ভীমকল Musa balbisiana | |
---|---|
ভীমকলৰ গছ | |
ভীমকল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Zingiberales |
পৰিয়াল: | Musaceae |
গণ: | Musa |
প্ৰজাতি: | M. balbisiana |
বৈজ্ঞানিক নাম | |
Musa balbisiana Colla 1820 | |
Original native ranges of the ancestors of modern edible bananas: M. acuminata is shown in green and M. balbisiana in orange.[1] |
ভীমকল এবিধ সুস্বাদু কল আৰু এটি অতি বহুলভাৱে ব্যৱহৃত বনৌষধি। অন্যান্য কলৰ প্ৰজাতিৰ পৰা পৃথক হোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ মৌলিক আৰু আকাৰত ডাঙৰ বীজ বা গুটি। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়।[2] ইয়াক অকল খাদ্য হিচাপেই নহয় আন আন বহু কাৰণটো ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ইয়াৰ বাকলিক খাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
ই বেছিভাগ খেতি কৰা কলতকৈ অধিক ৰসাল, দীঘল আৰু শকত গা-গছৰ হোৱা দেখা যায়। কলপাতবোৰৰ আকাৰ দীঘল আৰু বহল। কলফুলবোৰ মেৰুণ ৰঙৰ। ভীমকলত সাধাৰণতে বীজৰ সংখ্যা অধিক। ফলৰ সোৱাদ মিঠা। ভীমকলৰ ডিল এবিধ আইৰণ যুক্ত পাচলি।
ইয়াক প্ৰথমবাৰৰ বাবে ১৮২০ চনত ইটালীৰ উদ্ভিদবিজ্ঞানী লুইজি এলয়ছিয়াছ ক'লাই বৈজ্ঞানিকভাৱে বৰ্ণনা কৰিছিল।[3] এইবিধ কলৰে বিভিন্ন প্ৰকাৰ (varieties) উপলব্ধ।
এইবিধ প্ৰজাতিৰ কল পূব দক্ষিণ এছিয়া, ভাৰতীয় উপমহাদেশৰ পূব অঞ্চল, উত্তৰ দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীনৰ স্থানীয় অঞ্চলত পোৱা যায়। প্ৰৱৰ্তিত গছৰসংখ্যাৰ ভিতৰত বন্যপ্ৰজাতি বিদ্যমান, যিবোৰ স্থানীয় পৰিসৰৰ পৰা যথেষ্ট বাহিৰৰ।[4]
ভীমকল সাধাৰণতে ফল হিচাপে খোৱা হয় যদিও ইয়াৰ বিভিন্ন অংশসমূহ বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। কলখাৰ বা কলাখাৰ, কলপচলা, কলডিল, কলৰ পাত, ডোং আদি হৈছে ইয়াৰ উদাহৰণ।