মহা চীনা দুৰ্ভিক্ষইংৰাজী: The Great Chinese Famine (চীনা ভাষাত: 三年大饥荒; lit. 'তিনি বছৰৰ মহা দুৰ্ভিক্ষ') আছিল ১৯৫৯ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত চীনৰ গণৰাজ্যত (People's Republic of China) সংঘটিত হোৱা এক দুৰ্ভিক্ষ।[1][2][3][4][5] কিছুমান পণ্ডিতে ১৯৫৮ বা ১৯৬২ চনকো অন্তৰ্ভুক্ত কৰিছে।[6][7][8][9] আটাইতকৈ মাৰাত্মক দুৰ্ভিক্ষ আৰু মানৱ ইতিহাসৰ অন্যতম বৃহৎ মানৱসৃষ্ট দুৰ্যোগ হিচাপে গণ্য কৰা হয়। আনুমান কৰা হয় যে সেই সময়ত অনাহাৰত হোৱা মৃত্যুৰ সংখ্যা ১৫ৰ পৰা ৫৫মিলিয়নৰ ভিতৰত হব। আটাইতকৈ ক্ষতিগ্ৰস্ত প্ৰদেশসমূহ আছিল আনহুই (১৮% মৃত), চংকিং (১৫%), ছিচুয়ান (১৩%),গুইঝৌ (১১%) আৰু হুনান (৮%)। [10]
মহান চীনা দুৰ্ভিক্ষৰ প্ৰধান কাৰকসমূহ আছিল চীনৰ কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ মাওজেডঙে আৰম্ভ কৰা গ্ৰেট লিপ ফৰৱাৰ্ড (১৯৫৮ৰ পৰা ১৯৬২) আৰু জনসাধাৰণ কমিউনৰ নীতি, যেনে, "জনগোষ্ঠী" (People's Communes)-ৰ নীতি-আদৰ্শসমূহ, ৰাষ্ট্ৰৰ পৰিকল্পিত অৰ্থনীতিৰ অন্তৰ্গত খাদ্য বিতৰণৰ অদক্ষতা; অতি প্ৰচীন কৃষিপদ্ধতিৰ প্ৰয়োগ; চাৰিটা কীট-পতংগ অভিযান যিয়ে পক্ষীৰ সংখ্যা হ্ৰাস কৰিছিল (যি কাৰ্য্যই পৰিৱেশ তন্ত্ৰক বিঘ্নিত কৰিছিল); শস্য উৎপাদনৰ অত্যধিক প্ৰতিবেদন; আৰু লাখ লাখ কৃষকক লোহা আৰু তীখা উৎপাদন কাৰখানা লৈ যোৱাৰ নিৰ্দেশ দিয়া।[3][5][7][11][12][13] ১৯৬২ চনৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা সাত হাজাৰ কেডাৰ সন্মিলনৰ সময়ত চীনৰ তেতিয়াৰ ৰাষ্ট্ৰপতি [[লিউ শ্বাওকি]]য়ে আনুষ্ঠানিকভাৱে ব্যক্ত কৰিছিল যে; ৩০% দুৰ্ভিক্ষৰ কাৰণ প্ৰাকৃতিক দুৰ্যোগ আৰু ৭০% মানৱসৃষ্ট ভুলৰ বাবে। ("三分天灾, 七分人祸")।[7][14][15] [[ৰিফৰ্মছ এণ্ড অ’পেনিং আপ আৰম্ভ হোৱাৰ পিছত ১৯৮১ চনৰ জুন মাহত চীনা কমিউনিষ্ট পাৰ্টিয়ে আনুষ্ঠানিকভাৱে কয় যে এই দুৰ্ভিক্ষৰ মূল কাৰণ হৈছে গ্ৰেট লিপ ফৰৱাৰ্ডৰ লগতে এণ্টি ৰাইটিষ্ট অভিযানৰ ভুল, ইয়াৰ উপৰিও আন কিছুমান হ’ল প্ৰাকৃতিক দুৰ্যোগ আৰু চীন-ছোভিয়েট বিভাজন।[1][2]
চীন চৰকাৰে দূৰ্ভিক্ষক প্ৰথমে "তিনি বছৰীয়া মহা দুৰ্ভিক্ষ" (三年自然灾害) বুলি অভিহিত কৰিছিল। প্ৰথম অৱস্থাত সাধাৰণ নাম আছিল "প্ৰাকৃতিক দুৰ্যোগৰ তিনি বছৰ" (三年自然灾害)। ১৯৮১ চনত ইয়াক সলনি কৰি "তিনি বছৰীয়া কষ্টৰ সময়" (三年困难时期) কৰা হৈছিল, যাৰ ফলত দুৰ্ভিক্ষৰ বাবে কেৱল প্ৰকৃতিক দুৰ্যোগকে দোষাৰোপ কৰা নহৈছিল।[1][2][16][17]
কৃষি সংগঠনৰ কৃষি প্ৰণালী সলনি কৰা সময়ত খৰাং আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ একে সময়তে সংঘটিত হৈছিল। ১৯৫০ চনৰ বেছিভাগ সময় বতৰ তুলনামূলকভাৱে খৰাং আছিল যদিও ১৯৫৯ চনৰ ভিতৰত ই বিশেষভাৱে বেয়া হৈ পৰিছিল, যাৰ ফলত শস্যৰ উৎপাদন হ্ৰাস পাইছিল। লাহে লাহে বছৰৰ পিছত বছৰ ধৰি শস্যৰ উৎপাদন বহু পৰিমাণে হ্ৰাস পাবলৈ ধৰে।[18] ১৯৫৮ চনৰ তুলনাত ১৯৫৯ চনত শষ্য চপোৱাৰ পৰিমাণ ১৫% হ্ৰাস পাইছিল আৰু ১৯৬০ চনৰ ভিতৰত ৭০% হ্ৰাস পাইছিল।[19] বিশেষকৈ চীনৰ চৰকাৰী তথ্য অনুসৰি ১৯৫৮ চনত ২০ কোটি টন ৰ পৰা ১৯৫৯ চনত ১৭ কোটি টন লৈ আৰু ১৯৬০ চনত ১৪৩.৫ মিলিয়ন টন লৈ হ্ৰাস পায়। [20]
চিচিপিৰ প্ৰাক্তন বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে অনুমান কৰিছে, দুৰ্ভিক্ষত মৃত্যুৰ সংখ্যা ১৫–৫৫ মিলিয়ন হব। মাওবাদী লেখক গাও ম'ব'ৰ মতে, কমিউনিজম-বিৰোধী লেখকসকলে মৃত্যু সংখ্যা বেছি দেখুৱাবলৈ চেষ্টা কৰে, আৰু চীনৰ কমিউনিষ্ট বিপ্লৱৰ সমৰ্থকসকলে এই সংখ্যা যিমান পাৰি কম দেখিবলৈ চেষ্টা কৰে।[21] ১৯৬১ চনৰ ফিল্ড মাৰ্শ্বাল মণ্টগোমাৰী আৰু মাও জেডঙৰ সৈতে হোৱা আলোচনাত প্ৰকাশ পাইছিল যে চিআইএৰ এক অগোপনীয় প্ৰতিবেদন অনুসৰি ১৯৬০–১৯৬১ চনৰ "অস্বাভাৱিক মৃত্যু" ৫০ লাখতকৈ অধিক হৈছিল।[22] সেই সময়ত চীনৰ চৰকাৰী পৰিসংখ্যা অনুসৰি ১৯৬১ চনত চীনৰ জনসংখ্যা ১৯৫৯ চনৰ তুলনাত প্ৰায় ১৪,৫৮০,০০০ কম। জন্মৰ হাৰ ২.৯২২% (১৯৫৮)ৰ পৰা ২.০৮৬% (১৯৬০)লৈ আৰু মৃত্যুৰ হাৰ ১.১৯৮% (১৯৫৮)ৰ পৰা ২.৫৪৩% (১৯৬০)লৈ বৃদ্ধি পাইছিল। আনহাতে ১৯৬১ চনত জন্ম আৰু মৃত্যুৰ হাৰ দুয়োটাই শীৰ্ষত উপনীত হয়।
দূৰ্ভিক্ষৰ ফলত মানুহ নৰখাদক হোৱাৰ অসংখ্য মৌখিক প্ৰতিবেদন আছে, যদিও ইয়াৰ বিষয়ে চৰকাৰী নথিপত্ৰ অতি কম। [23][24] জীয়াই থাকিবলৈ মানুহে সকলো সম্ভাৱ্য উপায়ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। খাবলৈ নাপায় মাটি খাইছিল, বিষ খাই মৰিছিল, চুৰি কাৰ্য্য পৰা আৰম্ভ কৰি হত্যা লুণ্ঠন হৈছিল আৰু আনকি মানুহে মানুহৰ মাংস ভক্ষণ কৰিছিল।[25] চীনৰ অৱসৰপ্ৰাপ্ত সাংবাদিক য়াং জিছেঙে কয় যে "পিতৃ-মাতৃয়ে নিজৰ ল'ৰা-ছোৱালীকেই খাইছিল। ল'ৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃক খাইছিল। আৰু আমি কল্পনাও কৰিব নোৱাৰিলোঁ যে তেতিয়াও গুদামবোৰত খাদ্য মজুত আছিল। আটাইতকৈ বেয়া সময়তো চৰকাৰে শস্য ৰপ্তানি কৰি আছিল।" [26] দুৰ্ভিক্ষ ইমানেই ভয়ানক আছিল যে বহুতে ইয়াক ২০ শতিকাৰ ইতিহাসত "অভূতপূৰ্ব" বুলি বৰ্ণনা কৰিছে।[23][27]
অভূতপূৰ্ব চীনা দুৰ্ভিক্ষৰ কাৰণ আছিল আমূল কৃষি নীতি, সামাজিক চাপ, অৰ্থনৈতিক অপব্যৱস্থাপনা, আৰু খৰাং কৃষি অঞ্চলত আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ।
চীনৰ কমিউনিষ্ট পাৰ্টিয়ে গ্ৰেট লিপ ফৰৱাৰ্ডৰ সময়ত কৃষি নীতিত ভয়াৱহ পৰিৱৰ্তন আনিছিল।
গ্ৰেট লিপ ফৰৱাৰ্ডৰ সময়ত কৃষিকাৰ্য জনসাধাৰণ মাজত সামূহিক ভাবে সম্পাদন হৈছিল, আৰু ব্যক্তিগত ভূমিত খেতি নিষিদ্ধ কৰা হৈছিল॥ পূৰ্বে কৃষকসকলে চৰকাৰে দিয়া মাটিত খেতি কৰিছিল। গ্ৰেট লিপ ফৰৱাৰ্ডৰ ফলত কৃষি অৰ্থনীতি ক্ৰমান্বয়ে কেন্দ্ৰীয়ভাৱে পৰিচালিত হ’ল। আঞ্চলিক দলৰ নেতাসকলক নিয়ন্ত্ৰণত ৰাখি উৎপাদিত কৃষি ৰাষ্ট্ৰই নিজৰ কৰি লৈছিল আৰু নিজৰ বিবেচনা অনুসৰি বিতৰণ কৰিছিল। [28]
সামূহিককৰণৰ লগতে কেন্দ্ৰীয় চৰকাৰে কৃষি কৌশল পৰিৱৰ্তনৰ কেইবাটাও নিৰ্দেশনা দিয়ে যিবোৰ আচলতে ছোভিয়েট কৃষিবিদ ট্ৰফিম লাইচেংকোৰৰ ভুল কৃষি নীতি আছিল। তাৰে এটা ভুল ধাৰণা আছিল যে ওচৰা ওচৰি কৈ ৰোপণ কৰা, য’ত পুলিৰ ঘনত্ব প্ৰথমে তিনিগুণ বৃদ্ধি কৰা হৈছিল আৰু তাৰ পিছত পুনৰ দুগুণ বৃদ্ধি কৰা হৈছিল। ধাৰণা আছিল যে একে প্ৰজাতিৰ উদ্ভিদে পৰস্পৰৰ লগত প্ৰতিযোগিতা নকৰে। কিন্তু প্ৰাকৃতিক ভাবেই সম্পূৰ্ণৰূপে প্ৰতিযোগিতা কৰিছিল, যাৰ ফলত বৃদ্ধি স্তব্ধ হৈছিল আৰু উৎপাদন কম হৈছিল। "দ কৈ হাল বোৱা" নামেৰে জনাজাত আন এটা নীতি আছিল লাইচেংকোৰৰ সহকৰ্মী টেৰেণ্টি মালচেভৰ উদ্ভাৱনী, যিয়ে সমগ্ৰ চীনৰ কৃষকসকলক ১৫–২০ চেণ্টিমিটাৰ গভীৰতাত স্বাভাৱিক হাল বোৱা এৰাই চলি তাৰ পৰিৱৰ্তে মাটিৰ গভীৰতালৈ (১ৰ পৰা ২ চীনা ফুট বা ৩৩ ৰ পৰা ৬৬ চে.মি.)গভিৰলৈ হাল বাবলৈ উৎসাহিত কৰিছিল। দ'লৈ হাল বোৱা তত্ত্বত কোৱা হৈছিল যে আটাইতকৈ উৰ্বৰ মাটি মাটিৰ গভীৰতম স্থানত থাকে, আৰু অস্বাভাৱিকভাৱে দ' লৈ হাল বাই খেতি কৰিলে শক্তিশালী শিপাৰ বৃদ্ধি হ’ব। কিছুমান প্ৰসংগত গভীৰ হাল বাই উৎপাদন বৃদ্ধি কৰিব পৰা যায় যদিও সাধাৰণতে এই নীতিয়ে চীনত শষ্উয ৎপাদনত বাধাৰ সৃষ্টি কৰিলে।[29]
ইউৰেছিয়ান গছৰ চৰাইটোৱেই আছিল চাৰিটা কীট-পতংগ অভিযানত আটাইতকৈ উল্লেখযোগ্য লক্ষ্য চাৰিটা কীট-পতংগ অভিযানত নাগৰিক সকলক মহ, নিগনি, মাখি, চৰাই আদি ধ্বংস কৰিবলৈ আহ্বান জনোৱা হৈছিল। এই অভিজানত ঘৰচিৰিকা জাতীয় চৰাইবোৰৰ সামূহিক নিধন হয় ফলত শস্য খোৱা পোকবোৰৰ সংখ্যা বৃদ্ধি পালে,কাৰণ সেই জাতীয় চৰাইৰ অবিহনে পোকবোৰ নিৰ্মূল কৰাৰ কোনো উপায় নাছিল।
১৯৫৭ চনৰ পৰা চীনৰ কমিউনিষ্ট পাৰ্টিয়ে উৰ্ধতন বিষয়াৰ হেঁচাত অত্যধিক শস্য উৎপাদনৰ খবৰ দিবলৈ আৰম্ভ কৰে। কিন্তু সমগ্ৰ চীনত ১৯৫৭ চনৰ পৰা ১৯৬১ চনলৈকে শস্যৰ প্ৰকৃত উৎপাদন হ্ৰাস পাইছিল। ছিচুয়ান প্ৰদেশত ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈকে সংগ্ৰহ কৰা শস্যৰ পৰিমাণ কমি আহিছিল যদিও কেন্দ্ৰীয় চৰকাৰক দিয়া ৰিপৰ্টত উৎপাদনৰ সংখ্যা বৃদ্ধি পাই থাকিল।[8]এই ধাৰাবাহিক পৰিঘটনাক "অতিপ্ৰচুৰতাৰ ভ্ৰম" (浮夸风)বুলি অভিহীত কৰি ইতিহাসবিদে যুক্তি দিছিল যে সমগ্ৰ চীনত হোৱা অনাহাৰৰ বহুখিনিৰ প্ৰধান কাৰণ ইয়েই আছিল।[30][31]
অৰ্থনৈতিক উন্নতিৰ বাবে লোহা আৰু তীখা উৎপাদন কৰা অতি প্ৰয়োজন হিচাপে চিনাক্ত কৰা হৈছিল আৰু তাৰ বাবে লাখ লাখ কৃষকক কৃষি কামৰ পৰা আঁতৰাই আনি লোহা আৰু তীখা উৎপাদন কামত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কৃষক জনসাধাৰণে উৎপাদন কৰা সেই সামগ্ৰী সমূহ ব্যৱসায়িক উন্নতিৰ বাবে নিয়োগ কৰিবলৈ নিম্নমানৰ আছিল।
১৯৫৭ চনৰ পৰা চীনৰ কমিউনিষ্ট পাৰ্টিৰ উচ্চতম অধিকাৰীৰ নিৰ্দেশৰ ফলস্বৰূপে দেশৰ দ্ৰুত ঔদ্যোগীকৰণ আৰু সমষ্টিগত কৃষিকৰ্মৰ আধাৰত অতিৰিক্ত ধান উৎপাদনৰ প্ৰতিবেদন দিবলৈ আৰম্ভ কৰে যদিও বাস্তৱিকতে চীনত ১৯৫৭চনৰ পৰা ১৯৬১ চনলৈ ধানৰ উৎপাদন হ্ৰাস পাইছিল। [32]
উচ্চ পৰ্যায়ৰ চৰকাৰৰ দৰে স্থানীয় চৰকাৰসমূহেও দুৰ্ভিক্ষৰ ওপৰত সমানে প্ৰভাৱ পেলাইছিল। গ্ৰেট লিপ ফৰৱাৰ্ডৰ অগ্ৰগতিৰ লগে লগে বহুতো প্ৰাদেশিক নেতাই মাও আৰু উচ্চ পৰ্যায়ৰ নেতাসকলৰ সৈতে মিলিবলৈ আৰম্ভ কৰে। [33] স্থানীয় নেতাসকলে নিজৰ সম্প্ৰদায়ৰ বাবে যি ভাল সেয়া কৰা আৰু ৰাজনৈতিকভাৱে নিজৰ সুনাম ৰক্ষা কৰা কামত পিচ পৰা নাছিল। কৃষকসকলে সামূহিককৰণ আৰু ৰাজ্যিক শস্য ক্ৰয়ৰ ওপৰত মুকলিকৈ কথা ক’ব নোৱাৰিছিল। [34] স্থানীয় আৰু চৰকাৰী পৰ্যায়ত ভয় আৰু শাস্তিমূলক সংস্কৃতিৰ বাবে কৃষকৰ ওপৰত আৰোপিত ষড়যন্ত্ৰমূলক নীতি বা দুৰ্ভিক্ষৰ বিৰুদ্ধে কথা কোৱা আৰু কাম কৰাটো আপাত দৃষ্টিত অসম্ভৱ কাম হৈ পৰিছিল। [35]
১৯৫৮ চনত হালধীয়া নদীৰ বানপানীয়ে হেনান প্ৰদেশ আৰু শ্বানডং প্ৰদেশৰ ভালেকিছু অংশ প্ৰভাৱিত কৰে। ১৯৩৩ চনৰ পিছত ইয়াক আটাইতকৈ ভয়াৱহ বানপানী বুলি কোৱা হৈছিল।[36][37][38][39][40][41] ১৯৫৮ চনৰ জুলাই মাহত হালধীয়া নদীৰ বানপানীয়ে ১৭০৮খন গাঁৱৰ ৭৪১,০০০ লোকক ক্ষতিগ্ৰস্ত কৰে আৰু ৩০.৪ মিলিয়ন মু(ডেৰ লাখ একৰতকৈও অধিক) খেতি কৰা পথাৰ প্লাৱিত কৰে। ২৭ জুলাইত বানপানীৰ আটাইতকৈ ডাঙৰ ধাৰাটো ব'হাই সাগৰলৈ বোৱাই পঠোৱা হয়। ইয়াৰ পিচত চীন চৰকাৰে "বানপানীৰ ওপৰত জয়" হোৱা বুলি ঘোষণা কৰে। [36][40][42]
স্থানীয় ৰাজনৈতিক দলৰ নেতাসকলে নিজৰ জীৱন আৰু পদবী ৰক্ষাৰ বাবে অভাৱসমূহ ঢাকি ৰাখিবলৈ আৰু দোষবোৰ পুনৰাবৃতি কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। [43]১৯৫৮-১৯৫৯ চনত জন্মৰ হাৰ হ্ৰাস পাবলৈ ধৰা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ হিচাপ, গ্ৰাম্য অঞ্চলৰ কিছুমান ক্ষতিগ্ৰস্ত লোক অনাহাৰে থকাৰ বিষয়ে মাওক আন্ধাৰত ৰখা হৈছিল।[31] ১৯৬০ চনত প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া আৰু সংহতিৰ ইংগিত হিচাপে মাওৱে সাত মাহ ধৰি মাংস ভক্ষণৰ পৰা বাৰত থাকিল আৰু ঝৌ এনলাইৰ মাহেকীয়া শস্য যোগানৰ পৰিমাণ কমালে।[44]
১৯৭৮ চনৰ ডিচেম্বত ডেং জিয়াওপিং চীনৰ নতুন পেৰামাউণ্ট লিডাৰ হয় আৰু ঐতিহাসিক সংস্কাৰ আৰু মুকলি কাৰ্যসূচী আৰম্ভ কৰি চীনৰ কৃষি আৰু ঔদ্যোগিক ব্যৱস্থাক মৌলিকভাৱে সলনি কৰে।[45][46][47]
চীনৰ বাহিৰৰ গৱেষকসকলে দুৰ্ভিক্ষ কাৰণৰ ওপৰত নানান যুক্তি আগবঢ়াইছে। বিশেষকৈ নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনে এই দুৰ্ভিক্ষক বিশ্বব্যাপী প্ৰেক্ষাপটত ৰাখি কয় যে গণতন্ত্ৰৰ অভাৱেই ইয়াৰ প্ৰধান অপৰাধী: "সঁচাকৈয়ে গণতান্ত্ৰিক দেশত কেতিয়াও কোনো গুৰুত্বপূৰ্ণ দুৰ্ভিক্ষ হোৱা নাই—যিমানেই দুখীয়া নহওক কিয়।" তেওঁ লগতে কয় যে “নিয়মিতভাৱে নিৰ্বাচিত চৰকাৰ আৰু স্বতন্ত্ৰ সংবাদ মাধ্যম থকা দেশত এনেকুৱা কিবা এটা হ’ব পাৰিলেহেঁতেন বুলি কল্পনা কৰাটো কঠিন”। সেই ভয়ংকৰ দুৰ্যোগৰ সময়ত চৰকাৰে বাতৰি কাকত আৰু বিৰোধী দলক সম্পূৰ্ণ নিয়ন্ত্ৰত ৰাখিছিল। [48][49]
<ref>
টেগ;
:0
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
:10
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
:1
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
:11
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
Cao 2005
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
:3
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
Discourses of Hunger
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
dahe
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই