মধ্য ভাৰত | |
---|---|
দেশ | ভাৰত |
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল | |
বৃহত্তম নগৰ | ইন্দোৰ |
সৰ্বাধিক জনবহুল ঠাই (2011) | |
কালি | |
• মুঠ | 443,443 km2 (1,71,214 sq mi) |
জনসংখ্যা | |
• মুঠ | 10,05,25,580 |
• ঘনত্ব | 230/km2 (590/sq mi) |
মধ্য ভাৰত হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ক সাঙুৰি লৈ গঠিত হোৱা ভাৰতৰ এক বিশেষ ভৌগোলিক ক্ষেত্ৰ।[1][2][3] ইন্দোৰ, মধ্যপ্ৰদেশৰ ব্যৱসায়িক ৰাজধানী, হৈছে এই ক্ষেত্ৰৰ বৃহত্তম চহৰ। আন মুখ্য চহৰবোৰৰ ভিতৰত আছে ভূপাল, ৰায়পুৰ। এই দুখন ৰাজ্যত বিভিন্ন ভাষা-ভাষীৰ আৰু ভিন্ন সাংস্কৃতিক বৈচিত্ৰ্যৰ লোক আছে। অৱশ্যে হিন্দীভাষী লোকৰ সংখ্যা সৰ্বাধিক। মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ক উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড আৰু উত্তৰ ক্ষেত্ৰীয় পৰিষদৰ লগত একত্ৰিত কৰা হৈছে।
মধ্য ভাৰতৰ অভিহিত মুঠ ঘৰুৱা উৎপাদন হৈছে ১০.২৫ লাখ কোটি।[4][5]
ভাৰতৰ মুঠ বিদ্যুৎ শক্তিৰ ১০.৯৬% মধ্য ভাৰতত উৎপাদন (মূলতঃ কয়লাভিত্তিক শক্তি) হয়।[6]
এইটো ক্ষেত্ৰত প্ৰধানতঃ হিন্দী আৰু মধ্য মানৰ হিন্দী কোৱা হয়। অইন হিন্দী বলয়ৰ ভাষা যেনে ছত্তীছগঢ়ীও ঠাইবিশেষে কোৱা হয়। ইয়াৰ বাহিৰেও ইন্দো-আৰ্য ভাষা, মুন্দ ভাষা, কৰ্কু ভাষা মধ্য ভাৰতত কোৱা হয়।
মধ্য ভাৰতৰ ছত্তিছগড়ত কমেও ৩৫টা সৰু-বৰ জনজাতীয় গোট আছে। প্ৰতিটো জনজাতিৰে নিজা নিজা বৈশিষ্ট্যৰ উৎসৱ আছে। প্ৰতিটো উৎসৱৰ নিজস্ব ৰন্ধনকলা, আৰু নৃত্য আদি জড়িত হৈ আছে। উদাহৰণস্বৰূপে "চেৰচেৰা" নামৰ বিশেষ উৎসৱটি খেতি-পথাৰৰ কাম সমাপ্ত কৰাৰ পিছত উদযাপিত হয়। ছত্তীছগঢ়ৰ লোকসংগীত, সামাজিক ব্যৱস্থাসমূহো মৌলিকত্ব বিচাৰি পোৱা যায়। ছোহৰ গীত, বিহাভ গীত,পাথোনি গীত তেওঁলোকৰ সমাজত জনপ্ৰিয়। ভিল আৰু গুণ্ড নামৰ জনগোষ্ঠীয় গোট দুটাই পালন কৰা উৎসৱসমূহত জন্তু বলি দিয়াৰ পৰম্পৰা এটা আছে।
আনহাতে ভাৰতৰ বৃহত্তম ৰাজ্যবোৰৰ ভিতৰত অন্যতম মধ্য প্ৰদেশৰ এক অনন্য অতীত আছে। এসময়ত এইখন প্ৰদেশৰ বুকুত অনেক সাম্ৰাজ্যই শাসন কৰিছিল। মধ্য প্ৰদেশত যোদ্ধা, সন্ত, কবি, সংগীতশিল্পী, দাৰ্শনিকৰ এক সুকীয়া আৰু বহু পুৰণি ঐতিহ্য আছে।
মধ্য প্ৰদেশত "গণ গৌৰ" নামৰ বৰ উলাহেৰে পালন কৰা হয়। স্থানীয় লোকসকলৰ মাজত প্ৰচলিত বিশ্বাস অনুসৰি, বিবাহৰ পাছত শিৱৰ পত্নী গৌৰই ৰাজস্থানত বাস কৰিছিল। তেওঁ বছৰেকত মাত্ৰ এবাৰহে গৃহলৈ আহিব পাৰিছিল। তেওঁৰ এই গৃহ-আগমনকেই আধাৰ হিচাপে লৈ লোকসকলে এই উৎসৱটি পালন কৰি আহিছে। তেওঁলোকে গৌৰৰ সৰু মূৰ্তি কিছুমান সাজে আৰু পতি শিৱৰ লগত একেলগে পূজা কৰে। "গোৰধান" নামৰ উৎসৱটি দিপাৱলীৰ পাছত পালন কৰা হয়। এই উৎসৱটিৰ লগত জড়িত থকা আখ্যানটো শ্ৰীকৃষ্ণৰ সৈতে সম্বন্ধ আছে। এসময়ত বান আহোঁতে শ্ৰীকৃষ্ণই এই শক্তিশালী গোৱৰ্ধন পৰ্বতটো দাঙি মানুহকে ধৰি জীৱ-জন্তুক ৰক্ষা কৰিছিল বুলি প্ৰবাদ আছে। গোৰধান উৎসৱক সাধাৰণতে গোধনৰ উৎসৱ হিচাপে উদযাপন কৰা হয়। এই বিশেষ দিনটোত গোধনক সজাই-পৰাই ৰখা হয়।[8]