ভেদাই লতা (Skunkvine) | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Rubiaceae |
গণ: | Paederia |
প্ৰজাতি: | P. foetida |
বৈজ্ঞানিক নাম | |
Paederia foetida L.[1] | |
সমাৰ্থক | |
|
ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু[3]) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।[4]
এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গন্ধ (sulphurous odour) ওলায়। এই গন্ধৰ কাৰণ হ’ল ভেদাই লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে। মোহোৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গন্ধ ওলায়।[5][6] এইকাৰণতে লতাবিধক অসমৰ বিভিন্ন অঞ্চল বিশেষে পাদুৰী লতা, পাদ্ৰী লেৱা, পাত ভাদুলী আদি বিভিন্ন নামেৰে জনা যায়।
ভেদাই লতা ক্ৰান্তীয় এছিয়াৰ থলুৱা উদ্ভিদ কিন্তু বৰ্তমান পলনেছিয়া, মেলানেছিয়া আৰু উত্তৰ আমেৰিকাতো পোৱা গৈছে।[2] এছিয়াৰ বাংলাদেশ, ভূটান, কম্বোডিয়া, টাইৱান, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, লাওছ, মালয়েছিয়া, নেপাল, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু ভিয়েটনামত এই লতাবিধ পোৱা যায়।[2]
ভেদাই লতাৰ মূল লতাডালে গছৰ ওপৰলৈ আৰোহণ কৰোঁতে ঘড়ীৰ কাঁটাৰ বিপৰীতমুখী পথ অনুসৰণ কৰে। পাতবিলাক পত্ৰবৃন্তত বিপৰীতমুখ, দৈৰ্ঘ্য প্ৰায় ৬ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ২ ছেণ্টিমিটাৰ।[3]
এই লতাৰ ফুল গুলপীয়া আৰু ফুলৰ মুখ বেঙুণীয়া। ইয়াৰ দলমণ্ডল বেহি সদৃশ। বেটুপাতৰ দাঁত সূক্ষ্ম, সাধাৰণতে তিনিকোণীয়া। নলীৰ অন্তৰভাগ লোমযুক্ত।
ভেদাই লতাৰ ফল বৃত্তাকাৰ, ৰঙচুৱা, শোটোৰাপৰা আৰু পাখিযুক্ত।[3]
ভেদাই লতা পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হয়।[7] তদুপৰি ভাৰতৰ উত্তৰ-পূব আৰু পূবৰ ৰাজ্যকেইখনত এই লতা পৰম্পৰাগত খাদ্যতো ব্যৱহাৰ কৰা হয়।