ভমিদিপতি সাই প্ৰনীত | ||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | ||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্য | ||||||||||||||||||||||||||||||||||
জন্ম নাম | ভমিদিপতি সাই প্ৰনীত | |||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||
জন্ম | ১০ আগষ্ট, ১৯৯২ (৩২ বছৰ) পালাকোল্লু, অন্ধ্ৰপ্ৰদেশ, ভাৰত[1][2] | |||||||||||||||||||||||||||||||||
উচ্চতা | ১.৭৬ মিটাৰ | |||||||||||||||||||||||||||||||||
হাত | সোঁহাত | |||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | পুল্লেলা গোপীচন্দ | |||||||||||||||||||||||||||||||||
পুৰুষৰ একক | ||||||||||||||||||||||||||||||||||
কেৰিয়াৰ অভিলেখ | ২১৬ জয়, ১৩০ পৰাজয় | |||||||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | ১০ (১২ নৱেম্বৰ ২০১৯) | |||||||||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | ১৩ (১৭ মাৰ্চ ২০২০) | |||||||||||||||||||||||||||||||||
পদক অভিলেখ
| ||||||||||||||||||||||||||||||||||
BWF profile |
ভামিদিপতি সাই প্ৰনীত (ইংৰাজী: Bhamidipati Sai Praneeth; জন্ম: ১০ আগষ্ট ১৯৯২) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ।[3][4][5] ১৯৮৩ চনত প্ৰকাশ পাডুকনৰ পিছত ২০১৯ চনত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা তেওঁ ৩৬ বছৰৰ ভিতৰত প্ৰথম ভাৰতীয় পুৰুষ শ্বাটলাৰ হয়।[6] ২০১৯ চনত সাই প্ৰনীতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।[7][8] তেওঁৰ পিতৃ-মাতৃ হৈছে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ পালাকোল্লুৰ চেশাদ্ৰী দীক্ষিতুলু আৰু মাধৱী লতা। তেওঁৰ মাহী এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ আছিল।[9]
তেওঁ বৰ্তমান হায়দৰাবাদৰ গোপীচান্দ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ লৈ আছে। সোঁহাতেৰে খেলা চাই প্ৰনীতে ২০০৩ চনৰ অল ইংলেণ্ড চেম্পিয়ন মালয়েছিয়াৰ মুহাম্মাদ হাফিজ হাছিমক প্ৰথম ৰাউণ্ডত ২০১৩ চনৰ থাইলেণ্ড অপেন গ্ৰেণ্ড প্ৰিঁ গোল্ড টুৰ্ণামেণ্টত হৰোৱাইছিল।[10]
২০১৩ চনত প্ৰনীতে তৌফিক হেদায়াতক অপ্ৰত্যাশিতভাৱে পৰাজিত কৰিছিল। তেওঁ ডিজাৰাম ইণ্ডোনেছিয়া অপেন ২০১৩ৰ প্ৰথম ৰাউণ্ডৰ খেলখনত তৌফিক হিদায়াতক ২-১ খেলত পৰাস্ত কৰে আৰু চূড়ান্ত স্ক'ৰ ১৫-২১, ২১-১২, ২১-১৭ হয়।[11] কেইদিনমান পিছত ২০১৩ চনৰ ১৯ জুনত তেওঁ পুনৰ ছিংগাপুৰ চুপাৰ ছিৰিজত হংকঙৰ ততোধিক উচ্চ স্থানপ্ৰাপ্ত হু য়ুনক হৰোৱায়।[12]