কোনো মোকৰ্দমাৰ উভয় পক্ষই যদি অনুসূচীত জনজাতিৰ লোক হয়, তেন্তে স্বায়ত্বশাসিত জিলা পৰিষদে গোচৰৰ শুনানীৰ বাবে আদালত গঠনৰ আৰু সৰ্বোচ্চ পাঁচ বছৰতকৈ কম দিনৰ বাবে কাৰাদণ্ড বিহাৰ ক্ষমতা আছে।[4]
উত্তৰ চেণ্টিনেল দ্বীপ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্তৰ্গত এক দ্বীপ। এই দ্বীপটো সমগ্ৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন শেষ নৃগোষ্ঠীবোৰৰ অন্যতম চেণ্টেনেলী লোকসকলৰ গৃহভূমি। তেওঁলোকে অন্য লোকসকলৰ সৈতে সংস্পৰ্শত আহিব নিবিচাৰে আৰু বাস্তৱিকতে তেওঁলোক আধুনিক সভ্যতাৰ পৰা শত যোজন দূৰত বাস কৰে। এই জনগোষ্ঠীটোৰ সৈতে কেতিয়াও কোনো চুক্তি হোৱা নাই বা অধিগ্ৰহণ কৰিব বিচৰাৰো কোনো তথ্য নাই।
আন্দামান নিকোবৰৰ স্থানীয় চৰকাৰৰ মতে চেণ্টিনেলী লোকসকলৰ জীৱন-ধাৰা আৰু বাসস্থানত হস্তক্ষেপ কৰাৰ কোনো উদ্দেশ্য তেওঁলোকৰ নাই। [6] ২০০৪ চনৰ ডিচেম্বৰত হোৱা চুনামীত দ্বীপটো মাৰাত্মকভাবে ক্ষতিগ্ৰস্থ হলেও চেণ্টেনেলী লোকসকলৰ সহজাত দক্ষতাৰ গুণত প্ৰাণহানি হোৱা নাছিল। দুৰ্যোগ সংঘটিত হোৱাৰ কেইদিনমান পিছত চৰকাৰী হেলিকপ্টাৰেৰে কৰা পৰ্যবেক্ষণত এই কথা নিশ্চিত কৰা হৈছিল। বৰঞ্চ হেলিকপ্টাৰখনলৈ চেণ্টিনেলী লোকসকলে শত্ৰু গণ্য কৰি ধনুকাড় নিক্ষেপ কৰিছিল।
যদিও এই সংক্ৰান্তত কোনো আনুষ্ঠানিক চুক্তি কৰা হোৱা নাই, ন্যূনতম হস্তক্ষেপৰ চৰকাৰী নীতিয়ে কেন্দ্ৰীয় আৰু স্থানীয় চৰকাৰৰ পৰিগাঁথনিৰ মাজত উত্তৰ চেণ্টেনেল দ্বীপৰ বাসিন্দাসকলে কাৰ্যতঃ স্বায়ত্বশাসন আৰু সাৰ্বভৌমত্ব লাভ কৰাটো নিশ্চিত কৰিছে। [7]