মছলা দোচা

মছলা দোচা

চাটনি, চাম্বৰ আৰু আলুৰ তৰকাৰীয় সৈতে মছলা দোচা
প্ৰকাৰ খাদ্য
প্ৰকাৰ চাটনু, চাম্বৰ, আলুৰ তৰকাৰী
অঞ্চল উডুপি, কৰ্ণাটক
পৰিবেশনৰ উষ্ণতা গৰম
মুখ্য উপাদান চাউল আৰু বিভিন্ন মাহজাতীয় শস্য (মাটি মাহ, কলা মাহ, বুট), বিভিন্ন মছলা (মেথি, ৰঙা মৰিচা)ৰ মিশ্ৰণ কৰা মণ্ড
ভিন্ন প্ৰকাৰ ৰাৱা মছলা দোচা, অনিয়ন মছলা দোচা, পেপাৰ মছলা দোচা

মছলা দোচা (ইংৰাজী: Masala dosa) কৰ্ণাটকৰ উডুপি চহৰৰ পৰা উৎপত্তি হোৱা দক্ষিণ ভাৰতৰ এক খাদ্য।[1][2][3] ইখন চহৰৰ পৰা সিখন চহৰলৈ ৰেচিপিৰ মাজত পাৰ্থক্য থাকিলেও,[4] মূল ৰেচিপিটো সাধাৰণতে সামান্য সিজোৱ চাউল, প'হা আৰু বিভিন্ন মাহজাতীয় শস্য (ক'লা চকা, পামাটি মাহ, চানা বা বুট)ৰ গুড়ি কৰি তিয়াই কৰা উপকৰণৰ পৰা আৰম্ভ হয় আৰু সোৱাদৰ বাবে বিভিন্ন মছলা, যেনে মেথি আৰু শুকান ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰা হয়। পৰম্পৰাগতভাৱে আলুৰ তৰকাৰী, চাটনি আৰু চাম্বাৰৰ সৈতে পৰিৱেশন কৰা এইবিধ খাদ্য দক্ষিণ ভাৰতত ব্ৰেকফাষ্টৰ এক সাধাৰণ খাদ্য বস্তু,[5] যদিও ইয়াক দেশৰ আন বহু ঠাইত[4][6] আৰু বহিঃৰাজ্যতো পোৱা যায়।[7][8] এটা সাধাৰণ ভিন্নতা হ’ল পাতল মছলা দোচা, যিটো পাতল বেটাৰেৰে তৈয়াৰ কৰা হয়, যাৰ ফলত এটা ক্ৰিস্পাৰ, প্ৰায় কাগজৰ দৰে পাতল চূড়ান্ত সামগ্ৰী পোৱা যায়।

প্ৰস্তুতি

[সম্পাদনা কৰক]

চাউল আৰু মাটি মাহৰ দাইল ৰাতিটো পানীত তিয়াই থৈ, তাৰ পিছত পিহি মণ্ড কৰি তৈয়াৰ কৰা হয়। মণ্ডটো ৰাতিটোৰ বাবে থৈ কোমল কৰি লোৱা হয়। ডোছা বনাবলৈ মণ্ডটো গৰম টাৱাত লেডল বা বাটি ব্যৱহাৰ কৰি বিস্তাৰ কৰা হয়। ইয়াক খৰখৰীয়া হোৱালৈকে পেনত ৰোষ্ট কৰি আলুৰ তৰকাৰী, চাটনি বা সাম্বৰৰ সৈতে পৰিৱেশন কৰা হয়।

ভিন্নৰূপী মছলা দোচা

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Socians, The (2019-11-15). "Origin of Masala Dosa: Know How From a Sin Accompanied by a Bad Habit to Delicious South Indian Food" (en ভাষাত). Socians. Archived from the original on 2022-11-17. https://web.archive.org/web/20221117054423/https://www.thesocians.com/post/origin-of-masala-dosa-know-how-from-a-sin-accompanied-by-a-bad-habit-to-delicious-south-indian-food। আহৰণ কৰা হৈছে: 2022-11-17. 
  2. "India's new offering to curry Western flavor". Asia Times Online. 2004-02-02. Archived from the original on 2004-02-02. https://web.archive.org/web/20040202122118/http://atimes.com/atimes/South_Asia/FA24Df05.html। আহৰণ কৰা হৈছে: 2023-01-22. 
  3. Nair, P. Thankappan (2004) (en ভাষাত). South Indians in Kolkata: History of Kannadigas, Konkanis, Malayalees, Tamilians, Telugus, South Indian Dishes, and Tippoo Sultan's Heirs in Calcutta. Punthi Pustak. ISBN 978-81-86791-50-9. https://books.google.com/books?id=swNuAAAAMAAJ. 
  4. 4.0 4.1 Ramnath, N.S.. "American Dosa". https://www.forbes.com/2010/12/16/forbes-india-hunt-for-perfect-dosa-in-nyc.html. 
  5. Praveen, M. P.; Krishnakumar, G. (13 June 2014). "Masala dosa slips out of reach". The Hindu (Chennai, India). http://www.thehindu.com/news/cities/Kochi/masala-dosa-slips-out-of-reach/article6110691.ece. 
  6. "What A Masala dosa Costs Around The World". Huffingtonpost IndiaHuffingtonpost.in. 16 March 2015. http://www.huffingtonpost.in/2015/03/16/masala-dosa-sarvana-bhava_n_6875582.html. 
  7. Romig, Rollo (7 May 2014). "Masala dosa to Die For". https://www.nytimes.com/2014/05/11/magazine/masala-dosa-to-die-for.html?_r=0. 
  8. "Dosa's complex spices hit the spot". San Francisco chronicleSfchronicle.com/. 25 March 2015. http://www.sfchronicle.com/entertainment/article/Dosa-s-complex-spices-hit-the-spot-6158614.php.