মণিছাল ( বৈজ্ঞানিক নাম: Sapindus mukorossi; বঙালী: ৰিঠা; মিচিং: হাইটা-গুটি; কাৰবি: ডাক্ ডাক্ আৰং; কাছাৰ:হাইঠাল, ফুআঠাই, খাচিয়া: দিয়েং স্পিয়েং ৰাহ; তাই-আহোম: টুন্-মাক-চাক; বড়ো:মণিছাল[ 1] ) চেপিন্দেচি (Sapindaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। ইয়াৰ ফলক ইংৰাজীত Indian soapberry [ 2] বা washnut [ 3] বুলি কোৱা হয়।
মণিছাল ভাৰতবৰ্ষৰ থলুৱা উদ্ভিদ। এই গছ ভাৰত আৰু নেপালৰ হিমালয়ৰ পাদদেশত সাগৰ-পৃষ্ঠৰ পৰা ৪০০০ ফুট উচ্চতালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত হৈ আছে। [ 4] [ 5] [ 6] [ 7] এই গছ কম সাৰুৱা মাটিতো উৎপন্ন হ’ব পাৰে।[ 8] [ 9]
মণিছাল গছৰ বাকলিৰ বৰণ মদৰুৱা হয় আৰু এই বাকলিৰ উপৰিভাগত সেউজীয়া বৰণৰ আভাস থাকে। বাকলিৰ ওপৰত দীঘল দীঘল ৰেখাৰ উদ্ভৱ হয়।[ 1]
পাতৰ আকৃতি দীঘল চানেকীয়া। মূল পাতৰপৰা কেইবাখিলাও শাখা পাত ওলায়। ফুলবোৰ থোপাথোপে ফুলে। ফুলৰ আকাৰ সৰু হয়। ফুল পুৰঠ হ’লে ঘূৰণীয়া আকৃতিৰ ফল ধৰে। ফলৰ উপৰিভাগে মেৰুটা-মেৰুটি হৈ শোটোৰা পৰাৰ আকৃতি ধাৰণ কৰে। বাকলিখনৰ ভিতৰত একোটাকৈ ঘূৰণীয়া আকাৰৰ গুটি ধৰে। [ 1]
মণিছালৰ ফল
মণিছালৰ গুটি
মণিছাল গছৰ গুটিৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ।[ 3] ইয়াৰ গুটিত চেপ’নিন (saponin) নামৰ এটা যৌগ থাকে যি প্ৰাকৃতিকভাৱে পৰিষ্কাৰকৰণ (cleansing) ত সহয় কৰে। সেয়ে মণিছালৰ গুটিৰে চুলি, চাল আৰু কাপোৰকানি পৰিষ্কাৰ কৰা হয়।[ 6]
মণিছাল পতংগৰোধক (insecticides) হিচাপেও ব্যৱহাৰ কৰা হয়। ই চলুৰ পৰা উকণি নিৰ্মুলতো সহায় কৰে।[ 3]
এটা গৱেষণাই প্ৰকাশ কৰিছে যে, মাইগ্ৰেইন বা ছালৰ বিভিন্ন ৰোগ নিৰাময়তো মণিছালৰ গুটিৰ উপযোগীতা আছে।[ 3]
তদুপৰি তেলৰ খনিৰ পৰা তেল উলিওৱাতো মণিছালৰ গুটিৰ সম্ভাৱনীয় ব্যৱহাৰৰ বিষয়ে তথ্য পোৱা গৈছে।[ 10] [ 11]
↑ 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ . অসম প্ৰকাশন পৰিষদ
↑ "মণিছাল " . প্ৰাকৃতিক সম্পদ সংৰক্ষণ সেৱা উদ্ভিদ তথ্যকোষ, ইউ.এছ.ডি.এ. ৰ পৰা 5 November 2015 তাৰিখে আহৰণ কৰা হৈছে।. https://plants.usda.gov/core/profile?symbol=SAMU6 .
↑ 3.0 3.1 3.2 3.3 Upadhyay, A., & Singh, D. K. (2012). "Pharmacological effects of Sapindus mukorossi " . Revista do Instituto de Medicina Tropical de São Paulo খণ্ড 54 (5): 273–280. doi :10.1590/s0036-46652012000500007 . http://www.scielo.br/scielo.php?pid=S0036-46652012000500007&script=sci_arttext .
↑ Orwa C. A., Mutua, K. R., & Jamnadasss R. S. A. (2009) Agroforestree Database: a tree reference and selection guide (version 4.0). Retrieved from http://www.worldagroforestry.org/treedb/AFTPDFS/Sapindus_mukorossi.pdf
↑ USDA, ARS, Germplasm Resources Information Network. মণিছাল in the Germplasm Resources Information Network (GRIN) , U.S. Department of Agriculture Agricultural Research Service. Accessed on 14 December 2014.
↑ 6.0 6.1 Sharma, A.; Sati, S. C.; Sati, O.; Sati, D. M.; Kothiyal, S. K. (2011). "Chemical constituents and bio activities of genus Sapindus" . International Journal of Research in Ayurveda & Pharmacy খণ্ড 2 (2): 403–409. Archived from the original on 2018-08-27. https://web.archive.org/web/20180827070056/http://www.ijrap.net/vol2/issue2/15.pdf । আহৰণ কৰা হৈছে: 2019-06-15 .
↑ Sarin, J. L.; Beri, M. L. (1939). "Extraction of saponin from soapnut". Industrial and Engineering Chemistry খণ্ড 31 (6): 712–713. doi :10.1021/ie50354a012 .
↑ Forestry Nepal (2014). Sapindus mukorossi. Retrieved from http://www.forestrynepal.org/resources/trees/sapindus-mukorossi Archived 2015-09-24 at the Wayback Machine
↑ Poudel, K. L. (2011). Trade potentiality and ecological analysis of NTFPs in Himalayan Kingdom of Nepal. Himalayan Research Papers Archives , 61 . Retrieved from http://hdl.handle.net/1928/3300
↑ Chhetri, A. B.; Watts, K. C.; Rahman, M. S.; Islam, M. R. (2009). "Soapnut extract as a natural surfactant for enhanced oil recovery". Energy Sources, Part A: Recovery, Utilization, and Environmental Effects খণ্ড 31 (20): 1893–1903. doi :10.1080/15567030802462622 .
↑ Mukhopadhyay, S.; Hashim, M. A.; Sahu, J. N.; Yusoff, I; Gupta, B. S. (2013). "Comparison of a plant based natural surfactant with SDS for washing of As(V) from Fe rich soil" . Journal of Environmental Sciences খণ্ড 25 (11): 2247–2256. doi :10.1016/s1001-0742(12)60295-2 . http://www.sciencedirect.com/science/article/pii/S1001074212602952 .
ৱিকিমিডিয়া কমন্সত মণিছাল সম্পৰ্কীয় মিডিয়া ফাইল।