ভাৰতৰ সংৰক্ষণ ব্যৱস্থা (ইংৰাজী: Reservation in India) হৈছে ভাৰতৰ ঐতিহাসিকভাৱে বঞ্চিত গোটসমূহক শিক্ষা, নিয়োগ, চৰকাৰী আঁচনি, জলপানি আৰু ৰাজনীতিত প্ৰতিনিধিত্ব প্ৰদানৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা। ভাৰতীয় সংবিধানৰ বিধানৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে "সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা নাগৰিক"ৰ বাবে শিক্ষাৰ নামভৰ্তি, নিয়োগ, ৰাজনৈতিক সংস্থা, পদোন্নতি আদিৰ ক্ষেত্ৰত বিশেষ শতাংশত সংৰক্ষিত অংশ বা আসন নিৰ্ধাৰণ কৰিবলৈ অনুমতি লাভ কৰে।[2] সংৰক্ষণক প্ৰচলিত সমাজ ব্যৱস্থাৰ বৈষম্য দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইয়াক সংবিধানৰ যোগাত্মক বৈষম্য বুলিও কোৱা হয়। চৰকাৰী সেৱা আৰু প্ৰতিষ্ঠানত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব নোহোৱা পিছপৰা জনগোষ্ঠী আৰু অনুসূচিত জাতি আৰু জনজাতিসকলৰ সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা অৱস্থা দূৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে আইনৰ জৰিয়তে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ একক, ৰাজহুৱা আৰু ব্যক্তিগত শিক্ষানুষ্ঠানত পদ আৰু আসনৰ শতাংশ সংৰক্ষণ কৰিবলৈ কোটা ব্যৱস্থা ৰখা হৈছে।[3] ভাৰতৰ সংসদত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো সংৰক্ষণ নীতি সম্প্ৰসাৰিত কৰা হৈছে।[4]
ব্ৰিটিছ ভাৰতৰ কেইবাটাও অঞ্চলত স্বাধীনতাৰ পূৰ্বে কিছুমান বিশেষ জাতি আৰু অন্যান্য সম্প্ৰদায়ৰ অনুকূল সংৰক্ষণ ব্যৱস্থা আছিল। ভাৰতীয় ব্যৱস্থাত বিভিন্ন ধৰণৰ ইতিবাচক বৈষম্যৰ দাবী উত্থাপন কৰা হৈছিল। উদাহৰণস্বৰূপে তেনে ইতিবাচক বৈষম্যৰ দাবী ১৮৮২ আৰু ১৮৯১ চনত উত্থাপিত হৈছিল।[5] ৰাজকীয় ৰাজ্য কলহাপুৰৰ মহাৰাজ চত্ৰপতি শ্বাহুৱে অব্ৰাহ্মণ আৰু পিছপৰা শ্ৰেণীৰ সপক্ষে সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থাৰ বহুখিনি নীতি ১৯০২ চনত কাৰ্যকৰী হৈছিল। এইদৰে শিক্ষিত লোকসকলক যাতে উপযুক্তভাৱে নিয়োজিত কৰা হয়, তাৰ বাবেও তেওঁ চেষ্টা কৰিছিল। তেওঁ শ্ৰেণীমুক্ত ভাৰত আৰু অস্পৃশ্যতা বিলুপ্ত কৰাৰ বাবে এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। ১৯০২ চনত তেওঁৰ এই ব্যৱস্থাই পিছপৰা সম্প্ৰদায়ৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ সৃষ্টি কৰিছিল।[6] ১৯১৮ চনত প্ৰশাসনৰ ব্ৰাহ্মণ আধিপত্যক সমালোচনা কৰা কেইবাটাও অব্ৰাহ্মণ সংগঠনৰ নিৰ্দেশত মহীশূৰ ৰজা নলবাদী কৃষ্ণৰাজ ৱাডিয়াৰে চৰকাৰী চাকৰি আৰু শিক্ষাত অব্ৰাহ্মণৰ বাবে সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ এখন সমিতি গঠন কৰে। তেওঁৰ দিৱান এম বিশ্বেশ্বৰায়ৰ এই সমিতি গঠনৰ বিৰোধিতা কৰি প্ৰতিবাদত পদত্যাগ কৰে।[7] ১৯২১ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰথম জাষ্টিছ পাৰ্টি চৰকাৰে প্ৰথম সাম্প্ৰদায়িক চৰকাৰী আদেশ (G. O. # 613) গৃহীত কৰে। ইয়াৰ ফলত ভাৰতীয় বিধানসভাৰ ইতিহাসত সংৰক্ষণৰ আইন প্ৰণয়ন কৰা প্ৰথমটো নিৰ্বাচিত সংস্থা হিচাপে পৰিগণিত হয়।
ৱেষ্টমিনিষ্টাৰৰ সাম্ৰাজ্যবাদী সংসদে ১৯০৯ চনৰ ভাৰত চৰকাৰ আইনত সংৰক্ষণৰ উপাদানসমূহ প্ৰৱৰ্তন কৰে আৰু স্বাধীনতাৰ পূৰ্বে আন বহুতো ব্যৱস্থা গ্ৰহণ কৰে।[5] ১৯৩২ চনৰ জুন মাহৰ ঘূৰণীয়া মেজমেল সন্মিলনৰ পৰা এটা উল্লেখযোগ্য কথা ওলাই পৰে। এই মেলত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ৰামছে মেকড’নাল্ডে সাম্প্ৰদায়িক নিৰ্বাচনৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ বাবে তেওঁ মুছলমান, শিখ, ভাৰতীয় খ্ৰীষ্টান, এংলো-ভাৰতীয় আৰু ইউৰোপীয়সকলক পৃথক প্ৰতিনিধিত্ব আগবঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ জৰিয়তে অনুসূচিত জাতি আৰু অনুসূচিত জাতিসমূহৰ শ্ৰেণীসমূহক এনে সমষ্টিৰ পৰা নিৰ্বাচনৰ জৰিয়তে পূৰণ কৰিবলগীয়া কেইবাখনো আসন নিৰ্ধাৰণ কৰা হ'ব যদিও তেওঁলোকে আন আসনতো ভোটদান কৰিব পাৰিব। এই বিতৰ্কিত প্ৰস্তাৱৰ বিৰোধিতা কৰি মহাত্মা গান্ধী অনশন কৰিছিল। আনহাতে আম্বেদকাৰকে ধৰি পিছপৰা শ্ৰেণীৰ বহুতেই ইয়াৰ পক্ষপাতী আছিল। গান্ধীয়ে আম্বেদকাৰৰ সৈতে আলোচনাত মিলিত হয় আৰু একক হিন্দু ভোটাৰ হ’বলৈ চুক্তিত উপনীত হয়। আলোচনাৰ অন্তত দলিতসকলৰ বাবে আসন সংৰক্ষিত থকাৰ প্ৰস্তাৱত দুয়ো পক্ষ মান্তি হয়। অৱশ্যে ইছলাম আৰু শিখ ধৰ্মৰ দৰে অন্যান্য ধৰ্মৰ ভিত্তিত কোনো আসন সংৰক্ষিত কৰা নহ'ল। পিছলৈ এই চুক্তি পুনা চুক্তি নামেৰে জনাজাত হৈ পৰিল।[8]
১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সপক্ষে, ১৯৮০ চনৰ পিছত অন্যান্য পিছপৰা জাতিৰ সপক্ষে আৰু ২০১৯ চনত সাধাৰণ শ্ৰেণীৰ আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ বাবে কিছুমান ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ১৯৫০ চনত আৰম্ভ হোৱা এফেৰমেটিভ একচন প্ৰগ্ৰেম বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি এনে কাৰ্যসূচী।[9] ভাৰতত জাতিগত বৈষম্যৰ এটা সাধাৰণ ৰূপ হৈছে অস্পৃশ্যতাৰ প্ৰথা। ভাৰতৰ সংবিধানে এই প্ৰথা নিষিদ্ধ কৰে।[10] ১৯৫৪ চনত ভাৰতৰ শিক্ষা মন্ত্ৰালয়ে শিক্ষানুষ্ঠানসমূহত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে ২০ শতাংশ স্থান সংৰক্ষিত কৰিবলৈ পৰামৰ্শ দিছিল আৰু য’তেই প্ৰয়োজন হয় তাতেই নামভৰ্তিৰ বাবে ন্যূনতম অৰ্হতা নম্বৰ ৫ শতাংশ শিথিল কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ১৯৮২ চনত নিৰ্দিষ্ট কৰা হৈছিল যে ৰাজহুৱা খণ্ড আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ খালী পদৰ ১৫ শতাংশ আৰু ৭.৫ শতাংশ ক্ৰমে অনুসূচিত জাতি আৰু অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হ’ব লাগিব।[11]
১৯৭৯ চনত সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ পৰিস্থিতিৰ মূল্যায়নৰ বাবে মণ্ডল আয়োগ বা সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী (SEBC) আয়োগ গঠন হোৱাৰ লগে লগে এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সূচনা হয়।[12] আয়োগৰ হাতত অ'বিচিসমূহৰ জনসংখ্যাৰ সঠিক পৰিসংখ্যা নাছিল। সেয়েহে আয়োগে ১৯৩১ চনৰ লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰিছিল। ফলত আয়োগে অবিচিৰ মুঠ জনসংখ্যা ৫২ শতাংশ বুলি অনুমান কৰিছিল।[13] ১৯৮০ চনত আয়োগৰ প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছিল যে কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা সেৱা আৰু ৰাজহুৱা খণ্ডৰ সংস্থাসমূহৰ ক্ষেত্ৰত অ’বিচিৰ বাবে ২৭ শতাংশ সংৰক্ষিত কোটা প্ৰযোজ্য হ’ব লাগে। ইয়াত উচ্চ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰতো একেধৰণৰ পৰিৱৰ্তনৰ আহ্বান জনোৱা হৈছিল। অৱশ্যে কিছুমান ৰাজ্যত ইতিমধ্যে এনে সংৰক্ষণৰ ব্যৱস্থা আছিল।[12] ১৯৯০ চনতহে এই পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহত কাৰ্যকৰী কৰা হয়।[14] ২০১৯ চনত চৰকাৰে সাধাৰণ শ্ৰেণীৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত ১০% সংৰক্ষণ ঘোষণা কৰে।
ভাৰতৰ সংবিধানত ১৫(৪) অনুচ্ছেদত কোৱা হৈছে:
২৯ নং অনুচ্ছেদৰ [১৫ অনুচ্ছেদ] বা দফা (২)ৰ কোনো কথাই ৰাষ্ট্ৰক কোনো সামাজিক, আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ নাগৰিকৰ বা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বা তেওঁলোকৰ উন্নতিৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰিবলৈ বাধা দিব নোৱাৰে।
সংবিধানৰ ৪৬ নং অনুচ্ছেদত কোৱা হৈছে যে:
ৰাষ্ট্ৰই বিশেষ যত্নৰে জনসাধাৰণৰ পিছপৰা শ্ৰেণীৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থক প্ৰসাৰিত কৰিব লাগিব, আৰু বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলক সামাজিক অন্যায় আৰু সকলো ধৰণৰ শোষণৰ পৰা ৰক্ষা কৰিব।
ভাৰতৰ উচ্চতম ন্যায়ালয়ে ১৯৯২ চনত ৰায় দিছিল যে সংৰক্ষণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰে। ন্যায়ালয়ে ৫০ শতাংশতকৈ অধিক যিকোনো সংৰক্ষণে সংবিধানৰ নিশ্চয়তা অনুসৰি সমঅধিকাৰ আৰু সমপ্ৰৱেশ উলংঘা কৰিব বুলি ৰায় দিয়ে। এইদৰে ই সংৰক্ষণৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰে।[15] কিন্তু শেহতীয়াকৈ সংবিধান সংশোধনে ৫০% অতিক্ৰম কৰিছে। লগতে এই ৫০ শতাংশ সীমা অতিক্ৰম কৰা কিছুমান ৰাজ্যিক আইন আছে আৰু এইবোৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হিচাপে চলি আছে। উদাহৰণস্বৰূপে তামিলনাডু ৰাজ্যত জাতিভিত্তিক সংৰক্ষণ ৬৯ শতাংশ আৰু ই প্ৰায় ৮৭ শতাংশ জনসংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য।
২০২২ চনৰ ৭ নৱেম্বৰত ন্যায়ালয়ে জানহিত অভিযান বনাম ইউনিয়ন অৱ ইণ্ডিয়া ৰিট আবেদন (চিভিল) নং(এছ) ৫৫ অফ ২০১৯ গোচৰত ৩:২ ৰায়দান কৰে। এই ৰায়ত উচ্চতম ন্যায়ালয়ে শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত নামভৰ্তিৰ বাবে অসংৰক্ষিত শ্ৰেণীৰ পৰা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০% সংৰক্ষণ প্ৰদান কৰিবলৈ আইনী অনুমোদন প্ৰদানৰ বাবে সম্পন্ন কৰা ১০৩তম সাংবিধানিক সংশোধনীৰ বৈধতাক সমৰ্থন কৰে।[16] ন্যায়ালয়ে লগতে কয় যে সংৰক্ষণৰ ৫০% সীমা অলংঘনীয় নহয় আৰু অৰ্থনৈতিক ভিত্তিত সংৰক্ষণে জাতিভিত্তিক সংৰক্ষণ নিৰ্মূল কৰাত বহুখিনি সহায় কৰিব পাৰে।[17][18] এই সাংবিধানিক সংশোধনে কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহত মুঠ সংৰক্ষণ ৫৯.৫০% লৈকে বৃদ্ধি কৰে।
চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহে দুই ভিন্ন শ্ৰেণীৰ পৰা সংৰক্ষণ শতাংশৰ ভিত্তিত চাকৰি প্ৰত্যাশীক নিযুক্তি প্ৰদান কৰে। এই দুই শ্ৰেণীৰ ভিতৰত সংৰক্ষিত শ্ৰেণীত অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা জাতি, অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণী আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সংৰক্ষিত। আনহাতে মুক্ত শ্ৰেণী সাধাৰণ শ্ৰেণীৰ লগতে আন সকলো শ্ৰেণীৰ লোকৰ বাবে মুক্ত। নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৩% সংৰক্ষণকে ধৰি সংৰক্ষিত শ্ৰেণীক মুখ্য অগ্ৰাধিকাৰ দিয়া হয়। নিযুক্তিৰ ক্ষেত্ৰত অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জাতিৰ পুৰুষ, অনুসূচিত জনজাতিৰ পুৰুষ, অ’বিচি মহিলা, অ’বিচি পুৰুষ, ইডব্লিউএছ মহিলা, ইডব্লিউএছ পুৰুষক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয় আৰু তাৰ পিছত মুক্ত শ্ৰেণীৰ বাবে বিবেচনা কৰা হ'য়। মুক্ত শ্ৰেণীৰ শিতানত মেধাৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ নিযুক্তি দিয়া হয়। যদিও সমানে যোগ্য উদাহৰণস্বৰূপে একে নম্বৰ বা ৰেংক থকা ব্যক্তিক মুক্ত শ্ৰেণীটো অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জনজাতিৰ পুৰুষ, অনুসূচিত জাতিৰ পুৰুষ, অবিচি মহিলা, অবিচি পুৰুষ, ই ডব্লিউ চি মহিলা, ই ডব্লিউ চি পুৰুষ আৰু তাৰ পিছত সাধাৰণ শ্ৰেণীক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয়। চৰকাৰী চাকৰিত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে বিশেষ নিযুক্তিৰ বাবে পদক্ষেপ ১৯৭২ চনত কেৰালাত ভেল্লা ইচাৰনে আৰম্ভ কৰিছিল। ১৯৯৩ চনত ইন্দিৰা চাহানী আৰু অন্যান্য বনাম ভাৰতীয় সংঘ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানত চাকৰিৰ পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণ "অসাংবিধানিক" বা ৰাজনৈতিক সংবিধান অনুসৰি নহয় বুলি কোৱা হৈছিল যদিও ইয়াক পাঁচ বছৰৰ বাবে অব্যাহত ৰখাৰ অনুমতি দিয়া হৈছিল।[19][15] ১৯৯৫ চনত সংবিধানৰ ৭৭ সংখ্যক সংশোধনী কৰি পাঁচ বছৰৰ সময়সীমা শেষ হোৱাৰ আগতেই ১৬ নং অনুচ্ছেদ সংশোধন কৰি পদোন্নতিৰ ক্ষেত্ৰত অনুসূচিত জাতি/জনজাতিৰ বাবে সংৰক্ষণ অব্যাহত ৰখা হয়।[20] ৮৫ নং সংশোধনীৰ জৰিয়তে ইয়াক আৰু অধিক সংশোধন কৰি সংৰক্ষণৰ দ্বাৰা পদোন্নতি পোৱা অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীসকলক ফলস্বৰূপে জ্যেষ্ঠতাৰ সুবিধা প্ৰদান কৰা হয়।[21]
সংবিধানৰ ৮১ সংখ্যক সংশোধনী অনুসৰি সংৰক্ষিত খালী পদৰ শূন্যনা চৰকাৰে এটা পৃথক আৰু সুকীয়া গোট হিচাপে গণ্য কৰাৰ অনুমতি দিয়া হৈছিল আৰু ইয়াৰ বাবে ৫০ শতাংশৰ সীমা প্ৰযোজ্য নহয়।[22] ৮২ সংখ্যক সংশোধনীত ৩৩৫ নং অনুচ্ছেদত এটা ব্যৱস্থা সন্নিবিষ্ট কৰি ৰাজ্যসমূহে অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীসকলক পদোন্নতিৰ বাবে ৰেহাই দিব পাৰে তাৰ ব্যৱস্থা কৰা হয়।[23]
ওপৰৰ চাৰিটা সংশোধনীৰ বৈধতাক উচ্চতম ন্যায়ালয়ত এম. নাগৰাজ আৰু অন্যান্য বনাম ভাৰতীয় সংঘ গোচৰত প্ৰত্যাহ্বান জনোৱা হৈছিল। এই সংশোধনসমূহে সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিলে বুলি এই গোচৰত দাবী জনোৱা হৈছিল। ২০০৬ চনত উচ্চতম ন্যায়ালয়ে সংশোধনীসমূহ সমৰ্থন কৰিছিল যদিও এইটো নিৰ্ধাৰণ কৰিছিল যে সংশ্লিষ্ট ৰাষ্ট্ৰই প্ৰতিটো ক্ষেত্ৰতে "বাধ্যতামূলক কাৰণ"ৰ অস্তিত্ব দেখুৱাব লাগিব - য'ত "পিছপৰা", "প্ৰতিনিধিত্বৰ অপৰ্যাপ্ততা" আৰু সামগ্ৰিকভাৱে "প্ৰশাসনিক দক্ষতা" প্ৰমাণ ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব। ৰাজ্য চৰকাৰে যদি পদোন্নতিত অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব বিচাৰে, তেন্তে ৰাজ্যই শ্ৰেণীৰ পিছপৰা আৰু অপৰ্যাপ্ততা দেখুওৱা পৰিমাণীকৰণযোগ্য তথ্য সংগ্ৰহ কৰিব লাগিব।[24]
২০০৭ চনত উত্তৰ প্ৰদেশ চৰকাৰে চাকৰিৰ পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণৰ প্ৰৱৰ্তন কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ উদ্ধৃতি দি ২০১১ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই নীতি অসাংবিধানিক বুলি ৰায় দিয়ে।[25] এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হয় আৰু ২০১২ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ যুক্তি নাকচ কৰি এই সিদ্ধান্তক সমৰ্থন কৰে কাৰণ চৰকাৰে জাতিগত ভিত্তিত কৰ্মচাৰীক পদোন্নতি দিয়াৰ পদক্ষেপক ন্যায্যতা প্ৰদান কৰিব পৰাকৈ পৰ্যাপ্ত বৈধ তথ্য প্ৰদান কৰাত ব্যৰ্থ হয়।[26]
শৈক্ষিক প্ৰতিষ্ঠান সমূহে নিয়োগৰ দৰে দুই ভিন্ন শ্ৰেণীৰ পৰা সংৰক্ষণ শতাংশৰ ভিত্তিত আসন আৰু অন্যান্য সা-সুবিধা শিক্ষাৰ্থীক প্ৰদান কৰে। এই দুই শ্ৰেণীৰ ভিতৰত সংৰক্ষিত শ্ৰেণীত অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা জাতি, অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণী আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সংৰক্ষিত। আনহাতে মুক্ত শ্ৰেণী সাধাৰণ শ্ৰেণীৰ লগতে আন সকলো শ্ৰেণীৰ লোকৰ বাবে মুক্ত। আসন আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৩% সংৰক্ষণকে ধৰি সংৰক্ষিত শ্ৰেণীক মুখ্য অগ্ৰাধিকাৰ দিয়া হয়। এই ক্ষেত্ৰত অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জাতিৰ পুৰুষ, অনুসূচিত জনজাতিৰ পুৰুষ, অ’বিচি মহিলা, অ’বিচি পুৰুষ, ইডব্লিউএছ মহিলা, ইডব্লিউএছ পুৰুষক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয় আৰু তাৰ পিছত মুক্ত শ্ৰেণীৰ বাবে বিবেচনা কৰা হ'য়। চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান সমূহে মুক্ত শ্ৰেণীৰ শিতানত মেধাৰ ওপৰত ভিত্তি কৰি আসন প্ৰদান কৰে। যদিও সমানে যোগ্য উদাহৰণস্বৰূপে একে নম্বৰ বা ৰেংক থকা ব্যক্তিক মুক্ত শ্ৰেণীটো অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জনজাতিৰ পুৰুষ, অনুসূচিত জাতিৰ পুৰুষ, অবিচি মহিলা, অবিচি পুৰুষ, ই ডব্লিউ চি মহিলা, ই ডব্লিউ চি পুৰুষ আৰু তাৰ পিছত সাধাৰণ শ্ৰেণীক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয়। আৰক্ষণৰ আওঁতাত অন্যান্য সা-সুবিধাসমূহ যেনে প্ৰৱেশ পৰীক্ষাৰ মাচুল হ্ৰাস, ন্যূনতম নম্বৰৰ বাবে সকাহ, আসন আবণ্টনৰ বাবে বিবেচনাধীন আৰু অন্যান্য চৰকাৰী আঁচনিৰ ক্ষেত্ৰতো প্ৰযোজ্য।
ভাৰতত ছাত্ৰ সাহায্য যেনে জলপানি, হোষ্টেলৰ মাচুল হ্ৰাস, অন্যান্য মাচুল হ্ৰাস, কিতাপ আৰু অন্যান্য আনুষংগিক বস্তুৰ বাবে সাহায্য ইত্যাদি অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী, মহিলা, মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ সম্প্ৰদায়ে লাভ কৰে। ভাৰতত ছাত্ৰ সাহায্যৰ প্ৰায় ০.৭%হে যোগ্যতাৰ ওপৰত ভিত্তি কৰি দিয়া হয়।[27]
কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে চলি থকা উচ্চ শিক্ষানুষ্ঠানসমূহত উপলব্ধ আসনৰ ২২.৫% অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত। ইয়াৰে ভিতৰত অনুসূচীত জনজাতিৰ বাবে ৭.৫% আৰু অনুসূচিত জাতিসমূহৰ বাবে ১৫%।[28] অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে অতিৰিক্ত ২৭% সংৰক্ষণ অন্তৰ্ভুক্ত কৰি এই সংৰক্ষণ শতকৰা হাৰ ৪৯.৫% লৈ বৃদ্ধি কৰা হৈছে। এই অনুপাত আনকি সংসদ আৰু সকলো নিৰ্বাচনতো অনুসৰণ কৰা হয় য’ত কিছুমান বিশেষ সম্প্ৰদায়ৰ লোকৰ বাবে কেইটামান সমষ্টি নিৰ্ধাৰণ কৰা হয়। এই নিৰ্দিষ্ট সমষ্টিৰ আসন সমূহ নতুনকৈ সীমা নিৰ্ধাৰণ কৰিলে কিছু সাল-সলনি হয়। কিছুমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে। ৰাজ্য অনুসৰি এই সংৰক্ষণৰ পৰিমাণ ৫%ৰ পৰা ৩৩.৩৩%লৈকে ভিন ভিন।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল | অনুসূচীত জাতি (SC) | অনুসূচীত জনজাতি (ST) | অন্যান্য পিছপৰা জাতি (OBC) | আৰ্থিকভাবে পিছপৰা শ্ৰেণী (EWS) | অন্যান্য সংৰক্ষণ | মুঠ |
---|---|---|---|---|---|---|
অন্ধ্ৰপ্ৰদেশ[29] | ১৫ | ৬ | ২৯ | ১০ | ৬০ | |
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | ১২ | ৩৮ | ৫০ | |||
অৰুণাচল প্ৰদেশ[30] | ৮০ | ৮০ | ||||
অসম | ৭ | ১৫ | ২৭ | ১০ | ৫৯ | |
বিহাৰ[31][32] | ২০ | ২ | ৪৩ | ১০ | ৭৫ | |
চণ্ডীগড় | ২৭ | ২৭ | ||||
ছত্তীশগড় | ১৩ | ৩২ | ১৪ | ১০ | ৬৯ | |
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ | ৩ | ৯ | ২৭ | ৩৯ | ||
দিল্লী | ১৫ | ৭ | ২৭ | ১০ | ৫৯ | |
গোৱা | ২ | ১২ | ২৭ | ১০ | ৫১ | |
গুজৰাট | ৭ | ১৪ | ২৭ | ১০ | ৫৮ | |
হাৰিয়ানা | ২০ | ২৩ | ১০ | ৫৩ | ||
হিমাচল প্ৰদেশ | ২৫ | ৪ | ২০ | ১০ | ৫৯ | |
ঝাড়খণ্ড | ১০ | ২৬ | ১৪ | ১০ | ৬০ | |
কৰ্ণাটক | ১৭ | ৭ | ৩২ | ১০ | ৬৬ | |
কেৰালা | ৮ | ২ | ৪০ | ১০ | ৬০ | |
লক্ষদ্বীপ | ১০০ | ১০০ | ||||
মধ্যপ্ৰদেশ | ১৬ | ২০ | ১৪ | ১০ | ৬০ | |
মহাৰাষ্ট্ৰ | ১৩ | ৭ | ৩২ | ১০ | ১০ মাৰাঠা ১ (অনাথ) | ৭৩ |
মণিপুৰ | ৩ | ৩৪ | ১৭ | ৫৪ | ||
মেঘালয় | ৮০ | ৮০ | ||||
মিজোৰাম | ৮০ | ৮০ | ||||
নাগালেণ্ড | ৮০ | ৮০ | ||||
ওড়িশা | ১৬ | ২২ | ১১ | ১০ | ৫৯ | |
পুডুছেৰী | ১৬ | ৩৪ | ৫০ | |||
পঞ্জাব | ২৯ | ১২ | ১০ | ৫১ | ||
ৰাজস্থান | ১৬ | ১২ | ২১ | ১০ | ৫ (অধিক পিছপৰা শ্ৰেণী) | ৬৪ |
ছিক্কিম[33] | ৭ | ১৮ | ৪০ | ২০ | ৮৫ | |
তামিলনাডু | ১৮ | ১ | ৫০ | ৬৯ | ||
তেলেংগানা[34] | ১৫ | ১০ | ২৯ | ১০ | ৬৪ | |
ত্ৰিপুৰা | ১৭ | ৩১ | ২ | ১০ | ৬০ | |
উত্তৰ প্ৰদেশ | ২১ | ২ | ২৭ | ১০ | ৬০ | |
উত্তৰাখণ্ড[35] | ১৯ | ৪ | ১৪ | ১০ | ৪৭ | |
পশ্চিম বংগ | ২২ | ৬ | ১৭ | ১০ | ৫৫ |
ৰাজ্যভেদে সঠিক শতাংশ ভিন্ন হয়:
১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী অধিৱেশন সংবিধান প্ৰেক্ষাগৃহত আহ্বান কৰা হয়, যিটো বৰ্তমান পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহ। উল্লেখযোগ্য যে সমগ্ৰ সমাৱেশত সৰোজিনী নাইডু আছিল একমাত্ৰ মহিলা; যি ৰাষ্ট্ৰপতিৰ মঞ্চৰ সন্মুখত উপস্থিতসকলৰ প্ৰথম শাৰীত বহিছিল। মহিলাৰ সংৰক্ষণৰ বিষয়টোৰ ওপৰত ইয়াৰ পূৰ্বে ১৯৯৬, ১৯৯৭ আৰু ১৯৯৮ চনত আলোচনা কৰা হৈছিল; কিন্তু লোকসভা ভংগ হোৱা বা ৰাজনৈতিক দলসমূহৰ মাজত ঐকমত্যৰ অভাৱৰ বাবে ইয়াক আৰু আগুৱাই নিব পৰা হোৱা নাছিল। যোৱা দশকবোৰত বিধায়িনী সংস্থাসমূহত মহিলাসকলৰ অ-প্ৰতিনিধিত্বৰ সন্দৰ্ভত আশংকা বৃদ্ধি পাইছে, যদিও তেওঁলোকে বিশ্বৰ জনসংখ্যাৰ আধাতকৈ অধিক অংশৰ প্ৰতিনিধি। এই গণতান্ত্ৰিক অভাৱে দ্ৰুত অৰ্থনৈতিক বিকাশ লাভৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বাধাৰ সৃষ্টি কৰিছে। ফলস্বৰূপে; অংশগ্ৰহণমূলক, সৰ্বাংগীণ, সমতাপূৰ্ণ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক সুদৃঢ় কৰাৰ বাবে এই বিষয়টোৱে সৰ্বাধিক গুৰুত্ব পোৱাটো ক্ৰমান্বয়ে প্ৰয়োজনীয় হৈ পৰে। ২০০৮ চনৰ ১০৮ সংশোধনী বিধেয়ক বুলি জনাজাত মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাটো সমসাময়িক ভাৰতীয় সমাজৰ বাবে অতি প্ৰয়োজনীয়। .[39] লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে প্ৰত্যক্ষভাৱে সংৰক্ষিত কৰা উদ্দেশ্যৰে ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী আইনখন ২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰা হয়।[40][41] ২০২৩ চনৰ ২০ ছেপ্টেম্বৰত লোকসভাত ৪৫৪টা ভোটৰ সমৰ্থনত আৰু ২টা ভোটৰ বিৰোধিতাত এই বিধেয়কখন গৃহীত হয়। ৰাজ্যসভাই ২০২৩ চনৰ ২১ ছেপ্টেম্বৰত ২১৪টা ভোটৰ সমৰ্থনত সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত হয়।[42]ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত এই বিধেয়কখনত স্বাক্ষৰ কৰে আৰু সেইদিনা গেজেট অধিসূচনাও প্ৰকাশ কৰা হয়, য’ত স্পষ্ট হৈ পৰে যে প্ৰথম সীমা নিৰ্ধাৰণৰ (২০২৬ চনলৈকে নিশ্চিহ্ন কৰা)ৰ পিছত অতি সোনকালে সংৰক্ষণ বলবৎ হ’ব।
ভাৰতৰ ৰাজ্য চৰকাৰসমূহে নিজাকৈ মহিলাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ভিন ভিন ৰাজ্যত এই সংৰক্ষণৰ পৰিমাণ ৫%ৰ পৰা ৩৩.৩৩% পৰ্যন্ত হোৱা দেখা যায়। গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশত সকলো চৰকাৰী বিভাগ আৰু সেৱা, যেনে আৰক্ষী, স্বাস্থ্য, শিক্ষা আৰু সাধাৰণ প্ৰশাসনৰ ৩২% পদ মহিলাৰ বাবে সংৰক্ষিত।[43][44][45] ২০১৫ চনৰ পৰা কেৰালাই নিজৰ স্থানীয় স্বায়ত্ত্বশাসিত সংস্থাসমূহৰ সকলো পদৰ বাবে মহিলাৰ ৫৫% সংৰক্ষণ কাৰ্যকৰী কৰিছে।[46]
২০২১ চনৰ ২১ জুলাই তাৰিখে সকলো চৰকাৰী সেৱাত ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ বাবে এক শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা কৰ্ণাটক দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয়। এই সন্দৰ্ভত চৰকাৰে উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰি কয় যে কৰ্ণাটক অসামৰিক সেৱা সংশোধন কৰি ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। ট্ৰান্সজেণ্ডাৰৰ প্ৰাৰ্থীৰ অনুপলব্ধতাৰ ক্ষেত্ৰত একে শ্ৰেণীৰ পুৰুষ বা মহিলাক এই চাকৰিটো দিব পাৰি। ইয়াৰ ফলত তৃতীয় লিংগ হিচাপে চিহ্নিত হিজিৰা, ট্ৰান্স ৱমেন, ট্ৰান্স মেন আদি লিংগীক সংখ্যালঘুসকলেও কৰ্ণাটকত সংৰক্ষণৰ সুবিধা লাভ কৰে।[47]
ভাৰতৰ সংবিধানে ভাৰতত ধৰ্মৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ নিষিদ্ধ কৰে।[48]
তামিলনাডু চৰকাৰে মুছলমান আৰু খ্ৰীষ্টানসকলক ৩.৫%কৈ আসন আবণ্টন দিছে। ইয়াৰ ফলত অ'বিচি সংৰক্ষণৰ ব্যৱস্থা ৩০%ৰ পৰা ২৩%লৈ সলনি কৰা হৈছে। অৱশ্যে ইয়াৰ দ্বাৰা মুছলমান বা খ্ৰীষ্টান ধৰ্মালম্বী অন্যান্য পিছপৰা জাতিৰ লোকসকলক বাদ দিয়া হৈছে।[49]
অন্ধ্ৰ প্ৰদেশ চৰকাৰে ২০০৪ চনত মুছলমানসকলৰ বাবে ৪ শতাংশ সংৰক্ষণৰ সুবিধা প্ৰদান কৰা আইন প্ৰৱৰ্তন কৰে। এই আইনখন ২০১০ চনত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশত সমৰ্থন কৰিছিল যদিও ই বিষয়টোৰ ওপৰত অধিক পৰ্যবেক্ষণ কৰিবলৈ সংবিধান বিচাৰপীঠ গঠন কৰিছিল।[50][51] ধৰ্মৰ ওপৰত ভিত্তি কৰি কোটাৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰিবলৈ এই পীঠ গঠন কৰা হৈছিল।[52] কেৰেলা লোকসেৱা আয়োগত মুছলমানসকলৰ বাবে ১২% সংৰক্ষণ আছে।[53] ধৰ্মীয় সংখ্যালঘু (মুছলমান বা খ্ৰীষ্টান) শিক্ষানুষ্ঠানতো মুছলমান বা খ্ৰীষ্টান ধৰ্মৰ বাবে ৫০% সংৰক্ষণ আছে। কেন্দ্ৰীয় চৰকাৰে কেইবাটাও মুছলমান সম্প্ৰদায়ক পিছপৰা মুছলমান হিচাপে তালিকাভুক্ত কৰি সংৰক্ষণৰ বাবে যোগ্য কৰি তুলিছে।
কেন্দ্ৰীয় চৰকাৰে সংবিধান ১২৪ সংখ্যক সংশোধনী বিধেয়ক, ২০১৯ৰ দ্বাৰা পূৰ্বৰ অসংৰক্ষিত শ্ৰেণীৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰত ১০% অতিৰিক্ত সংৰক্ষণ প্ৰদান কৰে। 'অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী'ৰ সংজ্ঞা ৰাষ্ট্ৰই সময়ে সময়ে সংজ্ঞায়িত কৰিব।[54] সাংবিধানিক সংশোধনী অনুসৰি বছৰি ৮ লাখতকৈ কম ঘৰুৱা আয় থকা লোক আৰু পাঁচ একৰতকৈ কম কৃষিভূমি থকা লোকে এই সংৰক্ষণৰ সুবিধা লাভ কৰিব। বিজনেছ টুডেই মন্তব্য কৰিছে যে এই মাপকাঠীসমূহে জনসংখ্যাৰ প্ৰায় ১০০ শতাংশক সামৰি লৈছে।[55] এই সংশোধনীৰ বৈধতাক প্ৰত্যাহ্বান জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে।[56] ২০২২ চনৰ ৭ নৱেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ আৰু সংবিধান সংশোধনীখনক সাংবিধানিকভাৱে বৈধ বুলি ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে সংখ্যাগৰিষ্ঠতাৰ ৰায়ত কয় যে ই ডব্লিউ এছৰ বাবে ১০% সংৰক্ষণে ইন্দিৰা ছাহানীৰ ৰায়দানত নিৰ্ধাৰণ কৰা ৫০% সীমা উলংঘা কৰা নাই।
ভাৰতত সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত তুলনামূলকভাৱে উন্নত পিছপৰা শ্ৰেণীৰ কিছুমান ব্যক্তিক বুজাবলৈ ক্ৰিমী লেয়াৰ শব্দ ব্যৱহাৰ কৰা হয়। ক্ৰিমী লেয়াৰত অন্তৰ্ভুক্ত ব্যক্তিসকল তেওঁলোকে প্ৰতিনিধিত্ব বিশেষ পিছপৰা শ্ৰেণীৰ উন্নত শ্ৰেণীত পৰে চৰকাৰী পৃষ্ঠপোষকতাত শৈক্ষিক আৰু পেছাদাৰী সুবিধা কাৰ্যসূচীৰ বাবে তেওঁলোক যোগ্য নহয়। ১৯৭১ চনত সত্যনাথন আয়োগে এই শব্দটো প্ৰৱৰ্তন কৰিছিল। এই আয়োগে অসামৰিক পদৰ সংৰক্ষণৰ পৰা "ক্ৰিমযুক্ত স্তৰ" বাদ দিব লাগে বুলি চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পিছত ১৯৯৩ চনত ন্যায়াধীশ ৰাম নন্দন কমিটীয়েও শ্ৰেণীবিভাজনক চিনাক্ত কৰে।[57][58] বৰ্তমানলৈকে ক্ৰিমী লেয়াৰত কেৱল অন্যান্য পিছপৰা শ্ৰেণীৰ ব্যক্তি অন্তৰ্ভুক্ত হয়।[59]
ক্ৰিমযুক্ত স্তৰ (আয়)ৰ মাপকাঠীক সকলো উৎসৰ পৰা অভিভাৱকৰ মুঠ বাৰ্ষিক আয় হিচাপে সংজ্ঞায়িত কৰা হয়। ১৯৭১ চনত সত্যনাথন সমিতিয়ে এই বাৰ্ষিক আয়ৰ ১ লাখ টকা ক্ৰিমী লেয়াৰৰ সীমা হিচাপে সংজ্ঞায়িত কৰিছিল। ১৯৯৩ চনত ভাৰত চৰকাৰে "ক্ৰিমী স্তৰ"ৰ সীমা সত্যনাথন কমিটিৰ পৰামৰ্শ মৰ্মে বাৰ্ষিক আয় ১ লাখ টকা নিৰ্ধাৰণ কৰে। ক্ৰিমী লেয়াৰত অন্তৰ্ভুক্ত ব্যক্তিসকলে তেওঁলোকে প্ৰতিনিধিত্ব কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে নিৰ্ধাৰিত সংৰক্ষণৰ কোনো সুবিধা লাভ নকৰে। ক্ৰিমী লেয়াৰৰ বাবে নিৰ্ধাৰিত বাৰ্ষিক আয়ৰ সীমা ২০০৪ চনত বছৰি ২.৫ লাখ টকালৈ সংশোধন কৰা হয়। ২০০৮ চনত আকৌ সংশোধন কৰি ৪.৫ লাখ টকা, ২০১৩ চনত ৬ লাখ টকা আৰু ২০১৭ চনত ৮ লাখ টকালৈ সংশোধন কৰা হয়।[60] ২০১৫ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগে (NCBC) পিতৃ-মাতৃৰ মুঠ বাৰ্ষিক আয় ১৫ লাখ টকা পৰ্যন্ত অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) অন্তৰ্গত ব্যক্তিক অবিচিৰ বাবে ন্যূনতম সীমা হিচাপে গণ্য কৰা উচিত বুলি প্ৰস্তাৱ আগবঢ়ায়। এনচিবিচিয়ে অ'বিচিসমূহক "পিছপৰা", "অধিক পিছপৰা", আৰু "অতি পিছপৰা" ব্লকত উপবিভাজন কৰি জনসংখ্যাৰ অনুপাতে তেওঁলোকৰ মাজত ২৭% কোটা বিভাজন কৰাৰ পৰামৰ্শও আগবঢ়ায়।[61] সামাজিক, শৈক্ষিক আৰু আৰ্থিক দিশত তুলনামূলকভাৱে অনুন্নত অন্যান্য পিছপৰা শ্ৰেণীৰ ব্যক্তিসকলৰ সংৰক্ষণ ব্যৱস্থাসমূহ ক্ৰিমী লেয়াৰত অন্তৰ্ভুক্ত ব্যক্তিয়ে লাভ নকৰে।[62][63] ক্ৰিমী লেয়াৰত অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰমাণ পত্ৰৰ বৈধতা কেৱল এবছৰৰ বাবে থাকে। এবছৰৰ বৈধতাৰ শেষ হোৱাৰ পিছত ব্যক্তি গৰাকীয়ে পুনৰাই প্ৰমাণ পত্ৰ বিচাৰি নিৰ্দিষ্ট কৃতপক্ষক আবেদন জনাব লাগে।
অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণক উলম্ব সংৰক্ষণ (Vertical Reservation) বুলি কোৱা হয়। আইনৰ অধীনত নিৰ্দিষ্ট কৰা প্ৰতিটো গোটৰ বাবে ই পৃথকে পৃথকে প্ৰযোজ্য। আনহাতে ইয়াৰ বিপৰীতে আনুভূমিক সংৰক্ষণ (Horizontal Reservation) ব্যৱস্থাৰ দ্বাৰা উলম্ব শ্ৰেণীসমূহৰ মাজেৰে কাটি গৈ অন্যান্য শ্ৰেণীৰ হিতাধিকাৰী যেনে মহিলা, পূৰ্ব সৈনিক, ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়, আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰদান কৰা সমান সুযোগক বুজোৱা হয়। ইয়াৰে ভিতৰত বিশেষভাৱে সক্ষম আৰু পূৰ্ব সৈনিকসকলৰ বাবে গোটেই ভাৰততে সংৰক্ষণৰ ব্যৱস্থা আছে। আনুভূমিক সংৰক্ষণ ব্যৱস্থাত একেসময়তে এজন ব্যক্তিয়ে আনুভূমিক আৰু উলম্ব দুয়ো সংৰক্ষণৰ সুবিধা লাভ কৰে।
বেঞ্চমাৰ্ক অক্ষম ব্যক্তিৰ বাবে সংৰক্ষণ (PwBD) প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬য়ে ভাৰতত বিশেষভাবে সক্ষম ব্যক্তিসকলৰ বাধ্যতামূলক, চৰকাৰী প্ৰতিষ্ঠানত ৪% লৈকে সংৰক্ষণ নিশ্চিত কৰে। প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ নিয়ম, ২০১৭ৰ দ্বাৰা আৰু ৰাজ্য চৰকাৰৰ অধিসূচনাৰ দ্বাৰা পৰিপূৰক, এই আইনৰ লক্ষ্য হৈছে বিভিন্ন খণ্ডত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সমান সুযোগ আৰু প্ৰতিনিধিত্ব প্ৰদান কৰা। ৰাজীৱ কুমাৰ গুপ্তা বনাম ভাৰতীয় সংঘ (২০১৭) আৰু সুৰেশ চন্দ গৌতম বনাম উত্তৰ প্ৰদেশ ৰাজ্য (২০১৯)ৰ দৰে গোচৰৰ ৰায়ে এই সংৰক্ষণসমূহৰ সাংবিধানিক বৈধতাক সমৰ্থন জনাইছে।
সশস্ত্ৰ বাহিনীত সেৱাৰ পিছত তেওঁলোকক পুনৰ নিয়োগ আৰু পুনৰ্বাসনৰ সুযোগ প্ৰদান কৰিবলৈ পূৰ্ব সৈনিক (Ex-serviceman) সকল বাবে সংৰক্ষণ বিভিন্ন আইন-কানুনেৰে পৰিচালিত হয়। এই সন্দৰ্ভত প্ৰাথমিক আইন হৈছে পূৰ্ব সৈনিক (অসামৰিক সেৱা আৰু পদত পুনৰ নিয়োগ) আইন, ১৯৭৯। এই আইনে চৰকাৰী চাকৰিত পূৰ্ব সৈনিকসকলৰ বাবে কিছুমান সংৰক্ষণৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে চাকৰি আৰু শিক্ষানুষ্ঠানত প্ৰাক্তন সৈনিক বাবে সংৰক্ষণৰ পৰিসৰ নিৰ্দিষ্ট কৰি অধিসূচনা জাৰি কৰিব পাৰে। ইউনিয়ন অৱ ইণ্ডিয়া বনাম বীৰপাল সিং চৌহান (১৯৯৫) আৰু চেয়াৰমেন, ৰেলৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ড বনাম এ ৰঞ্জন (২০১২) আদি আদালতৰ গোচৰত প্ৰাক্তন সেনাবাহিনীৰ সংৰক্ষণ নীতি ৰূপায়ণ আৰু ব্যাখ্যাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
উপৰ্যুক্ত সংৰক্ষণৰ উপৰিও ভাৰতত কিছুমান বিশেষ সংৰক্ষণ বা কোটাৰ ব্যৱস্থা আছে। এই কোটা ৰাজ্য আৰু স্বতন্ত্ৰ অনুষ্ঠান ভিত্তিক ভিন ভিন হয়। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে:
অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ সংৰক্ষণৰ শতকৰা হাৰ প্ৰায় ৫০%। মহিলাৰ বাবে সামগ্ৰিকভাৱে ১/৩ ভাগ সংৰক্ষণকে ধৰি অন্ধ্ৰপ্ৰদেশত শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৬৬.৬৬% আসন সংৰক্ষিত।
• অনুসূচিত জাতি – ১৫% • অনুসূচিত জনজাতি – ৬% • পিছপৰা শ্ৰেণী (ক, খ, গ, ঘ) – ২৭% • শাৰীৰিকভাৱে অক্ষম (অন্ধ, বধিৰ আৰু মুক আৰু হাত-ভৰিৰ বিসংগতিযুক্ত) – ৩% (১%কৈ) • পূৰ্ব সৈনিকসকল (কেৱল এপিএমএছ) – ১% (সাধাৰণ শ্ৰেণীত ০.৫%) • মহিলা – ৩৩.৩৩% (সকলো শ্ৰেণীতে, অৰ্থাৎ সাধাৰণ শ্ৰেণীত ১৬.৬৬%)
অন্ধ্ৰ প্ৰদেশ পিছপৰা শ্ৰেণীৰ কোটাত জাতিঅনুসৰি উপ-কোটা আছে আৰু এইবোৰক ক, খ, গ আৰু ঘত শ্ৰেণীভুক্ত কৰা হৈছে। সাধাৰণ শ্ৰেণীত বিশেষভাৱে সক্ষম, সেনাবাহিনীৰ প্ৰাক্তন সৈনিক, মহিলা ১৬.৬৬% যোগ কৰিলে মুঠ সংৰক্ষণৰ শতাংশ ৬৬.৬৬% হয়।
অৰুণাচল প্ৰদেশত অনুসূচিত জনজাতিৰ বাবে ৮০% সংৰক্ষণ আছে।
• অনুসূচিত জাতি – ৭% • অনুসূচিত জনজাতি – ১৫% • অন্যান্য পিছপৰা শ্ৰেণী – ২৭% • অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী – ১০%
অসমে অ’বিচি শিতানৰ অন্তৰ্গত চিকিৎসা মহাবিদ্যালয়সমূহত মৰাণ, মটক আৰু চাহ জনগোষ্ঠী আদি আন কেইবাটাও সম্প্ৰদায়ৰ বাবে উপ কোটা প্ৰদান কৰে। ২০২০ চনৰ নৱেম্বৰ মাহত অসমৰ কেবিনেটে এই সংৰক্ষণ কোচ ৰাজবংশী, আহোম আৰু চুতীয়ালৈ সম্প্ৰসাৰিত কৰে। এই ছয় সম্প্ৰদায়ে অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি আন্দোলোন কৰি আহিছে।[64] ২০১৯ চনৰ জানুৱাৰী মাহত অসমে ই ডব্লিউ এছ সংৰক্ষণত অনুমোদন জনাইছিল।[65]
• অনুসূচিত জাতি – ২০% • অনুসূচিত জনজাতি – ২% • অন্যান্য পিছপৰা শ্ৰেণী – ৪৩% • অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী – ১০%[66]
১৯৭০ চনত প্ৰথমবাৰৰ বাবে কৰ্পূৰী ঠাকুৰে কাৰ্যকৰী কৰা বিহাৰৰ অ'বিচি কোটাৰ ভিতৰত চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত অতি পিছপৰা জাতিৰ বাবে ১৮% আৰু পিছপৰা জাতিৰ মহিলাৰ বাবে ৩% উপ-কোটা আছে।[67][68] ২০১৯ চনত বিহাৰত ই ডব্লিউ এছ সংৰক্ষণ কাৰ্যকৰী কৰা হৈছিল।[69]
২০২৩ চনৰ ৯ নৱেম্বৰত বিহাৰ ৰাজ্যত সংৰক্ষণ বৃদ্ধি কৰা হয়। অৰ্থনৈতিকভাৱে দুৰ্বল অংশৰ বাবে বৰ্তমানৰ ১০% কোটা (EWS)ৰ সৈতে কাৰ্যকৰী কোটা ৭৫% হয়। ইয়াৰ মূল হিতাধিকাৰী হৈছে ইবিচি আৰু অ’বিচি, যাৰ কোটা ক্ৰমে ১২%ৰ পৰা ২৫% আৰু ৮%ৰ পৰা ১৮%লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ২০২২ চনৰ বিহাৰৰ জাতিভিত্তিক সমীক্ষা অনুসৰি জনসংখ্যাৰ ৩৬.০১% ইবিচি, আৰু ২৭.১৩% অ’বিচি। অনুসূচিত জাতিসমূহৰ বাবে প্ৰস্তাৱিত নতুন কোটা ২০%, যিটো বৰ্তমানৰ ১৪%তকৈ বেছি। অনুসূচিত জাতি জনসংখ্যা ১৯.৬৫% বুলি অনুমান কৰা হৈছে। এছ টিৰ কোটা অৱশ্যে ১০%ৰ পৰা ২%লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ২০০০ চনত বিহাৰৰ দ্বিবিভাজনৰ পিছত অধিকাংশ জনজাতীয় অঞ্চল ঝাৰখণ্ডলৈ যোৱাৰ বাবে বিহাৰত জনজাতীয় জনসংখ্যা ২%তকৈও কম হয়।
• অনুসূচিত জাতি – ১৬% • অনুসূচিত জনজাতি – ২০% • অন্যান্য পিছপৰা শ্ৰেণী – ১৪% • অৰ্থনৈতিকভাৱে দুৰ্বল অংশ – কোনো ব্যৱস্থা নাই
ছত্তীশগড়ত অ’বিচিৰ কোটা ২৭%লৈ বৃদ্ধিৰ অধ্যাদেশ উচ্চ ন্যায়ালয়ে বাতিল কৰে।[70]
• অনুসূচিত জাতি - ১৫% • অনুসূচিত জনজাতি - ৭% • অন্যান্য পিছপৰা শ্ৰেণী - ২৭%
যিহেতু দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীন সেয়ে গতিকে দিল্লীৰ চৰকাৰী চাকৰি নিৰ্দিষ্ট কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ সমতুল্য। ২০১৮ চনৰ উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্তত সিদ্ধান্ত লোৱা হৈছিল যে যিহেতু দিল্লী ৰাজধানী আৰু কোনোৱেই "বাহিৰৰ মানুহ" নহয় গতিকে ইয়াৰ সংৰক্ষণে সৰ্বভাৰতীয় আৰ্হি অনুসৰণ কৰিব লাগে। তদুপৰি এই সংৰক্ষিত চাকৰিসমূহ দিল্লীৰ বাহিৰৰ সংৰক্ষিত সম্প্ৰদায়ৰ বাবেও মুকলি।[71]
• অনুসূচিত জাতি – ২% • অনুসূচিত জনজাতি – ১২% • অন্যান্য পিছপৰা শ্ৰেণী – ২৭% • অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী – ১০% • শাৰীৰিকভাৱে অক্ষম - ৩% • পূৰ্ব সৈনিক - ২% • ক্ৰীড়াবিদ - ৩%
২০১৪ চনত অ'বিচি সংৰক্ষণৰ কোটা ১৯.৫%ৰ পৰা ২৭%লৈ বৃদ্ধি কৰা হয়।[72] ২০১৯ চনৰ জুন মাহত গোৱাই চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত ই ডব্লিউ এছ সংৰক্ষণ কাৰ্যকৰী কৰে।[73]
• অনুসূচিত জাতি – ৭% • অনুসূচিত জনজাতি – ১৫% • অন্যান্য পিছপৰা শ্ৰেণী – ২৭% • অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী – ১০%
গুজৰাটতো চৰকাৰী চাকৰিত সাধাৰণ শ্ৰেণীৰ মহিলাৰ বাবে ৩৩% সংৰক্ষণ কাৰ্যকৰী কৰা হয়। চৰকাৰে সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীসকলক সাধাৰণ শ্ৰেণীৰ আসনৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ২০২০ চনত এই আসন বাতিল কৰা হয়।[74] ই ডব্লিউ এছ সংৰক্ষণ কাৰ্যকৰী কৰা গুজৰাট ভাৰতৰ প্ৰথম ৰাজ্যসমূহৰ ভিতৰত অন্যতম। এই সংৰক্ষণ ভূমিৰ দৰে অন্যান্য সম্পত্তি অন্তৰ্ভুক্ত নকৰাকৈ ৮ লাখতকৈ কম আয়ৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য।[75]
• অনুসূচিত জাতি – ২০% • অন্যান্য পিছপৰা শ্ৰেণী – ২৩% • অৰ্থনৈতিকভাৱে দুৰ্বল অংশ – ১০% • পূৰ্ব সৈনিক – ৫% • ক্ৰীড়াবিদ – ৩% • শাৰীৰিকভাৱে অক্ষম – ৩%
হাৰিয়ানাত অ’বিচি শ্ৰেণীক ক, খ, গ শ্ৰেণীত ভাগ কৰা হয় আৰু প্ৰত্যেকৰে ক্ৰমে ১১%, ৬% আৰু ৬% সংৰক্ষণ থাকে। পদোন্নতিত সংৰক্ষণৰ হাৰ বেলেগ যদিও এতিয়াও জনসংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হয়।[76] ২০২১ চনত হাৰিয়ানা চৰকাৰে স্থানীয় প্ৰাৰ্থীৰ বাবে ২৫,০০০ টকাতকৈ কম আয়ৰ ব্যক্তিগত খণ্ডৰ চাকৰিত ৭৫% সংৰক্ষণ বাধ্যতামূলক কৰা আইন প্ৰণয়ন কৰে।[77] কিন্তু পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ২০২৩ চনত এই আইনখন অসাংবিধানিক বুলি বাতিল কৰিছে।[78]
• অনুসূচিত জাতি – ২৫% • অনুসূচিত জনজাতি – ৪% • অন্যান্য পিছপৰা শ্ৰেণী – ২০% • অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী – ১০%
হিমাচল প্ৰদেশৰ কিন্নৌৰ আৰু লাহাউল আৰু স্পিটি জিলা আদি অনুসূচিত অঞ্চলসমূহত অনুসূচিত জনজাতিৰ শতকৰা হাৰ অতি বেছি হোৱাৰ বাবে চৰকাৰী চাকৰিত অনুসূচিত জনজাতিৰ সংৰক্ষিত আসনৰ শতকৰা হাৰ বেছি।
• অনুসূচিত জাতি – ১০% • অনুসূচিত জনজাতি – ২৬% • অন্যান্য পিছপৰা শ্ৰেণী – ১৪% • অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী – ১০%[79]
ঝাৰখণ্ডত পিছপৰা শ্ৰেণীক পৰিশিষ্ট ১ আৰু পৰিশিষ্ট ২ ত শ্ৰেণীভুক্ত কৰা হৈছে।[80]
• অনুসূচিত জাতি (১৩%) • অনুসূচিত জনজাতি (৭%) • অন্যান্য পিছপৰা শ্ৰেণী (১৯%) • • বিশেষ পিছপৰা শ্ৰেণী (SBC) (২%) • • যাযাবৰী জনজাতি – ক (বিমুক্ত জাতি) (৩%) • • যাযাবৰী জনজাতি – খ (২.৫%) • • যাযাবৰী জনজাতি – গ (ধনগৰ) (৩.৫%) • • যাযাবৰী জনজাতি – ঘ (বঞ্জাৰি) (২%) • অৰ্থনৈতিকভাৱে দুৰ্বল অংশ – ১০%[81]
মহাৰাষ্ট্ৰত শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৬২% সংৰক্ষণ আছে।[82][83]
• অনুসূচিত জাতি – ১৯% • অনুসূচিত জনজাতি – ৪% • অন্যান্য পিছপৰা শ্ৰেণী – ১৪% • অৰ্থনৈতিকভাৱে দুৰ্বল অংশ – ১০%
শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত উত্তৰাখণ্ডত ৪৭% সংৰক্ষণ আছে। উলম্ব সংৰক্ষণৰ উপৰিও ৰাজ্যখনে মহিলাক ৩০% অনুভূমিক সংৰক্ষণ, পূৰ্ব সৈনিকসকল (ই এছ) ৫%, অক্ষম ব্যক্তিক (পি ডব্লিউ ডি) ৪%, স্বাধীনতা সংগ্ৰামীৰ ওপৰত নিৰ্ভৰশীল লোকক (ডি এফ এফ) ২%, আৰু ৫% চৰকাৰী অনাথ আশ্ৰমত বাস কৰা অনাথ শিশুসকলৰ বাবে সংৰক্ষিত।[84]
অনুসূচিত জাতি/জনজাতিৰ লোকৰ বাবে সংৰক্ষণত কোনো বাদ দিয়া হোৱা নাই।
অ’বিচিৰ লোকসকলৰ বাবে তলত দিয়া শ্ৰেণীসমূহে সংৰক্ষণ ব্যৱস্থাৰ সুবিধা লোৱাৰ অধিকাৰী নহয়:
উৎকৃষ্ট প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় আৰু কৌশলগত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান যেনে চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং, হোমি ভাৱা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ইয়াৰ দহটা গঠনমূলক একক টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (মুম্বাই), উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (শ্বিলং), ভৌতিক গৱেষণা পৰীক্ষাগাৰ (আহমেদাবাদ), বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ (তিৰুৱনন্তপুৰম) আৰু ভাৰতীয় ৰিম'ট চেন্সিং প্ৰতিষ্ঠান (ডেৰাডুন) আদিত উচ্চ শিক্ষাৰ বাবে কোনো সংৰক্ষণ নাই।[87][88] অৱশ্যে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ যেনে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম),[89] ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি),[90] ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (এন আই টি) আৰু ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি)ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়াত সংৰক্ষণৰ ব্যৱস্থা আছে।[91]
২০১৫ চনৰ ২৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আঞ্চলিক কোটা শেষ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু আদালতে আবেদন দাখিলৰ অনুমতি দিয়াৰ পিছত ছুপাৰ-স্পেচিয়েলিটি মেডিকেল পাঠ্যক্ৰমসমূহক কোনো আঞ্চলিক কোটাৰ মৰ্যাদাৰ পৰা "অসংৰক্ষিত, মুকলি আৰু মুক্ত" ৰখাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।[92]
অনুসূচিত জাতি (SC) | অনুসূচিত জনজাতি (ST) | অন্য পিছপৰা শ্ৰেণী (OBC)[93][94][95] | অৰ্থনৈতিকভাৱে দুৰ্বল অংশ (EWS)[96][97][98][99] | |
---|---|---|---|---|
১. ভাৰত চৰকাৰৰ সংৰক্ষণ % | ১৫% | ৭.৫% | ২৭% | ১০% |
২. সংৰক্ষণৰ যোগ্যতাৰ বাবে এই শ্ৰেণীৰ বাবে ‘চৰকাৰী চাকৰি’ৰ মাপকাঠী প্ৰযোজ্য নেকি? | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য। ‘গ্ৰুপ এ’ বা সমতুল্য শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সন্তান অ’বিচি সংৰক্ষণৰ বাবে যোগ্য নহয়। 'গ্ৰুপ বি'ৰ কৰ্মচাৰীৰ বাবেও কিছুমান মাপকাঠী আছে। | প্ৰযোজ্য নহয়। |
৩. সংৰক্ষণৰ যোগ্যতাৰ বাবে এই শ্ৰেণীৰ বাবে ‘আয় সীমা’ৰ মাপকাঠী প্ৰযোজ্য নেকি? | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য। বাৰ্ষিক পৰিয়ালৰ (অন্য) আয়ৰ সীমা ৮ লাখ। কেৱল ‘অন্য আয়’ৰ কথাহে বিবেচনা কৰা হয়। বাৰ্ষিক পৰিয়ালৰ আয় গণনা কৰাৰ সময়ত দৰমহা আৰু কৃষি আয় অন্তৰ্ভুক্ত কৰা হোৱা নাই। | প্ৰযোজ্য। ‘বাৰ্ষিক পৰিয়ালৰ আয় ৮ লাখ' আৰু তাৰ ওপৰৰ সকল যোগ্য নহয়। বাৰ্ষিক পৰিয়ালৰ আয় গণনা কৰাৰ সময়ত সকলো ধৰণৰ আয় – (দৰমহা আৰু কৃষি আয়কে ধৰি) অন্তৰ্ভুক্ত কৰা হয়। |
৪. সংৰক্ষণৰ যোগ্যতাৰ বাবে এই শ্ৰেণীৰ বাবে ‘কৃষিভূমিৰ সীমা’ৰ মাপকাঠী প্ৰযোজ্য নেকি? | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য। ‘৫ একৰ কৃষিভূমি আৰু তাৰ ওপৰৰ’ ভূমি থকা পৰিয়াল যোগ্য নহয়। |
৫. সংৰক্ষণৰ যোগ্যতাৰ বাবে এই শ্ৰেণীৰ বাবে ‘আৱাসিক সমতল এলেকাৰ সীমা’ৰ মাপকাঠী প্ৰযোজ্য নেকি? | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য। ‘১০০০ বৰ্গফুট আৰু তাৰ ওপৰৰ আৱাসিক ফ্লেট’ থকাসকল যোগ্য নহয়। |
৬. সংৰক্ষণৰ যোগ্যতাৰ বাবে এই শ্ৰেণীৰ বাবে ‘আৱাসিক প্লট এলেকাৰ সীমা’ৰ মাপকাঠী প্ৰযোজ্য নেকি? | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য নহয়। | প্ৰযোজ্য। ‘অধিসূচিত পৌৰসভাত ১০০ বৰ্গ গজ আৰু তাৰ ওপৰৰ আৱাসিক প্লট’ থকা পৰিয়ালসমূহ যোগ্য নহয়। ‘অন্য অঞ্চলত ২০০ বৰ্গ গজ আৰু তাৰ ওপৰৰ আৱাসিক প্লট’ থকা পৰিয়ালসমূহ যোগ্য নহয়। |
৭. এই সংৰক্ষিত শ্ৰেণীটো সাধাৰণ (মেধা/ অসংৰক্ষিত) শ্ৰেণীত আবেদন কৰাৰ বাবে যোগ্য নেকি? | হয় | হয় | হয় | হয় |
৮. এই সংৰক্ষিত শ্ৰেণীত সাধাৰণ শ্ৰেণী (অসংৰক্ষিত/ মেধা) আবেদন কৰিবলৈ যোগ্য নেকি? | নহয় | নহয় | নহয় | নহয় |
কেন্দ্ৰীয় চৰকাৰে ২০১১ চনৰ ২২ ডিচেম্বৰত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে বৰ্তমানৰ ২৭% সংৰক্ষণৰ ভিতৰত ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে ৪.৫% উপ-কোটা স্থাপনৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছিল যে যিকেইটা মুছলমান সম্প্ৰদায়ক অ'বিচিৰ মৰ্যাদা প্ৰদান কৰা হৈছে, সেইবোৰ হিন্দু অ'বিচি সম্প্ৰদায়ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব নোৱাৰে।[100] এই ঘোষণাৰ ওপৰত অভিযোগ উত্থাপন হৈছিল যে ২০১১ চনৰ ২৪ ডিচেম্বৰত নিৰ্বাচন আয়োগে পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন ঘোষণা কৰাৰ বাবেই এই সিদ্ধান্ত ঘোষণা কৰা হৈছিল। আদৰ্শ আচৰণ বিধিৰ বাবে চৰকাৰে এই কথা ঘোষণা কৰিব নোৱাৰিলেহেঁতেন। ২০১২ চনৰ ১২ জানুৱাৰীত নিৰ্বাচন আয়োগে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ বাবে এই সিদ্ধান্ত কাৰ্যকৰী কৰাত স্থগিত ৰাখে।[101] পিছত ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ শেহতীয়া সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক অৱস্থাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া চাছাৰ সমিতিৰ মুৰব্বী ন্যায়াধীশ চাছাৰে চৰকাৰী সিদ্ধান্তক সমালোচনা কৰি কয় যে "এনে প্ৰতিশ্ৰুতিৰে সংখ্যালঘুৰ পিছপৰা শ্ৰেণীটোক সহায় নকৰে।" তেওঁ পৰামৰ্শ দিছিল যে চৰকাৰে সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰিৱৰ্তে প্ৰশাসন আৰু শাসন ব্যৱস্থাৰ উন্নতিৰ মৌলিক বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগে।[102]
২০১২ চনৰ ২৮ মে’ত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে উপ-কোটা বাতিল কৰে। আদালতে কয় যে উপ-কোটা কেৱল ধৰ্মীয় দৃষ্টিভংগীৰে কৰা হৈছে আৰু আন কোনো বুজিব পৰা ভিত্তিত কৰা হোৱা নাই। আদালতে এই সিদ্ধান্তক সমালোচনা কৰি কয় যে, "আচলতে আমি সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে যিদৰে যথেষ্ট আকস্মিকভাৱে গ্ৰহণ কৰিছে, তাৰ বাবে আমাৰ যন্ত্ৰণা প্ৰকাশ কৰিব লাগিব।" [103]
১৯৯০ চনৰ মণ্ডল আয়োগৰ প্ৰতিবাদ ভাৰতত জাতিৰ ওপৰত ভিত্তি কৰি চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতা কৰা হৈছিল। কিছুমান বিশেষ জাতিক চৰকাৰী চাকৰি দিয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ আৰম্ভ হৈছিল। এই প্ৰতিবাদত ভাৰতৰ পথ, ঘাইপথ, পৰিবহণ সেৱা, চৰকাৰী সেৱা, বিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰে। সংৰক্ষণ বিৰোধীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। তদানীন্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ এফেৰমেটিভ একচন (ৰিজাৰ্ভেচন)ৰ পৰামৰ্শৰ বাবে মণ্ডল আয়োগৰ আইন কাৰ্যকৰী কৰাৰ প্ৰতিবাদত ১৯৯০ চনৰ অক্টোবৰ মাহত দিল্লী বিশ্ববিদ্যালয়ৰ দেশবন্ধু মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজীৱ গোস্বামীয়ে আত্ম দহনৰ প্ৰচেষ্টা কৰিছিল। তেওঁৰ এই কাৰ্য্যই কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাৱে আত্মদহন কৰাৰ সূচনা কৰে আৰু মণ্ডল আয়োগৰ পৰামৰ্শ অনুসৰি পিছপৰা শ্ৰেণীৰ বাবে চাকৰি সংৰক্ষণৰ বিৰুদ্ধে এক ভয়ংকৰ আন্দোলনৰ সূচনা কৰে। এই প্ৰদিবাদক নিয়ন্ত্ৰণ কৰাত অসমৰ্থ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙে পদত্যাগ কৰিবলৈ বাধ্য হয়।[104]
এই ধৰ্মঘটে মণ্ডল আয়োগৰ প্ৰতিবেদনক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰাত সহায় কৰাৰ লগতে অ’বিচি জাতিৰ ৰাজনৈতিক গোটত ইন্ধন যোগাইছিল, যিয়ে পাছলৈ কংগ্ৰেছ আৰু বিজেপিৰ বাহিৰেও আঞ্চলিক ৰাজনৈতিক দল আৰু শক্তিশালী দলসমূহৰ শক্তিশালীকৰণত যথেষ্ট সহায় কৰিছিল।
ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন বহুদলীয় মিত্ৰজোঁট সংযুক্ত প্ৰগতিবাদী মৰ্চাৰ (UPA) নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ২০০৬ চনত ভাৰতৰ কেন্দ্ৰীয় আৰু ব্যক্তিগত উচ্চ শিক্ষা প্ৰতিষ্ঠানত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এই প্ৰতিবাদ অনুষ্ঠিত হৈছিল। এই পদক্ষেপৰ ফলত বিশেষকৈ উন্নত জাতিৰ ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসকসকলে চৰকাৰৰ এই প্ৰস্তাৱ বৈষম্যমূলক, মেধাভিত্তিক আসন প্ৰদান পৰিত্যাগ কৰা আৰু ভোট-বেংকৰ ৰাজনীতিৰ দ্বাৰা পৰিচালিত বুলি দাবী কৰি ব্যাপক প্ৰতিবাদৰ সূচনা কৰিছিল।
২০২৩ চনৰ ৩ মে' তাৰিখে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক মেইতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি হিচাপে মনোনীত কৰিবলৈ নিৰ্দেশ প্ৰদানৰ প্ৰতিবাদত সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থায়ে আহ্বান জনোৱা "জনজাতি সংহতি যাত্ৰা"ৰ সময়ত চুড়াচান্দপুৰ জিলাত এই সংঘৰ্ষৰ সূচনা হৈছিল। এই সংঘৰ্ষৰ তদন্ত কৰিবলৈ ভাৰত চৰকাৰে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ নেতৃত্বত এটা পেনেল গঠন কৰে। আনহাতে ৰাজ্যপাল আৰু নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙৰ অধীনত নাগৰিক সমাজৰ সদস্যসকলৰ সৈতে এখন শান্তি সমিতি গঠন কৰা হ’ব। কেন্দ্ৰীয় অনুসন্ধান সংস্থায়ে হিংসাত্মক কাৰ্যকলাপৰ ষড়যন্ত্ৰৰ সৈতে জড়িত ছটা গোচৰৰ তদন্ত কৰিব। ইয়াৰ ফলত সংঘৰ্ষৰ মূল কাৰণসমূহ উন্মোচন কৰিবলৈ নিৰপেক্ষ তদন্ত নিশ্চিত কৰা হয়। এই সংঘৰ্ষ ২০২৪ চনলৈ সম্প্ৰসাৰিত হয়।
২০০৮ আৰু ২০১০ চনত ৰাজস্থানৰ গুজ্জাৰ সম্প্ৰদায়ে সংৰক্ষণৰ সুবিধা বৃদ্ধিৰ বাবে অ’বিচিৰ পৰা অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি পুনৰ শ্ৰেণীভুক্ত কৰাৰ দাবী জনাই আন্দোলন কৰিছিল। প্ৰতিবাদকাৰীসকলে ৰাজস্থানৰ ৰাজপথত হিংসাত্মক প্ৰতিবাদ আৰম্ভ কৰি কেইবাটাও ৰেল লাইন অৱৰোধ কৰে। গুজ্জাৰসকলৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ ফলত আৰক্ষী আৰু গুজ্জাৰসকলৰ মাজত আক্ৰমণ-প্ৰতিআক্ৰমণৰ হিংসাত্মক চক্ৰ আৰম্ভ হয়। হিংসাত্মক পৰিস্থিতিৰ বাবে এই প্ৰতিবাদত ৩৭জন লোকৰ মৃত্যু হয়। ৰাজস্থানৰ মূল এছ টি সম্প্ৰদায় মীণাসকলে তেওঁলোকৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছিল। ২০১৯ চনত গুজ্জাৰসকলে ৫% সংৰক্ষণৰ দাবী জনোৱাৰ লগে লগে আন্দোলন পুনৰ আৰম্ভ হয় আৰু ইয়াৰ বাবে তেওঁলোকে ৰে'লপথ অৱৰোধ কৰিছিল।[105]
নব্বৈৰ দশকৰ পৰাই জাটসকলে অ’বিচিৰ মৰ্যাদা বিচাৰি আহিছে। ২০১৬ চনত এই মৰ্যাদা পাবলৈ তেওঁলোকে আন্দোলন আৰম্ভ কৰিছিল। এই উদ্দেশ্যে তেওঁলোকে পথ আৰু ৰেললাইন অৱৰোধ কৰি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে যদিও পিছলৈ প্ৰতিবাদ হিংসাত্মক হৈ পৰে। এই প্ৰতিবাদ দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশ, আনকি ৰাজস্থানলৈও বিয়পি পৰে। হিংসাৰ কেন্দ্ৰবিন্দু আছিল হাৰিয়ানাৰ ৰোহটাক আৰু প্ৰায় এই আন্দোলনৰ ফলত ৩৪০০০ কোটি টকা মূল্যৰ সম্পত্তিৰ ক্ষতিসাধন হয়। লগতে ৩০জন লোকৰ মৃত্যু হয়। আন্দোলনকাৰীসকলৰ হেঁচাত নতশিৰ হৈ হাৰিয়ানা চৰকাৰে জাট আৰু অন্যান্য উচ্চ জাতিৰ বাবে বি চি নামৰ এটা বিশেষ শ্ৰেণী সৃষ্টি কৰে আৰু ১০% সংৰক্ষণ দিয়ে যদিও ন্যায়ালয়ে এই ব্যৱস্থা বন্ধ কৰে।[106]
২০১৫ চনৰ পৰা পাটিদাৰ সম্প্ৰদায়ে (পটেল নামেৰে বেছি পৰিচিত) গুজৰাটত অ’বিচিৰ মৰ্যাদাৰ বাবে আন্দোলন আৰম্ভ কৰে। এই আন্দোলনত হাৰ্দিক পেটেলৰ নেতৃত্বত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল। পিছলৈ এই প্ৰতিবাদসমূহৰ বহুখিনি হিংসাত্মক ৰূপত পৰিণত হয়। এই আন্দোলনৰ ফলত সমগ্ৰ ৰাজ্যতে সান্ধ্য আইন আৰু কোটি কোটি টকাৰ ক্ষতিসাধন হয়। চৰকাৰৰ সৈতে আলোচনা ভংগ হোৱাৰ পিছত হিংসা পুনৰ আৰম্ভ হ’ল। ২০১৬ চনত জাট আন্দোলন আৰম্ভ হোৱাৰ পিছত পাটিদাৰসকলে পুনৰ আন্দোলন আৰম্ভ কৰে আৰু গুজৰাটৰ মাজেৰে পদযাত্ৰাৰ নেতৃত্ব দিয়ে। কিন্তু কেইবাখনো চহৰত প্ৰতিবাদ হিংসাত্মক হৈ পৰে। চৰকাৰে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ৰেপিড একচন বাহিনী পঠিয়াইছিল।[106]
২০১৬ চনৰ জানুৱাৰী মাহত অন্ধ্ৰ প্ৰদেশৰ গাৰ্প সম্প্ৰদায়ে পিছপৰা শ্ৰেণীত শ্ৰেণীভুক্ত কৰিবলৈ প্ৰতিবাদ আৰম্ভ কৰে। টিউনিত গাৰ্পৰ প্ৰতিবাদকাৰীয়ে ৰে'লগাড়ী অগ্নি সংযোগ কৰাৰ লগে লগে আন্দোলন হিংসাত্মক হৈ পৰে।[107] ২০১৯ চনত তেলেগু দেশম পাৰ্টিয়ে ই ডব্লিউ এছ সংৰক্ষণৰ বাহিৰত গাৰ্পছৰ বাবে ৫% উপ-কোটা থকাৰ বাবে বিধেয়ক দাখিল কৰিছিল।[108]
মহাৰাষ্ট্ৰৰ প্ৰধান জাতি মাৰাঠাসকলে নব্বৈৰ দশকৰ পৰাই অ’বিচিৰ মৰ্যাদাৰ বাবে আন্দোলন কৰি আহিছে। ২০১৬ চনত কোপাৰ্ডিত ১৫ বছৰীয়া মাৰাঠা কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ পিছত সমগ্ৰ মহাৰাষ্ট্ৰতে মাৰাঠা সমাজে ব্যাপক প্ৰতিবাদৰ আয়োজন কৰিছিল। অভিযুক্তৰ বাবে মৃত্যুৰ লগতে ৰাজ্যখনৰ জনসংখ্যাৰ ১৬% মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা তেওঁলোকৰ দাবীৰ ভিতৰত অন্যতম আছিল। ২০১৭ আৰু ২০১৮ চনত কিছুমান পথ অৱৰোধ হিংসাত্মক হৈ পৰিছিল যদিও সামগ্ৰিকভাৱে প্ৰতিবাদ শান্তিপূৰ্ণ আছিল। মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকৰ বাবে ১৬% সংৰক্ষণৰ সৈতে বিশেষ সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী সৃষ্টি কৰাত তেওঁলোকৰ দাবী পূৰণ হৈছিল। পিছলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে মাৰাঠাসকলৰ বাবে এস ই বি চিৰ সংৰক্ষণক অসাংবিধানিক বুলি ঘোষণা কৰে।[109]
অসমৰ ছয়টা খিলঞ্জীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে।[110] অসমৰ ছটা জনগোষ্ঠী – টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু চাহ জনগোষ্ঠীয়ে জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে অহৰহ পোষকতা কৰি আহিছে আৰু ছয় জনগোষ্ঠী যৌথ মঞ্চ নিৰ্মাণ কৰে।[111] প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব ভাষা, ৰীতি-নীতি, পৰম্পৰা আৰু উৎসৱ আছে, যিবোৰক সুকীয়া সাংস্কৃতিক সত্তা হিচাপে চিহ্নিত কৰা হয়।[112] এছ টিৰ মৰ্যাদাই তেওঁলোকৰ অনন্য ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰাত সহায় কৰিব বুলি জনগোষ্ঠী সমূহে মত পোষণ কৰিছে।
কিছুমান বিশেষ গোট সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা হোৱা সংৰক্ষণ প্ৰদানৰ অন্যতম প্ৰধান কাৰণ। তেওঁলোকৰ জনসংখ্যাৰ অসমতাপূৰ্ণ বৃদ্ধি তেওঁলোকৰ পিছপৰাৰ এটা কাৰণ। পৰিয়ালত অধিক সংখ্যক লোকৰ ফলত সেই পৰিয়ালটোৰ সামাজিক আৰু অৰ্থনৈতিক পিছপৰা অৱস্থা বৃদ্ধি পায়।
উদাহৰণস্বৰূপে:
যদি কোনো একৰ মাটি থকা আৰু দহটা সন্তান থকা পৰিয়ালৰ মুৰব্বীয়ে প্ৰত্যেকেই একৰৰ ১/ ১০ ভাগ মাটি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে। কিন্তু এজন ব্যক্তিৰ যদি মাত্ৰ এটা সন্তান থাকে, তেন্তে সেই সন্তানে গোটেই এক একৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে। ভাৰতৰ সংৰক্ষণ নীতি অনুসৰি যিসকলৰ ১/১০ একৰ মাটি আছে তেওঁলোকক অধিক পিছপৰা বুলি গণ্য কৰা হয়। তেওঁলোকৰ পৰিয়ালত মানুহৰ সংখ্যা বেছি হোৱাৰ বাবে তেওঁলোক অধিক পিছপৰা হৈ পৰিল। এইদৰে সংৰক্ষণ প্ৰদানৰ বৰ্তমানৰ প্ৰথাই এই ধাৰণা আৰু প্ৰথাক জনপ্ৰিয় কৰি তোলে যে পৰিয়ালৰ আকাৰ যিমানেই ডাঙৰ হ’ব সিমানেই সংৰক্ষণৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা বেছি।
তলত এটা উদাহৰণ দিয়া হ'ল:
(ক) ১৮৮১ আৰু ২০১১ চনত পালাক্কাড পৌৰসভাত ধৰ্মভিত্তিক জনসংখ্যাৰ বিতৰণ (আৰ হিল, চৰকাৰী প্ৰেছ, ১৮৮৭ৰ দ্বাৰা প্ৰকাশিত উইলিয়াম লগানৰ ‘মালাবৰ মেনুৱেল’ আৰু ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়লৰ তথ্য অনুসৰি)।
১৮৮১ চন | জনসংখ্যা% | ২০১১ চন | জনসংখ্যা % | |
ধৰ্ম ক | ৩০,৪২৪ | ৮৩.৭২% | ৮৯,০৯৮ | ৬৮% |
ধৰ্ম খ | ৪,৮৫৪ | ১৩.৩% | ৩৬,৬২০ | ২৭.৯% |
ধৰ্ম গ | ১,০৬১ | ২.৯১% | ৫,০০৬ | ৩.৮% |
অন্য | ০.৩% | |||
মুঠ | ৩৬৩৩৯ |
(খ) ১৯৬১ আৰু ২০১১ চনত থ্ৰিছুৰ জিলাত ধৰ্ম অনুসৰি জনসংখ্যাৰ শতকৰা বিতৰণ (চৰকাৰী লোকপিয়লৰ তথ্য অনুসৰি)।
১৯৬১ চনৰ লোকপিয়ল[113] | ২০১১ চনৰ লোকপিয়ল[114] | |
ধৰ্ম ক | ৬৩.১৩% | ৫৮.৪২% |
ধৰ্ম বি | ১১.৭৪% | ১৭.০৭% |
ধৰ্ম গ | ২৫.১৩% | ২৪.২৭% |
অন্য | ০.২৪% |
(গ) ১৯৬১ আৰু ২০১১ চনত কেৰালাত ধৰ্ম অনুসৰি জনসংখ্যাৰ শতকৰা বিতৰণ (চৰকাৰী লোকপিয়লৰ তথ্য অনুসৰি)।
১৯৬১ চনৰ লোকপিয়ল[115] | ২০১১ চনৰ লোকপিয়ল[116] | |
ধৰ্ম ক | ৬০.৯% | ৫৪.৭৩% |
ধৰ্ম বি | ১৭.৯% | ২৬.৫৬% |
ধৰ্ম গ | ২১.২% | ১৮.৩৮% |
অন্য/ কোনো নাই | ০.৩২% |
(ঘ) ১৯৫১ আৰু ২০১১ চনত ভাৰতত ধৰ্ম অনুসৰি জনসংখ্যাৰ শতকৰা বিতৰণ (চৰকাৰী লোকপিয়লৰ তথ্য অনুসৰি)।
১৯৫১ চনৰ লোকপিয়ল | ২০১১ চনৰ লোকপিয়ল | |
ধৰ্ম ক | ৮৪.১% | ৭৯.৮% |
ধৰ্ম খ | ৯.৮% | ১৪.২% |
ধৰ্ম গ | ২.৩% | ২.৩% |
ধৰ্ম ঘ | ০.৭৪% | ০.৭% |
ধৰ্ম ঙ | ০.৪৬% | ০.৪% |
ধৰ্ম চ | ১.৯% | ১.৭% |
অন্য/ ধৰ্ম উল্লেখ কৰা হোৱা নাই | ০.৪৩% | ০.৯% |
ওপৰৰ তালিকাসমূহৰ তথ্যৰ পৰা দেখা যায় যে উপৰ্যুক্ত সকলো শ্ৰেণীতে – পৌৰসভা পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ‘ধৰ্মখ’ৰ জনসংখ্যাৰ শতকৰা হাৰ বৃদ্ধি পাইছে। ধৰ্ম বি, জনসংখ্যাৰ অসমতাপূৰ্ণ বৃদ্ধিৰ পিছতো ভাৰতত অন্যান্য পিছপৰা শ্ৰেণীৰ সদস্য হিচাপে সংৰক্ষণৰ সুবিধা লাভ কৰে।
ওপৰৰ তালিকাসমূহত দিয়া তথ্যসমূহৰ ধৰ্মীয় ৰেখাৰ ওপৰত ভিত্তি কৰি সংৰক্ষণৰ সৈতে সংযোগ আছে যদিও কিছুমান বিশেষ জাতি গোটৰ বাবেও একেধৰণৰ তথ্য থাকিব পাৰে। এইদৰে এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে বৰ্তমানৰ সংৰক্ষণ পদ্ধতিয়ে এই ধাৰণাটোক প্ৰসাৰিত কৰে যে মুঠ জনসংখ্যাৰ শতাংশ হিচাপে এটা গোটৰ জনসংখ্যা যিমানেই বেছি হ’ব সিমানেই এই গোটটোৱে অধিক সংৰক্ষণৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা বেছি।