![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ভাৰ্জিনিয়া উল্ফ | |
---|---|
![]() ১৯০২ চনত উল্ফ | |
জন্ম | এডেলাইন ভাৰ্জিনিয়া ষ্টিফেন ২৫ জানুৱাৰী, ১৮৮২ South Kensington, লণ্ডন, ইংলেণ্ড |
মৃত্যু | ২৮ মাৰ্চ, ১৯৪১ (৫৯ বছৰ) Lewes, ইংলেণ্ড |
পেচা |
|
মাতৃশিক্ষায়তন | কিংচ' কলেজ, লণ্ডন |
উল্লেখনীয় কৰ্মৰাজি |
|
দাম্পত্যসংগী | Leonard Woolf (বি. ১৯১২) |
আত্মীয়-স্বজন | তালিকা
|
স্বাক্ষৰ | ![]() |
এডেলাইন ভাৰ্জিনিয়া উল্ফ (ইংৰাজী: Adeline Virginia Woolf) আছিল বিংশ শতাব্দীৰ এগৰাকী ইংৰাজী সাহিত্যিক। তেওঁক আধুনিকতাবাদী তথা চেতনা-স্ৰোত ধাৰাৰ অন্যতম বাটকটীয়া হিচাপে গণ্য কৰা হয়। [1]
১৮৮২ চনত লণ্ডনৰ এটি প্ৰখ্যাত পৰিয়ালত ভাৰ্জিনিয়া উল্ফৰ জন্ম হয়। উল্ফ আছিল পিতৃ-মাতৃৰ কনিষ্ঠ সন্তান। তেওঁৰ পিতৃ লেছলি ষ্টেফেন (Leslie Stephen) আছিল এগৰাকী প্ৰবন্ধকাৰ। সেয়ে ভাৰ্জিনিয়াই নিজৰ ঘৰতে জন্মলগ্নৰে পৰা এটি সাহিত্যিক পৰিৱেশ পাইছিল। উল্ফে তেওঁলোকৰ গ্ৰীষ্মকালীন ঘৰৰ পৰা প্ৰথম Godrevy Lighthouse দেখা পাইছিল আৰু পাছলৈ তেখেতৰ উপন্যাস টু দ্য লাইটহাউছ (To the Lighthouse) লিখিবলৈ প্ৰভাৱান্বিত হৈছিল।[2]
১৮৯৫ চনত উল্ফৰ তেৰ বছৰ বয়সত তেওঁৰ মাতৃৰ বিয়োগ ঘটে। মাতৃৰ বিয়োগত উল্ফ মানসিকভাৱে ভাগি পৰে আৰু গোটেই জীৱনজুৰি এই বেদনাই তেওঁক ভাৰাক্ৰান্ত কৰি ৰাখে। [3]