ভাৰতীয় পৰিষদ আইন, ১৯০৯ | |
---|---|
যুক্তৰাজ্যৰ সংসদ | |
দীঘল শিৰোনাম
| |
ভাষ্য | 9 Edw. 7. c. 4[1] |
ভৌগোলিক পৰিসীমা | ব্ৰিটিছ ভাৰত |
ৰাজকীয় সম্মতি | ২৫ মে’ ১৯০৯ |
ভাৰতীয় পৰিষদ আইন, ১৯০৯ (ইংৰাজী: Indian Councils Act, 1909) যুক্তৰাজ্যৰ সংসদত গৃহীত এনে এক আইন আছি,ল যিয়ে ব্ৰিটিছ ভাৰতৰ শাসন ব্যৱস্থাত ভাৰতীয়সকলৰ সংপৃক্ততা সীমিতভাৱে বৃদ্ধি কৰিছিল। এই আইনখন সাধাৰণতে মৰ্লে–মিণ্টো বা মিণ্টো–মৰ্লে সংস্কাৰ নামেৰে জনাজাত। ভাইচৰয় লৰ্ড মিণ্টো আৰু বিদেশ সচিব জন মৰ্লেৰ নামেৰে নামাকৰণ কৰা এই আইনখনে বিধান পৰিষদত নিৰ্বাচনৰ প্ৰৱৰ্তন কৰে আৰু ভাৰতৰ প্ৰাদেশিক সচিব পৰিষদ, ভাইচৰয় আৰু বম্বে আৰু মাদ্ৰাজ ৰাজ্যৰ কাৰ্যবাহী পৰিষদত ভাৰতীয়ক অন্তৰ্ভূক্ত কৰে। মুছলিম লীগৰ দাবী অনুযায়ী মুছলমানক সুকীয়া নিৰ্বাচক মণ্ডলী দিয়া হয়।
১৮৮৫ চনত বোম্বাইৰ গোকুলদাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত ঔপনিৱেশিক ভাৰতৰ শিক্ষিত অভিজাত শ্ৰেণীৰ সৰু গোট এটাক একত্ৰিত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয়।[2] তেওঁলোকৰ এটা মূল অভিযোগ আছিল অসামৰিক সেৱা আৰু প্ৰশাসনিক ব্যৱস্থাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত ভাৰতীয়সকলে অসুবিধাৰ সন্মুখীন হোৱা বিষয়টো। ১৮৫৮ চনত গৃহীত হোৱা ‘ভাৰত চৰকাৰ আইন’ত ৰাণী ভিক্টোৰিয়াই ভাৰত চৰকাৰৰ বাবে চৰকাৰী কৰ্মচাৰী বাচনিৰ ক্ষেত্ৰত বৰ্ণগত সমতাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যক্ষেত্ৰত ভাৰতীয়সকল বহুলাংশে ক্ষমতাৰ ক্ষেত্ৰৰ বাহিৰত আছিল।[3] এই সেৱাৰ বাবে পৰীক্ষা কেৱল গ্ৰেট বৃটেইনত অনুষ্ঠিত হৈছিল আৰু কেৱল ১৭ৰ পৰা ২২ বছৰৰ ভিতৰৰ পুৰুষ প্ৰাৰ্থীসকলৰ বাবেহে মুকলি আছিল। (পিছলৈ ১৮৭৮ চনত এই পৰীক্ষা ১৭ৰ পৰা ১৯ বছৰৰ পৰিসৰলৈ সলনি কৰা হয়)।[4] ব্ৰিটিছ প্ৰশাসকসকলে ভাৰতীয়সকলক অসামৰিক সেৱাত গ্ৰহণ কৰিবলৈ অনিচ্ছুক হোৱাত ভাৰতীয়সকলৰ বাবে প্ৰশাসনিক পদসমূহ লাভ কৰাৰ বাটত অধিক প্ৰতিবন্ধকতাৰ সৃষ্টি হয়।[3]
ক্ৰমবৰ্ধমান ভাৰতীয়সকলৰ দাবীৰ সন্মুখত ১৮৯২ চনৰ ভাৰতীয় পৰিষদ আইনখনে ব্ৰিটিছ ভাৰতৰ বিধান পৰিষদসমূহৰ কেইবাটাও সংস্কাৰৰ কঢ়িয়াই আনে; ই কেন্দ্ৰীয় আৰু প্ৰাদেশিক পৰিষদত সদস্যৰ সংখ্যা বৃদ্ধি কৰিছিল আৰু ভাৰতৰ বিশ্ববিদ্যালয় আৰু অন্যান্য সংস্থাসমূহক পৰামৰ্শ দিয়া আৰু প্ৰতিনিধি নিৰ্বাচন কৰাৰ অনুমতি দিছিল। কিন্তু ভাৰতীয়সকলৰ তীব্ৰ বিৰোধিতা সত্ত্বেও চৰকাৰে বহু বিধেয়কত অনুমোদন দি থাকিল; ইয়াৰ উপৰিও ই সদস্যসকলক বাজেটৰ ওপৰত নিয়ন্ত্ৰণ নিদিলে, তেওঁলোকক কেৱল ইয়াৰ ওপৰত বিতৰ্ক কৰিবলৈহে অনুমতি দিয়া হৈছিল, ইয়াৰ ওপৰত ভোটদান কৰিবলৈ দিয়া হোৱা নাছিল।
১৯০৬ চনৰ সাধাৰণ নিৰ্বাচনত লিবাৰেল পাৰ্টিৰ বিজয়ৰ পিছত উদাৰ দাৰ্শনিক জন মৰ্লে ভাৰতৰ বিদেশ সচিব হয়; ১৮৯২ চনত প্ৰতিশ্ৰুতি দিয়া সুযোগৰ সমতা কাৰ্যকৰী কৰিবলৈ মৰ্লেই চেষ্টা কৰিছিল,[5] কিন্তু উগ্ৰ জাতীয়তাবাদী আৰু ৰাজনৈতিক সন্ত্ৰাসবাদৰ উত্থানশীল ঢৌৰ বিৰুদ্ধে 'মধ্যপন্থীসকলক একত্ৰিত' কৰিবলৈও ইচ্ছা কৰিছিল।[6] ১৯০৬ চনৰ মে' আৰু জুন মাহত মৰ্লে আৰু মধ্যমপন্থী কংগ্ৰেছ নেতা গোখলেই প্ৰাদেশিক সচিব পৰিষদ, ভাইচৰয় আৰু গৱৰ্ণৰৰ কাৰ্যবাহী পৰিষদ আৰু বিধান পৰিষদসমূহৰ সংস্কাৰৰ হেতু কংগ্ৰেছে কৰা দাবীসমূহৰ বিষয়ে আলোচনা কৰে। ১৯০৬ চনৰ জুলাই মাহত হাউছ অৱ কমনছত ভাৰতীয় বাজেটৰ বিষয়ে দিয়া ভাষণৰ সময়ত মৰ্লেই ঘোষণা কৰে যে তেওঁ সংস্কাৰৰ প্ৰস্তাৱসমূহ বিবেচনা কৰিব। ইয়াৰ ফলত মুছলিম লীগৰ নেতাসকলে মুছলমান স্বাৰ্থৰ পোষকতা কৰিবলৈ চিমলা ডেপুটেশ্যনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হয়।[7]
১৯০৬ চনৰ ১ অক্টোবৰত মিণ্টোk নৱগঠিত মুছলিম লীগৰ প্ৰতিনিধিয়ে লগ ধৰে, য'ত উত্তৰ-পশ্চিম সীমান্তৰ বাহিৰে ভাৰতৰ সকলো প্ৰদেশৰ মুছলমান আছিল।[5] হিন্দু প্ৰধান ৰাজনৈতিক ব্যৱস্থাৰ উত্থান ৰোধ কৰিবলৈ মুছলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিল।[8] তেওঁলোকে মিণ্টোৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰে। তেওঁলোকে যুক্তি দিছিল যে মুছলমানসকলৰ বিশেষ স্বাৰ্থ বজাই ৰাখিব লাগে; প্ৰাদেশিক পৰিষদত মুছলমানসকলৰ বাবে পৃথক নিৰ্বাচন আৰু মুছলমানসকলক নগণ্য সংখ্যালঘুত পৰিণত হোৱাটো এৰাবলৈ সাম্ৰাজ্যিক বিধান পৰিষদলৈ পৰ্যাপ্ত সংখ্যক মুছলমানক নিৰ্বাচন কৰাটো বাধ্যতামূলক কৰিব লাগে।[5] মিণ্টোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী সংগঠন হিচাপে লীগ প্ৰতিষ্ঠাক উৎসাহিত কৰিছিল[9] আৰু প্ৰতিনিধি দলটোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে মুছলমানৰ দাবীসমূহ বিবেচনা কৰিব।[8]
এই আইনখনে নিজেই কিছু ৰাজনৈতিক সংস্কাৰৰ সুবিধা প্ৰদান কৰে। কেন্দ্ৰীয় আৰু প্ৰাদেশিক বিধান পৰিষদ দুয়োটাৰে আকাৰ আৰু সদস্য সংখ্যা বৃদ্ধি কৰা হয়। স্থানীয় নিকায়সমূহে এখন নিৰ্বাচক মণ্ডল গঠন কৰিব, যিয়ে পাছলৈ প্ৰাদেশিক বিধায়িনী দলৰ সদস্য নিৰ্বাচন কৰিব আৰু যিয়ে পাছলৈ কেন্দ্ৰীয় বিধায়িনী দলৰ সদস্য নিৰ্বাচন কৰিব। এই আইনৰ অধীনত মুছলমান সদস্যসকলক কেৱল মুছলমান ভোটাৰেহে নিৰ্বাচন কৰিব লাগিছিল।
ইয়াৰ পূৰ্বে প্ৰাদেশিক পৰিষদসমূহৰ সদস্যসকলৰ গৰিষ্ঠ সংখ্যকক অসামৰিক সেৱাৰ বিষয়াৰ পৰা নিযুক্তি দিয়া হৈছিল, যাক "অফিচিয়েল মেজৰিটি" বুলি কোৱা হয়; আইনখন গৃহীত হোৱাৰ লগে লগে এই ব্যৱস্থাটো উঠাই লোৱা হ’ল। কিন্তু কেন্দ্ৰীয় বিধান পৰিষদত এই অফিচিয়েল মেজৰিটিৰ ব্যৱস্থা বাহাল ৰখা হয়।
নিৰ্বাচিত ভাৰতীয়সকলক প্ৰস্তাৱ দাখিল কৰিবলৈ, বাজেটৰ বিষয়ত বিতৰ্ক কৰিবলৈ আৰু পৰিপূৰক প্ৰশ্ন কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু তেওঁলোকক বৈদেশিক নীতি বা দেশীয় ৰাজ্য (princely states) সৈতে সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। ব্ৰিটিছ কাৰ্যবাহীয়েও সকলো আইন প্ৰণয়নৰ ওপৰত নিৰংকুশ ভেটো বজাই ৰাখিছিল।[3]
এই আইনখন গৃহীত হোৱাৰ পিছত মৰ্লেই তেওঁৰ কাউঞ্চিল হোৱাইটহলত দুজন ভাৰতীয় সদস্যক নিযুক্তি দিয়ে,[3] আৰু ভাইচৰয় লৰ্ড মিণ্টোক ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত প্ৰথম ভাৰতীয় সদস্য সত্যেন্দ্ৰ পি সিনহাক নিযুক্তি দিবলৈও মান্তি কৰে।[3] যদিও এই আইনখনে বিধান পৰিষদসমূহত ভাৰতীয় অংশগ্ৰহণ বৃদ্ধি কৰিছিল, তথাপিও এই আইনখনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঔপনিৱেশিক আত্মশাসনৰ দাবীৰ হকে একোৱেই কৰা নাছিল। মুছলমানসকলৰ বাবে পৃথক নিৰ্বাচক মণ্ডলী প্ৰৱৰ্তনক কংগ্ৰেছে বিভাজন আৰু শাসন নীতিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰাৰ এক সাম্ৰাজ্যবাদী প্ৰচেষ্টাৰ অংশ হিচাপে গণ্য কৰিছিল ।[10]
প্ৰথম বিশ্বযুদ্ধত ভাৰতে ব্ৰিটিছক মানুহ, সামগ্ৰী আৰু ধনৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াই ভাৰতৰ প্ৰতিনিধিত্বৰ আশাক যথেষ্ট সলনি কৰি পেলালে। ভাৰতে কৰা এই ত্যাগৰ বিনিময়ত অধিক শক্তিশালী দাবীৰ উত্থাপন হয়, যাৰ ফলত ভাৰতীয় সচিব এডউইন মন্টেগুৱে ১৯১৭ চনত দায়িত্বশীল চৰকাৰৰ দিশত অধিক সাংবিধানিক সংস্কাৰৰ ঘোষণা কৰে,[8] শেষত মন্টেগু–চেলমছফৰ্ড সংস্কাৰ আৰু ভাৰত চৰকাৰ আইন ১৯১৯ৰ সৃষ্টি হয়।