ভৱানন্দ ডেকা | |
---|---|
জন্ম | ১৯ আগষ্ট, ১৯২৯ গুৱাহাটী, অসম, ভাৰত |
মৃত্যু | ০৪ ডিচেম্বৰ, ২০০৬ |
পেচা | অৰ্থনীতিবিদ, শিক্ষাবিদ, সাহিত্যিক |
কাৰ্যকাল | ১৯২৯–২০০৬ |
ভৱানন্দ ডেকা (ইংৰাজী: Bhabananda Deka) (১৯২৯-২০০৬) এজন অসমীয়া লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তেখেতে ১১৪খন অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সাহিত্য সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ, পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰিছে।[1][2] তেখেত অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি। ১৯৬৩ চনত তেখেতে এই গ্ৰন্থখন প্ৰকাশ কৰিছিল।[1]
১৯২৯ চনৰ ১৯ আগষ্টত অবিভক্ত কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ ব্যাসকুচি সত্ৰত ভৱানন্দ ডেকাৰ জন্ম হয়।[3] তেখেতৰ দেউতাক আছিল বালিৰাম পাঠক আৰু মাক Sayatri Bala Pathak। বৰপেটা চৰকাৰী বিদ্যালয়ৰ পৰা তেখেত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটন মহাবিদ্যালয়ৰ পৰা তেখেতে ১৯৫৪ চনত অৰ্থনীতিৰ স্নাতক পৰীক্ষাত আৰু ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়তে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে নিজৰ ঠাইলৈ উভতি গৈ ভট্টদেৱ মিলন সমিতিৰ সম্পাদকৰূপে কাম কৰে আৰু ব্যাসকুচিত প্ৰথমটো পুথিভঁৰাল (ভট্টদেৱ পুথিভঁৰাল) স্থাপন কৰাত আগভাগ লয়।
১৯৫৮ চনৰ ১ ছেপ্টেম্বৰত ভৱানন্দ ডেকাই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপকৰূপে যোগদান কৰে। ১৯৯২ চনত তেখেতে একেখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেত সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত কাম কৰি থকা কালতে তেখেতে এবছৰৰ ছুটী লৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰে। তেখেতে অসমৰ আন চাৰিখন স্নাতক আৰু স্নাতকোত্তৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপেও বিভিন্ন সময়ত কাম কৰিছিল।
১৯৬৮ চনত পৰীক্ষিত হাজৰিকা আৰু উপেন্দ্ৰ নাথ গোস্বামীৰ সতে মিলি তেখেতে দিল্লীত অসমীয়া সহিত্য সমাজ প্ৰতিষ্ঠা কৰে। দিল্লী বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগত অসমীয়া ভাষাৰ সুকীয়া বিভাগ খোলাতো তেখেতে আগভাগ লৈছিল।
শংকৰী আৰু লোক-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ডেকাই বৰপেটা জিলাত বেলবাৰী সত্ৰ স্থাপনত সহায় কৰিছিল। তেখেতে মহাপুৰুষ শংকৰদেৱ আৰু শংকৰী কৃষ্টি বিষয়ক শতাধিক প্ৰবন্ধ লিখি গৈছে। তেখেতে কীৰ্তন ঘোষা গ্ৰন্থখন অসমীয়াৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰি উলিয়াইছিল।[4]
অসম সাহিত্য সভাৰ এজন সক্ৰিয় সদস্য ডেকাক ১৯৮২ চনত কামৰূপ সাহিত্য সভাৰ সভাপতি নিৰ্বাচন কৰা হৈছিল।
তেখেত "আমি" (১৯৪৮), "উদয়গিৰি", "ৰাষ্ট্ৰজ্যোতি", "গোবিন্দ" আদিৰ আলোচনীৰ সম্পাদক হিচাপেও কাম কৰিছিল।
২০০৬ চনৰ ৪ ডিচেম্বৰত তেখেতে বাৰ্ধক্যজনিত ৰোগত গুৱাহাটীৰ পূব শৰণীয়াৰ নিজা বাসগৃহত মৃত্যুবৰণ কৰে।[5][6] [7] [8] [9] [10] [11] [12]
তেখেতৰ মৃত্যুৰ পিছত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে প্ৰতিবছৰে 'ভৱানন্দ ডেকা সোঁৱৰণী বক্তৃতা' অনুষ্ঠিত কৰি আহিছে।[13]
ভৱানন্দ ডেকাই অসম চৰকাৰৰ দ্বাৰা ২০০৪ বৰ্ষত সাহিত্য পেঞ্চন আৰু সাহিত্যিক পুঁজি লাভ কৰিছিল। [14]