস বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |