মনপ্ৰীত কৌৰ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা ২০১৭ এচিযান এথলেটিকচ্ চেম্পিয়নশ্বিপত মনপ্ৰীতে সোণৰ পদক লাভ কৰিছে | |||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||
জন্ম | ৫ মাৰ্চ, ১৯৯০ (৩৫ বছৰ) | ||||||||||||
ক্ৰীড়া | |||||||||||||
দেশ | ভাৰত | ||||||||||||
ক্ৰীড়া | শ্বটপুট | ||||||||||||
শিতান | এথেলেটিকচ্ | ||||||||||||
প্ৰশিক্ষক | কৰমজিৎ সিং | ||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||
আঞ্চলিক ফাইনেল | ভাৰতীয় | ||||||||||||
ৰাষ্ট্ৰীয় ফাইনেল |
| ||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ১৮.৮৬ (Gwangju ২০১৭) | ||||||||||||
পদক অভিলেখ
| |||||||||||||
7 July 2017-ত নবীকৰণ কৰা হৈছে। |
মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ।[1] ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।[2] তেওঁ মহিলাৰ শ্বট পুটৰ ১৭.৯৬ মিটাৰৰ ভাৰতীয় ৰেৰ্কডৰো অধিকাৰী। ২০১৬ চনত ৰিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক শ্বটপুটত প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈছিল।[3]
কৌৰ তেওঁৰ পিতৃ-মাতৃৰ তিনি সন্তানৰ ভিতৰত সকলোতকৈ ডাঙৰ আছিল, তেওঁৰ পিতৃ এজন কৃষক আছিল আৰু কৌৰৰ ১৩ বছৰ বয়সতে পিতৃৰ মৃত্যু হৈছিল আৰু ২০০৬ চনত তেওঁৰ মাতৃ স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছিল।[4] তেওঁ তেওঁৰ ভাতৃসকলৰ সৈতে খেলা ধূলাত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ জৰিয়তেই ক্ৰীড়াৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁ আগ্ৰহী হৈ পৰিছিল। তেওঁক আৰম্ভণিতে ১০০ মিটাৰ দৌৰৰ বাবে এবছৰ প্ৰশিক্ষণ দিয়া হৈছিল যদিও তেওঁৰ ভাতৃয়ে মত দিছিল যে তেওঁৰ শ্বট-পুটতহে বেছি সম্ভাৱনা আছে। ভাতৃৰ মত সৰোগত কৰি তেওঁ শ্বটপুটৰ অভ্যাস আৰম্ভ কৰিছিল।[4] তেওঁৰ বাসস্থান পাটিয়ালাৰ সাহাউলি গাঁওত আৰু ভাৰতীয় ৰেলৰ এগৰাকী কৰ্মচাৰী।[5]
কৌৰ ২০০৭ ত Ostrovaত অনুষ্ঠিত হোৱা ৫ম IAAFত ৫ম বিশ্ব যুৱ প্ৰতিযোগিতাত নৱম স্থান পাবলৈ সক্ষম হৈছিল।২০১০ চনত তেওঁ ৩ বছৰৰ বাবে অৱসৰ গ্ৰহণ কৰিছিল আৰু ২০১৫ চনত মহিলাৰ শ্বটপুটৰ ১৮ বছৰীয়া এক ৰেৰ্কড ভংগ কৰি প্ৰত্যাবৰ্তন কৰিছিল। তেওঁ কলকাতাত অনুষ্ঠিত হোৱা নেচনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল।[5]
২০১৬ চনত ৰিঅ' অলিম্পিকত মহিলাৰ শ্বটপুটৰ বাবে ভাৰতৰ হৈ নিৰ্বাচিত হোৱা একমাত্ৰ মহিলাগৰাকী আছিল মনপ্ৰীত কৌৰ।[6] তেওঁ কলকাতাত অনুষ্ঠিত হোৱা নেচনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপত ১৭.৯৬ মিটাৰ প্ৰৰ্দশন কৰিবলৈ সক্ষম হৈছিল।[5][7][8]
এছিয়ান গ্ৰেণ্ড-প্ৰিৰ প্ৰথম পৰ্যায়ত কৌৰে ভাৰতৰ জাতীয় ৰেৰ্কড ভংগ কৰি সোণৰ পদক লাভ কৰিছিল।[9] তেওঁ তেওঁৰ জীৱনৰ ১৮.৮৬ মিটাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰৰ্দশন কৰিছিল, যাৰ দ্বাৰা তেওঁ লণ্ডনত অনুষ্ঠিত হবলগীয়া IAAF বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। এই বিশ্ব প্ৰতিযোগিতাখনত মহিলাৰ বাবে ১৭.৭৫ মিটাৰৰ পৰা যোগ্যতা অৰ্জন হয়।[9] কৌৰ ২০১৭ চনত ওড়িশাত অনুষ্ঠিত হোৱা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে।[10] কৌৰ ২০১৭ চনত dimethylbutylamine পৰীক্ষণত বহুবাৰ পজিটিভৰূপে চিনাক্ত হৈছিল।[11]
বিশ্ববিদ্যালয় পৰ্যায়ৰ এগৰাকী শ্বটপুটাৰ আৰু কৌৰৰ প্ৰশিক্ষক কৰমজীত সিংহৰ সৈতে তেওঁৰ বিবাহ হয়।[7] দম্পতীহালৰ এজনী কন্যা সন্তান আছে।[6][12]