মহচিন হামিদ محسن حامد | |
---|---|
![]() | |
জন্ম | ২৩ জুলাই, ১৯৭১ (৫৩ বছৰ) লাহোৰ, পাকিস্তান |
পেচা | ঔপন্যাসিক |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী ব্ৰিটিছ |
মাতৃশিক্ষায়তন | প্ৰিন্সটন বিশ্ববিদ্যালয় হাভাৰ্ড ল’ স্কুল |
সময় | ২০০০ৰ চনৰপৰা বৰ্তমানলৈ |
ধৰণ | লিটাৰেৰী ফিকচন |
উল্লেখনীয় কৰ্মৰাজি | ‘মথ স্মক’ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ ‘একজিট ৱেষ্ট’ |
দাম্পত্যসংগী | জাৰা |
সন্তান | ডিনা, ৱালি |
ৱেবছাইট | mohsinhamid |
মহচিন হামিদ (ইংৰাজী: Mohsin Hamid; জন্ম: ২৩ জুলাই ১৯৭১) এগৰাকী পাকিস্তানী ব্ৰিটিছ ঔপন্যাসিক, লেখক আৰু কোম্পানী পৰামৰ্শদাতা (ব্ৰেণ্ড কনচালটেণ্ট)। তেওঁৰ উপন্যাসসমূহ হৈছে; ‘মথ স্মক’ (২০০০), ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০০৭), ‘হাও টু গেট ফ্লিথি ৰিচ্ ইন ৰাইজিং এছিয়া’ (২০১৩), ‘একজিট ৱেষ্ট’ (২০১৭) আৰু ‘দ্য লাষ্ট হোৱাইট ম্যেন’ (২০২২)।
পাঞ্জাৱী-কাশ্মীৰী মূলৰ[1] পৰিয়াল এটিত হামিদে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল আৰু তেওঁ আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছিল; এইখিনি সময় হামিদ দেউতাকৰ লগত আছিল আৰু এনেদৰে তেওঁ শৈশৱৰ কিছু সময় আমেৰিকা যুক্তৰাষ্ট্ৰত অতিবাহিত কৰিছিল। তাৰ পিছত তেওঁ পৰিয়ালৰ সৈতে পাকিস্তানৰ লাহোৰলৈ ঘূৰি যায় আৰু লাহোৰ আমেৰিকান স্কুলত পঢ়ে।[2]
১৮ বছৰ বয়সত উচ্চ শিক্ষাৰ বাবে হামিদ পুনৰ আমেৰিকালৈ আহে আৰু প্ৰিন্সটন ইউনিভাৰচিটিৰ উডৰ’ ৱিলচন স্কুল অৱ পাব্লিক এণ্ড ইণ্টাৰনেচনেল এফেয়াৰ্চ[3] বিভাগত ভৰ্তি হয়। তাত তেওঁ ৰবাৰ্ট এইচ উইলিয়ামচৰ তত্ত্বাৱধানত ‘ চাচটেইনেৱল পাৱাৰ: ইন্ট্ৰিগ্ৰেটেড ৰিচ’ৰ্ছ প্লেনিং ইন পাকিস্তান’ বিষয়ত ১২৭ পৃষ্ঠাৰ এখন গৱেষণা পত্ৰ জমা দি ডিষ্টিংচনসহ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।[4] প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থাকোঁতে, হামিদে জইচ্ কেৰল অটচ্ আৰু টনি মৰিছনৰ অধীনত অধ্যয়ন কৰিছিল। হামিদে মৰিছনৰ দ্বাৰা পৰিচালিত এখন কল্পকাহিনী কৰ্মশালাৰ বাবে তেওঁৰ প্ৰথমখন উপন্যাসৰ খচৰা প্ৰস্তুত কৰিছিল। কলেজীয়া শিক্ষা সাং কৰি তেওঁ পাকিস্তানলৈ উভতি আহিছিল যদিও লিখাৰ কাম অব্যাহত ৰাখিছিল।[5]
তাৰ পিছত হামিদ হাৰ্ভাৰ্ড ল স্কুলত ভৰ্তি হয় আৰু ১৯৯৭ চনত তাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[6] তেওঁ শিক্ষাৰ্থী লোণ লৈ পঢ়িছিল আৰু নিউয়ৰ্ক চহৰৰ মেকিনচে এণ্ড কোম্পানীত মেনেজমেণ্ট পৰামৰ্শদাতা হিচাপে কেইবা বছৰ কাম কৰি তেওঁৰ শিক্ষাৰ্থী ঋণ পৰিশোধ কৰিছিল। কাম কৰি থকাৰ সময়ত প্ৰতি বছৰে লিখিবলৈ তেওঁক তিনি মাহৰ ছুটি ল’বলৈ অনুমতি দিয়া হৈছিল, আৰু এই ছুটি তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস মথ স্মক লিখি সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰিছিল।[7]
হামিদক বিভিন্ন পুৰস্কাৰেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। ২০১৩ চনত, বৈদেশিক নীতিয়ে তেওঁক তেওঁলোকৰ ‘১০০ জন আগশাৰীৰ গোলকীয় চিন্তাবিদ’ৰ এজন বুলি অভিহিত কৰিছিল।[8] ২০১৮ চনত তেওঁক কলা সাহিত্যৰ ৰয়েল চছাইটিৰ ফেলোৰ লগতে পাকিস্তানৰ চিতাৰা-এ-ইমতিয়াজ প্ৰদান কৰা হয়।