ধৰণ | ভাৰত চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান |
---|---|
স্থাপিত | ১৬ এপ্ৰিল ১৮৫৩[1] |
মুখ্য কাৰ্যালয় | নতুন দিল্লী, ভাৰত |
দেশ/অঞ্চল | ভাৰত |
নেতৃস্থানীয় ব্যক্তিত্ব | বিনয় মিট্টল (চেয়াৰমেন)[2] |
পৰিসেৱা | যাত্ৰীবাহী ৰে’ল মালগাড়ী বাছ সেৱা পৰ্যটন সেৱা পাৰ্কিং সেৱা অন্যান্য সম্পৰ্কীয় সেৱা |
ৰাজহ | ১০৬,৬৪৭ কোটি টকা (২০১১-১২)[3] |
মুঠ আয় | ৯,৬১০ কোটি টকা (২০১১-১২)[3] |
স্বত্বাধিকাৰী | ভাৰত চৰকাৰ (১০০%) |
কৰ্মচাৰীৰ সংখ্যা | ১৪ লাখ (২৯১১)[4] |
বিভাগসমূহ | ১৭টা জ'ন[5] |
ৱেবছাইট | http://www.indianrailways.gov.in |
ভাৰতীয় ৰেল | |
---|---|
ৰিপৰ্টিং মাৰ্ক | IR |
অঞ্চল | ভাৰত |
কাৰ্যকাল | ১৬ এপ্ৰিল ১৮৫৩–বৰ্তমানলৈ |
ট্ৰেক গজ | ১৬৭৬ মিঃ মিঃ; ১০০০ মিঃ মিঃ; ৭৬২ মিঃ মিঃ; ৬১০ mm |
বৈদ্যুতিকৰণ | ২১,৫০০ কিঃমিঃ |
দৈৰ্ঘ্য | ৬৫,০০০ কিঃমিঃ |
ৱেবছাইট | http://www.indianrailways.gov.in |
ভাৰতীয় ৰে’ল (ইংৰাজী: Indian Railways, চমুকৈ IR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে’লপথ আৰু ৭,৫০০টা ষ্টেশ্যনৰে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল জালিকা (networks)। ভাৰতীয় ৰে’লে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী (ইয়াৰ আধাতকৈ বেছি উপনগৰীয় ৰে’লৰ যাত্ৰী) আৰু দিনে ২৮ লাখ টন সামগ্ৰী কঢ়িয়ায়। ২০১১-১২ চনত ভাৰতীয় ৰে’লে যাত্ৰীৰ পৰা ২৮,৬৪৫.৫২ কোটি আৰু সামগ্ৰীৰ পৰা ৬৯৬৭৫.৯৭ কোটি টকা উপাৰ্জন কৰিছিল।
১৮৫৩ চনত ভাৰতত প্ৰথম ৰে’লপথ নিৰ্মাণ কৰা হৈছিল ব’ম্বে আৰু থানেৰ মাজত। ১৯৫১ চনত ভাৰতত চলি থকা সকলো ৰে’ল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰে’ল" নামকৰণ কৰা হয়। ভাৰতীয় ৰে’লৰ অধীনত ব্ৰডগ’জ, মিটাৰগ’জ আৰু নেৰ’গ’জ ৰে’লপথেৰে দীৰ্ঘ দূৰত্বৰ আৰু উপনগৰীয়- উভয় প্ৰকাৰৰ ৰে’লেই চলাচল কৰে। ভাৰতৰ বহুকেইখন ঠাইত ইয়াৰ ডবা আৰু ইঞ্জিন নিৰ্মাণৰ কাৰখানাও আছে। ভাৰতীয় ৰে’লে দেশখনৰ ২২খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চল ৰে’ল জালিকাৰে সামৰি লৈছে তথা নেপাল, বাংলাদেশ আৰু পাকিস্তানলৈয়ো সীমিত আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়াইছে।
ভাৰতীয় ৰে’ল ১৪ লাখ কৰ্মচাৰীৰে বিশ্বৰ চতুৰ্থ বৃহৎ ব্যৱসায়িক নিয়োগকৰ্তা। ভাৰতীয় ৰে’ল ২২৯,৩৮১টা মালগাড়ীৰ ডবা, ৫৯,৭১৩টা যাত্ৰী ডবা আৰু ৯,২১৩টা ইঞ্জিনৰ গৰাকী। প্ৰতিদিনে চলাচল কৰা ৰে’লৰ সংখ্যা প্ৰায় ১০,০০০ খন। ২০১২ চনৰ ৩১ মাৰ্চৰ দিনালৈকে ২২,২২৪ কিলোমিটাৰ ৰে’লপথ (মুঠ ৰে’লপথৰ ৩৪%) বৈদ্যুতিকৰণ কৰা হৈছে।[6] ১৯৬০ চনৰে পৰা ভাৰতীয় ৰে’লৰ বৈদ্যুতিক পথত ২৫,০০০ ভল্ট এ.চি. বিদ্যুৎ (অভাৰহেড ট্ৰেক্ছন) ব্যৱহাৰ কৰা হয়।
ভাৰতৰ ৰে’ল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমিটাৰো ৰে’লপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰে’লপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰে’লৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং।[7]
প্ৰশাসনিক আৰু অৰ্থনৈতিক কাৰণত ব্ৰিটিছে ভাৰতত ৰে’লপথ নিৰ্মাণ কৰাৰ বাবে বহুদিন ধৰি গুণা-গঁথা কৰি আছিল। তদুপৰি বিশাল ঊপনিবেশখনত নিয়ন্ত্ৰণত ৰখাৰ খাটিৰত দ্ৰুতগতিত সৈন্য সঞ্চালন কৰাও ব্ৰিটিছসকলৰ বাবে আৱশ্যকীয় হৈ পৰিছিল। স্বাভাৱিকতে তাৰ বাবে প্ৰয়োজন আছিল এক বিশাল ৰে’লৱে নেটৱৰ্কৰ। এনে উদ্দেশ্য আগত ৰাখি ব্ৰিটিছ সংসদত গৃহীত হোৱা এখন আইনৰ যোগে ১৮৪৯ চনৰ ১ আগষ্টত "দি গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰে’লৱে" (Great Indian Peninsula Railway) গঠন কৰা হৈছিল। মুখ্য কাৰ্যলয় স্থাপন কৰা হৈছিল মুম্বাইৰ ব’ৰী বন্দৰত। কোম্পানীটোৰ অংশ মূলধন আছিল ৫০,০০০ পাউণ্ড। ১৮৪৯ চনৰ ১৭ আগষ্টত পেনিনচুলা ৰে’লৱে’ই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৫৬ কি:মি: দৈৰ্ঘ্যৰ এটা ৰে’লপথ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় এখন চুক্তিত আৱদ্ধ হয়। ১৬ এপ্ৰিল ১৮৫৩ তাৰিখটো ভাৰতীয় ৰে’ল পৰিবহণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতত মুম্বইৰ ব’ৰী বন্দৰ ষ্টেশ্যনৰ পৰা থানেলৈকে প্ৰথম ৰে’লৰ যাত্ৰা আৰম্ভ হৈছিল। ফকলেণ্ড[8] নামৰ সৰু ভাপ ইঞ্জিন এটাই টানি নিয়া ১৪টা ডবাৰ ৰে’লখনত সিদিনা কোনো সাধাৰণ যাত্ৰী নাছিল; আছিল ৪০০জন বিশিষ্ট ব্যক্তি। ২১ জাঁই তোপধ্বনিৰে এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল আবেলি ৩-৩৫ বজাত।[9] ব’ৰী বন্দৰ ষ্টেশ্যনক পৰৱৰ্তী কালত ভিক্টোৰিয়া টাৰ্মিনাছ আৰু বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি নামকৰণ কৰা হ’ল। গ’থিক স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰা এই ষ্টেশ্যনটোৱে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পাইছে।[10]
১৮৪৫-৪৬ চনত কলকাতাৰ পৰা আৰু দিল্লীলৈ ৰে’লপথ বহুওৱাৰ বাবে জৰীপ কৰা হয়। ইয়াৰ তিনি বছৰ পাছতে ইষ্ট ইণ্ডিয়া ৰে’লৱে’ই হাওৰাৰ পৰা পাণ্ডুৱালৈ ৰে’লপথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰে। ইষ্ট ইণ্ডিয়া ৰে’লৱেৰ মুখ্য কাৰ্যালয় আছিল হাওৰাত। ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কি:মি: দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে’লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰে’লৰ সেৱা আৰম্ভ হয়।
মাদ্ৰাজ ৰে’লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ’ড বা আৰকটলৈ (Walajah Road) ৬৩ কি:মি: ৰে’লপথ ১৮৫৬ চনৰ ১ জুলাইৰ দিনা মুকলি কৰে। আৰ আৰ ভাণ্ডাৰীয়ে তেওঁৰ 'ছাউদাৰ্ন ৰে’লৱে’' নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে মাদ্ৰাজ প্ৰেচিডেঞ্চিত ১৮৩৬ চনতে ৩.৫ মাইল (৫.৬ কি:মি:) দৈৰ্ঘ্যৰ এটা ৰে’লপথ বহুওৱা হৈছিল। এইটোৱে ভাৰতৰ সৰ্বপ্ৰথম ৰে’লপথ। ৰেড হিলৰ পৰা চেইণ্ট থমাচ মাউণ্টৰ শিলৰ খনিলৈকৈ মাত্ৰ শিল কঢ়িওৱাৰ উদ্দেশ্যে এই পথটো নিৰ্মাণ কৰা হৈছিল। তদুপৰি মাদ্ৰাজ প্ৰেচিডেঞ্চিয়ে ১৮৩২ চনত সৰ্বপ্ৰথম ৰে’লপথ নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াৰ পাছতহে বেংগল আৰু বোম্বে প্ৰেচিডেঞ্চিয়ে এনে প্ৰস্তাৱ আগবঢ়াইছিল।[11] এলাহাবাদৰ পৰা কানপুৰলৈকে ১১৯ মাইল দৈৰ্ঘ্যৰ ৰে’লপথ ১৮৫৯ চনৰ ৩ মাৰ্চত মুকলি কৰা হৈছিল। ই আছিল উত্তৰ ভাৰতৰ প্ৰথম ৰে’লপথ। ১৮৮৯ চনত বহুওৱা হৈছিল দিল্লী- আম্বালা- কালকা পথ।[12]
১৮৭৪ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত নৰ্থ বেংগল ষ্টেট ৰে’লৱেই বৰ্তমান বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ পৰা চিলাহাটী হৈ উত্তৰ বংগৰ শিলিগুৰিলৈ এটা ২৫০ কি:মি: দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ কৰিছিল। ১৮৮২ চনত অসম ৰে’লৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰে’লপথ স্থাপন কৰিছিল। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা দিনজানলৈ নিৰ্মাণ কৰা ১৫ কি:মি: দৈৰ্ঘ্যৰ মূলতঃ চাহপাত আৰু কয়লা কঢ়িয়াবলৈ নিৰ্মাণ কৰা এই ৰে’লপথ ১৯৮৪ চনত মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ কৰা হৈছিল। এই কোম্পানীটোৱে "ডিব্ৰু-শদিয়া ৰে’লৱে়" নামেৰে অসমত প্ৰথম যাত্ৰীবাহী ৰে’লৰ প্ৰচলন কৰিছিল। আনহাতে ইষ্টাৰ্ণ বেংগল ৰে’লৱেই হালদিবাৰী-শিলিগুৰি, বাৰসোই-কিসানগঞ্জ, মণিহাৰি-কাটিহাৰ-কাসবা ৰে’লপথকেইটা ১৯০০ চনৰ কিছু আগতে নিৰ্মাণ কৰি উলিয়াইছিল। ১৯০০- ১৯১১ চনৰ ভিতৰত হাচিমাৰা-আলিপুৰ দুৱাৰ, গীতালদহ- বামনহাট, গোলোকগঞ্জ-ধুবৰী-আমিনগাঁও, ৰঙিয়া-ৰঙাপাৰা ৰে’লপথকেইটা নিৰ্মাণ কৰা হৈছিল। অসমৰ বৰাক উপত্যকাৰ ৰে’লপথ সম্প্ৰসাৰণৰ কাম কৰিছিল আসাম বেংগল ৰে’লৱে’ই।
স্বাধীনতাৰ পাছত ভাৰতৰ ৰে’ল পৰিবহণক ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু পৰিচালনাৰ সুবিধাৰ্থে ১৯৫১-৫২ চনত ভাৰতীয় ৰে’লক ৬টা মণ্ডলত বিভাজন কৰা হয়[13]। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰে’লৰ আৰু কিছুমান মণ্ডলৰ সৃষ্টি কৰা হয়। শেহতীয়াকৈ ভাৰতীয় ৰে’লৰ মুঠ মণ্ডল ১৭টা[14] প্ৰতিটো মণ্ডলক একাধিক ডিভিজনত ভাগ কৰা হৈছে। বৰ্তমান ভাৰতীয় ৰে’ল মুঠ ডিভিজনৰ সংখ্যা ৬৮টা।[4][15]
স্থাপনাৰ তাৰিখ | মণ্ডল | সদৰ | ডিভিজন |
---|---|---|---|
১৪-৪-১৯৫১ | দক্ষিণ ৰে’লৱে Southern Railway |
চেন্নাই | চেন্নাই, ত্ৰিচি, মাদুৰাই, পালাক্কাড, চালেম, ত্ৰিবান্দ্ৰম |
৫-১১-১৯৫১ | মধ্য ৰে’লৱে Central Railway |
মুম্বাই | মুম্বাই, ভুচাৱল, পুণে, চোলাপুৰ, নাগপুৰ |
৫-১-১৯৫১ | পশ্চিম ৰে’লৱে Western Railway |
মুম্বাই | মুম্বাই চেণ্ট্ৰে’ল, ৰতলম, আহমেদাবাদ, ৰাজকোট, ভাৱনগৰ, বদোদৰা |
১৪-৪-৯৫২ | উত্তৰ ৰে’লৱে Northern Railway |
নতুন দিল্লী | দিল্লী, আম্বালা, ফিৰোজপুৰ, লক্ষ্ণৌ, মোৰাদাবাদ |
১৪-৪-১৯৫২ | উত্তৰ-পূব ৰে’লৱে’ North Eastern Railway |
গোৰখপুৰ | ইজ্জত নগৰ, লক্ষ্ণৌ, বাৰাণসী |
১৪-৪-১৯৫২ | পূব ৰে’লৱে’ Eastern Railway |
কলকাতা | হাওৰা, শিয়ালদহ, আচানচোল, মালদা |
১৯৫৫ | দক্ষিণ পূব ৰে’লৱে’ South Eastern Railway |
কলকাতা | আদ্ৰা, চক্ৰধৰপুৰ, খৰগপুৰ, ৰাঁচী |
১৯৫৮ | উত্তৰ-পূব সীমান্ত ৰে’লৱে’ Northeast Frontier Railway |
গুৱাহাটী | আলিপুৰ দুৱাৰ, কাটিহাৰ, ৰঙিয়া, লামডিং, তিনিচুকীয়া |
২-১০-১৯৬৬ | দক্ষিণ মধ্য ৰে’লৱে South Central Railway |
চেকেন্দ্ৰাবাদ | চেকেন্দ্ৰাবাদ, হায়দৰাবাদ, গুণ্টাকল, গুণ্টুৰ, নান্দেন, বিজয়ৱাড়া |
১-১০-২০০২ | পূব মধ্য ৰে’লৱে East Central Railway |
হাজীপুৰ | দানাপুৰ, ধানবাদ, মুগলচৰাই, সমষ্টিপুৰ, সোণপুৰ |
১-১০-২০০২ | উত্তৰ পশ্চিম ৰে’লৱে’ North Western Railway |
জয়পুৰ | জয়পুৰ, আজমেৰ, বিকানীৰ, জোধপুৰ |
১-৪-২০০৩ | দক্ষিণ পূব মধ্য ৰে’লৱে South East Central Railway |
বিলাসপুৰ | বিলাসপুৰ, ৰায়পুৰ, নাগপুৰ |
১-৪-২০০৩ | দক্ষিণ পশ্চিম ৰে’লৱে South Western Railway |
হুবলী | হুবলী, বাংগালুৰু, মহিশূৰ, |
১-৪-২০০৩ | পশ্চিম মধ্য ৰে’লৱে West Central Railway |
জব্বলপুৰ | জবলপুৰ, ভূপাল, কোটা |
১-৪-২০০৩ | পূব উপকূলীয় ৰে’লৱে East Coast Railway |
ভুৱনেশ্বৰ | খুৰ্দা ৰোড, চম্বলপুৰ, ৱালটায়াৰ, |
১-৪-২০০৩ | উত্তৰ মধ্য ৰে’লৱে North Central Railway |
এলাহাবাদ | এলাহাবাদ, আগ্ৰা, ঝাঁসী |
৩১-১২-২০১০ | মেট্ৰ’ ৰে’লৱে, কলকাতা Metro Railway, Kolkata |
কলকাতা |
ভাৰতীয় ৰে’লৰ কৰ্মচাৰীসকলক ৰাজপত্ৰিত ("ক" বৰ্গ আৰু "খ" বৰ্গ) আৰু অৰাজপত্ৰিত ("গ" বৰ্গ আৰু "ঘ" বৰ্গ) হিচাপে ভাগ কৰা হৈছে।[16] 'ক' বৰ্গৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগে নিযুক্তি দিয়ে।[17] 'গ' বৰ্গ আৰু 'ঘ' বৰ্গৰ কৰ্মচাৰীসকলক ২০খন ৰে’ল নিয়োগ বোৰ্ডে (Railway Recruitment Board) নিযুক্তি দিয়ে। এই নিয়োগ বোৰ্ডবোৰক "ৰে’ল নিয়োগ নিয়ন্ত্ৰণ বোৰ্ডে" (Railway Recruitment Control Board) নিয়ন্ত্ৰণ কৰে।[18] ভাৰতীয় ৰে’লৰ সকলো বৰ্গৰ বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠানৰ সংখ্যা ২৯১টা। "ক" বৰ্গৰ বিষয়াসকলক এইকেইটা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হয়।[19]
ভাৰতীয় ৰে’লে ৰে’ল মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত ৰে’লৰ চলন্ত সম্পদৰ (rolling stock) বেছি অংশই (ডবা, ইঞ্জিন বা ইয়াৰ অংশ বিশেষ) ৮টাকৈ উৎপাদন গোটত নিৰ্মাণ কৰে। ভাৰতীয় ৰে’ল চলন্ত সম্পদ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাই নহয়, বহুকেইখন দেশলৈ ই সামগ্ৰী ৰপ্তানিও কৰে। প্ৰতিটো উৎপাদন গোটৰ মুৰব্বী এজন মহা প্ৰবন্ধক।
ক্ৰমিক নং | নাম | সংক্ষিপ্ত ৰূপ | স্থাপনা বৰ্ষ | অৱস্থান | মুখ্য উত্পাদন |
---|---|---|---|---|---|
১. | গোল্ডেন ৰক লোকোমটিভ ৱৰ্কশ্বপচ্ Golden Rock Locomotive Workshops |
GOC | ১৯২৮ | ত্ৰিচি | ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন |
২. | চিত্তৰঞ্জন লোকোমটিভ ৱৰ্কচ্ Chittaranjan Locomotive Works |
CLW | ১৯৪৭ | চিত্তৰঞ্জন, আচানচোল | বৈদ্যুতিক ইঞ্জিন |
৩. | ডিজেল লোকোমটিভ ৱৰ্কচ্ Diesel Locomotive Works |
DLW | ১৯৬১ | বাৰাণসী | ডিজেল ইঞ্জিন |
৪. | ডিজেল লোকো মডাৰ্নাইজেচন ৱৰ্কচ্ Diesel-Loco Modernisation Works |
DMW | ১৯৮১ | পাতিয়ালা | ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন |
৫. | ইণ্টিগ্ৰে’ল কোচ ফেক্টৰী Integral Coach Factory |
ICF | ১৯৫২ | চেন্নাই | যাত্ৰীবাহী ডবা |
৬. | ৰে’ল কোচ ফেক্টৰী Rail Coach Factory |
RCF | ১৯৮৬ | কাপুৰথালা | যাত্ৰীবাহী ডবা |
৭. | ৰে’ল হুইল ফেক্টৰী Rail Wheel Factory |
RWF | ১৯৮৪ | বাংগালুৰু | ৰে’লৰ চকা আৰু এক্সেল |
৮. | ৰে’ল হুইল ফেক্টৰী Rail Wheel Factory |
RWF | 2011 | চাপ্ৰা, বিহাৰ | ৰে’লৰ চকা আৰু এক্সেল |
ৰে’ল মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা ভাৰতীয় ৰে’লৰ কেইটামান সহযোগী প্ৰতিষ্ঠান আছে, যি কেইটা প্ৰতিষ্ঠান ৰে’লৱে’ৰ নিৰ্মাণ, গৱেষণা, আধুনিকীকৰণ,সূচনা প্ৰণালী, অনলাইন টিকট প্ৰণালী, পৰ্যটন আদি বিভিন্ন কাৰ্যত জড়িত।[20] সেইকেইটা হ’ল
ক্ৰমিক নং | নাম | সংক্ষিপ্ত ৰূপ | কাৰ্যাৱলী |
---|---|---|---|
১. | ভাৰত ৱাগন এণ্ড ইঞ্জিনিয়াৰিং কোম্পানী Bharat Wagon and Engineering Co. Ltd. |
BWEL | মালগাড়ীৰ বিভিন্ন প্ৰকাৰৰ ডবা নিৰ্মাণ কৰে।[21] |
২. | ৰে’লৱে সূচনা প্ৰণালী কেন্দ্ৰ Centre for Railway Information Systems |
CIRS | ভাৰতীয় ৰে’লৰ সমগ্ৰ কম্পিউটাৰ সম্বন্ধীয় গতিবিধিৰ ছত্ৰ-সংগঠন।[22] |
৩. | ভাৰতীয় কণ্টেইনাৰ নিগম লিমিটেড Container Corporation of India Ltd. |
CONCOR | ৬১ টাতকৈয়ো অধিক টাৰ্মিনেল যোগে অন্তঃ-প্ৰদেশ আৰু বন্দৰ, লগতে বিভিন্ন মহানগৰসমূহৰ মাজত ৰে’ল আৰু মটৰ পথৰে কণ্টেইনাৰ সেৱা আগবঢ়ায়।[23] |
৪. | ডেডিকেটেড ফ্ৰেট কৰিড’ৰ Dedicated Freight Corridor Corporation of India Ltd. |
DFCCIL | মালগাড়ীৰ তৰিৎ সঞ্চালনৰ বাবে ডেডিকেটেড ফ্ৰেইট কৰিড’ৰৰ নিৰ্মাণ, পৰিচালনা আৰু তদাৰক কৰিবলৈ গঠন কৰা এটা সংস্থা।[24] |
৫. | ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচন Indian Railway Catering and Tourism Corporation |
IRCTC | যাত্ৰীৰ আহাৰ, ই-টিকেটিং, হোটেল, বিমান, ৰে’ল পৰ্যটন।[25] |
৬. | ইৰকন ইণ্টাৰনেচনেল লিনিটেড IRCON International Ltd |
IRCON | এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষীকৃত নিৰ্মাণ-সংস্থা। ইৰকনে ভাৰতত ২৮০ টাতকৈয়ো অধিক আৰু বিদেশত ৯০টাতকৈয়ো অধিক পৰি-গাঁথনিমূলক প্ৰকল্প সফলতাৰে সমাপ্ত কৰিছে।[26] |
৭. | ইণ্ডিয়ান ৰে’লৱে ফাইনেঞ্চ কৰ্পোৰেচন লিমিটেড Indian Railway Finance Corporation Limited |
IRFC | ভাৰতীয় ৰে’লৰ বিভিন্ন যোজনাৰ বাবে বিত্তৰ যোগান ধৰিবলৈ বজাৰৰ পৰা ধনৰাশি সংগ্ৰহ কৰে। এই ধন, বিশেষকৈ চলন্ত সম্পদ ক্ৰয় আৰু বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্যৱহাৰ হয়।[27] |
৮. | কোংকণ ৰে’লৱে কৰ্পোৰেচন Konkan Railway Corporation |
KRCL | ভাৰতৰ পশ্চিম উপকূলৰ দুৰ্গম কোংকণ অঞ্চলত মহাৰাষ্ট্ৰ, গোৱা আৰু কৰ্ণাটক ৰাজ্যক সংযোগ কৰি ৭৬০ কি:মি: পথত ৰে’লসেৱা আগবঢ়াইছে।[28] |
৯. | মুম্বাই ৰে’লৱে বিকাশ কৰ্পোৰেচন Mumbai Railway Vikas Corporation |
MRVC | মুম্বাই উপনগৰীয় ৰে’লৰ পৰি-গাঁথনিৰ উন্নয়ন[29] |
১০. | ৰে’লটেল কৰ্পোৰেচন অৱ ইণ্ডিয়া Railtel Corporation of India |
RailTel | ৰে’ল নিয়ন্ত্ৰণ পদ্ধতি আৰু সুৰক্ষাৰ হেতু ব্ৰডবেণ্ড টেলিকম আৰু মাল্টিমেডিয়া নেটৱৰ্ক তৈয়াৰ কৰা।[30] |
১১. | ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক চাৰ্ভিছ Rail India Technical and Economic Services |
RITES | পৰিবহণ, পৰিগাঁথনি আৰু সম্বন্ধিত প্ৰাদ্যোগিকী ক্ষেত্ৰৰ এটা বহু-অনুশাসনমূলক পৰামৰ্শ সংগঠন।[31] |
১২. | ৰে’ল বিকাশ নিগম Rail Vikas Nigam |
RVNL | ৰে’লপথ আৰু বৃহৎ দলং নিৰ্মাণ আদি পৰিযোজনাসমূহ কাৰ্যকৰী কৰাৰ বাবে বিত্তীয় আৰু মানৱ সংসাধনৰ ব্যৱস্থা কৰে।[32] |
আনহাতে দিল্লীৰ মেট্ৰ’ ৰে’ল ব্যৱস্থা পৰিচালিত কৰা "দিল্লী মেট্ৰ’ ৰে’ল কৰ্পোৰেচন" (DMRC) এটা স্ব-শাসিত প্ৰতিষ্ঠান। কলকাতা মেট্ৰ’ৰ বাদে অন্যান্য মহানগৰৰ মেট্ৰ’ ৰে’ল ব্যৱস্থাৰ সৈতে ভাৰতীয় ৰে’লৰ সংযোগ নাই।
ভাৰতীয় ৰে’লত দুই ধৰণৰ ইঞ্জিন ব্যৱহাৰ হয়- ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন। ইতিমধ্যে ভাপ ইঞ্জিন ভাৰতীয় ৰে’লৰ পৰা নাইকিয়া হৈ গৈছে। অৱশ্যে কেইখনমান ঐতিহ্য ৰে’লত (Heritage Train) ভাপ ইঞ্জিন ব্যৱহাৰ কৰা হয়। ইঞ্জিনবোৰক ট্ৰেক গজ, ইন্ধন, কি কামৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু ইঞ্জিনৰ শক্তি বা মডেল নম্বৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয় আৰু ইয়াক চাৰি বা পাচটা ইংৰাজী আখৰেৰে চিহ্নিত কৰা হয়।
উদাহৰণ স্বৰূপে, WDG-4 ইঞ্জিন মানে হ’ল ই এটা ব্ৰডগজ ইঞ্জিন, ডিজেলেৰে চালিত হয়, মালগাড়ীৰ বাবে নিৰ্মিত আৰু ইয়াৰ অশ্বশক্তি ৪০০০ (১০০০ অশ্বশক্তি = ১)।
উল্লেখযোগ্য যে এই শ্ৰেণী বিভাজন পদ্ধতি ভাপ ইঞ্জিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিহেতু ভাপ ইঞ্জিন ইতিমধ্যে ভাৰতত বন্ধ হৈ গৈছে। পুৰণি পদ্ধতিত ভাপ ইঞ্জিনবোৰক M বা WP শ্ৰেণী বুলি সূচীত কৰা হৈছিল।
১৯৫১ চনৰ ৩১ মাৰ্চত ভাৰতীয় ৰে’লৰ ভাপ ইঞ্জিন ৮,১২০টা, ডিজেল ইঞ্জিন ১৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৭২টা থকাৰ বিপৰীতে ২০১১ চনৰ ৩১ মাৰ্চত ইঞ্জিনৰ সংখ্যা এনেধৰণৰ – ভাপ ইঞ্জিন ৪৩টা, ডিজেল ইঞ্জিন ৫,১৩৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৪,০৩৩টা।[33]
১৯৫১ চনৰ ৩১ মাৰ্চত মালগাড়ীৰ ডবাৰ সংখ্যা আছিল ২০৫,৫৯৬টা। ১৯৮০ চনৰ ৩১ মাৰ্চত হয়গৈ ৪০৫,১৮৩টা। কিন্তু ডবাৰ সংখ্যা ক্ৰমশঃ কমি গৈ ২০১০ চনৰ ৩১ মাৰ্চত হ’ল ২১৯,৯৩১টা। এই সংখ্যা প্ৰয়োজনতকৈ বহু কম। মটৰ পৰিবহণৰ প্ৰভুত্বৰ বাবে ৰে’ল বিভাগৰ মাল পৰিবহণৰ পৰা হোৱা আয় কমি গৈছে। ১৯৫০-৫১ চনত ভাৰতীয় ৰে’লে ৯৩০ লাখ টন মাল পৰিবহণ কৰাৰ বিপৰীতে ২০০৯-১০ চনত পৰিবহণ কৰিছিল ৮৯২০ লাখ টন। কিন্তু মাল পৰিবহণৰ এই বৰ্দ্ধিত পৰিমাণ ট্ৰাকেৰে কঢ়িওৱা মালৰ পৰিমাণতকৈ বহু কম। ১৯৫১ চনত ৰে’ল পৰিবহণ আৰু মটৰ পৰিবহণৰ অংশ আছিল ক্ৰমে ৬৫% আৰু ৩৫%। বৰ্তমান ৰে’ল পৰিবহণৰ অংশ কমি হ’লগৈ মাত্ৰ ৩০%।[33]
ভাৰতত যাত্ৰীবাহী ৰে’লৰ বিভিন্ন প্ৰকাৰৰ ডবা আছে। Electric Multiple Unit (EMU) ডবা কলকাতা, মুম্বাই, দিল্লী, চেন্নাই, হায়দৰাবাদ, পুণা আৰু বাংগালুৰুত চলাচল কৰা উপনগৰীয় ৰে’লত ব্যৱহাৰ হয়। এনে ডবাৰ সংখ্যা ২০১০ চনৰ ৩১ মাৰ্চত আছিল ৭,৪৭৪টা। EMU ডবাৰ দুটা শ্ৰেণী আছে- প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। দুয়োটা শ্ৰেণীত কেৱল বহা আসনৰহে ব্যৱস্থা আছে। আনহাতে ২০১০ চনৰ ৩১ মাৰ্চত EMU বাদ দি যাত্ৰীবাহী ৰে’লৰ ডবাৰ সংখ্যা আছিল ৪৩,৫১৮টা আৰু অন্যান্য ডবাৰ (সামগ্ৰী কঢ়িওৱা ডবা, গাৰ্ডৰ ডবা, ডাক কঢ়িওৱা ডবা, ভোজন ডবা আদি) সংখ্যা আছিল ৬,৫০৫টা।[33]
ভাৰতীয় ৰে’লে ৭০% ৰাজহ মাল পৰিবহণৰ পৰা আৰু ৩০% যাত্ৰী পৰিবহণৰ পৰা লাভ কৰে। ২০১১-১২ বৰ্ষত ৰে’ল বিভাগৰ মাল পৰিবহণ আৰু যাত্ৰী পৰিবহণৰ পৰা হোৱা আয় আছিল ক্ৰমে ৬৮,৬২০ কোটি টকা আৰু ৩০,৪৬০ কোটি টকা। আয়ৰ বেছি অংশ মাল পৰিবহণৰ পৰাই আহে। ৰে’ল বিভাগে যাত্ৰীভাড়া কম কৰি ৰাখিছে আৰু যাত্ৰীভাড়াৰ পৰা হোৱা লোকচান মাল পৰিবহণৰ পৰা হোৱা আয়ৰ পৰা পুৰায়। ১৯৯০ চনৰ পৰা ৰে’ল বিভাগে মালগাড়ীৰ একক ডবা ভাড়ালৈ দিয়া পদ্ধতিৰ সলনি কৰি সম্পূৰ্ণ ৰেক (full rake) ভাড়ালৈ দিয়া পদ্ধতি প্ৰৱৰ্তন কৰিছে। ভাৰতীয় ৰে’লে কঢ়িওৱা সামগ্ৰীৰ ভিতৰত কয়লা, চিমেণ্ট, খাদ্য শস্য আৰু লোৰ আকৰেই প্ৰধান।
ভাৰতীয় ৰে’লত চাৰি প্ৰকাৰৰ গজ আছে: ব্ৰড গজ – বহল ১৬৭৬ মি:মি:, মিটাৰ গজ – বহল ১০০০ মি:মি: আৰু দুই ধৰণৰ নেৰ’ গজ। এটা নেৰ’ গজৰ বহল ৭৬২ মি:মি: আৰু আনটো নেৰ’ গজৰ বহল ৬১০ মি:মি:। মুঠ পথ (route) দৈৰ্ঘ্য ৬৫,০০০ কি:মি:ৰ বিপৰীতে মুঠ ৰে’ল চিৰিৰ (tract) দৈৰ্ঘ্য ১,১৫,০০০ কি:মি:।[34] ২০১২ চনৰ ৩১ মাৰ্চলৈ ৩৪% ৰে’লপথ বৈদ্যুতিকৰণ কৰা হৈছে।[35] মুঠ ৰে’ল চিৰিৰ (track) ৯১% আৰু মুঠ ৰে’ল পথৰ (route) ৮৬% ব্ৰড গজ। মুঠ পথ দৈৰ্ঘ্যৰ ৭% মিটাৰ গজ পথ। ইউনিগজ প্ৰকল্পৰ অধীনত বিশ্ব ঐতিহ্যৰ অধীনস্থ ৰে’ল পথবোৰক বাদ দি অন্যান্য পথসমূহক ব্ৰড গজলৈ ৰূপান্তৰণৰ কাম চলি আছে। নেৰ’ গজ ৰে’লপথৰ দৈৰ্ঘ্য ২,০০০ কি:মি:। সাধাৰণতে নেৰ’ গজ ৰে’ল পথ পাহাৰীয়া অঞ্চলত দেখা যায়। দাৰ্জিলিং হিমালয়ান ৰে’লৱে’, কালকা-চিমলা ৰে’লৱে’ আৰু কাংগ্ৰা ভেলী ৰে’লৱে’ তিনিটা লেখত লবলগীয়া নেৰ’ গজ পথ। .[36]
বৰ্তমান ভাৰতৰ ৰে’লপথত প্ৰিষ্ট্ৰেচড কংক্ৰীট (prestressed concrete), ষ্টীল অথবা কাষ্ট আইৰণৰ শ্লীপাৰ (Sleepers) ব্যৱহাৰ কৰা হয়। বহুল ভাবে প্ৰিষ্ট্ৰেচড কংক্ৰীট শ্লীপাৰেই ব্যৱহাৰ কৰা হয়। অতীতত ব্যৱহাৰ কৰা কাঠৰ শ্লীপাৰ বৰ্তমান নাইকিয়া হৈ গৈছে।
গড় বেগ, থামন (halts) আৰু যাত্ৰীলৈ আগবঢ়োৱা সুবিধাৰ ওপৰত ভিত্তি কৰি যাত্ৰীবাহী ৰে’লসমূহক নিম্নোক্ত শ্ৰেণীত বিভাজন কৰা হৈছে।[37]
ক্ৰম | ৰে’লৰ নাম | বিৱৰণ |
---|---|---|
১ | দুৰন্ত এক্সপ্ৰেছ | ২০০৯ চনত দুৰন্ত এক্সপ্ৰেছ সেৱা আৰম্ভ কৰা হয়। মহানগৰ আৰু ৰাজ্যৰ ৰাজধানী সংযোগী বাণিজ্যিক থামনবিহীন (non-stop) দ্ৰুতগামী ৰে’ল। |
২ | ৰাজধানী এক্সপ্ৰেছ | সম্পূৰ্ণৰূপে বাতানুকুল আৰু সংৰক্ষিত আসনৰ দ্ৰুতগামী ৰে’ল। বেগ ঘণ্টাত প্ৰায় ১৩০ কি:মি:। ৰাজধানী এক্সপ্ৰেছেৰে ভাৰতৰ মুখ্য নগৰসমূহক ৰাজধানী নতুন দিল্লীক সংযোগ কৰা হৈছে। |
৩ | শতাব্দী এক্সপ্ৰেছ | সম্পূৰ্ণৰূপে বাতানুকুল আৰু সংৰক্ষিত আসনৰ দ্ৰুতগামী ইণ্টাৰচিটি ৰে’ল। |
৪ | গৰীৱ ৰথ | সম্পূৰ্ণৰূপে বানানুকুল দ্ৰুতগামী ৰে’ল। দুটা শ্ৰেণীৰ আসন উপলব্ধ- বাতানুকুল-৩ আৰু বাতানুকুল চেয়াৰ কাৰ শ্ৰেণী। আৰ্থিক কাৰণত ৰাজধানী এক্সপ্ৰেছেৰে ভ্ৰমণ কৰিবলৈ সক্ষম নোহোৱা যাত্ৰীসকললৈ লক্ষ্য ৰাখি এই ৰে’লখন প্ৰচলন কৰা হৈছিল। |
৫ | জনশতাব্দী | সম্পূৰ্ণৰূপে সংৰক্ষিত আসনৰ দ্ৰুতগামী ইণ্টাৰচিটি এক্সপ্ৰেছ। শতাব্দী এক্সপ্ৰেছৰ অনুকৰণত এই ৰে’লখন প্ৰচলন কৰা হৈছিল। অধিকতম বেগ ঘণ্টাত ১৩০ কি:মি:। ৰে’লখন দুটা শ্ৰেণীৰ আসন উপলব্ধ- বাতানুকুল চেয়াৰ কাৰ আৰু চিটাৰ শ্ৰেণী (Seater Class)। |
৬ | সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ | কোনো এখন বিশেষ ৰাজ্যৰ সৈতে দেশৰ ৰাজধানীৰ দ্ৰুত সংযোগ কৰিবলৈ এই ৰে’লখন প্ৰচলন কৰা হৈছিল। সংশ্লিষ্ট ৰাজ্যখনৰ বাদে এই ৰে’লখন পাৰ হৈ যোৱা আন কোনো ৰাজ্যত ইয়াৰ বাণিজ্যিক থামন নাই। |
৭ | হমসফৰ এক্সপ্ৰেছ | ২০১৬ৰ ৰে’ল বাজেটত এই ৰে’লখনৰ বিষয়ে ঘোষণা কৰা হয়। মূলতঃ সাধাৰণ জনতাক 'বিলাসী' ৰে’লৰ মাদকতা দিবলৈ প্ৰচলন কৰা ই এখন সম্পূৰ্ণৰুপে বাতানুকুল থ্ৰি টিয়েৰ ডবাযুক্ত ৰে’ল॥[38] |
৮ | দ্ৰুতগামী মেইল আৰু এক্সপ্ৰেছ ৰে’ল | গড়বেগ প্ৰতি ঘণ্টাত ৫৫ কি:মি:। মেইল/ এক্সপ্ৰেছৰ তুলনাত থামনৰ সংখ্যা কম, এই ৰে’লত যাত্ৰা কৰা যাত্ৰীৰ পৰা অতিৰিক্ত চুপাৰফাষ্ট চাৰচাৰ্জ আদায় কৰা হয়। |
৯ | মেইল আৰু এক্সপ্ৰেছ ৰে’ল | ভাৰতৰ গৰিষ্ঠ সংখ্যক ৰে’ল এই শ্ৰেণীৰ। তুলনামূলকভাৱে গুৰুত্বপূৰ্ণ ষ্টেশ্যনবোৰত এই ৰে’ল ৰয়। |
১০ | যাত্ৰীবাহী আৰু বেগী যাত্ৰীবাহী ৰে’ল | কম বেগৰ আৰু সাধাৰণতে দ্বিতীয় শ্ৰেণীৰ অসংৰক্ষিত আসনৰ ৰে’ল। সকলো ষ্টেশ্যনতে ৰয়। বেগী যাত্ৰীবাহীবোৰ অৱশ্যে কিছুমান ষ্টেশ্যনত নৰয়। কিছুমান বিশেষ নৈশ যাত্ৰীবাহীত শয়নযান শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু বাতানুকুল-৩ শ্ৰেণীৰ ডবা সংযোগ কৰা হয়। |
১১ | উপনগৰীয় ৰে’ল | মুম্বই, দিল্লী, কলকাতা, চেন্নাই, হায়দৰাবাদ আৰু পুণাৰ নগৰ অঞ্চলত চলাচল কৰে। সাধাৰণতে প্ৰতিটো ষ্টেশ্যনত ৰয়। আসন অসংৰক্ষিত। |
১২ | মেট্ৰ’ ৰে’ল | বৃহৎ মহানগৰীৰ পৰিবহণৰ গুৰুত্বপূৰ্ণ মাধ্যম। কলকাতা মেট্ৰ’ ৰে’লৰ বাদে অইনবোৰ মেট্ৰ’ ভাৰতীয় ৰে’লৰ পৰিসীমাৰ বাহিৰত। |
ভাৰতীয় ৰে’লত বাতানুকুল অথবা অবাতানুকুল একাধিক শ্ৰেণী আছে। এখন ৰে’লত এটা বা একাধিক শ্ৰেণী থাকিব পাৰে। মন্থৰ গতিৰ যাত্ৰীবাহী ৰে’লবোৰত সাধাৰণতে অসংৰক্ষিত দ্বিতীয় শ্ৰেণীৰ আসন থকাৰ বিপৰীতে ৰাজধানী, দুৰন্ত, শতাব্দী আৰু গৰীৱ ৰথ ৰে’লত কেৱল বাতানুকুল শ্ৰেণীহে আছে। ৰাজধানী, দুৰন্ত আৰু শতাব্দী ৰে’লত যাত্ৰীসকলক যোগান ধৰা খাদ্যৰ মূল্য টিকটৰ সৈতে সংযোজিত হৈ থাকে। প্ৰায় প্ৰতিখন দূৰণিবতীয়া ৰে’লত পেণ্ট্ৰি কাৰৰ (pantry car) ব্যৱস্থা থাকে। পেণ্ট্ৰি কাৰৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক নিজৰ আসনত খাদ্য যোগান ধৰে।[39][39][40]
ক্ৰমিক নং | শ্ৰেণী | সংক্ষিপ্ত নাম |
---|---|---|
১ | বাতানুকুল ১ম শ্ৰেণী (Air-conditioned 1st Class) | 1A |
২ | ১ম শ্ৰেণী (1st Class) | FC |
৩ | বাতানুকুল ২-খলপীয়া শয়ন (Air-conditioned 2 tier Sleeper) | 2A |
৪ | বাতানুকুল ৩-খলপীয়া শয়ন (Air-conditioned 3 tier Sleeper) | 3A |
৫ | বাতানুকুল ৩-খলপীয়া সুলভ (Air-coditioed 3 tier Economy) | 3E |
৬ | বাতানুকুল চকী যান শ্ৰেণী (Air-conditioned Chair Car) | CC |
৭ | শয়ন যান (Sleeper Class) | SL |
৮ | ২য় শ্ৰেণী বৈঠক (2nd Seating) | 2S |
৯ | অসংৰক্ষিত ২য় শ্ৰেণী (2nd Class) | II |
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকা ভাৰতীয় ৰে’লৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ[41] (আগৰ নাম ভিক্টোৰিয়া টাৰ্মিনাচ) আৰু ভাৰতৰ পাৰ্বত্য ৰে’লে স্থান পাইছে। বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভূক্ত ভাৰতৰ পাৰ্বত্য ৰে’লত তিনিটা ৰে’লৱে’ অন্তৰ্ভুক্ত হৈছে:[42]