মজৰূহ চুলতানপুৰী | |
---|---|
![]() | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | আসৰাৰ-উল-হাছান খান[1] |
জন্ম | ১ অক্টোবৰ, ১৯১৯ চুলতানপুৰ, আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশ, বৃটিছ ভাৰত |
মৃত্যু | ২৪ মে', ২০০০ (৮০ বছৰ)[2] মুম্বাই, মহাৰাষ্ট্ৰ |
পেচা | কবি, গীতিকাৰ |
কাৰ্যকাল | ১৯৪৬-২০০০ |
আসৰাৰ-উল-হাছান খান (ইংৰাজী: Asrar Ul Hassan Khan ; ১ অক্টোবৰ ১৯১৯ − ২৪ মে' ২০০০) হিন্দী চলচ্চিত্ৰ উদ্যোগৰ এজন উৰ্দু কবি আৰু গীতিকাৰ আছিল, যি মজৰূহ চুলতানপুৰী নামেৰে অধিক পৰিচিত। তেওঁ অসংখ্য হিন্দী চলচ্চিত্ৰৰ বাবে হিন্দুস্তানী গীত লিখিছিল।[3]
১৯৫০-ৰ দশক আৰু ১৯৬০-ৰ দশকৰ আৰম্ভণি কালচোৱাত ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম প্ৰতিপত্তিশীল সংগীত শক্তি আছিল আৰু প্ৰগতিশীল লেখক আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আছিল।[4][5] তেওঁক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ জনপ্ৰিয় উৰ্দু কবি হিচাপে গণ্য কৰা হয়।[6]
ছয় দশক জোৰা কৰ্মজীৱনত তেওঁ বহু সংগীত পৰিচালকৰ সৈতে কাম কৰিছিল। তেওঁলৈ ১৯৬৫ চনত দোস্তী ছবিৰ ‘চাহুংগা মই তুঝে’ শীৰ্ষক গীতটোৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ গীতিকাৰ বঁটা আৰু ১৯৯৩ চনত ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে সৰ্বোচ্চ দাদা চাহেব ফালকে বঁটা আগবঢ়োৱা হয়।[7] ১৯৮০ আৰু ১৯৯০-ৰ দশকত তেওঁ সংগীত পৰিচালক আনন্দ–মিলিন্দৰ বাবেই গীত লিখিছিল। এই সংগীত যুঁটিটোৰ গীত ৰচনা কৰা তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ছবি আছিল- কয়ামত ছে কয়ামত তক, লাল দুপাট্টা মলমল কা, লাভ আৰু দহেক।
যতীন-ললিতৰ ছবি, যেনে জো জীতা ৱহি ছিকন্দৰ আৰু তেওঁলোকৰ প্ৰথম ছবি য়াৰা দিলদাৰাৰ বাবেও তেওঁ গীত লিখিছিল।
আসৰাৰ-উল-হাছান খান নামেৰে উত্তৰ প্ৰদেশৰ চুলতানপুৰত এটা ৰাজপুত মুছলমান পৰিয়ালত মজৰূহ চুলতানপুৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃয়ে আৰক্ষী বিভাগত চাকৰি কৰিছিল।[8][9] তেওঁৰ পিতৃ এজন আৰক্ষী বিষয়া আছিল যদিও তেওঁৰ পুত্ৰই ইংৰাজী শিক্ষা গ্ৰহণৰ প্ৰতি বিশেষ আগ্ৰহী নাছিল আৰু সেয়েহে মজৰূহক পৰম্পৰাগত ‘মাদ্ৰাছা শিক্ষা’ৰ বাবে পঠিওৱা হৈছিল। সাত বছৰীয়া ধৰ্মীয় আৰু আৰবী, পাৰ্চী ভাষাৰ পাঠ্যক্ৰমৰ অন্তত প্ৰথমে তেওঁ দাৰ্চ-ই-নিজামী উপাধি লাভ কৰে। তাৰ পিছত লাভ কৰে আলিমৰ প্ৰমাণপত্ৰ। তেওঁ লক্ষ্ণৌৰ টকমীল-উত-তিব কলেজ অৱ ইউনানী মেডিচিনতো অধ্যয়ন কৰে।[2] এজন হেকিম হিচাপে কৰ্ম-নিৰ্বাহ কৰি থকাৰ সময়তে চুলতানপুৰৰ এখন মুছায়াৰাত গজল আবৃত্তি কৰি দৰ্শকৰ প্ৰভুত সঁহাৰি লাভ কৰে আৰু হেকিমী বাদ দি গুৰুত্বসহকাৰে কবিতা লিখিবলৈ আৰম্ভ কৰে। অতি সোনকালেই তেওঁ মুছায়ৰাত 'নিয়মীয়া'কৈ অংশগ্ৰহণ কৰিবলৈ লয় আৰু উৰ্দু মুছায়েৰ জিগাৰ মোৰাদাবাদীৰ "শাগিৰ্ড" অৰ্থাৎ শিষ্য হৈ পৰে।[8][2] মজৰূহ চলচ্চিত্ৰৰ গীতিকাৰ হিচাপে জনপ্ৰিয় হলেও তেওঁ অন্যান্য উৰ্দু কবিতাও সৃষ্টি কৰিছিল।
১৯৪৫ চনত মজৰূহে ছাবু ছিদ্দিক ইনষ্টিটিউটত অনুষ্ঠিত হোৱা এক মুছায়ৰাত অংশগ্ৰহণ কৰিবলৈ বোম্বাইলৈ যায়। ইয়াত পাঠ কৰা তেওঁৰ গজল আৰু কবিতাক শ্ৰোতাই অতিশয় ভাল পাইছিল। ইয়াৰে এজন আপ্লুত শ্ৰোতা আছিল চলচ্চিত্ৰ প্ৰযোজক এ আৰ কৰদাৰ। [10] প্ৰযোজকজনে জিগৰ মোৰাদাবাদীৰ যোগেদি মজৰূহক লগ ধৰে। কিন্তু মজৰূহে চলচ্চিত্ৰৰ বাবে গীত লিখিবলৈ অস্বীকাৰ কৰে; কাৰণ চলচ্চিত্ৰৰ বিষয়ে তেওঁ বৰ বেছি উচ্চভাব পোষণ কৰা নাছিল। কিন্তু জিগৰ মোৰাদাবাদীয়ে তেওঁক বুজালে যে ছবিৰ বাবে গীত লিখিলে তেওঁক ভাল পাৰিশ্ৰমিক দিয়া হ’ব আৰু তেওঁৰ পৰিয়ালটো পোহপাল দিয়াত সহায়ক হ’ব। ইয়াৰ পিছত কৰদাৰে তেওঁক সংগীত পৰিচালক নৌশাদৰ ওচৰলৈ লৈ যায়, যিয়ে যুৱ লেখকজনক পৰীক্ষা কৰি চায়। তেওঁ মজৰূহক সুৰ এটা দি তাৰ আধাৰত কিবা এটা লিখিবলৈ ক’লে; আৰু মজৰূহে লিখিলে “জব উছনে গেছু বিখৰায়ে, বাদল আয়ে ঝুম কে...”। নৌশাদে লিখাখিনি ভাল পায় আৰু তেওঁক ছাহজাহান (১৯৪৬) ছবিখনৰ গীতিকাৰ হিচাপে চহী কৰায়। [11]
পৰৱৰ্তী সময়ত মজৰূহে নাটক (১৯৪৭), দোলী (১৯৪৭) আৰু অঞ্জুমান ৰ (১৯৪৮) দৰে ছবিৰ গীত লিখিছিল যদিও তেওঁ মহত্ত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছিল মেহবুব খানৰ আন্দাজ ৰ (১৯৪৯) জৰিয়তে।
১৯৪৯ চনত তেওঁৰ ৰাজনৈতিক ভাৱে আৰোপিত কবিতাৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ড দিয়া হয়। ছাহজাহানৰ (১৯৪৬) পিছত এছ ফাজিলৰ মেহেন্দী, দোলী (১৯৪৭), মেহবুবৰ আন্দাজ (১৯৪৯) আৰু শ্বহীদ লতিফৰ আৰ্জুৰে মজৰূহে যেতিয়া নিজকে এজন স্বনামধন্য গীতিকাৰ হিচাপে প্ৰতিষ্ঠা কৰি আছিল, তেতিয়াই বাওঁপন্থী প্ৰৱণতাই তেওঁক বিপদত পেলায়। তেওঁৰ প্ৰতিষ্ঠান বিৰোধী কবিতাবোৰে চৰকাৰক অস্বস্তিত পেলাইছিল আৰু ১৯৪৯ চনত বলৰাজ সাহনীৰ দৰে আন বাওঁপন্থীসকলৰ সৈতে তেওঁকো কাৰাগাৰত ভৰোৱা হৈছিল। ১৯৪৮ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ দ্বিতীয় কংগ্ৰেছৰ পিছত দেশজুৰি কমিউনিষ্টক গ্ৰেপ্তাৰ কৰাৰ কুচ-কাৱাজ চলিছিল।[12] মজৰূহক ক্ষমা খুজিবলৈ কোৱা হয় যদিও তেওঁ অস্বীকাৰ কৰে আৰু দুবছৰৰ কাৰাদণ্ড বৰণ কৰে।[11] নতুনকৈ কেৰিয়াৰ আৰম্ভ কৰিব লগা হোৱাৰ পিছত, মজৰূহে অৱশেষত গুৰু দত্তৰ ছবি বাজ ৰ (১৯৫৩) যোগেদি চলচ্চিত্ৰ জগতত পুনৰ প্ৰবেশ কৰে।[13]
মজৰূহ চুলতানপুৰীয়ে অনিল বিশ্বাস, নৌশাদ, মদন মোহন, অ' পি নায়াৰ, ৰোশন, সলিল চৌধুৰী, চিত্ৰগুপ্ত, এন দত্ত, কল্যাণজী-আনন্দজী আৰু লক্ষ্মীকান্ত-প্যাৰেলাল আৰু আৰ ডি বৰ্মনৰ দৰে বহু সংগীত পৰিচালকৰ সৈতে কাম কৰিছিল। [14] গীতিকাৰ হিচাপে তেওঁৰ শেষৰখন ছবি আছিল ৱান টু কা ফ’ৰ, যিখন ছবি ২০০১ চনত তেওঁৰ মৃত্যুৰ পিছত মুক্তি পাইছিল।
![]() |
ৱিকিমিডিয়া কমন্সত Majrooh Sultanpuri সম্পৰ্কীয় মিডিয়া ফাইল আছে। |