মক্কা مكة المكرمة মক্কা আল-মুক্কৰমহ বাক্কাঃ |
|
---|---|
মক্কাৰ পবিত্ৰ নগৰ | |
অন্য নাম: ওম আল-কুৱাৰা (أم القرى, "Mother of All Settlements") | |
ভৌগোলিক স্থানাংক: 21°25′N 39°49′E / 21.417°N 39.817°Eস্থানাংক: 21°25′N 39°49′E / 21.417°N 39.817°E | |
ৰাষ্ট্ৰ | চৌদি আৰৱ |
অঞ্চল | মক্কা অঞ্চল |
প্ৰতিষ্ঠাপক | প্ৰ'ফেট ইছমাইল, আব্ৰাহামৰ পুত্ৰ (ইছলামিক পৰম্পৰা) |
চৰকাৰ | |
- মেয়ৰ | ওছামা আল-বাৰ |
- প্ৰাদেশিক ৰাজ্যপাল | মিছাল বিন আব্দুল্লা আল ছৌড |
মাটিকালি[1] | |
- নগৰ | ৭৬০ কি.মি.২ (২৯৩.৪ বৰ্গ মাইল) |
- চহৰাঞ্চল | ৮৫০ কি.মি.২ (৩২৮.২ বৰ্গ মাইল) |
- মহানগৰ | ১,২০০ কি.মি.২ (৪৬৩.৩ বৰ্গ মাইল) |
উচ্চতা | ২৭৭ মিটাৰ (৯০৮.৭৯ ফুট) |
জনসংখ্যা (২০১০)[2] | |
- চহৰ | ১৬,৭৫,৩৬৮ জন |
- জনঘনত্ব | ২,২০৪.৪ প্ৰতি বৰ্গ কি.মি. (৫,৭০৯.৫ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | AST |
অঞ্চল কোড | (+৯৬৬) ১২ |
ৱেবছাইট | www |
মক্কা (ইংৰাজী: Mecca; /ˈmɛkə/; আৰবী: مكة) হৈছে চৌদি আৰৱৰ হিজাজত অৱস্থিত এখন নগৰ।[3] মক্কা হৈছে দেশৰ মাকাহ অঞ্চলৰ ৰাজধানী। এই নগৰখন জেদাহৰ পৰা প্ৰায় 70 km (43 মাইল) দূৰৈৰ এটা ঠেক উপত্যাকাত, সমূদ্ৰ পৃষ্ঠৰ পৰা 277 মিটাৰ (909 ফুট) উচ্চতাত অৱস্থিত। ২০১২ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ২ নিযুত। মুছলিম সকলৰ বাৰ্ষিক হজ্জৰ সময়ত প্ৰতি বছৰে ইয়াতকৈ প্ৰায় তিনিগুণতকৈও অধিক লোকৰ সমাৱেশ ঘটে।
মুহাম্মাদ(ছাঃ)ৰ জন্মস্থান তথা কোৰআনৰ প্ৰথম ৰহস্য উৎঘটনৰ স্থান (বিশেষকৈ, মক্কাৰ পৰা 3 km (1.9 মাইল) দূৰৈত অৱস্থিত এটা গুহাত) হিচাপে,[4][5] মক্কা হৈছে ইছলাম ধৰ্মৰ আটাইতকৈ পবিত্ৰতম নগৰ।
মক্কা সমুদ্ৰপৃষ্ঠৰ পৰা 277 মিটাৰ (909 ফুট) উচ্চতাত অৱস্থিত। লোহিত সাগৰৰ পৰা মক্কাৰ দূৰত্ব হৈছে প্ৰায় 80 km (50 মাইল)।[6] পৰ্বতৰ মাজৰ এটা অঞ্চলত কেন্দ্ৰিয় মক্কা অৱস্থিত, ইয়াক প্ৰায়ে "হ'লৌ অৱ মক্কা" বুলি কোৱা হয়। এই অঞ্চলটোত আল টানিম উপত্যাকা, বাক্কাহ উপত্যাকা আৰু আবকুৱাৰ উপত্যাকা আছে। মক্কাৰ পাৰম্পৰিক ঘৰবোৰ স্থানীয় শিল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয় আৰু ঘৰবোৰ সাধাৰণতে দুইৰ পৰা তিনি মহলীয়া হোৱা দেখা যায়। বৰ্তমান মক্কাৰ মুঠ কালি প্ৰায় 1,200 বৰ্গ কি.মি. (1.2×109 বৰ্গ মিটাৰ)তকৈও অধিক।[7]
মক্কাৰ বৈশিষ্ট্য হৈছে এক গৰম মৰুভূমিৰ জলবায়ু। আৰৱৰ অন্য দেশবোৰৰ দৰে শীত কালতো অঞ্চলটো যথেষ্ট গৰম হৈ থাকে। ইয়াত দৈনিক গড় তাপমান ৰাতি ১৮ °ছেলছিয়াছ (৬৪ °ফা) আৰু পিছবেলা প্ৰায় ৩০ °ছেলছিয়াছ (৮৬ °ফা) পৰ্যন্ত হয়। গীষ্মকালত ইয়াৰ উষ্ণতা অত্যধিক বাঢ়ি যায়; পিছবেলা প্ৰায় ৪০ °ছেলছিয়াছ (১০৪ °ফা) পৰ্যন্ত হয়, সন্ধিয়া ৩০ °ছেলছিয়াছ (৮৬ °ফা)লৈ নামি আহে। মক্কাত সাধাৰণতে নৱেম্বৰৰ পৰা জানুৱাৰীৰ মাজভাগত সামান্য পৰিমাণৰ বৰষুণ হয়।
সকলো তীৰ্থযাত্ৰীক চৌদি চৰকাৰৰ তৰফৰ পৰা মুক্ত স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। মক্কাত দহখন চিকিৎসালয় আছে। :[11]
ইয়াত তীৰ্থযাত্ৰী তথা আৱাসী সকলৰ বাবে আৰু বহুতো চিকিৎসা কেন্দ্ৰ আছে।
মক্কাত পুৰুষ আৰু মহিলাৰ শিক্ষাৰ বাবে বহুতো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে। ২০০৫ চনৰ তথ্য মতে ইয়াত পুৰুষৰ বাবে ৫৩২খন চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান আৰু মহিলাৰ বাবে অন্য ৬৮১খন শিক্ষানুষ্ঠান আছে। চৰকাৰী তথা ব্যক্তিগত উভয় খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাৰ মাধ্যম হৈছে আৰৱিক, ইয়াত ইংৰাজীক দ্বিতীয় ভাষা হিচাপে শিক্ষা প্ৰদান কৰা হয়। কিন্তু আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ দৰে বিদেশী সমাজৰ দ্বাৰা প্ৰতিষ্ঠা কৰা কিছুমান ব্যক্তিগত বিদ্যালয়ত ইংৰাজী মাধ্যমেৰেও শিক্ষা প্ৰদান কৰা হয়। অন্য বিদ্যালয়সমূহত পুৰষ আৰু মহিলাক একেলগে শিক্ষা প্ৰদান নকৰে যদিও এই বিদ্যালয়সমূহত পুৰুষ-মহিলাক একেলগে পাঠদান কৰা হয়। ওম আল-কুৱাৰা বিশ্ববিদ্যালয় হৈছে উচ্চ শিক্ষাৰ বাবে নগৰখনত থকা একমাত্ৰ বিশ্ববিদ্যালয়। ১৯৪৯ চনত ইয়াক এখন মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯৭৯ চনত ইয়াক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।