Manju Borah মঞ্জু বৰা | |
---|---|
জন্ম | অসম, ভাৰত |
পেচা | চলচ্চিত্ৰ পৰিচালক |
মঞ্জু বৰা (ইংৰাজী: Manju Borah)অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক আৰু গল্পকাৰ। তেওঁ উৎকৃষ্ট চলচ্চিত্ৰ পৰিচালনাৰ বাবে ইতিমধ্যে ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তদুপৰি তেওঁ ইণ্ডিয়ান পেনোৰোমা, এই এফ এফ আই, ২০০৭, দশম মামি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (10th MAMI International Film Festival 2008), সপ্তম এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (3rd Eye 7th Asian Film Festival Mumbai 2008), ৫৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (55th National Film Awards for 2007 (Feature Films) Delhi) আদিত জুৰি মেম্বাৰ হিচাপে অৱদান আগবঢ়াইছে। [1]
মঞ্জু বৰাই তেওঁৰ প্ৰথম চলচ্চিত্ৰ ' বৈভৱ' ৰে ১৯৯৯ চনত চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। এই চলচ্চিত্ৰখনে ২০০০ চনত অনুষ্ঠিত হোৱা ৪৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (47th National Film Festival) ত বিচাৰক মণ্ডলীৰ বিশেষ বঁটা (Juries Special Mention) লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি বৈভৱৰ বাবে মঞ্জু বৰাই চেন্নাইত ১৯৯৯ চনত শ্ৰেষ্ঠ নৱতম পৰিচালক (Gollapudi Srinivas Award for Best Debut Director)ৰ বঁটা লাভ কৰে।
পৰৱৰ্ত্তী কালত মঞ্জু বৰাই 'অন্য এক যাত্ৰা' (২০০১) , আকাশীতৰাৰ কথাৰে (২০০২) ,লাজ (২০০৪), জয়মতী (২০০৬), 'আই ক'ত নাই' আদি চলচ্চিত্ৰ পৰিচালনা কৰে। [2]
বৰ্ষ | নাম | ইংৰাজী নাম | ভাষা |
---|---|---|---|
১৯৯৯ | বৈভৱ | A Scam in Verse | অসমীয়া[3] |
২০০১ | অন্য এক যাত্ৰা | অসমীয়া | |
২০০৩ | আকাশীতৰাৰ কথাৰে | A Tale Told Thousand Times | অসমীয়া |
২০০৪ | লাজ | Shame | অসমীয়া[4] |
২০০৬ | জয়মতী | The Saviour | অসমীয়া[5] |
২০০৮ | আই ক’ত নাই | Ma | অসমীয়া |
২০১২ | ক: য়াদ | A Silent Way | মিচিং |
২০১৫ | ডাও হুদুনি মেথাই | Song of the Horned Owl | বড়ো[6] |