ভানুমতী দেৱী | |
---|---|
জন্ম | ১৫ মে', ১৯৩৪ Sittwe, ব্ৰিটিছ বাৰ্মা, ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৪ জানুৱাৰী, ২০১৩ (৭৮ বছৰ) পুৰী, উৰিষ্যা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৫৩-১৯৮৭ |
দাম্পত্যসঙ্গী | হৰিহৰ পাণ্ডা |
পিতৃ-মাতৃ | সাৰতি পাটনায়ক পাট্টাদেই |
বঁটা, সন্মান, পুৰস্কাৰ আদি | জয়দেৱ বঁটা |
ভানুমতী দেৱী (ইংৰাজী: Bhanumati Devi ; ১৫ মে' ১৯৩৪ – ৪ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আছিল। ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল।[1][2] ১৯৩৪ চনৰ ১৫ মে'ত ব্ৰিটিছ বাৰ্মাত তেওঁৰ জন্ম হয়।[3][4] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৰিয়ালৰ সৈতে ভাৰতৰ ওড়িশাৰ পুৰীলৈ স্থানান্তৰ হয়।[2][3]
১৯৪২ চনত মাত্ৰ সাত বছৰ বয়সতে দেৱীয়ে থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ কিছুমান সৰ্বোত্তম পৰ্যালোচিত মঞ্চ চৰিত্ৰ আছিল ‘লক্ষ্যে হীৰা’ আৰু ‘নপাহু ৰতি নমাৰু পতি’।[3] দেৱীয়ে কুৰি বছৰতকৈও অধিক সময় কটকৰ অন্নপূৰ্ণা থিয়েটাৰত অভিনয় কৰিছিল।[1]
১৯৫৪ চনত ঊনৈশ বছৰ বয়সত তেওঁ অমাৰি গন্ন জিয়া ছবিৰে চলচ্চিত্ৰ অভিষেক হয়।[5] তেওঁ বিশেষকৈ ১৯৫০ আৰু ১৯৬০ দশকৰ সময়ছোৱাত ওড়িশাৰ চিনেমাত সক্ৰিয় আছিল। দেৱীয়ে এক ডজনতকৈও অধিক ভাৰতীয় ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[1] তেওঁৰ কিছুমান বিশিষ্ট চৰিত্ৰৰ ভিতৰত ১৯৬৬ চনৰ ওড়িয়া ছবি মাটিৰা মনিসাত তেওঁ হাৰাবৌৰ চৰিত্ৰটো, যাৰবাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁৰ শেষৰখন ছবি আছিল জয়দেৱ; এইখন ১৯৮৬ চনত মুক্তি পাইছিল।[1]
১৯৮৫ চনত দেৱীক সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়। ২০০৫ চনত তেওঁ জীৱনজোৰা কৃতিত্বৰ বাবে ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা- জয়দেৱ বঁটা লাভ কৰে।