ময়ূৰ নৃত্য | |
---|---|
![]() ভাৰতৰ ময়ূৰ নৃত্যশিল্পী | |
শৈলী | লোক-নৃত্য |
উৎপত্তিমূল | দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া |
ময়ূৰ নৃত্য (ইংৰাজী: Peacock dance or Peafowl dance) বা ময়ূৰ চৰাই নৃত্য এছিয়াৰ এক পৰম্পৰাগত লোকনৃত্য। এই নৃত্যই ময়ূৰৰ সৌন্দৰ্য্য আৰু গতিবিধিক চিত্ৰায়িত কৰে। এছিয়াত কেইবাবিধো ময়ূৰ নৃত্যৰ পৰম্পৰা বিকশিত হৈছে; ইয়াৰ ভিতৰত ম্যানমাৰৰ ময়ূৰ নৃত্য, কম্বোডিয়াৰ পশ্চিম আৰু উত্তৰ অংশত, ইণ্ডোনেছিয়াৰ পশ্চিম জাভা, ভাৰত উপমহাদেশৰ দক্ষিণ ভাৰত, শ্ৰীলংকা, বাংলাদেশৰ ময়ূৰ নৃত্যও আছে।
চীনৰ দক্ষিণ-পশ্চিম প্ৰদেশ ইউনানৰ দাই জনগোষ্ঠীৰ মাজত টোটেম হিচাপে ময়ুৰ চৰাই সেই জনগোষ্ঠীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক দিশৰ এক অপৰিহাৰ্য অংশ। দাই জনগোষ্ঠীৰ লোক-নৃত্যৰ ভিতৰত আটাইতকৈ বিখ্যাত আৰু পৰম্পৰাগত পৰিৱেশ্য কলা হিচাপে ময়ুৰ নৃত্য ৰুইলিৰ দাই জনগোষ্ঠী, দেহং দাই আৰু জিংপো স্বায়ত্বশাসিত জিলাৰ লুক্সি, মেংদিং, মেংদা, জিংগি দাই য়িই স্বায়ত্তশাসিত কাউন্টি, কাংগুয়ান ভা স্বায়ত্তশাসিত কাউন্টি আৰু অন্যান্য ঠাইত বাস কৰা দাই জনগোষ্ঠীৰ লোকৰ মাজত প্ৰচলিত৷[1] দাই জনগোষ্ঠীৰ মাজত ময়ুৰ নৃত্যৰ উৎপত্তি সম্বন্ধে জনবিশ্বাস আছে৷ প্ৰায় হাজাৰ বছৰ আগতে দাই জনগোষ্ঠীৰ মুৰব্বীজনে এবাৰ নদীৰ পাৰত এটা ধুনীয়া ময়ুৰ নাচি থকা দেখি সেই ময়ুৰৰ ভংগীমাৰ অনুকৰণত তেওঁ এই নৃত্যৰ সৃষ্টি কৰিছিল৷[2] দাই জনগোষ্ঠীৰ ময়ুৰ নৃত্যৰ ইতিহাস অতি দীঘলীয়া আৰু তেওঁলোকৰ বিশিষ্ট জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে ই ওতঃপ্ৰোতভাৱে জড়িত। যিকোনো উৎসৱৰ অনুষ্ঠান বা উদযাপন যেনে, বাৰ্ষিক জল উৎসৱ আৰু দুৱাৰ বন্ধ বা দুৱাৰ মুকলি উৎসৱৰ লগত ময়ুৰ নৃত্য, আনন্দ আৰু সুখ প্ৰকাশ কৰিবলৈ পৰিৱেশন কৰা হয়৷ সাধাৰণতে চীনত দাই খিলঞ্জীয়া জনগোষ্ঠীৰ পৰম্পৰাগত ময়ুৰ নৃত্য দুটা ভিন্ন প্ৰকাৰৰ। এটা হ’ল ময়ুৰৰ মেলি থকা পাখিৰ অনুকৰণত কৰা বাঁহ, ৰেচম আৰু অন্যান্য সামগ্ৰীৰে নিৰ্মিত গধুৰ ষ্টেণ্ড পিন্ধি কৰা ময়ুৰ নৃত্য। এডাল ষ্টেণ্ডৰ ওজন ২০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে আৰু ইয়াক পৰিৱেশকৰ পিঠি আৰু কঁকালৰ অংশত সংলগ্ন কৰা হয়। আনটো হ'ল "নিৰস্ত্ৰ ময়ুৰ নৃত্য"। পৰিবেশকসকলে কোনো গধুৰ ষ্টেণ্ড কঢ়িয়াই নিয়াৰ প্ৰয়োজন নাই। হাতীখুজীয়া ঢোল, গং আৰু তাল আদি বাদ্যযন্ত্ৰৰ লগত সাধাৰণতে ময়ুৰ নৃত্য কৰা হয়৷
তামিল ভাষাৰ মাইলাত্তম নামৰ ময়ুৰ নৃত্য ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যত থাই পংগলৰ শস্য চপোৱা উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়৷ এই নৃত্যত ছোৱালীয়ে ময়ুৰৰ পাখিৰ পোছাক পিন্ধি নৃত্য পৰিৱেশন কৰে।[3][4]
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত মনপা জনগোষ্ঠীৰ লোকসকলে সিংহ আৰু ময়ুৰ নৃত্য নামেৰে জনাজাত এবিধ লোকনৃত্য পৰিৱেশন কৰে ৷ এই নৃত্যত নৃত্যশিল্পীসকলে জীৱ-জন্তুৰ খোজ আৰু গতিবিধি অনুকৰণ কৰে । এই নৃত্যত দুটা গোটে অংশগ্ৰহণ কৰে আৰু প্ৰতিটো গোটত দুজন ঢোলবাদক থাকে। নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ হ’ল গং আৰু তাল[5]।
ইণ্ডোনেছিয়াত ইয়াক ময়ূৰ চৰাই নৃত্য বা মেৰাক নৃত্য বা তাৰি মেৰাক বুলি জনা যায় আৰু ইয়াৰ উৎপত্তি পশ্চিম জাভাত হৈছিল। ময়ূৰৰ লয়লাস গতিবিধিৰ দ্বাৰা আকৰ্ষিত হৈ আৰু ইয়াৰ পাখি গুজি, চুণ্ডানিজ নৃত্যৰ ধ্ৰুপদী তাল লয়ৰ সৈতে মিলাই মহিলা নৃত্যশিল্পীয়ে ইয়াক পৰিৱেশন কৰে। ১৯৫০ চনৰ আশে-পাশে চুণ্ডানিজ শিল্পী আৰু নৃত্য পৰিচালক ৰাডেন ট্জেজে ছ'মেণ্ট্ৰীৰ দ্বাৰা সৃষ্ট নৃত্যৰ এক অন্যতম হ’ল ময়ূৰ নৃত্য।[6] এই নৃত্যটো মাজে মাজে চুণ্ডানীজ বিয়াৰ অনুষ্ঠানতো পৰিবেশন কৰা হয় আৰু কোনো ডাঙৰ অনুষ্ঠানত সন্মানীয় অতিথিক আদৰণি জনোৱাৰ বাবেও পৰিৱেশন কৰা হয়। এই নৃত্যটো ইণ্ডোনেছিয়াৰ বহুতো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰদৰ্শিত নৃত্যৰ ভিতৰত অন্যতম, যেনে শ্ৰীলংকাৰ পেৰাহাৰা উৎসৱত এই নৃত্য প্ৰদৰ্শিত হৈছিল।