The Indian Penal Code, 1860 | |
---|---|
![]() | |
ভাষ্য | Act No. 45 of 1860 |
ভৌগোলিক পৰিসীমা | Whole of India except the State of Jammu and Kashmir |
প্ৰণয়নকাৰী | ভাৰতৰ সংসদ |
প্ৰণয়ন হয় | ৬ অক্টোবৰ ১৮৬০ |
সম্মতিৰ তাৰিখ | ৬ অক্টোবৰ ১৮৬০ |
কাৰ্যকৰী হয় | ৬ অক্টোবৰ ১৮৬০ |
ভাৰতীয় দণ্ড বিধি (IPC, ইংৰাজী: Indian Penal Code, হিন্দী: भारतीय दण्ड संहिता) ভাৰতৰ মুখ্য অপৰাধ দণ্ড বিধি। অপৰাধ আইনৰ সকলো মূল বিষয়ক সামৰি লোৱাটোৱে ইয়াৰ উদেশ্য, ই এক ব্যাপক বিধান বা আইন। ১৮৬০ চনত ভাৰতীয় দণ্ড বিধি আইনৰ খচৰা প্ৰস্তুত হৈছিল যদিও ব্ৰিটিছ শাসনৰ আৰম্ভণিতে ১৮৬২ চনত ব্ৰিটিছ ভাৰতত ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। তথাপিও ভাৰতীয় দণ্ড বিধি আইনখন ভাৰতৰ বিভিন্ন ৰজাৰ দ্বাৰা শাসিত অঞ্চলসমূহত প্ৰচলন হোৱা নাছিল, যিহেতু তেওঁলোকৰ নিজা আইন আৰু আদালত ব্যৱস্থা ১৯৪০ চনলৈকে প্ৰচলন আছিল। বৰ্তমান সময়লৈকে এইবিধানখন বহুবাৰ সংশোধন কৰাৰ লগতে অন্যান্য বহুতো অপৰাধ ধাৰা সংযোগ কৰা হৈছে। জম্মু-কাশ্মীৰ ৰাজ্যত এই বিধানক 'ৰনবীৰ দণ্ড বিধান' বুলি জনা যায়৷[1]
ব্ৰিটিছ যুগৰ অন্ত পৰাৰ লগে লগে মূল ভাৰতীয় ভূখণ্ডৰ পৰা বিভাজিত পাকিস্তানেও ভাৰতীয় দণ্ড বিধি আইনক স্বীকাৰ কৰি গ্ৰহণ কৰে, যি পাকিস্তান দণ্ড বিধি আইন বুলি জনাজাত। বাংলাদেশত, পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰা পিছতো এই বিধি বলবৎ হৈ আছে। ইয়াৰ উপৰিও এই বিধি বাৰ্মা, ছেয়লন (বৰ্তমানৰ শ্ৰীলংকা), ছিংগাপুৰ, ব্ৰুনেই থকা ব্ৰিটিছ ঔপনিবেশিক শাসকসকলেও গ্ৰহণ কৰে আৰু উক্ত দেশসমূহৰ অপৰাধিক সংহিতাৰ আধাৰ হৈ আছে।
মোগল শাসনৰ সময়চোৱাত, ন্যায়ালয়ত হিন্দু আইন বহিষ্কাৰ কৰিবলৈ 'শৰীয়ত আইন' বলবৎ কৰা হৈছিল। কিন্তু ভাৰতীয় উপমহাদেশত ব্ৰিটিছ সকলৰ প্ৰভাব বৃদ্ধিৰ লগে লগে ইছলামিক আইনে ইংৰাজ অপৰাধীক আইনক বাট এৰি দিব লগা হল। ১৮৬০ চনৰ আগতে, ইংৰাজ অপৰাধীক আইনক গৱৰ্ণৰ জেনেৰেলৰ অধিনিয়ম দ্বাৰা সংশোধিত কৰি বম্বে প্ৰেচিডেঞ্চী, কেলকাত্তা আৰু মাদ্ৰাজত বলবৎ কৰে।
ভাৰতীয় দণ্ড বিধিৰ খচঁৰা,থমাচ বেবিংটন মেকুলেই অধ্যক্ষতাত গঠন হোৱা প্ৰথমখন বিধি আয়োগ প্ৰস্তুত কৰিছিল। ইয়াৰ আধাৰ ইংলেণ্ডৰ আইন, যি আইন আধিক্যতা, পৰিভাষা আৰু স্থানীয় বিশিষ্টতা মুক্ত। ইয়াৰ তত্ত্ব সমূহ নেপ'লিয়নিক সংহিতা আৰু এডৱাৰ্ড লিভিংচটন প্ৰণিত লুইজিয়ানা নাগৰিক সংহিতাৰ, ১৮২৫ পৰা প্ৰাপ্ত কৰা হৈছিল। ১৮৩৭ চনত পৰিষদত, গৱৰ্ণৰ জেনেৰেলৰ ওচৰত প্ৰথমখন পূৰ্ণ খচঁৰা দাখিল কৰা হয়, কিন্তু পুনৰ সংশোধনৰ বাবে পঠিয়ায় দিয়ে। ১৮৫০ চনত ভাৰতীয় দণ্ড বিধিৰ খচঁৰা আলেখন সম্পূৰ্ণ হয় আৰু ১৮৫৬ চনত বিধান পৰিষদত দাখিল কৰা হয়, কিন্তু ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত এটা দশকলৈকে ব্ৰিটিছ ভাৰতৰ অধিনিয়ম গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সেই সময়ছোৱাত খচঁৰাখন বাৰ্নচ পিক'ক ৰ দ্বাৰা অতি সাৱধানেৰে সূক্ষ্ম নিৰীক্ষণেৰে সংশোধন কৰা হয়, যিজন পিছলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ আৰু ভৱিষ্যতৰ অৱৰ ন্যায়াধীশ হৈছিল। ইয়াৰ উপৰিও তেখেত বিধান পৰিষদৰ এজন সদস্য আছিল। ১৮৬০ চনৰ, ৬ অক্টোবৰ দিনাখন এই আইন পৰিষদত পাড়িত হৈছিল। [2] ভাৰতীয় দণ্ড বিধি, ১ জানুৱাৰী, ১৮৬২ চনত কাৰ্য্যকৰী ৰূপত প্ৰচলন কৰা হয়। দূৰ্ভাগ্য বশত: মেকুলেই তেখেতৰ এই সৰ্ব্বোতকৃষ্ট ৰচনা বলবৎ হোৱাৰ চাবলৈ পোৱাৰ আগতেই ১৮৫৯ চনৰ শেষৰ ফালে মৃত্যুবৰণ কৰে।
ভাৰতবৰ্ষক এখন সাধাৰণ দণ্ড বিধি প্ৰদান কৰাটোৱে এই অধিনিয়মৰ মুখ্য উদেশ্য।[3] এই বিধি আইন সম্বন্ধীয় সকলো বিষয় সামৰি লোৱাৰ উপৰিও আইন বুলি ঘোষণা কৰা ব্যাপক প্ৰসংগসমূহ অৰ্ন্তনিহিত কৰে। ইয়াৰ উপৰিও বিভিন্ন সময়ত অনান্য অপৰাধৰ বাবে আৰু অধিক দণ্ডাত্মক বিধিৰ প্ৰস্তুত কৰা হৈছে।
ভাৰতীয় দণ্ড বিধি, ১৮৬০, মুঠ ২৩টা অধ্যায় আৰু ৫১১টা ধাৰাত বিভক্ত। এই বিধিত পাতনি, বিশদ বিৱৰণ, অপবাদৰ উপৰিও দোষ অথবা অপৰাধৰ ব্যাপক বৰ্ণনা দিয়া আছে। তলত দিয়া তালিকাখনত ভাৰতীয় দণ্ড বিধিৰ ৰূপৰেখা উপস্থাপন কৰা হৈছে।
অধ্যায় | ধাৰা সমূহ | অপৰাধৰ শ্ৰেণীবিভাজন |
---|---|---|
অধ্যায় I | ধাৰা 1 to 5 | প্ৰস্তাবনা |
অধ্যায় II | ধাৰা 6 to 52 | সাধাৰণ বিৱৰণ |
অধ্যায় III | ধাৰা 53 to 75 | শাস্তিৰ বিধান সমূহ |
অধ্যায় IV | ধাৰা 76 to 106 | সাধাৰণ অপৰাধ
ব্যক্তিগত প্ৰতিৰক্ষাৰ অধিকাৰ (ধাৰা 96 to 106) |
অধ্যায় V | ধাৰা 107 to 120 | উচতনি মুলক |
অধ্যায় VA | ধাৰা 120A to 120B | অপৰাধমূলক ষড়যন্ত্ৰ |
অধ্যায় VI | ধাৰা 121 to 130 | ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধ |
অধ্যায় VII | ধাৰা 131 to 140 | থলসেনা, বায়ুসেনা আৰু নৌ সেনা সৰ্ম্পকীয় অপৰাধ |
অধ্যায় VIII | ধাৰা 141 to 160 | ৰাজহুৱা শান্তি ভংগ সৰ্ম্পকীয় অপৰাধ |
অধ্যায় IX | ধাৰা 161 to 171 | চৰকাৰী কৰ্মচাৰী সৰ্ম্পকীয় বা দ্বাৰা অপৰাধ |
অধ্যায় IXA | ধাৰা 171A to 171I | নিৰ্ব্বাচন সৰ্ম্পকীয় অপৰাধ |
অধ্যায় X | ধাৰা 172 to 190 | চৰকাৰী কৰ্মচাৰীৰ প্ৰাপ্ত অধিকাৰৰ অৱমাননা সৰ্ম্পকীয় |
অধ্যায় XI | ধাৰা 191 to 229 | মিছা সাক্ষীবাদ সৰ্ম্পকীয় আৰু ৰাজহ্হুৱা স্বাৰ্থজড়িত ন্যায়ৰ বিৰুদ্ধে অপৰাধ |
অধ্যায় XII | ধাৰা 230 to 263 | মূদ্ৰা আৰু চৰকাৰী দলিল সৰ্ম্পকীয় অপৰাধ |
অধ্যায় XIII | ধাৰা 264 to 267 | জোখ-মাখ সৰ্ম্পকীয় অপৰাধ |
অধ্যায় XIV | ধাৰা 268 to 294 | ৰাজহুৱা স্বাস্থ্য, সুৰক্ষা, সুবিধা, শালিনতা আৰু নৈতিকতা প্ৰভাৱিত কৰিব পৰা সৰ্ম্পকীয় অপৰাধ |
অধ্যায় XV | ধাৰা 295 to 298 | ধৰ্মৰ লগত জড়িত সৰ্ম্পকীয় অপৰাধ |
অধ্যায় XVI | ধাৰা 299 to 377 | মানৱ শৰীৰক প্ৰভাৱিত কৰিব পৰা (ক্ষতি)সৰ্ম্পকীয় অপৰাধ
|
অধ্যায় XVII | ধাৰা 378 to 462 | সম্পত্তিৰ বিৰুদ্ধে অপৰাধ
|
অধ্যায় XVIII | ধাৰা 463 to 489 | তথ্য আৰু সম্পত্তি চিহ্ন সৰ্ম্পকীয় অপৰাধ
|
অধ্যায় XIX | ধাৰা 490 to 492 | সেৱাৰ অনুবন্ধৰ অপৰাধীক বিশ্বাসঘাত সৰ্ম্পকীয় অপৰাধ |
অধ্যায় XX | ধাৰা 493 to 498 | বৈবাহিক সমন্ধ সৰ্ম্পকীয় অপৰাধ |
অধ্যায় XXA | ধাৰা 498A | পত্নীৰ ওপৰত স্বামীৰ বা স্বামীৰ পৰিয়ালৰ লোকৰ অত্যাচাৰ, নৃশংসতা |
অধ্যায় XXI | ধাৰা 499 to 502 | মানহানি |
অধ্যায় XXII | ধাৰা 503 to 510 | অপৰাধীক উদেশ্যমূলক অপমান আৰু হাৰাহাস্তি |
অধ্যায় XXIII | ধাৰা 511 | অপৰাধমুলক কাৰ্য্য কৰিবলৈ চলোৱা চেষ্টা |
In 2003, the Malimath Committee submitted its report recommending several far-reaching penal reforms including separation of investigation and prosecution (similar to the CPS in the UK) to streamline criminal justice system.[5] The essence of the report was a perceived need for shift from an adversarial to an inquisitorial criminal justice system, based on the Continental European systems.
বৰ্তমান সময় লৈকে এই বিধি সৰ্ব্বত্ৰ প্ৰবলতা পূৰ্ণ খচঁৰা বিধি ৰূপে স্বীকাৰ কৰিছে। ১৫০ বছৰ জুৰি এই বিধি কোনোধৰণৰ মুখ্য সংশোধনী অবিহনে সমগ্ৰ দেশৰ ন্যায়পালিকাত প্ৰচলিত অৱস্থাত আছে। গ্ৰেট ব্ৰিটেন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিকোলাচ ফিলিপচ্ এ , ভাৰতীয় দণ্ড বিধিৰ ১৫০ বছৰ উপলক্ষে অনুষ্ঠানত তেখেতে ভাৰতীয় দণ্ড বিধিৰ প্ৰভাবকাৰীতা তথা প্ৰাসংগিকতাৰ সজোৰে প্ৰশংসা কৰে।[6] বৰ্তমান সংঘটিত হোৱা প্ৰযুক্তি যুক্ত আধুনিক অপৰাধ সমূহ যদিও 'মেকোলেই' যুগত শুনা নগৈছিল তথাপি ভাৰতীয় দণ্ডবিধিৰ বিস্তৃত খচঁৰাৰ বাবে সহজতে এই অপৰাধ সমূহ এই বিধিৰ আওঁতাত ভিতৰত পৰে। [উদ্ধৃতিৰ প্ৰয়োজন]
Some references to specific sections (called dafa'a in Hindi-Urdu, دفعہ or दफ़आ/दफ़ा) of the IPC have entered popular speech in India, Pakistan and Bangladesh. For instance, conmen are referred to as 420s (chaar-sau-bees in Hindi-Urdu)) after Section 420 which covers cheating.[7] Similarly, specific reference to section 302 ("tazīrāt-e-Hind dafā tīn-sau-do ke tehet sazā-e-maut", "punishment of death under section 302 of the Indian Penal Code"), which covers the death penalty, have become part of common knowledge in the region due to repeated mentions of it in Bollywood movies and regional pulp literature.[8][9] "Dafa 302" was also the name of a Bollywood movie released in 1975.[10] Similarly, "Shree 420" was the name of a 1955 Bollywood movie starring Raj Kapoor.[11]