মণিষা ৰামাদাস | |||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২৭ জানুৱাৰী, ২০০৫ (১৯ বছৰ) তিৰুৱল্লুৰ, তামিলনাডু, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | তিৰুৱল্লুৰ, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
সক্ৰিয়তাৰ সময় | ২০২১–বৰ্তমান | ||||||||||||||||||||||||||||||||||||||||||
হাত | বাঁও | ||||||||||||||||||||||||||||||||||||||||||
মহিলাৰ একক এছইউ৫ মহিলাৰ দ্বৈত এছএল৩–এছইউ৫ | |||||||||||||||||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | ১ (WS ২২ আগষ্ট ২০২২) ১ (WD মনদীপ কৌৰৰ সৈতে ৪ জুলাই ২০২২) ১২ (XD প্ৰমোদ ভগতৰ সৈতে ২২ আগষ্ট ২০২২) | ||||||||||||||||||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | ১ (WS ১০ জানুৱাৰী ২০২৩) ১ (WD মনদীপ কৌৰৰ সৈতে ১০ জানুৱাৰী ২০২৩) ১২ (XD প্ৰমোদ ভগতৰ সৈতে ১০ জানুৱাৰী ২০২৩) (১০ জানুৱাৰী ২০২৩) | ||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
মণিষা ৰামাদাস (জন্ম: ২৭ জানুৱাৰী ২০০৫) তামিলনাডুৰ এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।[1] তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ লগতে মহিলাৰ একক এছইউ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।[2][3]
মণিষা তামিলনাডুৰ তিৰুৱল্লুৰত মণিষাৰ জন্ম হৈছিল।[4][5] বেচৰকাৰী সংস্থা অলিম্পিক গোল্ড কুৱেষ্টে (Olympic Gold Quest) তেওঁক ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰে।
২০২২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে। ২০২২ চনৰ ২২ আগষ্টত মণিষাই এছইউ৫ শাখাত বিশ্বৰ ১ নম্বৰ স্থান দখল কৰে।[6] তেওঁ ২০২২ চনত স্পেনিছ (লেভেল ২) পেৰা-বেডমিণ্টন ইণ্টাৰনেশ্যনেলত প্ৰথম খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২২ চনত তেওঁ ১১টা সোণৰ পদক আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰে।
তেওঁৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ বাবে তেওঁ ২০২২ বৰ্ষৰ বি ডব্লিউ এফৰ মহিলা পেৰা বেডমিণ্টন খেলুৱৈৰ সন্মান লাভ কৰে।[7]
ইয়াৰ উপৰিও তেওঁ ২০২৩ চনত পেৰাস্প'ৰ্টছ স্প'ৰ্টষ্টাৰ এছেছ বঁটা লাভ কৰে।[8]