ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বুলিলে সংবিধানখনৰ চমু ভূমিকা অংশক বুজায় য'ত এই নথিৰ লক্ষ্য আৰু নীতিৰ কথা আছে। সংবিধানৰ ক্ষমতাৰ উৎস হিচাপে ইয়ত জণগণৰ কথা উল্লেখ কৰা হৈছে।[1] ভাৰতীয় জনতাৰ আশা আৰু দেশৰ আদৰ্শৰ কথাও প্ৰস্তাৱনাত স্পষ্টকৈ উল্লেখ কৰা আছে। ভাৰতৰ গণপৰিষদে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানত সন্মতি জনায় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ই গৃহীত হয়।[2][3][4]
আমি, ভাৰতবৰ্ষৰ জনসাধাৰণে, ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবেসামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মতপ্ৰকাশ, বিশ্বাস, আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আৰু তেওঁলোক সকলোৰে মাজত ভাতৃত্ববোধ, ব্যক্তিসন্মান আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰসাৰ কৰাৰ অৰ্থে পবিত্ৰ অন্তঃকৰণেৰে সংকল্পবদ্ধ হৈ,
আমাৰ ভাৰতীয় গণপৰিষদত আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা আমি গ্ৰহণ আৰু বিধিবদ্ধ কৰি নিজৰ প্ৰতি এই সংবিধান উছৰ্গা কৰিলোঁ।