মণিকা বাত্ৰা | |||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||
জন্ম | ১৫ জুন, ১৯৯৫ (২৯ বছৰ)[1] দিল্লী, ভাৰত[1] | ||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | 1.8 মিটাৰ (U=ft}}) (২০১৮)[1] | ||||||||||||||||||||||||||||||||||||||||||
ওজন | ৬৭ কেজি (১৫০ পাউণ্ড) (2018)[1] | ||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
মণিকা বাত্ৰা (ইংৰাজী: Manika Batra, জন্ম: ১৫ জুন ১৯৯৫) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ।[2] তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেলুৱৈসকলে নেখেলে।[3] তেওঁ ২০১৮ চনত অৰ্জুন বঁটা আৰু ২০২০ চনত দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰে।[4]
১৯৯৫ চনৰ ১৫ জুনত তিনি সন্তানৰ ভিতৰত আটাইতকৈ সৰু হিচাপে মণিকা বাত্ৰাৰ জন্ম হৈছিল।[5] তেওঁ দিল্লীৰ নাৰাইনা বিহাৰৰ বাসিন্দা।[6] চাৰি বছৰ বয়সতে তেওঁ টেবুল টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।[7] তেওঁৰ বায়েক আঞ্চল আৰু ককায়েক চাহিল দুয়ো টেবুল টেনিছ খেলিছিল[8] বায়েকে তেওঁৰ প্ৰাৰম্ভিক খেলৰ কেৰিয়াৰৰ সময়ত তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছিল।[9] ৰাজ্যিক পৰ্যায়ৰ ৮ বছৰৰ তলৰ টুৰ্ণামেণ্টত এখন খেল জিকাৰ পিছত বাত্ৰাই প্ৰশিক্ষক সন্দীপ গুপ্তাৰ অধীনত প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লয়। প্ৰশিক্ষকে তেওঁক হংস ৰাজ মডেল স্কুললৈ বদলি কৰিবলৈ পৰামৰ্শ দিছিল য'ত তেওঁ তেওঁৰ টেবুল টেনিছ একাডেমী চলাইছিল।[8]
মণিকায়ে কিশোৰ কালত বহুতো মডেলিং অফাৰ গ্ৰহণ কৰিছিল।[1] তেওঁ ১৬ বছৰ বয়সত ছুইডেনৰ পিটাৰ কাৰ্লচন একাডেমীত প্ৰশিক্ষণ লবলৈ লাভ কৰা বৃত্তি অস্বীকাৰ কৰিছিল।[10] টেবুল টেনিছত "মনোযোগ" দিবলৈ তেওঁ পঢ়া এৰি যোৱাৰ আগতে এবছৰৰ বাবে যীচু আৰু মেৰী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।[11]
২০১১ চনত মণিকায়ে চিলি অপেনৰ ২১ বছৰৰ অনুৰ্ধ শ্ৰেণীত ৰূপৰ পদক জয় কৰে।[7] তেওঁ গ্লাছগোত ২০১৪ চনৰ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াত তেওঁ কোৱাৰ্টাৰ ফাইনেলিষ্ট হয়[8] আৰু লগতে ২০১৪ চনৰ এছিয়ান গেমছত স্থান লাভ কৰে। তেওঁ ২০১৫ চনৰ কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত তিনিটা পদক লাভ কৰে। ইয়াৰে মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক (অংকিতা দাস আৰু মৌমা দাসৰ সৈতে) আৰু মহিলা ডাবলছ ইভেণ্ট (অংকিতা দাসৰ সৈতে) আৰু মহিলা একক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰে।[12]
তেওঁ ২০১৬ চনৰ গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয় ক্ৰীড়াত তিনিটা সোণৰ পদক লাভ কৰে।[13] ইয়াত তেওঁ মহিলাৰ ডাবলছ ইভেণ্ট (পূজা সহস্ৰবুদ্ধি সৈতে), মিক্স ডাবলছ ইভেণ্ট (এন্থনি অমলৰাজৰ সৈতে) আৰু মহিলা দলৰ প্ৰতিযোগিতা (মৌমা দাস আৰু শামিনী কুমাৰেচনৰ সৈতে) সোণৰ পদক লাভ কৰিছিল। মহিলা একক প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ পৰাজিত কৰা মৌমা দাসৰ সৈতে খেলত মণিকায়ে চতুৰ্থ সোণৰ পদক অস্বীকাৰ কৰে।[14] তেওঁ ২০১৬ চনৰ এপ্ৰিলত যোগ্যতা প্ৰতিযোগিতাৰ দক্ষিণ এছিয়া গোটজয় কৰি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলা একক প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে।[15] অৱশ্যে ২০১৬ চনৰ অলিম্পিকত তেওঁৰ উপস্থিতি কম সময়ৰ বাবে আছিল। যিহেতু তেওঁ মহিলাৰ ব্যক্তিগত খেলৰ প্ৰথম ৰাউণ্ডত পোলেণ্ডৰ কাতাৰজাইনা গ্ৰ্জিবোস্কাৰ পৰা পৰাজিত হৈছিল।[16]
তেওঁ অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত অনুষ্ঠিত ২০১৮ চনৰ কমনৱেলথ গেমছত চাৰিবাৰৰ স্বৰ্ণ পদক বিজয়ী আৰু ডিফেণ্ডিং চেম্পিয়ন ছিংগাপুৰৰ বিৰুদ্ধে ফাইনেলত ভাৰতীয় মহিলা দলক স্বৰ্ণ পদক জয়লৈ লৈ গৈছিল।[17] ২০০২ চনত এই খেল অন্তৰ্ভুক্ত হোৱাৰ পিছত ছিংগাপুৰৰ মহিলা টেবুল টেনিছ দলটো কেতিয়াও কমনৱেলথ গেমছত পৰাজিত হোৱা নাছিল। মণিকায়ে ফাইনেলত ভাৰতৰ ৩-১ জয়ত বিশ্বৰ ৪ নম্বৰ ফেং টিয়ানৱেইৰ লগতে জাউ ইহানক পৰাজিত কৰিছিল।[18]
২০১৮ চনৰ কমনৱেলথ গেমছত স্বৰ্ণ পদকৰ সংঘৰ্ষত চিংগাপুৰৰ ডিফেণ্ডিং চেম্পিয়ন ফেং টিয়ানৱেই আৰু ইউ মেনগ্যুৰ পৰা পৰাজিত হোৱা মণিকা আৰু মৌমা দাসে মহিলাৰ ডাবলছ শ্ৰেণীত ভাৰতৰ প্ৰথম ৰূপৰ পদক জয় কৰিছিল। তেওঁ ছিংগাপুৰৰ ইউ মেনগিউক পৰাজয় কৰি কমনৱেলথ টেবুল টেনিছ ব্যক্তিগত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলাত পৰিগণিত হয়। তেওঁ অংশগ্ৰহণ কৰা ৪টা প্ৰতিযোগিতাত ৪টা পদক জিকিছিল যাৰ ভিতৰত ২টা হৈছে সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ পদক।[19]
২০১৮ চনত ১২ ডিচেম্বৰ তাৰিখে তেওঁ আইটিটিএফৰ দ্বাৰা "দি ব্ৰেকথ্ৰু ষ্টাৰ এৱাৰ্ড" লাভ কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয়।
২০২০ চনত তেওঁ ২০২০ টকিঅ' অলিম্পিকত মহিলা দলৰ প্ৰতিযোগিতাত ভাৰতৰ বাবে স্থান সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হৈছিল যেতিয়া তেওঁ টকিঅ' ২০২০ কোৱালিফায়াৰ কোৱাৰ্টাৰ ফাইনেলৰ আৰম্ভণি খেলত ফ্ৰান্সৰ মেৰী মিগোটৰ পৰা ২-৩ ত পৰাজিত হৈছিল।[20] তেওঁ ২০১৮ চনত অৰ্জুন বঁটা আৰু ২০২০ চনত দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰে।
মণিকাক ফেমিনা আলোচনীৰ জুলাই ২০১৮ৰ সংস্কৰণৰ আৱৰণত প্ৰদৰ্শিত কৰা হৈছিল।[21] তেওঁক ২০১৮ চনৰ নৱেম্বৰৰ সংস্কৰণত ভগ আলোচনীতো প্ৰদৰ্শন কৰা হৈছিল।