মনোবৈজ্ঞানিক হ'ৰৰ (ইংৰাজী: Psychological horror) হৈছে হ'ৰৰ (আতংকধৰ্মিতা) আৰু মনস্তাত্তিক কল্পকাহিনীৰ এটা উপশ্ৰেণী। এইধৰণৰ শ্ৰেণীত মানসিক, আৱেগিক, মনোবৈজ্ঞানিক স্থিতিটোক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু তাৰ জৰিয়তে দৰ্শক-পাঠকক আতংকিত, বিৰক্ত আৰু অসহজ কৰিবলৈ প্ৰয়াস কৰা হয়। এই উপশ্ৰেণীটোক প্ৰায়েই মনোবৈজ্ঞানিক থ্ৰিলাৰ নামৰ আন এটা উপশ্ৰেণীৰ লগত সংযুক্ত কৰা হয়, আৰু প্ৰায়েই এই শ্ৰেণীটোৱে ৰহস্যধৰ্মী উপাদান; আৰু অস্থিৰ, বিশ্বাস-অযোগ্য আৰু বিৰক্তিকৰ মনোবৈজ্ঞানিক স্থিতিৰ ব্যৱহাৰ কৰে আৰু তাৰ জৰিয়তে উপস্থাপন তথা পটভূমিৰ উত্তেজনা, নাটকীয়তা, আখ্যান, মস্তিষ্কবিকৃতি বৃদ্ধি কৰে। ইয়াৰ জৰিয়তে সামগ্ৰিকভাৱে একধৰণৰ অপ্ৰীতিকৰ, উদ্বেগজনক আৰু বিৰক্তিকৰ বাতাৱৰণৰ সৃষ্টি হয়।[1]
থ'মাছ হেৰিছৰ উপন্যাস "দ্য ছাইলেন্স অৱ দ্যা লেম্বছ", ৰবাৰ্ট ব্লখেৰ উপন্যাস যেনে- "ছাইকো" আৰু "আমেৰিকান গথিক", ষ্টিফেন কিঙৰ উপন্যাস যেনে- "কেৰি", "মিজাৰি", "দ্য ছাইনিং" হৈছে মনোবৈজ্ঞানিক হ'ৰৰ উদাহৰণ। কল্পনাশ্ৰয়ী সাহিত্যৰ ক্ষেত্ৰত চাৰ্লি জেকচনৰ "উই হেভ অলৱেইছ লিভড ইন দ্য কেচল"ক প্ৰায়েই এখন মনোবৈজ্ঞানিক হ'ৰৰ হিচাপে চিহ্নিত কৰা হয়।
পৰম্পৰাগত আতংকধৰ্মী ছবিৰ পৰা মনোবৈজ্ঞানিক আতংকধৰ্মী ছবিক সাধাৰণতে পৃথককৈ ৰখা হয়। সাধাৰণতে আতংকধৰ্মী ছবিবোৰত জন্তু, দানৱ, ছিৰিয়েল কিলাৰ, বৰ্হিজগতৰ প্ৰাণীক ভয়ংকৰভাৱে আৰু বীভৎসৰূপত উপস্থাপন কৰা হয়।[2] একেদৰে splatter বা slasher শ্ৰেণীৰ ছবিৰ পৰাও এই শ্ৰেণীৰ ছবি পৃথক; যিবোৰৰ আধাৰ হয় হিংসা নাইবা ৰক্তাক্তমূলক প্ৰভাৱ।[2] মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ ভেটিটো তৈয়াৰ কৰা হয় পৰিৱেশৰ জৰিয়তে; য'ত সাধাৰণতে আজৱ শব্দ ব্যৱহাৰ কৰা হয় আৰু চৰিত্ৰৰ মনস্তাত্তিক ভয়বোৰক দৰ্শকৰ সমুখত উপস্থাপন কৰা হয়। পৰ্দাত সৃষ্টি হোৱা ভয়ৰ বিপৰীতে এইশ্ৰেণীৰ ছবিয়ে দৰ্শকৰ নিজা কল্পনাজগতখনতহে সংকটৰ সৃষ্টি কৰে। অৱশ্যে এইটো শ্ৰেণীৰে কিছুমান ছবিত আতংকসৃষ্টিকাৰী পাৰ্থিৱ উৎস থাকিব পাৰে, নতুবা ৰক্তাক্ত পৰিৱেশৰ সূচনা হ'ব পাৰে।
দ্য ব্লেক কেট (১৯৩৪) আৰু কেট পিপল (১৯৪২) নামৰ ছবি দুখনক সৰ্বপুৰণি মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ মৰ্যাদা দিয়া হয়।[3][2][4]
ৰোমান পল'নস্কিয়ে পৰিচালনা কৰা দুখন বিশেষ ছবিক বিশুদ্ধ মনোবৈজ্ঞানিক হ'ৰৰ ছবি বুলি কোৱা হয়: ৰিপালছন (১৯৬৫) আৰুৰ'জমেৰিছ বেবি (১৯৬৮).[5][6] ষ্টেনলি কুবৰিকে ১৯৮০ চনত নিৰ্মাণ কৰা দ্য ছাইনিং নামৰ ছবিখন ওপৰত উল্লেখ কৰা ষ্টিফেন কিঙৰ একেনামৰ উপন্যাসৰ আধাৰত। এইখন ছবিকো এইটো শ্ৰেণীৰে এখন উল্লেখযোগ্য ছবি হিচাপে বিবেচিত কৰা হয়।[7] জনাথন ডেমিয়ে পৰিচালনা কৰা দ্য ছাইলেন্স অৱ দ্যা লেম্বছ (১৯৯১) হৈছে মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ আৰু এটা উদাহৰণ। অৱশ্যে এইখন ছবিত থ্ৰিলাৰৰ বৈশিষ্ট্যসমূহো পৰিলক্ষিত হয়।[8][9] এইটো শ্ৰেণীৰ কেইখনমান শেহতীয়া ছবি হৈছে- ডাৰেন এৰনোফেস্কিৰ ব্লেক শ্বান (২০১০), "দ্য বাবডুক" (২০১৪), ইট ফলৌছ (২০১৫), জৰ্দান পিলেৰ গেট আউট (২০১৭), হেৰিডিটেৰি (২০১৮), দ্য লাইটহাউছ (২০১৯) আদি।
গিয়াল্লো (giallo) নামৰ ইটালী ছবিৰ শ্ৰেণীটোত সাধাৰণতে মনোবৈজ্ঞানিক হ'ৰৰ বা মনোবৈজ্ঞানিক হ'ৰৰৰ উপাদান ব্যৱহৃত হয়। এছিয়াৰ দেশসমূহতো এইটো উপশ্ৰেণীৰ ছবি দেখিবলৈ পোৱা যায়। জাপানৰ হ'ৰৰ ছবিক সাধাৰণতে জে-হৰৰ (J-horror) বুলি জনা যায়। এই শ্ৰেণীতো সচৰাচৰ মনোবৈজ্ঞানিক হ'ৰৰৰেই বৈশিষ্ট্য পৰিলক্ষিত হয়।[10] উল্লেখযোগ্য উদাহৰণ হৈছে- ৰিং (১৯৯৮) আৰু জু-অন চিৰিজ।[10] কোৰিয়াৰ হ'ৰৰ ছবিক কে-হৰৰ বুলি কোৱা হয়।[10] উদাহৰণস্বৰূপে এ টেল অৱ টু চিছটাৰ্ছ (২০০৩), হানছেল এণ্ড গ্ৰিটেল (২০০৭), আৰু হুইছপাৰিং কৰিডৰছ্ (১৯৯৮)।[10] ফিলিপাইনৰ এখন প্ৰভাৱশালী মনোবৈজ্ঞানিক হ'ৰৰ ছবি হৈছে কিছাপমাতা (Kisapmata, ১৯৮১)।