ভানুভক্ত আচাৰ্য | |
---|---|
জন্ম | ১৮১৫ চন নেপাল |
মৃত্যু | ১৮৬৮ চন |
ভাষা | নেপালী |
ৰাষ্ট্ৰীয়তা | নেপালী |
নাগৰিকত্ব | নেপাল |
সন্তান | ৰামনাথ (পুত্ৰ) |
আত্মীয়-স্বজন | শ্ৰীকৃষ্ণ আচাৰ্য্য (ককাদেউতাক) |
ভানুভক্ত আচাৰ্য (ইংৰাজী: Bhanubhakta Acharya) আছিল এগৰাকী নেপালী সাহিত্যক।
ভানুভক্ত আচাৰ্যই ১৮১৫ চনত নেপালৰ তানাহু জিলাৰ ৰামখা গাঁৱত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃ ধনঞ্জয় আচাৰ্য আৰু একমাত্ৰ পুত্ৰ ৰামনাথ। তেওঁৰ ককাক হৈছে শ্ৰীকৃষ্ণ আচাৰ্য্য।[1]
১৮৫০ চনত ভানুভক্ত ৰাজকাৰ্যত নিযুক্ত হয়।[2]
১৮৪১ চনত পোনতে বালকাণ্ড সমাপ্ত কৰে (১৮৮৪ চনত প্ৰকাশ পায়)। তেওঁ ৰামায়ণৰ একাদিক্ৰম চাৰিটা কাণ্ড (অযোধ্যা, অৰণ্য, কিষ্কিন্ধ্যা, সুন্দৰ) সমাপ্ত কৰে। বাকী ১৮৮৫ চনত আৰু দুটা কাণ্ড (যুদ্ধ আৰু উত্তৰ) অনুবাদ কৰি নেপালী ভাষাত ৰামায়ণৰ পূৰ্ণ ৰূপ দিয়ে।[3]
একাধিক খণ্ড কবিতা (Couplets), কাব্যস্তৱক (Stanza) আৰু কেইখনমান কাব্য গ্ৰন্থ ৰচনা কৰে। ভক্তিমালা, প্ৰশ্নোত্তৰী আৰু বধূশিক্ষা তেওঁৰ মৌলিক কাব্য গ্ৰন্থ।[4]
ভানুভক্ত আচাৰ্যক 'আদি কবি’ আৰু ‘জাতীয় কবি’ বুলি জনা যায়।[5]