ভাষিক সুৰ (ইংৰাজী: Tone) হৈছে ভাষা এটাত সুৰীয়া কম্পনাংক ব্যৱহাৰ কৰি শব্দৰ অৰ্থ বা ব্যাকৰণৰ অৰ্থ পৃথক কৰা বা প্ৰভাবিত কৰাৰ এটা পদ্ধতি।[1] সকলো ভাষাই শব্দ বা তাৰ ৰূপ পৰিৱৰ্তন কৰিবলৈ সুৰ ব্যৱহাৰ নকৰে, যি ধ্বনি আৰু স্বৰবৰ্ণৰ লগত তুলনীয়। যি ভাষাসমূহৰ এই বৈশিষ্ট্য আছে, সেই ভাষাক সুৰীয়া ভাষা (ইংৰাজী: Tonal language) বোলা হয়; এনে ভাষাৰ বৈশিষ্ট্যমূলক সুৰৰ আৰ্হিক কেতিয়াবা ট'নেম বোলা হয়[2], যি ধ্বনিসূত্ৰ (ফ'নিম)ৰ লগত তুলনীয়। অসমৰ আহোম ভাষা, বড়ো ভাষা আদি সুৰীয়া ভাষা।[3][4] অসমীয়া ভাষা অ-সুৰীয়া ভাষা।[5]
ভাষিক সুৰ হ'ল এনে ভাষাসমূহ য'ত শব্দবোৰৰ অৰ্থ টোন বা সুৰীয়া কম্পনাংকৰ আৰ্হিৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণ ভাষাবিদ্যাৰ ক্ষেত্ৰত, "সুৰ" বুলিয়েই ইঙ্গিত কৰে শব্দৰ উচ্চাৰণৰ সময়ত যি সুৰীয়া কম্পনাংকৰ বিভিন্নতা (তলত নামি বা ওপৰত উঠা) দেখা যায়, যাৰ দ্বাৰা শব্দৰ অৰ্থ একেবাৰে ভিন্ন হৈ পৰে। ইয়াৰ ফলত, ভাষিক সুৰৰ মূল বিশেষত্ব হ'ল, এটা শব্দৰ অৰ্থ সম্পূৰ্ণ ৰূপে পৰিবৰ্তিত হ'ব পাৰে মাত্ৰ টোন পৰিৱৰ্তনৰ দ্বাৰা। ভাষিক সুৰসমূহ পূৰ্ব এছিয়া, দক্ষিণ-পূৰ্ব এছিয়া, আফ্ৰিকা, আৰু আমেৰিকাত অধিক সংখ্যক পোৱা যায়।[1]
ভাষিক সুৰৰ বিস্তৃতি বিশ্বৰ বিভিন্ন অঞ্চলত দেখা যায়। পূব আৰু দক্ষিণ-পূব এছিয়া, বিশেষকৈ চীন, থাইলেণ্ড, ভিয়েটনাম আদি দেশত এই ভাষা অধিক পোৱা যায়। আফ্ৰিকাৰ বিভিন্ন অঞ্চল, বিশেষকৈ নাইজেৰিয়াৰ পৰা ইথিঅ'পিয়া পৰ্যন্ত বিস্তৃত ভাষাসমূহো সুৰীয়া।
চীন আৰু মূলত দক্ষিণ-পূৰ্ব এছিয়াত বহুতো সুৰীয়া ভাষা ব্যাপকভাৱে কোৱা হয়। চিনা-তিব্বতীয় ভাষাসমূহ (মেইতেই-লন, মান, মোগ আৰু অধিকাংশ চীনা সুৰীয়া যদিও কিছু ভাষা, যেনে চাংহাইনি, অনুপাতিকভাৱে সুৰীয়া[6] আৰু ক্ৰা-দাই ভাষাসমূহ (থাই আৰু লাও আদি) মূলত সুৰীয়া। মং-মিয়েন ভাষাসমূহ হৈছে পৃথিৱীৰ আটাইতকৈ সুৰীয়া ভাষাবোৰৰ ভিতৰত এবিধ, য'ত উচ্চ কম্পনাংকৰ পৰা ১২টা ধ্বনিগতভাৱে পৃথক সুৰ থাকে। অষ্ট্ৰ'নেছিয়ান আৰু অষ্ট্ৰোএছিয়াটিক ভাষাসমূহ মূলত অ-সুৰীয়া, পিচে কিছু ব্যতিক্ৰম, যেনে ভিয়েটনামিজ (অষ্ট্ৰোএছিয়াটিক), চেমুহী আৰু যাবেম (অষ্ট্ৰ'নেছিয়ান)। ভিয়েটনামিজ আৰু চাটৰ সুৰসমূহ চীনাৰ প্ৰভাৱৰ ফলস্বৰূপে সুৰযুক্ত হ'ব পাৰে! মধ্য কোৰিয়ানত সুৰ আছিল[7] আৰু জাপানিজত কেইটামান সুৰ আছিল।[8]অঞ্চলটোৰ অন্য ভাষাসমূহ, যেনে মঙ্গোলিয়ান আৰু ইউঘুৰ, এনে ভাষা পৰিয়ালৰ অন্তৰ্গত যত ইয়াত উল্লেখ কৰা সুৰ নাই। দক্ষিণ এছিয়াত সুৰীয়া ভাষা বিৰল, কিন্তু কেইটামান ইণ্ডো-আৰ্য ভাষাৰ সুৰ আছে, যেনে পঞ্জাবী, হৰিয়ানভী, খাৰিবোলী, আৰু ডোগৰি, [9] লগতে পূবৰ বঙালী উপভাষাসমূহ।