ভাৰতীয় বিজ্ঞান একাডেমী | |
---|---|
স্থাপিত | ১৯৩৪ |
সভাপতি | ৰামাকৃষ্ণ ৰামাস্বামী |
স্থান | বাংগালোৰ, কৰ্ণাটক, ভাৰত |
ৱেবছাইট | www |
১৯৩৪ চনৰ ২৭ এপ্ৰিল তাৰিখে ছাৰ চি ভি ৰমণে ভাৰতীয় বিজ্ঞান একাডেমী (ইংৰাজী: Indian Academy of Sciences) প্ৰতিষ্ঠা কৰে। সেই বছৰৰে ৩১ জুলাই তাৰিখে ৬৫ জন সদস্যৰে সৈতে প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। সেইদিনাই অনুষ্ঠিত হোৱা এখন সভাত ছাৰ চি ভি ৰমণক প্ৰতিষ্ঠানটোৰ সভাপতিৰূপে নিৰ্বাচিত কৰি সংবিধানখনো ৰচনা কৰা হয়।[1]
প্ৰতিষ্ঠানটোৰ মূল উদ্দেশ্য:
১৯৭২ চনৰ পৰা ভাৰত চৰকাৰে ছাৰ চি ভি ৰমণৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিশিষ্ট বিজ্ঞানীক ছয় সপ্তাহৰ পৰা ছয় মাহৰ এক সময়ৰ বাবে এই সন্মান প্ৰদান কৰে।
একাডেমীয়ে সমগ্ৰ ভাৰতৰ নিৰ্বাচিত শিক্ষকৰ বাবে দুসপ্তাহজোৰা এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। তাৰোপৰি নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী তথা শিক্ষকৰ বাবে ফেল'শ্বিপ প্ৰদানৰ এক কাৰ্যক্ৰমো প্ৰতি বছৰে অনুষ্ঠিত হয়। কিছু নিৰ্দিষ্ট বিষয়ৰ ওপৰত বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বক্তৃতা অনুষ্ঠানো হয়।