ভাৰতীয় ৰিজাৰ্ভ বেংক | |||||
| |||||
মুখ্য কাৰ্যালয় | ছহীদ ভগত সিং পথ, মুম্বাই, মহাৰাষ্ট্ৰ | ||||
---|---|---|---|---|---|
প্ৰতিষ্ঠা | ১ এপ্ৰিল ১৯৩৫ | ||||
গভৰ্ণৰ | সঞ্জয় মালহোত্ৰা | ||||
মুদ্ৰা | ভাৰতীয় টকা | ||||
ISO 4217 ক'ড | INR | ||||
জমা | ২,৭৫১,৪০০ কোটি টকা[1][2] | ||||
বেংকৰ হাৰ | ৮.৭৫%[3] | ||||
জমাৰ সুত | ৪.০০% | ||||
ৱেবছাইট | www |
ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (চমুকৈ আৰ বি আই) হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান আৰু ই ভাৰতীয় টকাৰ মুদ্ৰা নীতি নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি ১৯৩৫ চনৰ ১ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়।[4] প্ৰথমাৱস্থাত ইয়াৰ মূলধনক ১০০ টকা মূল্যৰ অংশপত্ৰত ভগোৱা হৈছিল আৰু এই সমগ্ৰ অংশপত্ৰ ব্যক্তিগত অংশীদাৰৰ অধীনত আছিল।[5] ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত ৰিজাৰ্ভ বেংকৰ চৰকাৰীকৰণ কৰা হয়।
ভাৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহত আৰ বি আয়ে গুৰূত্বপূৰ্ণ ভূমিকা পালন কৰে। ই এচিয়ান ক্লিয়েৰিং ইউনিয়নৰ এক সদস্য বেংক। ৰিজাৰ্ভ বেংকৰ সাধাৰণ চোৱা-চিতা আৰু নীতি-নিৰ্দেশনাৰ ভাৰ ২১ গৰাকী সদস্যৰে গঠিত কেন্দ্ৰীয় পৰিচালনা সমিতি — ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, চাৰিজন ডেপুটী গভৰ্ণৰ, ভাৰতীয় বিত্ত মন্ত্ৰণালয়ৰ দুজন প্ৰতিনিধি, অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন শাখাসমূহ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰে নিৰ্বাচন কৰি দিয়া ১০ গৰাকী প্ৰতিনিধি আৰু মুম্বাই, কলকাতা, চেন্নাই আৰু নতুন দিল্লীৰ স্থানীয় শাখাসমূহৰ চাৰিগৰাকী প্ৰতিনিধিৰ ওপৰত ন্যস্ত। উক্ত স্থানীয় শাখাসমূহ পাঁচগৰাকীকৈ সদস্যৰে গঠিত যি কো-অ’পাৰেটিভ বেংক বা অন্যান্য বেংকসমূহৰ লগতে স্থানীয় বিষয়সমূহ আলোচনাৰ মেজলৈ আনে।
বিত্তীয় অন্তৰ্ভুক্তি নীতিৰ প্ৰসাৰৰ ক্ষেত্ৰতো ৰিজাৰ্ভ বেংকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। ই এলায়েঞ্চ ফৰ ফাইনেঞ্চিয়েল ইনক্লুচনৰো (AFI) আগশাৰীৰ সদস্য।
প্ৰথম বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা অৰ্থনৈতিক সমস্যাসমূহৰ সমাধানৰ বাবে ১৯৩৫ চনৰ ১ এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়। বি. আৰ. আম্বেদকাৰে হিল্টন য়াং কমিছনৰ আগত প্ৰদৰ্শন কৰা কাৰ্য প্ৰণালী আৰু বাহ্যিক ৰূপ অনুসাৰে ৰিজাৰ্ভ বেংকৰ ধাৰণাটোক গঢ় দিয়া হয়। “ৰয়েল কমিছন অফ ইণ্ডিয়ান কাৰেঞ্চী এণ্ড ফাইনেঞ্চ” নামেৰে যেতিয়া এই কমিছনে প্ৰথম্বাৰৰ বাবে ভাৰতলৈ আহিছিল তেতিয়া ইয়াৰ প্ৰত্যেকজন সদস্যৰ হাততে আম্বেদকাৰৰ ‘দ্য প্ৰব্লেম অফ দ্য ৰূপী – ইটছ অৰিজিন এণ্ড ইটছ চলিউছ্ন’ নামৰ গ্ৰন্থখন দেখা গৈছিল।[6] ১৯২৬ চনৰ ৰ’য়েল কমিছন অফ ইণ্ডিয়ান কাৰেঞ্চি অৰ্থাৎ হিল্ট’ন-য়াং কমিছনৰ পৰামৰ্শ অনুযায়ী ৰিজাৰ্ভ বেংক স্থাপন কৰা হয়।[7] আৰ বি আইৰ ছীল-মোহৰটোৰ কাৰণে প্ৰথমে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সিংহ আৰু তাল গছৰ প্ৰতীকটো বাছি লোৱা হৈছিল যদিও পিছত সিংহৰ ঠাইত ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বাঘৰ ছবি নিৰ্বাচন কৰা হয়। আৰ বি আইৰ ভূমিকা সম্পৰ্কীয় পাতনিত কোৱা হৈছে যে ইয়াৰ মুখ্য কাৰ্য হ’ল বেংক নোটৰ প্ৰচলন, ভাৰতৰ অৰ্থনৈতিক সুস্থিৰতা নিশ্চিত কৰিবৰ বাবে নিধি মজুত ৰখা আৰু দেশৰ মূদ্ৰা তথা দেনা ব্যৱস্থাৰ সঞ্চালনা। প্ৰথমাৱস্থাত ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় কাৰ্যালয়টো কলিকতাত (বৰ্তমান কলকাতা) স্থাপন কৰা হৈছিল। ১৯৩৭ চনত ইয়াক স্থায়ীভাৱে ব’ম্বেলৈ (বৰ্তমান মুম্বাই) স্থানান্তৰ কৰা হয়। ১৯৩৭ চনত ইণ্ডিয়ান ইউনিয়নৰ পৰা বাৰ্মাৰ পৃথক্কৰণৰ পিছতো, জাপানী অধিগ্ৰহণৰ সময়ছোৱাৰ বাহিৰে (১৯৪২-৪৫) ১৯৪৭ চনলৈকে ৰিজাৰ্ভ বেংকে বাৰ্মাৰ কেন্দ্ৰীয় বেংকৰ ভূমিকাও পালন কৰিছিল। ১৯৪৭ চনৰ দেশ বিভাজনৰ পিছত ১৯৪৮ চনৰ জুনত ষ্টেট বেংক অফ পাকিস্তানে কাৰ্যভাৰ নোলোৱালৈকে ৰিজাৰ্ভ বেংকে পাকিস্তানৰ কেন্দ্ৰীয় বেংকৰ ভূমিকাও পালন কৰে। প্ৰথমে অংশীদাৰৰ বেংক হিচাপে প্ৰতিষ্ঠা হ’লেও ১৯৪৯ চনত ৰাষ্ট্ৰীয়কৰণৰ পিছৰ পৰা আৰ বি আই সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ অধীনস্থ হয়। [8]
১৯৫০ চনত ভাৰত চৰকাৰে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অধীনত কৃষি ক্ষেত্ৰখনৰ ওপৰত প্ৰাধান্য দি কেন্দ্ৰীয়ভাৱে পৰিকল্পিত এক অৰ্থনৈতিক নীতিৰ প্ৰসাৰ ঘটায়। প্ৰশাসনে বাণিজ্যিক বেংকসমূহৰ চৰকাৰীকৰণ কৰাৰ লগতে[9] বেংকিং কোম্পানী আইন ১৯৪৯-ৰ (পিছলৈ বেংকিং বিধি আইন) ভিত্তিত আৰ বি আইৰ এটা অংশ হিচাপে এক কেন্দ্ৰীয় বেংক বিধি স্থাপন কৰে। ইয়াৰোপৰি কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকক অৰ্থনৈতিক পৰিকল্পনাসমূহত লোন আদিৰে সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হয়।[10]
বেংকসমূহৰ বিপৰ্যয়ৰ ফলস্বৰূপে ৰিজাৰ্ভ বেংকক এক জমাধন বীমা ব্যৱস্থাৰ (deposit insurance system) প্ৰৱৰ্ত্ত্ন তথা চোৱাচিতা কৰিবলৈ অনুৰোধ জনোৱা হয়। ১৯৬১ চনৰ ৭ ডিচেম্বৰত কেন্দ্ৰীয় বেংক ব্যৱস্থাটোৰ বিশ্বাসযোগ্যতা ফিৰাই আনিবলৈ এই ব্যৱস্থাটোৰ প্ৰৱৰ্ত্তন কৰা হয়। ভাৰত চৰকাৰে “উন্নয়নশীল বেংকিং” শ্ল’গানেৰে অৰ্থনীতিৰ উন্নয়নৰ হকে ব্যৱস্থা হাতত লয় আৰু দেশৰ বেংক বজাৰখনৰ (ক্ষেত্ৰ) পুনৰ্গঠনৰ লগতে বিভিন্ন প্ৰতিষ্ঠানসমূহৰ চৰকাৰীকৰণ কৰে। ফলস্বৰূপে দেশৰ মুক্ত বেংকিং ব্যৱস্থাটোৰ নিয়ন্ত্ৰণ তথা সাহায্য প্ৰদানৰ গুৰু দায়িত্ব আৰ বি আইৰ ওপৰত ন্যস্ত হয়।
১৯৬৯ চনত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰে ১৪টা মুখ্য বাণিজ্যিক বেংকৰ চৰকাৰীকৰণ কৰে। ১৯৮০ চনত পুনৰবাৰ ক্ষমতালৈ অহাৰ পিছতেই চৰকাৰখনে আন ছটা বেংকৰো চৰকাৰীকৰণ কৰে। [7] সত্তৰ আৰু আশীৰ দশকত অৰ্থনৈতিক ক্ষেত্ৰখনৰ কৰ্তৃত্ব কেন্দ্ৰীয় চৰকাৰৰ ওপৰতে ন্যস্ত আছিল।[11] সেই সময়ৰ পৰা ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত প্ৰধান ভূমিকা ল’বলৈ আৰম্ভ কৰে আৰু জমাসূত, ৰিজাৰ্ভৰ হাৰ আৰু দৃশ্যমান জমাৰাশিৰ ক্ষেত্ৰত বিভিন্ন নীতি হাতত লয়।[12] দেশৰ অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য আগত ৰাখিয়েই এই আটাইবোৰ পদক্ষেপ হাতত লোৱা হৈছিল যিবোৰে প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক নীতিৰ ওপৰত প্ৰভাৱ পেলাইছিল। ৰিজাৰ্ভ বেংকৰ নীতৰদ্বাৰা প্ৰভাৱিত বেংকসমূহে কৃষিক্ষেত্ৰখনৰ লগত জড়িত তথা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকহে ঋণ প্ৰদান কৰিছিল।[13]
দেশৰ চহৰসমূহত গঢ় লৈ উঠা নতুন কাৰ্যালয়সমূহৰ বাবে বেংকে দুটা নতুন কাৰ্যালয় খুলিব লগা হয়।[14] ১৯৭০ চনৰ শক্তিৰ (তেল) নাটনিৰ ফলত ১৯৭৩ চনত বৰ্ধিত মূদ্ৰাস্ফীতিৰ সমস্যাই দেখা দিয়ে আৰু সেই সময়ত ইয়াৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ ৰিজাৰ্ভ বেংকে মুদ্ৰা নীতি বাৰণ কৰে। চ[15]
১৯৮৫ চনৰ পৰা ১৯৯১ চনৰ মাজৰ কালছোৱাত ভালেকেইখন কমিটিয়ে ভাৰতীয় অৰ্থনীতিৰ ওপৰত নিৰীক্ষণ চলায়। এই কমিটিসমূহহে পোৱা ফলাফলে বেংকৰ ওপৰতো কিছু পৰিমাণে প্ৰভাৱ পেলায়। ‘ব’ৰ্ড ফৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড ফাইনেঞ্চিয়েল ৰিকনষ্ট্ৰাকচন’, ‘ইন্দিৰা গান্ধী ইনষ্টিটিউট অফ ডেভেলপমেণ্ট ৰিচাৰ্ছ’ আৰু ‘চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া’ই সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতিৰ নিৰীক্ষণ চলায় আৰু চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়াই অধিক কাৰ্যকৰী বিত্ত বজাৰ আৰু বিনিয়োগকাৰীসকলৰ সুৰক্ষাৰ বাবে পৰামৰ্শ প্ৰদান কৰে।[16]
১৯৮৮ চনৰ এপ্ৰিল আৰু জুলাই মাহত যথাক্ৰমে “ডিচকাউণ্ট এণ্ড ফাইনেঞ্চ হাউচ অফ ইণ্ডিয়া” আৰু “নেচনেল হাউচিং বেংক”ৰ প্ৰতিষ্ঠাপনা কৰা হয় আৰু প্ৰতিষ্ঠান দুটাই যথাক্ৰমে বিত্ত আৰু সম্পত্তিৰ বজাৰত নিজ নজ কাম আৰম্ভ কৰে।[17]
১৯৯১ চনৰ জুলাই মাহত ভাৰতীয় অৰ্থনীতিত দুৰৱস্থাই দেখা দিয়ে আৰু ভাৰতীয় টকাৰ মূল্য অৱনমিত হয়।[18] আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ ১৮% অৱনমন ঘটে আৰু নৰসিমহম কমিটিয়ে তেওঁলোকৰ প্ৰতিবেদনত সাম্প্ৰতিকভাৱে ৰিজাৰ্ভ তথা বাধ্যতামূলক তৰল অনুপাত হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়ে। এক ব্যক্তিগত বেংকিং ক্ষেত্ৰ স্থাপন কৰিবলৈ নতুন নিৰ্দেশনাসমূহ ১৯৯৩ চনত প্ৰকাশ কৰা হয়। এই পদক্ষেপক প্ৰায়ে নৱ-উদাৰীকৰণ হিচাপে অভিহিত কৰা হয়।[19] জমাধনৰ ওপৰত সূতকে আৰম্ভ কৰি আন কিছুমান ক্ষেত্ৰ যেনে ট্ৰাষ্ট আৰু সম্পত্তি বজাৰত ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণ গুচাই পেলোৱা হয়।[20]
জুলাই মাহত আৰ বি আয়ে চৰকাৰী বেংকসমূহক নিজৰ মূলধনৰ ভেঁটি টনকিয়াল কৰিবৰ বাবে মূলধনী বজাৰৰ সৈতে লেন-দেন ৰখাৰ অনুমতি প্ৰদান কৰে। বেংক নোট ছপাবৰ বাবে ১৯৯৫ চনৰ ফেব্ৰুৱাৰীত ‘ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মূদ্ৰন লিমিটেড’ৰ স্থাপনা কৰা হয়।[21]
২০০০ চনৰ জুন মাহৰ পৰা বৈদেশিক বিনিময় পৰিচালনা আইন ১৯৯৯ কাৰ্যকৰী হয়। [22] ২০০৬ চনত নটা প্ৰতিষ্ঠানৰ একত্ৰীকৰণ কৰি বেনকনোট ছপা তথা মূদ্ৰন কৰিবলৈ “চিকিউৰিটী প্ৰিণ্টিং এণ্ড মিণ্টিং ক’ৰ্পৰেচন অফ ইণ্ডিয়া”ৰ প্ৰতিষ্ঠা কৰা হয়।[23]
২০০৮-২০০৯ চনৰ শেষভাগলৈ দেশৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ৫.৮ শতাংশলৈ হ্ৰাস পায়।[24] আৰু ৰিজাৰ্ভ বেংকে সেই সময়ত ভাৰতীয় অৰ্থনীতিক গতি প্ৰদান কৰে।[25]
কেন্দ্ৰীয় পৰিচালনা সমিতিয়েই (The Central Board of Directors) কেন্দ্ৰীয় বেংকটোৰ মূল কমিটি। ভাৰত চৰকাৰে পৰিচালকসকলক এক চাৰিবছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে। এই সমিতি বা ব’ৰ্ডখন এজন গভৰ্ণৰ, চাৰিজন ডেপুটী গভৰ্ণৰ আৰু আঞ্চলিক ব’ৰ্ডসমূহক প্ৰতিনিধিত্ব কৰা ১৫জন পৰিচালকেৰে গঠিত যাৰ দুজন বিত্ত মন্ত্ৰণালয়ৰ সদস্য আৰু আন ১০জন বিভিন্ন ক্ষেত্ৰৰ লোক।[26]
আৰ বি আইৰ বৰ্তমানৰ গভৰ্ণৰ শক্তিকান্ত দাস।[27][28][29] চাৰিজন ডেপুটী গভৰ্ণৰ হৈছে যথাক্ৰমে বি পি কানুংগ,[30] এন এচ বিশ্বনাথন, বিৰল আচাৰ্য আৰু মহেশ কুমাৰ জৈন।[31]
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দহটা আঞ্চলিক প্ৰতিনিধি শাখা যথাক্ৰমে নতুন দিল্লী (উত্তৰ), চেন্নাই (দক্ষিণ), কলকাতা (পূব) আৰু মুম্বইত (পশ্চিম) অৱস্থিত। এই প্ৰতিনিধি শাখাসমূহ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰৰ বাবে নিযুক্ত কৰা পাঁচোজনকৈ সদস্যৰে গঠিত। এওঁলোকে আঞ্চলিক বেংকসমূহৰ এক ফ’ৰাম হিচাপে কেন্দ্ৰীয় ব’ৰ্ডখনে ন্যস্ত কৰা দায়িত্বসমূহ পালন কৰে।[32] প্ৰতিষ্ঠানটোৰ ২২টা আঞ্চলিক কাৰ্যালয় আছে।
১৯৯৪ চনৰ নৱেম্বৰ মাহত বিত্তীয় প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ “ব’ৰ্ড অফ ফাইনেঞ্চিয়েল চুপাৰভিছন”ৰ প্ৰতিষ্ঠা কৰা হয়। দুবছৰীয়া কাৰ্যকালৰ বাবে নিয়োজিত চাৰিগৰাকী সদস্যৰে গঠিত ব’ৰ্ডখনে বিত্তীয় ক্ষেত্ৰখনত অ’ডিটৰৰ ভূমিকা, বাহ্যিক নিৰীক্ষণ আৰু আভ্যন্তৰীন নিয়ন্ত্ৰণ ব্যৱস্থাটোক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা হাতত লয়।
২০০৭ চনৰ ১ জুলাইত গ্ৰাহক সেৱাৰ মান অধিক উন্নত কৰিবৰ বাবে তথা গ্ৰাহক অভিযোগ নিৰাময়ৰ ব্যৱস্থাটো শক্তিশালী কৰিবলৈ এক নতুন গ্ৰাহক সেৱা বিভাগৰ আৰম্ভণি কৰে।
আৰ বি আইৰ চাৰিটা শাখা কাৰ্যালয়[33] আৰু দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজধানী তথা মুখ্য মহানগৰসমূহত ১৯টা আঞ্চলিক কাৰ্যালয় আছে। আঞ্চলিক কাৰ্যালয়সমূহ আহমেদাবাদ, বাংগালোৰ, ভূপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, দিল্লী, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, পাটনা, আৰু থিৰুৱন্থপুৰমত অৱস্থিত। ইয়াৰোপৰি ইয়াৰ ৯টা আন কাৰ্যালয় ক্ৰমে আগৰতলা, ডেৰাডুন, গেংটক, কোচী, পানাজী, ৰায়পুৰ, ৰাঁচী, শ্বিলং, চিমলা আৰু শ্ৰীনগৰত অৱস্থিত।
বিষয়াসকলৰ প্ৰশিক্ষত্ৰ বাবে চেন্নাই আৰু পুনেত ইয়াৰ দুখন প্ৰশিক্ষণ মহাবিদ্যালয় যথাক্ৰমে ৰিজাৰ্ভ বেংক ষ্টাফ কলেজ আৰু কলেজ অফ এগ্ৰিকালচাৰেল বেংকিং আছে। মুম্বই, চেন্নাই, কলকাতা আৰু নতুন দিল্লীত ইয়াৰ চাৰিটা প্ৰশিক্ষণ কেন্দ্ৰ আছে।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইনৰ ধাৰা ২২ অনুসৰি কেৱল ৰিজাৰ্ভ বেংকেহে বেংক নোট আৰু মূদ্ৰাসমূহ প্ৰচলন কৰিব পাৰে। অৱশ্যে এটকীয়া নোট আৰু মূদ্ৰাসমূহ বিত্ত মন্ত্ৰণালয়ে প্ৰচলন কৰে।
বেংক নোটৰ প্ৰচলন কৰি ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰে। এই কামৰ বাবে প্ৰতিষ্ঠানটোৰ এক সুকীয়া বিভাগ আছে আৰু এই বিভাগটোৰ সম্পত্তি আৰু দেনাসমূহ বেংকিং বিভাগটোৰ পৰা পৃথকাই ৰখা হয়।
ভাৰতীয় অৰ্থ ব্যৱস্থাৰ মূল পৰিচালিকা বা কৰ্তৃপক্ষ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। ই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ বেংক হিচাপে কাম কৰে। ৰিজাৰ্ভ বেংকে ভাৰতীয় মূদ্ৰা নীতিৰ প্ৰস্তুত তথা ৰূপায়ণ কৰাৰ লগতে ইয়াৰ নিৰীক্ষণ কৰে আৰু উৎপাদনমুখী ক্ষেত্ৰসমূহলৈ ঋণৰ প্ৰবাহ নিশ্চিত কৰে।
ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা আৰু নিৰ্দিষ্ট কৰি দিয়া সীমাৰ ভিতৰত দেশৰ বেংকিং তথা আৰ্থিক ব্যৱস্থাটো পৰিচলিত হয়। কেন্দ্ৰীয় বেংকটোৱে মূদ্ৰাৰ বিতৰণ, অৰ্থনৈতিক সূচক যেনে মুঠ ঘৰুৱা উৎপাদন আদি নিৰীক্ষণ কৰে আৰু বেংক নোটসমূহৰ নক্সা তৈয়াৰ কৰে।[35]
বৈদেশিক বিনিময় পৰিচালনা আইন ১৯৯৯ অধীনত ৰিজাৰ্ভ বেংকে ভাৰতৰ বৈদেশিক বিনিময় আৰু ইয়াৰ লেন-দেনসমূহ নিয়ন্ত্ৰণ তথা ইয়াৰ উন্নয়নৰ ব্যৱস্থা কৰে।
আৰ বি আই হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকসমূহে ইয়াত এক নিৰ্ধাৰিত পৰিমাণৰ টকা জমা ৰখাটো বাধ্যতামূলক। ঋজাৰ্ভ বেংকৰ সৈতে সূচীভূক্ত আটাইবোৰ বেংকৰ একাউণ্ট থাকে।[36] বাণিজ্যিক বেংকসমূহে সৃষ্টি কৰা ঋণসমূহ আৰ বি আয়ে জমা টকাৰ অনুপাত (Cash Reserve Ratio), বেংকৰ হাৰ (Bank Rate) আৰু মুকলি বজাৰৰ ভাগ লোৱাৰ (open market operation) চযোগেদি নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকটোৱে চেকসমূহৰ নিষ্পত্তি তথা আন্তঃ-বেংক অৰ্থৰ আদান-প্ৰদানতো সহায় কৰে। ইয়াৰ লগতে বেংকসমূহক জৰুৰীকালীন ঋণ প্ৰদান কৰে। ই বাণিজ্যিক বেংকসমূহৰ কাৰ্যকলাপত নজৰ ৰাখে আৰু প্ৰয়োজন অনুসাৰে অনুশাসনমূলক ব্যৱস্থা হাতত লয়।
আৰ বি আই চৰকাৰৰো বেংক আৰু ই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহৰ হৈ মাৰ্চেণ্ট বেংকিং কাৰ্যও সম্পাদন কৰে। ব্যক্তিগত মাটি-সম্পত্তিৰ অধিগ্ৰহণৰ সৈতে জড়িত লেনদেনৰ উন্নয়নৰ বাবে ১৯৮৮ চনত নেচনেল হাউচিং বেংকৰ প্ৰতিষ্ঠা কৰা হয়।[37]
বেংকৰ হাৰ (Bank Rate) | ৭% |
---|---|
পলিচী ৰেপ’ | ৪% |
ৰিভাৰ্চ ৰেপ’ | ৩.৩৫% |
জমা টকাৰ অনুপাত (Cash Reserve Ratio) | ৩% |
বাধ্যতামূলক তৰল অনুপাত (Statutory Liquidity Ratio) | ১৮% |
মূল হাৰ (Base Rate) | ৭.৪০%–৯% |
মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি ৰেট | ৪.২৫% |
জমাৰাশিৰ হাৰ (Savings Deposit Rate) | ২.৭০%-৩% |
কালভিত্তিক জমাৰাশিৰ হাৰ (Term Deposit Rate) (১ বছৰ) | ৫%-৫.৪০% |
জালনোটসমূহে অৰ্থ ব্যৱস্থাটোলৈ কঢ়িয়াই অনা বিপদলৈ লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত এই বিষয়ে সজাগতা আনিবলৈ আৰ বি আয়ে এক ৱেবছাইট মুকলি কৰিছে। পেইছা বোলতা হেই Archived 2014-07-11 at the Wayback Machine নামৰ এই ৱেবছাইটটোত জালনোট চিনাক্ত কৰিবলৈ তথ্য প্ৰদান কৰা হৈছে।[39]
ৱিকিমিডিয়া কমন্সত ভাৰতীয় ৰিজাৰ্ভ বেংক সম্পৰ্কীয় মিডিয়া ফাইল আছে। |