মণিষা কৈৰালা | |
---|---|
২০১৭ চনত কৈৰালা | |
জন্ম | ১৬ আগষ্ট, ১৯৭০ (৫৪ বছৰ)[1] কাঠমাণ্ডু, নেপাল |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৮৯-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | সম্ৰাট দাহাল (বি. ২০১০; বিবি. ২০১২) |
আত্মীয়-স্বজন | কৈৰালা পৰিয়াল চাওক |
মণিষা কৈৰালা (ইংৰাজী: Manisha Koirala; জন্ম: ১৬ আগষ্ট ১৯৭০) ভাৰতীয় চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেলেগু, বাংলা, মালয়ালম, নেপালী আৰু ইংৰাজী চলচ্চিত্ৰতো অভিনয় কৰিছে। বাণিজ্যিক আৰু স্বতন্ত্ৰ চিনেমা উভয়তে কৰা কামৰ বাবে পৰিচিত মণিষাই চাৰিটা ফিল্মফেয়াৰ বঁটাকে ধৰি বিভিন্ন বঁটা-বাহন লাভ কৰিছে। ২০০১ চনত নেপাল চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ গোৰ্খা দক্ষিণা বাহুৰে সন্মানিত কৰে।[2]
ৰাজনৈতিকভাৱে বিশিষ্ট কৈৰালা পৰিয়ালত জন্মগ্ৰহণ কৰা মণিষা প্ৰকাশ কৈৰালাৰ কন্যা আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰ প্ৰসাদ কৈৰালাৰ নাতিনী। কৈৰালাই নেপালী ছবি ফেৰী ভেতাউলাৰ[3] (১৯৮৯) জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁ অভিনয় কৰা প্ৰথম হিন্দী ছবি সৌদাগৰ (১৯৯১)। ইয়াৰ পিছত ধাৰাবাহিকভাৱে ব্যৱসায়িক বিফলতাৰ পিছত ১৯৪২: এ লাভ ষ্ট’ৰী (১৯৯৪) আৰু তামিল ভাষাৰ বম্বে (১৯৯৫) নামৰ ৰোমান্টিক ছবিখনৰ জৰিয়তে তেওঁ নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁ ধাৰাবাহিকভাবে সফলতাৰ মুখ দেখা অগ্নিসাক্ষী (১৯৯৬), ইণ্ডিয়ান (১৯৯৬), গুপ্ত: দ্য হিডেন ট্ৰুথ (১৯৯৭), কচ্ছে ধাগে (১৯৯৯), মুধলৱন (১৯৯৯), কোম্পানী (২০০২) আৰু এক চোটিচি লাভ ষ্ট’ৰী (২০০২) আদি ছবিত অভিনয় কৰে।[4]
অকেলে হম অকেলে তুমত (১৯৯৫) এগৰাকী অভিলাষী পত্নী, খামোছি: দ্য মিউজিকেলত (১৯৯৬) বধিৰ পিতৃ-মাতৃৰ কন্যা, দিল ছেত (১৯৯৮) এজনী সন্ত্ৰাসবাদী, লজ্জাত (২০০১) এগৰাকী দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা মহিলা আৰু এস্কেপ ফ্ৰম তালিবানত (২০০৩) সুস্মিতা বেনাৰ্জীৰ চৰিত্ৰত অভিনয় কৰা কৈৰালাই ভিন্নভিন্ন প্ৰকৃতিৰ চৰিত্ৰ ৰূপায়নৰ বাবে সমালোচনাত্মক স্বীকৃতি লাভ কৰিছে। ২০০৩ চনৰ পিছত কৈৰালাই স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে আৰ্ট-হাউছ প্ৰজেক্ট আৰু আঞ্চলিক চলচ্চিত্ৰত কাম কৰিবলৈ আৰম্ভ কৰে। ড্ৰামাফিল্ম তুলসী (২০০৮), মালয়ালম মনস্তাত্বিক ছবি ইলেক্ট্ৰা (২০১০),আৰু ৰোমান্টিক কমেডী মেপিল্লাইত (২০১১) অভিনয় কৰি তেওঁ প্ৰশংসিত হয়।[5][6]
২০১২ চনত ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰাৰ পিছত অভিনয়ৰ পৰা বিৰতি লৈ পাঁচ বছৰৰ পিছত ডিয়েৰ মায়াৰ (২০১৭) যোগে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে। পিছৰ বছৰত তেওঁ নেটফ্লিক্সৰ প্ৰডাকচন লাষ্ট ষ্ট’ৰীজ আৰু জীৱনীমূলক ছবি সঞ্জুত অভিনয় কৰে। সঞ্জুৱে সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ ভিতৰত স্থান পায়। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ১৯৯৯ চনত ভাৰতৰ বাবে আৰু ২০১৫ চনত নেপালৰ বাবে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ সদিচ্ছা ৰাষ্ট্ৰদূত[7] হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০১৫ চনৰ এপ্ৰিল মাহত নেপালৰ প্ৰলয়ংকৰী ভূমিকম্পৰ পিছত সাহায্যৰ কামতো জড়িত আছিল। তেওঁ নাৰীৰ অধিকাৰ, নাৰীৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধ, মানৱ সৰবৰাহ প্ৰতিৰোধ আৰু কৰ্কট সজাগতা আদিত জড়িত।[8] তেওঁ ৰচনা কৰা হিল্ড (Healed) উপন্যাসখন ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সৈতে তেওঁৰ সংগ্ৰামৰ বিৱৰণ।
ৱিকিমিডিয়া কমন্সত মণিষা কৈৰালা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিউদ্ধৃতিত মণিষা কৈৰালা বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
|