ভানু আথাইয়া | |
---|---|
![]() | |
জন্ম | ভানুমতী আন্নাচাহিব ৰাজোপাধ্যায় ২৮ এপ্ৰিল, ১৯২৯ কলহাপুৰ, কলহাপুৰ ৰাজ্য, ব্ৰিটিছ ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰ) |
মৃত্যু | ১৫ অক্টোবৰ, ২০২০ (৯১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | কষ্টিউম ডিজাইনাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৫৬-২০০৪ |
দাম্পত্যসঙ্গী | সত্যেন্দ্ৰ আঠাইয়া |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা, ১৯৮২ শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৯১ আৰু ২০০২ |
ভানু আথাইয়া (ইংৰাজী: Bhanu Athaiya; ২৮ এপ্ৰিল ১৯২৯ - ১৫ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় কষ্টিউম ডিজাইনাৰ। তেওঁ ১৯৫০ৰ দশকৰ পৰা প্ৰায় ১০০খন চলচ্চিত্ৰৰ কষ্টিউম ডিজাইন কৰিছে। তেওঁ ১৯৫৬ চনৰ 'চি.আই.ডি.' বোলছবিৰ বেশভূষা তৈয়াৰ কৰি তেওঁ কষ্টিউম ডিজাইনাৰ হিচাপে পৰ্দাপন কৰিছিল।[1] তাৰ পিছত তেওঁ বিখ্যাত নিৰ্দেশক গুৰু দত্তৰ ছবি 'প্যাছা' (১৯৫৭), 'চৌধবী কা চান্দ' (১৯৬০) আৰু 'চাহিব বিবি ঔৰ গুলাম'ত (১৯৬২) কষ্টিউম ডিজাইন কৰে। তেওঁ সুদীৰ্ঘ ৫০ বছৰ কষ্টিউম ডিজাইনৰ লগত জড়িত আছিল। তেওঁ 'গান্ধী' চলচ্চিত্ৰত কৰা কষ্টিউম ডিজাইনৰ বাবে ১৯৮২ চনত শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা। তেওঁ অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়।[1][2] ইয়াৰ লগতে তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ১৯৯১ চনত তেওঁ 'লেকিন' আৰু ২০০২ চনত 'লগান' ছবিৰ বাবে শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ ৩৮তম আৰু ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[3]
২০১০ চনৰ মাৰ্চ মাহত তেওঁৰ 'দা আৰ্ট অফ কষ্টিউম ডিজাইন' গ্ৰন্থখন প্ৰকাশিত হয়।[4] হাৰ্পাৰ কনিন্সৰ দ্বাৰা প্ৰকাশিত এই কিতাপ তেওঁ ২০১৩ চনৰ ১৩ জানুৱাৰী তাৰিখে চতুৰ্দশ দালাই লামাক উপহাৰ দিছিল।[5][6]
২০১২ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ তেওঁৰ অস্কাৰ বঁটা একাডেমীলৈ ঘূৰাই দিয়ে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে এই বঁটাৰ ভালকৈ যত্ন লব নোৱাৰিব বুলি তেওঁ এই বঁটা একাডেমীলৈ ঘূৰাই দিছিল।[7][8]
২০২০ চনৰ ১৫ অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাইত ৯১ বছৰ বয়সত ভানু আথাইয়াৰ মৃত্যু হয়।
১৯২৯ চনৰ ২৮ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ কলহাপুৰ ৰাজ্যৰ কলহাপুৰত ভানুমতী আন্নাচাহিব ৰাজোপাধ্যায়ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আন্নাচাহিব আৰু মাতৃ শান্তাবাঈ ৰাজোপাধ্যায়। তেওঁ সাতজন সন্তানৰ ভিতৰত তৃতীয় সন্তান আছিল। ভানুৰ পিতৃ আন্নাচাহিব এজন চিত্ৰকৰ আছিল। তেওঁ ন বছৰ বয়সতে পিতৃহাৰা হৈছিল।[9]
তেওঁৰ প্ৰাৰম্ভিক শিক্ষা ঘৰতে আৰম্ভ হৈছিল। তেওঁৰ শিক্ষকে তেওঁৰ ঘৰলৈ আহি ছবি আঁকিবলৈ শিকাইছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ মুম্বাইৰ ছাৰ জে. জে. স্কুল অফ আৰ্টত নামভৰ্তি কৰে। তাৰপৰা তেওঁ ললিত কলা বিভাগৰ প্ৰথম হৈ সোণৰ পদক আৰু ফেল'শ্বিপ লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ফ্ৰান্সিছ নিউটন সৌজায়ে প্ৰতিষ্ঠা কৰা প্ৰগেচীভ আৰ্টিষ্টছ গ্ৰুপলৈ সদস্য হিচাপে মনোনীত হৈছিল।
ভানু আথাইয়ায়ে কবি আৰু গীতিকাৰ সত্যেন্দ্ৰ আথাইয়াৰ লগত বিবাহপাশত আৱদ্ধ হয়। কিন্তু পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ এগৰাকী জীয়েক আছে আৰু তেওঁ এতিয়া পৰিয়ালৰ সৈতে কলকাতাত থাকে। ভানুয়ে বৰ্তমান মুম্বাইত বাস কৰে।
চন | বঁটা | চলচ্চিত্ৰ | ফলাফল | উৎস |
---|---|---|---|---|
১৯৮৩ (৫৫তম) |
শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা | 'গান্ধী' | বিজয়ী | [10] |
১৯৮৩ (৩৬তম) |
শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বাফটা বঁটা | 'গান্ধী' | মনোনীত | [11] |
১৯৯১ (৩৮তম) |
শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | 'লেকিন...' | বিজয়ী | [12] |
২০০২ (৪৯তম) |
শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | 'লগান' | বিজয়ী | [3] |
২০০৯ (৫৪তম) |
জীৱনজোৰা সাধনাৰ ফিল্মফেয়াৰ বঁটা | বিজয়ী | [13] | |
২০১৩ (৪ৰ্থ) |
লাডলি জীৱনজোৰা সাধনা বঁটা | বিজয়ী | [14] |
![]() |
ৱিকিমিডিয়া কমন্সত ভানু আথাইয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|