মনোহৰ পাৰিকৰ | |
---|---|
![]() | |
গোৱাৰ দশম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১৪ মাৰ্চ ২০১৭[1] – ১৭ মাৰ্চ ২০১৯ | |
ৰাজ্যপাল | বিকাশ শ্ব |
পূৰ্বসূৰী | লক্ষ্মীকান্ত পাৰ্ছেকৰ |
কাৰ্যকাল ৯ মাৰ্চ, ২০১২ – ৮ নৱেম্বৰ, ২০১৪ | |
ৰাজ্যপাল | কাতীলাল শঙ্কৰনাৰায়ণ Bharat Vir Wanchoo Margaret Alva Om Prakash Kohli[2] মৃদুলা সিনহা |
পূৰ্বসূৰী | দিগম্বৰ কামাট |
উত্তৰসূৰী | লক্ষ্মীকান্ত পাৰ্ছকৰ |
কাৰ্যকাল ২৪ অক্টোবৰ, ২০০০ – ২ ফেব্ৰুৱাৰী, ২০০৫ | |
ৰাজ্যপাল | মহম্মদ ফজল কিদাৰ নাথ চাহানী মহম্মদ ফজল এচ চি জমিৰ |
পূৰ্বসূৰী | ফ্ৰান্সিস্ক' চাৰ্দিনহা |
উত্তৰসূৰী | প্ৰতাপসিং ৰাণে |
প্ৰতিৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ৯ নৱেম্বৰ, ২০১৪ – ১৩ মাৰ্চ, ২০১৭ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | অৰুণ জেটলী |
উত্তৰসূৰী | অৰুণ জেটলী |
গোৱা বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৮ আগষ্ট, ২০১৭ | |
পূৰ্বসূৰী | সিদ্ধাৰ্থ কান্চেলিঙ্কাৰ |
সমষ্টি | পানাজি |
কাৰ্যকাল ১৯৯৪ – ২৫ নৱেম্বৰ ২০১৪ | |
পূৰ্বসূৰী | ক'ৱান বাপ্টিষ্টা ফ্ল'ৰিন' গঞ্জালৱেচ |
উত্তৰসূৰী | সিদ্ধাৰ্থ কান্চেলিঙ্কাৰ |
ৰাজ্যসভাৰ সদস্য | |
কাৰ্যকাল ২৬ নৱেম্বৰ ২০১৪ – ২ ছেপ্টেম্বৰ ২০১৭ | |
পূৰ্বসূৰী | কুসুম ৰাই |
উত্তৰসূৰী | হৰদীপ সিং পুৰী |
সমষ্টি | উত্তৰ প্ৰদেশ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৩ ডিচেম্বৰ, ১৯৫৫ মনপুচা, গোৱা, পৰ্তুগীজ শাসিত ভাৰত (এতিয়াৰ গোৱা, ভাৰত) |
মৃত্যু | ১৭ মাৰ্চ, ২০১৯ (৬৩ বছৰ) গোৱা, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
দাম্পত্যসঙ্গী | মেধা অপৰিকৰ (১৯৮১-২০০১)(তেখেতৰ মৃত্যু) |
সন্তান | উৎপল পাৰিকৰ অভিজিত পাৰিকৰ |
বাসস্থান | পানাজি, গোৱা, ভাৰত |
শিক্ষানুষ্ঠান | ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মুম্বাই |
মনোহৰ পাৰিকৰ (১৩ ডিচেম্বৰ ১৯৫৫ - ১৭ মাৰ্চ ২০১৯) এজন ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা আছিল। ২০১৭ চনৰ ১৭ মাৰ্চৰ পৰা মৃত্যু পৰ্যন্ত তেখেত গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3][4] ইয়াৰ আগতেও ২০০০ চনৰ পৰা ২০০৫ চনলৈ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈ তেখেত গোৱাৰ মুখ্যমন্ত্ৰী আছিল।
২০১৩ চনত গোৱাত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত পাৰিকৰে নৰেন্দ্ৰ মোদীৰ নাম প্ৰধানমন্ত্ৰী প্ৰাৰ্থীৰূপে প্ৰস্তাৱ কৰিছিল। পাছলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাতে পাৰিকৰে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। উত্তৰ প্ৰদেশৰ পৰা তেখেত ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল।[5][6][7]
২০১৮ চনৰ ২৭ অক্টোবৰত গোৱা চৰকাৰে ঘোষণা কৰে যে মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ অগ্ন্যাশয়ৰ কৰ্কট ৰোগত ভুগি আছে।[8]
২০১৯ চনৰ ১৭ মাৰ্চত অগ্ন্যাশয় আৰু যকৃতৰ কৰ্কট ৰোগৰ ফলত তেখেতে মৃত্যুবৰণ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেখেতৰ মৃত্যুৰ বাতৰি ঘোষণা কৰে।[9]