মদিছাৰ বা কোশৱম (তামিল: மடிசார்) হৈছে তামিল ব্ৰাহ্মণ মহিলাসকলে শাৰী পিন্ধা এক সাধাৰণ পদ্ধতি। শাৰী আৰু ইয়াক বান্ধি ৰখা শৈলী প্ৰাচীন ভাৰতৰ পৰাই আৰম্ভ হয়, অন্ততঃ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় প্ৰথম শতিকাৰ মাজৰ সময়ছোৱালৈকে যেতিয়া অন্তৰীয় আৰু উত্তৰীয় কাপোৰ একত্ৰিত কৰি একক বস্ত্ৰ তৈয়াৰ কৰা হৈছিল। শাৰী বান্ধি দিয়াৰ এই শৈলীটোৱেই হৈছে "কোশৱম" শৈলী (যিটো হৈছে ভৰিৰ মাজেদি যোৱা, পুৰুষে ব্যৱহাৰ কৰা সাধাৰণ শৈলীৰ দৰে)। তামিল ব্ৰাহ্মণ মহিলাসকলে বিয়াৰ পিছত এই শৈলী ব্যৱহাৰ কৰিব লাগে।[1] বিভিন্ন সম্প্ৰদায়ে মূল কোশৱম শৈলীৰ পৰা বিভিন্ন শাৰী শৈলীৰ বিকাশ ঘটাইছে, যাৰ বাবে অধিক সামগ্ৰীৰ প্ৰয়োজন যেনে- ন গজ। বৰ্তমানৰ ন গজৰ শাৰীৰ শৈলীসমূহৰ ভিতৰত মহাৰাষ্ট্ৰৰ নৌৱৰী, কানাড়া ড্ৰেপ, তেলেগু ব্ৰাহ্মণ শৈলী আদি অন্তৰ্ভুক্ত। মদিছাৰী নামটো অৱশ্যে সাধাৰণতে তামিল ব্ৰাহ্মণৰ সৈতে জড়িত। ইয়াৰ দুটা উপ-শৈলীৰ হৈছে: আয়েৰ কট্টু আৰু ইয়েংগাৰ কট্টু। আজি মদিছাৰ দৈনন্দিন পৰিধান হিচাপে প্ৰায়েই পিন্ধা নহয় যদিও নিৰ্বাচিত উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানত মহিলাসকলে মদিছাৰ শৈলী পৰিধান কৰে।[2] মদিছাৰখন পিন্ধিবলৈ ন গজৰ শাড়ীৰ প্ৰয়োজন হয়। ই বৰ্তমানৰ আধুনিক সংস্কৰণৰ শাৰী পিন্ধা শৈলীৰ দৰে নহয় যিটোত মাত্ৰ ছয় গজৰ প্ৰয়োজন হয়। আয়াৰ আৰু আয়েংগাৰ ব্ৰাহ্মণ দুয়ো আনুষ্ঠানিক/ ধৰ্মীয় অনুষ্ঠানত, যেনে বিবাহ অনুষ্ঠান, সীমান্তম (প্ৰথম গৰ্ভাৱস্থাৰ বাবে কৰা ধৰ্মীয় অনুষ্ঠান), সকলো ধৰ্মীয় অনুষ্ঠান, পূজা, আৰু মৃত্যুৰ অনুষ্ঠানত মদিছাৰ পিন্ধিব লাগে।[3]
আয়াৰ আৰু আয়েংগাৰসকলে মদিছাৰ বেলেগ বেলেগ ধৰণে পিন্ধে। আয়েৰসকলে সোঁ কান্ধৰ ওপৰত পল্লু (কান্ধৰ ওপৰেৰে অহা শাৰীৰ তৰপ) টানি আনে আৰু ইয়েংগাৰসকলে বাওঁ কান্ধৰ ওপৰত পিন্ধে। গতানুগতিকভাৱে এগৰাকী মহিলাই প্ৰথম মদিছাৰ পিন্ধে মেৰুণ বা ৰঙা ৰঙৰ। আজিকালি মানুহৰ ইচ্ছা অনুযায়ী মদিছাৰ আন ৰঙত পৰিধান কৰা হৈছে।
ৰেচম, কপাহ, কপাহ-ৰেচমৰ মিশ্ৰণ, পলিয়েষ্টাৰ -কপাহৰ মিশ্ৰণ ইত্যাদি বিভিন্ন সামগ্ৰীৰে মদিছাৰ উপলব্ধ। যদিও ইমান পৰম্পৰাগত নহয়, তথাপিও ইয়াক পিন্ধিবলৈ সহজ আৰু সুবিধাজনক। আগৰ দিনত সকলো মহিলাই নিয়মিতভাৱে মদিছাৰ পৰিধাণ কৰিছিল। কিন্তু বৰ্তমান সময়ত দৈনন্দিন মদিছাৰ পিন্ধা খুব কমেইহে দেখা যায়। বিবাহ অনুষ্ঠান, পূজা, মৃতকৰ অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানতহে মহিলাসকলে ইয়াক পৰিধাণ কৰে।[4]
মদিছাৰ শৈলীত শাৰীখনক যিদৰে ভাঁজ কৰা হয় ই অভ্যন্তৰ আৰু কঁকালৰ অংশক সুদৃঢ়ভাৱে ধৰি ৰাখি কঁকালৰ বিষ ৰোধ কৰে। [4]
এই শাৰী পিন্ধাৰ আন এটা উপকাৰিতা হ’ল মদিছাৰ পিন্ধিলে সেই ভোক বা পিয়াহ অনুভৱ নহয়, যেন পেটী এডালে পেটটো টানকৈ ধৰি ৰাখিছে৷ অৱশ্য ই ডায়েটিঙৰ বাবে নিৰ্ধাৰিত নাছিল। কেৱল উপবাসৰ সময়ত অনুষ্ঠানটোত মনোনিৱেশ নিশ্চিত কৰাটোৱেই ইয়াৰ উদ্দেশ্য আছিল।[4]
যিহেতু এই শাৰীখন ভৰিৰ মাজত (কচ্চম) দৃঢ়ভাৱে সোমাই যায় গতিকে ই মহিলাসকলক অনুষ্ঠানৰ সময়ত বাথৰুমলৈ যোৱাৰ প্ৰয়োজনীয়তাৰ পৰা হাত সাৰিবলৈও সহায় কৰিছিল যিটো গ্ৰহণযোগ্য বুলি বিবেচিত হৈছিল।[4]