ভাৰতী মুখাৰ্জী | |
---|---|
![]() ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ গৃহত ভাষণৰত অৱস্থাত, ১১ জুন, ২০০৪ চন | |
জন্ম | ভাৰতী মুখাৰ্জী ২৭ জুলাই, ১৯৪০ কলিকতা, পশ্চিমবঙ্গ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৮ জানুৱাৰী, ২০১৭ (৭৬ বছৰ) মানহাট্টন, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | অধ্যাপক, ঔপন্যাসিক, প্ৰবন্ধকাৰ, গল্পকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় আমেৰিকান কানাডিয়ান |
ধৰণ | উপন্যাস, চুটি গল্প, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, সাংবাদিকতা |
উল্লেখনীয় কৰ্মৰাজি | জেচমিন |
দাম্পত্যসংগী | ক্লাৰ্ক ব্লেইজ |
ভাৰতী মুখাৰ্জী (ইংৰাজী: Bharati Mukherjee; জুলাই ২৭, ১৯৪০ - জানুৱাৰী ২৮, ২০১৭) হ'ল এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য লিখিছে।[1]
ভাৰতত ব্ৰিটিছ ৰাজত্বকালৰ সময়ত পশ্চিমবঙ্গৰ কলকাতাৰ এটা ভাৰতীয় হিন্দু বঙালী ব্ৰাহ্মণ পৰিয়ালত মুখাৰ্জীৰ জন্ম হয়। তেওঁৰ দেউতাক সুধীৰ লাল মুখাৰ্জীয়ে এটা সফল ফাৰ্মাচিউটিকেল কোম্পানী চলাইছিল[2] আৰু প্ৰায় ৫০জন আত্মীয়ৰ এটা বৃহৎ যৌথ পৰিয়ালত তেওঁলোক বাস কৰিছিল। মুখাৰ্জীৰ মাতৃ বিনা বেনাৰ্জী[2] আছিল এগৰাকী গৃহিণী। স্বাধীনতাৰ পিছত তেওঁ মাক-দেউতাকৰ সৈতে ইউৰোপলৈ যায়। পঞ্চাশৰ দশকৰ আৰম্ভণিতহে তেওঁ কলিকতালৈ ঘূৰি আহে। ইংলেণ্ড, চুইজাৰলেণ্ড আৰু ভাৰতৰ বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা লৈছিল।[2] ১৯৫৯ চনত লৰেট' কলেজৰ ছাত্ৰ হিচাপে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৬১ চনত বৰোডাৰ মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লয়।[3] তাৰপিছত লোৱা বিশ্ববিদ্যালয়ত পঢ়িবৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। 'লোৱা ৰাইটাৰ্চ্ ৱৰ্কশ্বপ'ৰপৰা ১৯৬৩ চনত তেওঁ এম এফ এ ডিগ্ৰী লয় আৰু ১৯৬৯ চনত তুলনামূলক সাহিত্য বিভাগৰপৰা পি এইচ ডি লয়।
এক দশকতকৈও বেছি সময় কানাডাৰ মণ্ট্ৰিয়াল আৰু টৰণ্টোত বাস কৰি মুখাৰ্জী আৰু তেওঁৰ স্বামী ক্লাৰ্ক ব্লেইজ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ঘূৰি আহে। তেওঁ এন ইন্ভিজিব'ল ৱমেন নাম দি চেটাৰ্ডে নাইটৰ এটা সংখ্যাত এই সিদ্ধান্তটোৰ বিষয়ে লিখিছে। মুখাৰ্জী আৰু ব্লেইজে মিলি কেইবাখনো কিতাপ লিখিছে। এইকেইখন হ'ল- ডেইজ এণ্ড নাইটচ্ ইন কলকাট্টা (১৯৭৭) আৰু দ্য চ'ৰ' এণ্ড দ্য টেৰৰ: দ্য হণ্টিং লিগেচি অৱ দি এয়াৰ ইণ্ডিয়া ট্ৰিজেদি (এয়াৰ ইণ্ডিয়া ফ্লাইট ওৱান এইট্টি টু)।
বহুবোৰ কল্পকাহিনী আৰু অ-কল্পকাহিনীৰ লিখাৰ উপৰিও, মুখাৰ্জীয়ে বাৰ্কলেত যোগদান কৰাৰ আগতে মেকগিল বিশ্ববিদ্যালয়, স্কিডমোৰ কলেজ, কুইনচ্ কলেজ আৰু নিউয়ৰ্কৰ চিটি বিশ্ববিদ্যালয়ত শিক্ষাদান কৰিছিল।
১৯৮৮ চনত তেওঁৰ 'দ্য মিডলমেন এণ্ড দ্য আডাৰ ষ্টৰিজ' কিতাপখনৰ বাবে মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰ বঁটা লাভ কৰে।[4] ১৯৮৯ ত আমিনা মীৰৰ লগত হোৱা এটা সাক্ষাৎকাৰত মুখাৰ্জীয়ে কৈছে যে; তেওঁ নিজকে এগৰাকী ভাৰতীয় প্ৰবাসী লেখক বুলি নকৈ এগৰাকী আমেৰিকান লেখক বুলি ভাবিবলৈ ভাল পায়।[5]
২০১৭ চনৰ ২৮ জানুৱাৰীত জটিল শাৰীৰিক অসুখত ভুগি ৭৬ বছৰ বয়সত মানহাট্টনত মুখাৰ্জীৰ মৃত্যু হয়।[6] মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু পুত্ৰক এৰি থৈ যায়।[7]