ভালচন্দ্ৰ নেমাডে | |
---|---|
![]() | |
জন্ম | ২৭ মে', ১৯৩৮ (৮৬ বছৰ) চাংভী, য়াৱল, মহাৰাষ্ট্ৰ, ব্ৰিটিছ ভাৰত |
পেচা | মাৰাঠী লেখক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন |
|
উল্লেখনীয় কৰ্মৰাজি | কুশলা (১৯৬৩) |
উল্লেখযোগ্য বঁটা |
|
ভালচন্দ্ৰ ভানাজী নেমাডে (ইংৰাজী: Bhalchandra Vanaji Nemade; জন্ম: ১৯৩৮) এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। 'কুশলা'[1] উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাডেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল। ইয়াৰ পাছতে তেওঁ ক্ৰমান্বয়ে 'বিঢাৰ'[2], 'হুল', 'জৰীলা' আৰু 'ঝুল' নামৰ চাৰিখন উপন্যাস (টেট্ৰাল'জি) লিখে। ২০১৩ চনত নামদেই তেওঁৰ 'হিন্দু:জগণ্যাচী সমৃদ্ধ অডগল' শীৰ্ষক কিতাপখন প্ৰকাশ কৰে; যিখন নামদেৰ 'মাষ্টাৰপিচ' বুলি কোৱা হয়।
নেমাডেক তেওঁৰ সাহিত্যকৰ্মৰ বাবে ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা[3] আৰু ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ২০১৩ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা লাভ কৰে। [4][5]