মস্তিষ্ক আৱৰণী | |
---|---|
![]() মস্তিষ্ক আৱৰণীসমূহ: ডুৰা মেটাৰ, এৰেক্নয়ড্ মেটাৰ আৰু পায়া মেটাৰ | |
সবিশেষ | |
ধমনী | middle meningeal artery, meningeal branches of the ascending pharyngeal artery, accessory meningeal artery, branch of anterior ethmoidal artery, meningeal branches of vertebral artery |
স্নায়ু | middle meningeal nerve, nervus spinosus |
চিনাক্তকাৰক | |
লেটিন | Meninges |
MeSH | D008578 |
TA98 | A14.1.01.001 |
TA2 | 5369 |
FMA | 231572 |
দেহতাত্ত্বিক পৰিভাষা |
মস্তিষ্ক আৱৰণী বা meninges (/məˈnɪndʒiːz/,[1][2] একক: meninx (/ˈmiːnɪŋks/ বা /ˈmɛnɪŋks/[3]), প্ৰাচীন গ্ৰীক: μῆνιγξ mēninx "membrane",[4] বিশেষণ: meningeal /məˈnɪndʒəl/) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আবৃত কৰি ৰখা সংযোজী কলাৰ আৱৰণীসমূহক বুজায়। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই আৱৰণীৰ তিনিটা স্তৰ থাকে: ডুৰা মেটাৰ, এৰেক্নয়ড্ মেটাৰ আৰু পায়া মেটাৰ। এই মস্তিষ্ক আৱৰণী আৰু চেৰিব্ৰ'স্পাইনেল ৰসৰ মুখ্য কাম হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক সুৰক্ষা প্ৰদান কৰা।
ডুৰা মেটাৰ (dura mater) (লেটিন: tough mother ) (মেনিংক্স ফাইব্ৰ'ছা বা পেকীমেনিংক্স) কৰোটিৰ হাড়ৰ কাষতে থকা এখন ডাঠ আৱৰণী। ইয়াৰ একেবাৰে বাহিৰৰ অংশ ইটোৰে-সিটোৰে লাগি থকা ফাইব্ৰ'ইলাষ্টিক কোষৰ সমষ্টি। কোষৰ বাহিৰত ক'লাজেন নাথাকে আৰু যথেষ্ট খালী ঠাই থাকে। বাকী অংশক দুটা স্তৰত ভগাব পাৰি: অধো অস্থীয় স্তৰ (endosteal layer) আৰু আৱৰণীস্তৰ (meningeal layer)। অধো-অস্থীয় স্তৰটোৱে কৰোটিৰ ভিতৰফালৰ তলখনত লাগি তাক আৱৰি ৰাখে। কৰোটইৰ অধোদেশত থকা মহাৰন্ধ্ৰইদি ই পাৰ নহয়। কিন্তু কৰোটিৰ আন আটাইবোৰ ছিদ্ৰইদি ই কৰোটিৰ বাহিৰলৈ ওলাই গৈ কৰোটিৰ বহিঃপৃষ্ঠাকো আৱৰি ৰাখে। আনহাতে আৱৰণী স্তৰটো ঘন আঁহেৰে গঠিত। ই সম্পূৰ্ণ মস্তিষ্কটো আৱৰি ৰাখে আৰু মহাৰন্ধ্ৰইদি সৰকি স্নয়ুৰজ্জুৰ ডুৰা মেটাৰ আৱৰণীৰো সৃষ্টি কৰে।[5]
ডুৰাৰ চাৰিটা ভিতৰলৈ সুমোৱা ভাঁজ থাকে:
মস্তিষ্ক আৱৰণীৰ মধ্যস্তৰটো এৰেক্নয়ড্ মেটাৰ (arachnoid mater)। দেখাত মকৰা জালৰ দৰে হোৱা বাবে ইয়াক এই নাম দিয়া হৈছে। ই এখন কোমল, সোপোকা আৰু ভেদ্য আৱৰণ। এই আৱৰণো আঁহেৰে গঠিত আৰু পায়া মেটাৰৰ দৰে চেপেটা কোষেৰে আবৃত। এৰেক্নয়ড্ মেটাৰ আৰু ডুৰা মেটাৰৰ মাজত কিছু ব্যৱধান থাকে। এই ঠাইখিনি পূৰ্ণ কৰি ৰখা তৰল দ্ৰব্যবিধক চেৰিব্ৰ'স্পাইনেল ৰস (cerebrospinal fluid) বোলে।[5]
পায়া মেটাৰ (pia mater) (লেটিন: tender mother ) এখন অতি পাতল আৱৰণ। ই স্তৰটো মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ গাত লিপিট খাই লাগি থাকে আৰু মস্তিষ্কৰ সকলো উঠা-নমা (যাইৰাছ আৰু ছাল্কাছ) অনুসৰণ কৰে। আঁহযুক্ত কলাই গঠন কৰা এই স্তৰটোক বাহিৰৰ অংশত চেপেটা কোষৰ সমষ্টিয়ে ঢাকি ৰাখে। মস্তিষৰ ৰক্তবাহী নলীকাবোৰ পায়া মেটাৰৰ মাজেদি পাৰ হৈ যায় আৰু কেপিলাৰীবোৰে মস্তিষ্কক পুষ্টি যোগান ধৰে।
এৰেক্নয়ড্ মেটাৰ আৰু পায়া মেটাৰক কেতিয়াবা একেলগে লেপ্ট'মেনিঞ্জেজ (leptomeninges) বোলা হয় যাৰ অৰ্থ পাতল আৱৰণী। এৰেক্নয়ড আৰু পায়া মকৰা জালৰ দৰে প্ৰৱৰ্ধৰে সংযুক্ত হৈ থাকে বাবে নামটো পায়া-এৰেক্নয়ড্ বা লেপ্ট'মেনিঞ্জেজ।
ছাব্এৰেক্নয়ড্ ব্যৱধান বুলিলে এৰেক্নয়ড্ মেটাৰ আৰু পায়া মেটাৰৰ মাজত থকা খালি ঠাইক বুজায়। এই ঠাই চেৰিব্ৰ'স্পাইনেল ৰস নামৰ তৰল দ্ৰব্যই পূৰ্ণ কৰি ৰাখে।
সাধাৰণতে ডুৰা মেটাৰ মানুহৰ কৰোটিৰ (Human skull) লগত লাগি থাকে। স্নায়ুৰজ্জুত ডুৰা মেটাৰক ৰাজহাড়ৰ পৰা এপিডুৰেল ব্যৱধানে পৃথক কৰি ৰাখে। এৰেক্নয়ড্ ডুৰাৰ লগত লাগি থাকে আৰু পায়া মেটাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কলাৰ লগত লাগি থাকে। আঘাট বা ৰোগত ডুৰা আৰু এৰেক্নয়ড্ পৃথক হৈ পৰিলে ছাব্ডুৰেল ব্যৱধানৰ সৃষ্টি হয়। পায়া মেটাৰৰ তলতো ছাব্পায়েল ব্যৱধান থাকে যি ইয়াক গ্লায়া লিমিটেন্সৰ পৰা পৃথক কৰে।
মস্তিষ্ক আৱৰণীত তিনিপ্ৰকাৰৰ ৰক্তস্ৰাৱ (hemorrhage) হ'ব পাৰে:[6]
মস্তিষ্কৰ আৱৰণীত প্ৰভাৱ পেলোৱা আন কিছুমান ৰোগ হৈছে মেনিঞ্জাইটিছ (বেক্টেৰিয়া, ভাইৰাছ বা ভেঁকুৰৰ সংক্ৰমণৰ ফলত হোৱা আৱৰণীৰ প্ৰদাহ), আৰু কৰ্কট ৰোগৰ ফলত হোৱা মেনিঞ্জিঅ'মা (meningioma)।
মাছৰ ক্ষেত্ৰত এখনেই আৱৰণ থাকে (আদিম আৱৰণী/primitive meninx)। উভচৰ প্ৰাণী, সৰীসৃপ আৰু চৰাইৰ ক্ষেত্ৰত আৱৰণীৰ বাহিৰফালে এটা ডাঠ স্তৰ ডুৰা মেটাৰ আৰু ভিঅৰফালে পাতল দ্বিতীয় আৱৰণী থাকে (secondary meninx)। স্তন্যপায়ী প্ৰাণীৰ ডুৰা মেটাৰ থাকে, লগতে দ্বিতীয় আৱৰণীখন এৰেক্নয়ড্ আৰু পায়া মেটাৰত বিভক্ত হৈ পৰে।[7]
![]() |
ৱিকিমিডিয়া কমন্সত Meninges সম্পৰ্কীয় মিডিয়া ফাইল আছে। |