নেচনেল ফেডাৰেশ্বন অৱ ইণ্ডিয়ান উইমেন ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনী | |
---|---|
চমু নাম | NFIW |
প্ৰতিষ্ঠা | ৪ জুন ১৯৫৪কলিকতা, ভাৰত | ,
ধৰণ | নাৰী সংগঠন |
প্ৰধান কাৰ্যালয় | ১০০২, আঞ্চেল ভৱন, ১৬, কস্তুৰবা গান্ধী মাৰ্গ, নতুন দিল্লী - ১১০০০১ |
সাধাৰণ সম্পাদক | এনী ৰাজা |
সভানেত্ৰী | অৰুণা ৰায় |
ভুক্তি | উইমেনছ ইণ্টাৰনেচনেল ডেমক্ৰেটিক ফেডাৰেশ্বন (WIDF) |
ৱেবছাইট | nfiw |
ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনী (ইংৰাজী: National Federation of Indian Women) হৈছে ভাৰতৰ এটা মহিলা সংগঠন। এই সংগঠনটো ভাৰতৰ অন্যতম ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ মহিলা শাখা।[1][2][3] ১৯৫৪ চনৰ ৪ জুনত অৰুণা আছফ আলিকে ধৰি মহিলা আত্মৰক্ষা সমিতিৰ কেইগৰাকীমান নেতাই সংগঠনটো প্ৰতিষ্ঠা কৰে।[4][5][6]
ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনীৰ বৰ্তমানৰ সাধাৰণ সম্পাদক হৈছে এনী ৰাজা আৰু অৰুণা ৰায় হৈছে বৰ্তমানৰ সভানেত্ৰী।[7]
শীতল যুদ্ধ আৰু সামৰিক চুক্তিৰ পটভূমিত ১৯৫৪ চনৰ ৪ জুন তাৰিখে কলিকতাত ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনীৰ প্ৰথমখন কংগ্ৰেছ অনুষ্ঠিত হৈছিল। সভাত সংগঠনটোৱে “হাইড্ৰ’জেন বোমা, পৰমাণু বোমা আৰু বেক্টেৰিয়ালজিকেল অস্ত্ৰৰ দৰে বৃহৎ পৰিসৰৰ গণধ্বংসী অস্ত্ৰ ব্যৱহাৰৰ তীব্ৰ বিৰোধী।” বুলি ঘোষণা কৰিছিল।
সাম্ৰাজ্যবাদ, দৰিদ্ৰতা আৰু ৰোগৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ মহিলাসকল একত্ৰিত হোৱাৰ দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত হৈ বিদ্যা মুন্সি, ইলা ৰিড, হাজৰা বেগম, আন্না মাস্কাৰেন, ৰেণু চক্ৰৱৰ্তী, তাৰা ৰেড্ডী, শান্ত দেৱ আৰু অনাসুয়া জ্ঞানচন্দৰ দৰে আগশাৰীৰ ব্যক্তিসকলে “আন্তৰ্জাতিক গণতান্ত্ৰিক ফেডাৰেচন”, ১৯৫৫ চনত লাউছেনত অনুষ্ঠিত “বিশ্ব মাতৃ সন্মিলন”, ১৯৬১ চনত কাইৰোত অনুষ্ঠিত “আফ্ৰিকান-এছিয়ান মহিলা সন্মিলন”, ১৯৭৭ চনত হো চি মিন চহৰত অনুষ্ঠিত “ভিয়েটনামৰ বিজয়ৰ বাৰ্ষিকী”, ইত্যাদি বিভিন্ন নাৰী সভাত অংশগ্ৰহণ কৰিছিল।
১৯৫৭ চনত ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনীৰ সভানেত্ৰী পুষ্পমায়ী বসুৱে অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াৰ পৰা এক উত্তেজনাপূৰ্ণ আবেদন জনাইছিল: “আমি, ফেডাৰেচনৰ মহিলাসকলে ঘোষণা কৰোঁ যে আমি যুদ্ধ নিবিচাৰোঁ। কেৱল ইয়াতেই নহয় বিশ্বৰ কোনো ঠাইতে যুদ্ধ হোৱাটো আমি নিবিচাৰোঁ। আমি বৃহৎ শক্তিসমূহক কেৱল সকলো পাৰমাণৱিক পৰীক্ষা বন্ধ কৰি দিবলৈ নহয় বিশ্বৰ মংগলৰ বাবে সকলো যুদ্ধ বন্ধ কৰি দিবলৈ দাবী জনাও - আমি তেওঁলোকক কওঁ যে যুদ্ধৰ প্ৰস্তুতিত নিজৰ মানুহ, ধন আৰু মগজু নষ্ট নকৰিব কিন্তু নিজৰ দেশৰ মংগলৰ বাবে এইবোৰৰ ব্যৱহাৰ কৰক।”
মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ উমৈহতীয়া লক্ষ্যৰে একত্ৰিত হৈ বহু মহিলা সংগঠনে ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনীত যোগদান কৰে। ১৯৫৪ চনত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা সন্মিলনত ইতিমধ্যে এনে ৩৯টা সংগঠনে যোগদান কৰিছিল। ইয়াৰ ফলত কৃষক, শ্ৰমিক, জনজাতীয়, দলিত আৰু শৰণাৰ্থীৰ পৰা আৰম্ভ কৰি পেছাদাৰী, শিল্পী আৰু বুদ্ধিজীৱীলৈকে প্ৰায় ১.৩ লাখ মহিলাই সংগঠনৰ সদস্য হোৱা বুলি জনা গৈছিল। ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনীত যোগদান কৰা সংগঠনসমূহৰ ভিতৰত মহিলা আত্ম সুৰক্ষা সমিতি (মাৰ্চ, পশ্চিম বংগ), পঞ্জাৱ লোক ইস্ত্ৰী সভা, নাৰী মংগল সমিতি (উৰিষ্যা), আৰু মণিপুৰ মহিলা সমিতি আদি আছিল অন্যতম।[8]
১. পুষ্পাময়ী বসু (১৯৫৪ - ১৯৫৭)
২. অনুসূয়া জ্ঞানচান্দ (১৯৫৭ - ১৯৬২)
৩. কপিলা খাণ্ডৱালা (১৯৬২ - ১৯৬৭)
৪. অৰুণা আছফ আলি (১৯৬৭ - ১৯৮৬)
৫. ড॰ নিৰুপমা ৰাথ (১৯৮৬ - ১৯৯৪)
৬. দীনা পাঠক (১৯৯৪ - ২০০২)
৭. ড॰ কে. সাৰদামনি (২০০২ - ২০০৮)
৮. অৰুণা ৰায় (২০০৮ - বৰ্তমানলৈকে)
১. অনুসূয়া জ্ঞানচান্দ (১৯৫৪ - ১৯৫৭)
২. হাজৰা বেগম (১৯৫৪ - ১৯৬২)
৩. ৰেণু চক্ৰৱৰ্তী (১৯৬২ - ১৯৭০)
৪. বিমলা ফাৰুকি (১৯৭০ – ১৯৯১)
৫. তাৰা ৰেড্ডী (১৯৯১ - ১৯৯৪)
৬. জি. সৰলা দেৱী (১৯৯৪ - ১৯৯৯)
৭. অমৰজীত কৌৰ (১৯৯৯ - ২০০২)
৮. ছেহবা ফাৰুকি (২০০২ - ২০০৫)
৯. এনী ৰাজা (২০০৫ - বৰ্তমানলৈকে)