মতিৰাম ভট্ট(ইংৰাজী: Motiram Bhatta) নেপালী ভাষাত मोतीराम भट्ट আছিল এজন নেপালৰ নেপালী কবি, গায়ক, প্ৰবন্ধকাৰ, প্ৰকাশক, সাহিত্য সমালোচক আৰু জীৱনীকাৰ। [1][2] তেওঁক নেপালী সাহিত্যৰ প্ৰথম জীৱনীকাৰ আৰু সাহিত্য সমালোচক হিচাপে গণ্য কৰা হয় আৰু ১৮৮৮ চনত নেপালত প্ৰথম ব্যক্তিগত প্ৰিণ্টিং প্ৰেছ তেখেতেই আৰম্ভ কৰিছিল।[3] তেওঁ নেপালত গজলৰ শৈলীত কবিতা আৰু গানৰ পৰিচয় দিছিল।[4]মতিৰাম ভট্ট বহু ভাষাত পাকৈত আছিল আৰু নেপালীৰ সৈতে তেওঁ সংস্কৃত, পাৰ্চী, ইংৰাজীত অধ্যয়ন কৰিছিল আৰু বাংলা, উৰ্দু আৰু নেপালী ভাষাতো সমানেই দক্ষ আছিল।[5][6] তেওঁ ভানুভক্ত আচাৰ্যৰ জীৱনী'কবি ভানুভক্ত কো জীৱন চৰিত্ৰ' লিখিছিল। যিয়ে আচাৰ্যক নেপালী ভাষাৰ প্ৰথম কবি (আদি কবি) হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[7]
তেওঁক নেপালৰ সোতৰজন ৰাষ্ট্ৰীয় নায়কৰ (ৰাষ্ট্ৰীয় বিভুতি) এজন বুলি গণ্য কৰা হয় আৰু তেওঁক যুৱ কবি উপাধি প্ৰদান কৰা হয়। [8] নেপালী সাহিত্যৰ ১৮৮৩ চনৰ পৰা ১৯১৯ চনৰ সময়ছোৱা মতিৰাম যুগ নামেৰে জনাজাত।
মতিৰাম ভট্টৰ জন্ম হৈছিল ১৮৬৬ চনৰ ৮ ছেপ্টেম্বৰত নেপালৰ ভেচিকো টোলেত। দেউতাকৰ নাম আছিল পণ্ডিত দয়া ৰাম ভট্ট আৰু মাতৃ ৰিপু মাৰ্দিনী দেৱী ভট্ট। তেওঁ মাক-দেউতাকৰ দ্বিতীয় পুত্ৰ মতিৰাম ভট্ট কুশে আউনচিৰ (হিন্দুৰ ভাদ মাহৰ নতুন চন্দ্ৰ দিৱস) দিনা জন্ম গ্ৰহণ কৰিছিল। ছয় বছৰ বয়সত তেওঁ তেওঁৰ জন্মস্থান কাঠমাণ্ডু এৰি মাকৰ সৈতে ভাৰতৰ বেনাৰাসত শিক্ষা গ্ৰহণ কৰে। তেওঁক পাৰ্চী ভাষাৰ এখন বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত তেওঁ পাৰ্চী আৰু উৰ্দু শিকিছিল।[9] তেওঁৰ ব্ৰতাবন্দা অনুষ্ঠানটো বেনাৰসত পৰিৱেশন কৰা হৈছিল। তেওঁ বেনাৰসৰ ভাৰতেন্দু হৰিশ্চন্দ্ৰৰ সংস্পৰ্শলৈ আহে আৰু তেওঁৰ অধীনত অধ্যয়ন কৰিবলৈ লৈছিল। তেওঁ এই সময়ছোৱাত গজল লিখিবলৈ আৰু গাবলৈ আৰম্ভ কৰিছিল। তেওঁ সংগীত শিক্ষা আৰম্ভ কৰিছিল আৰু চেতাৰ বজাইছিল। তেওঁ বেনাৰসৰ এজন বিখ্যাত চেতাৰ বাদক পান্নালালৰ পৰা চেতাৰ শিকিছিল। তেওঁ বেনাৰসত থাকোঁতে প্ৰায় ৪০০ শ্বায়েৰী লিখিছিল।[3]
১৮৮০-৮১ চনত ১৫ বছৰ বয়সত তেওঁ কাঠমাণ্ডুলৈ উভতি আহে। বিয়াৰ পিছত তেওঁ কিছু সময় কাঠমাণ্ডুত কটায়। কাঠমাণ্ডুলৈ উভতি অহাৰ আগলৈকে তেওঁ নেপালী ভাষাত কোনো গান বা কবিতা লিখা নাছিল। কিন্তু কাঠমাণ্ডুলৈ তেওঁ ঘূৰি অহাৰ পিছত তেওঁ নেপালী গীত, পৰম্পৰাৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁ নেপালৰ গ্ৰাম্য অঞ্চলত গোৱা দ্বৈত কণ্ঠৰ লোক গীত (দোহোৰী)ৰ দ্বাৰা আকৰ্ষিত হৈছিল। কাঠমাণ্ডুত থাকোঁতে, তেওঁ তেওঁৰ চুবুৰীয়া খাদগা দত্ত পাণ্ডেৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানটোত তেওঁ বিয়াৰ অতিথিসকলৰ দ্বাৰা ভানুভক্ত আচাৰ্যৰ এটা কবিতা শুনিছিল। বিয়াৰ অতিথিজনে গোটেই ৰাতি সেই কবিতাটো গাইছিল। তেওঁ আৱিষ্কাৰ কৰিছিল যে সেই গানবোৰ ভানুভক্ত আচাৰ্যই লিখিছিল। কবিতাটো তেওঁ ইমান ভাল পাইছিল যে তেওঁ ভানুভক্ত আচাৰ্যৰ আন কবিতা আৰু ৰচনাবিলাক বিচাৰি উলিয়াবলৈ সংকল্পবদ্ধ হৈছিল।[10]
১৮৮১ চনৰ ডিচেম্বৰত তেওঁ পত্নীৰ সৈতে বেনাৰসলৈ উভতি আহে আৰু বেনাৰসৰ হৰিশ্চন্দ্ৰ বিদ্যালয়ত ইংৰাজী পঢ়িবলৈ আৰম্ভ কৰে।[3] দ্বিতীয়বাৰৰ বাবে বেনাৰসত থকা কালছোৱাত তেওঁ বিভিন্ন কবিতা সভাত উপস্থিত আছিল। এনে এখন সভা ভাৰতেন্দু হৰিশ্চন্দ্ৰই সামস্যপূৰ্তিজ আয়োজন কৰিছিল। ইয়াৰ সৈতে এক পুৰণি কাব্যিক পৰম্পৰা জড়িত আছিল। সামস্যপূৰ্তিজত প্ৰায়ে ৰজা আৰু অভিজাত সকলৰ প্ৰাসাদত সংগঠিত এক প্ৰাৰম্ভিক ভাৰতীয় পৰম্পৰা আছিল। কোৱা হয় যে সামস্যপূৰ্তিজৰ এখন বৈঠকত মতিৰাম ভট্টই এটা সমাধান উপস্থাপন কৰিছিল আৰু হৰিশ্চন্দ্ৰই তেওঁক দহ টকা পুৰস্কাৰো প্ৰদান কৰিছিল। এনে বৈঠকত মুগ্ধ হৈ মতিৰাম ভট্টই নিজেই সামস্যপূৰ্তিজ মণ্ডলী নামৰ এটা গোট আৰম্ভ কৰিছিল। এই গোটত যোগদান দিয়া লোকসকল আছিল পদ্মবিলাস পান্তা, কাশীনাথ, ৰঙ্গনাথ, তেজবাহাদুৰ ৰাণা আৰু চেট সিং। এই গোট সভাবোৰত তেওঁ শৃংগাৰ ৰস বা ৰোমাণ্টিক শৈলী (সংস্কৃতত শৃংগাৰ ৰস) ব্যৱহাৰ কৰি কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। শৈলীটোৱে পঢ়ুৱৈসকলৰ মাজত বহুতো প্ৰকাশন আকৰ্ষিত কৰিছিল আৰু সফল হৈছিল।[11] বেনাৰসত তেওঁ ভাৰত জীৱন আলোচনীৰ নেপালী ভাষাৰ সংস্কৰণ প্ৰকাশ আৰু সম্পাদনা কৰিছিল। তেওঁ ভাৰত জীৱন প্ৰিণ্টিং প্ৰেছত নেপালী ভাষাৰ কিতাপ ছপা কৰা আৰম্ভ কৰিছিল। তেওঁ প্ৰথমে ভানুভক্ত ৰামায়ণৰ 'বালকাণ্ড' প্ৰকাশ কৰিছিল আৰু পিছত সম্পূৰ্ণ সংস্কৰণটো মুদ্ৰণ কৰিছিল।
১৮৮৬ চনত তেওঁ নেপালী ভাষাৰ আলোচনী 'গোৰ্খা ভাৰত জীৱন' আৰম্ভ কৰে। এইখনেই নেপালী ভাষাত প্ৰকাশিত প্ৰথম বাতৰি আলোচনী বুলি গণ্য কৰা হয়। কিন্তু আজিলৈকে আলোচনীখনৰ কোনো প্ৰতিলিপি পোৱা হোৱা নাই। আলোচনীখনৰ অস্তিত্বৰ একমাত্ৰ প্ৰমাণ হৈছে ভাৰত জীৱন আলোচনীত আলোচনীখনৰ বিজ্ঞাপন।[12]
বেনাৰাসত প্ৰায় সাত বছৰ বাস কৰাৰ পিছত তেওঁ ১৮৮৮-১৮৮৯ চনমানত কাঠমাণ্ডুলৈ উভতি আহে। উভতি অহাৰ পিছত মতিৰাম ভট্টই তেওঁৰ মামা পণ্ডিত নাৰাদেৱ পাণ্ডে আৰু কৃষ্ণ দেৱ পাণ্ডেৰ সহায়ত কাঠমাণ্ডুৰ তাহিতিত ১৮৮৮-১৮৮৯ চনত মতিকৃষ্ণ ধীৰেন্দ্ৰ কোম্পানী আৰম্ভ কৰে। একে সময়তে তেওঁ এটা পুথিভঁৰাল খুলিছিল এই পুথিভঁৰালটো নেপালৰ প্ৰথম পুথিভঁৰাল বুলি গণ্য কৰা হয়। কোম্পানীটোৱে পিছত পশুপত প্ৰেছ নামেৰে জনাজাত হৈছিল। তেওঁ বেনাৰসত তেওঁৰ গোটৰ দ্বাৰা অনুপ্ৰাণিত হৈ পণ্ডিত নাৰা দেৱ পাণ্ডে, লক্ষ্মী দত্ত পান্তা, গোপী নাথ লোহানী, ভোজ ৰাজ পাণ্ডে আৰু অন্যান্য বন্ধু আৰু পৰিচিত সকলৰ সৈতে কাঠমাণ্ডুত মিত্ৰ মণ্ডলী নামৰ এটা গোট আৰম্ভ কৰিছিল। এই দলটো নেপালী কবিতা ৰচনা আৰু প্ৰচাৰৰ বাবে দায়বদ্ধ আছিল। ভট্টই কাঠমাণ্ডুৰ দৰবাৰ উচ্চ বিদ্যালয়ত পঢ়িছিল। দেৱ শুমছেৰৰ উদাৰ দৃষ্টিভংগী ভট্টাৰ দ্বাৰা প্ৰভাৱিত বুলি কোৱা হয়। তেওঁ নাৰা দেৱ পাণ্ডে, লক্ষ্মী দত্ত পান্তা, গোপী নাথ লোহানী, ভোজ ৰাজ পাণ্ডে আৰু অন্যান্য বন্ধু আৰু পৰিচিত সকলৰ সৈতে বেনাৰসত তেওঁৰ গোটৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাঠমাণ্ডুত মিত্ৰ মণ্ডলী নামৰ এটা গোট আৰম্ভ কৰিছিল। দলটো নেপালী কবিতা ৰচনা আৰু প্ৰচাৰৰ বাবে দায়বদ্ধ আছিল। ভট্টই কাঠমাণ্ডুৰ দৰবাৰ উচ্চ বিদ্যালয়ত পঢ়িছিল।
মতিৰাম ভট্টই ১৮৯১-১৮৯২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৮৯৩-১৮৯৪ এএআইএ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হবলৈ অসমৰ্থ হৈছিল। তেওঁ নিজৰ ঘৰলৈ উভতি আহিল। ১৮৯৫-১৮৯৬ চনত তেওঁ কলকাতালৈ উভতি গৈছিল কিন্তু অসুস্থ হৈ পৰিছিল। অসুস্থতাৰ বাবে তেওঁ কাঠমাণ্ডুলৈ উভতি আহিছিল। তেওঁ সাত মাহৰ বাবে শয্যাশায়ী হৈ পৰে আৰু ১৮৯৬ চনত ৩০ বছৰ বয়সত মৃত্যুবৰণ কৰে। বাগমতী নদীৰ পাৰত থকা আৰ্যঘাটত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।[13]
নেপালী সাহিত্যত গদ্য লিখনি প্ৰৱৰ্তন কৰাৰ কৃতিত্ব মণিৰাম ভট্টকে দিয়া হয়। তেওঁ নেপালী ভাষাত প্ৰবন্ধ, নাটক আৰু কাহিনী লিখিছিল। কবিতাত তেওঁ বেছিভাগ শ্ৰী শৃংগাৰ ৰস ব্যৱহাৰ কৰিছিল। শৃংগাৰ ৰসৰ ৰোমাণ্টিক শৈলী বুলি গণ্য কৰা হয়।
তেওঁ নেপালী সাহিত্যত ১৫ বছৰ ধৰি কাম কৰিছিল। সেই সময়ছোৱাত তেওঁ প্ৰায় পঁচিশখন সাহিত্য কৰ্ম ৰচনা আৰু সম্পাদনা কৰিছিল। তেওঁ আন লেখকসকলৰ ৰচনাও প্ৰকাশ কৰিছিল। মতিৰামৰ কিছুমান ৰচনা হৈছে মনোদৱেগ প্ৰৱাহ, পঞ্চক প্ৰপঞ্চ, শকুন্তলা, প্ৰিয়দৰ্শিকা আৰু পিকদুত। তেওঁ কিছুমান হিন্দী আৰু উৰ্দু কবিতাও লিখিছিল। তেওঁৱেই নেপালী সাহিত্যত 'গজল'ৰ প্ৰৱেশ কৰাইছিল।[14]
নেপালী ভাষাত'