মহাদেৱ গোবিন্দ ৰানডে | |
---|---|
![]() | |
জন্ম | ১৮ জানুৱাৰী, ১৮৪২ নাশিক জিলা, বোম্বাই প্ৰেছিডেন্সী, ব্ৰিটিছশাসিত ভাৰত |
মৃত্যু | ১৬ জানুৱাৰী, ১৯০১ বোম্বাই প্ৰেচিডেন্সী, ভাৰত |
নাগৰিকত্ব | ব্ৰিটিছ ৰাজ |
শিক্ষানুষ্ঠান | বোম্বাই বিশ্ববিদ্যালয় |
পেচা | পণ্ডিত, সমাজ সংস্কাৰক, লিখক |
জনা যায় | ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহ-প্ৰতিষ্ঠাপক |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ৰামাবাই ৰানডে |
ৰাও বাহাদুৰ মহাদেৱ গোবিন্দ ৰানডে (ইংৰাজী: Mahadev Govind Ranade, ১৮ জানুৱাৰী ১৮৪২ – ১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল বিচাৰপতি ৰানডে (Justice Ranade')। ৰানডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল।[1][2] তেখেতে বোম্বাই আইন পৰিষদত কেইবাটাও পদ অলংকৃত কৰিছিল। আনহাতে কেন্দ্ৰত তেখেত বিত্ত সমিতিৰ সদস্য আছিল।[1]মহাৰাষ্ট্ৰৰ বোম্বাই উচ্চ ন্যায়ালয়ত তেখেত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3]
মহাদেৱ গোবিন্দ ৰানডে এগৰাকী বহুল জনপ্ৰিয় ব্যক্তি আছিল। তেখেতৰ ধৈৰ্যশীলতা আৰু শান্ত স্বভাৱে ব্ৰিটেইনত কিছুমান কৰ্ম সম্পাদন কৰাত আৰু ভাৰতবৰ্ষৰ সংস্কাৰ সাধন কৰাত সহায় কৰিছিল। তেখেতৰ জীৱনকালতে পুনা সাৰ্বজনিক সভা, ৱকট্ৰুটৱট্টেজাক সভা, মহাৰাষ্ট্ৰ গ্ৰন্থতেজাক সভা আৰু প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা হৈছিল। তেখেতৰ সম্পাদনাত বোম্বাইৰ পৰা ইন্দুপ্ৰকাশ নামৰ এখন ইংৰাজী-মাৰাঠী দৈনিক কাকত প্ৰকাশিত হৈছিল, যাৰ ভেটি আছিল ৰানডেৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰমুখী বিচাৰধাৰা। তেখেতক ৰাও বাহাদুৰ উপাধি প্ৰদান কৰা হৈছিল।[4]
নাশিক জিলাৰ নিফাদ নিবাসী এটা চিটপৱন পৰিয়ালত মহাদেৱ গোবিন্দ ৰানডেৰ জন্ম হৈছিল।[5] কোলহাপুৰৰ এখনি মাৰাঠী বিদ্যালয়ত তেখেতে পঢ়া-শুনা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেত ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ গৈছিল। ১৪ বছৰ বয়সত ৰানডেয়ে বোম্বাইৰ এলফিনষ্টন মহাবিদ্যালয়ত পঢ়িবলৈ যায়।[6] বোম্বাই বিশ্ববিদ্যালয়ৰ প্ৰথমটো বছৰত অধ্যয়ন কৰা শিক্ষাৰ্থীসমূহৰ মাজত তেৱোঁ এজন আছিল। ১৮৬২ চনত তেওঁ কলা শাখাৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু চাৰি বছৰৰ পাছত তেখেতে এলএলবি ডিগ্ৰী লাভ কৰে।
১৮৬৬ চনত আইনত ডিগ্ৰী অৰ্জন কৰাৰ পাছত ৰানডেয়ে ১৮৭১ চনত এগৰাকী অধস্তন ন্যায়াধীশ হিচাপে কৰ্মনিৰ্বাহ কৰে। ৰাজনৈতিক কাৰ্যকলাপত জড়িত থকাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষই তেখেতৰ পদোন্নতি ১৮৯৫ চন পৰ্যন্ত স্থগিত কৰাই ৰাখিছিল।[7]
ৰানডেৰ সামাজিক কৰ্মৰাজি পাশ্চাত্য সংস্কৃতি আৰু ঔপনিৱেশতাবাদী স্থিতিৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। ধৰ্মীয় সংস্কাৰৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক সংস্কাৰ সাধন কৰিব পৰাকৈ ৰাজহুৱা শিক্ষাব্যৱস্থালৈকে-সকলোতে ৰানডে জড়িত হৈছিল। তেখেতৰ নেতৃত্বত চলা ভাৰতীয় সমাজ ব্যৱস্থাৰ সংস্কাৰমুখী আন্দোলনটোৰ সাৰ অংশ আছিল “মানৱতাবাদকৰণ, সাম্যকৰণ আৰু আধ্যাত্মিকীকৰণ।” এইসমূহ বিশিষ্টতা ভাৰতীয় সমাজত অনুপস্থিত বুলি তেখেতে গণ্য কৰিছিল।[8]
ভাৰতীয় সমাজ ব্যৱস্থাটোক আধ্যাত্মিকীকৰণ কৰাৰ আঁৰত ৰানডেৰ এটা বিশেষ ধাৰণা আছিল। তেওঁ ভাবিছিল যে, হিন্দু ধৰ্মই ৰীতি-নীতি পালন কৰা আৰু পৰিয়ালকেন্দ্ৰিক, সমাজকেন্দ্ৰিক নিয়ম পালন কৰাত অত্যধিক গুৰুত্ব প্ৰদান কৰে। কিন্তু আধ্যাত্মিকতাবাদয়ে বিশেষ গুৰুত্ব নাপায়। ব্ৰিটিছৰ সংস্কাৰ হোৱা খ্ৰীষ্টান ধৰ্মৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰানডেয়ে সেই ধৰ্মক আধ্যাত্মিকতামুখী বুলি বিবেচনা কৰিছিল। হিন্দু ধৰ্মক সংস্কাৰপ্ৰাপ্ত প্ৰটেষ্টাণ্ট গীৰ্জাৰ অধিক ওচৰ চপাই নিবৰ বাবে তেখেতে প্ৰাৰ্থনা সমাজৰ সহ-প্ৰতিষ্ঠা কৰিছিল। প্ৰাৰ্থনা সমাজ আছিল এখন ধৰ্মীয় সমাজ যিখন সমাজে হিন্দুত্ববাদৰ ভক্তিবাদী স্বৰূপটো জীয়াই ৰাখি কিছুমান গুৰুত্বপূৰ্ণ হিন্দু গাঁথনি আৰু ৰীতি-নীতি নাকচ কৰিছিল। তাৰে ভিতৰত ব্ৰাহ্মণ ধৰ্মযাজকো আছিল।
ৰানডেয়ে গ্ৰহণ কৰা “মানৱতাবাদকৰণ আৰু সাম্যকৰণ”ৰ পদক্ষেপটোৰ মূল লক্ষ্য আছিল নাৰীসমাজ। ৰানডেয়ে পৰ্দা প্ৰথাৰ বিৰোধিতা কৰিছিল। তেখেত আছিল সামাজিক সন্মিলনী আন্দোলনৰ প্ৰতিষ্ঠাপক, যাক তেওঁ আমৃত্যু পৰ্যন্ত সমৰ্থন কৰিছিল।[1] ইয়াৰ জৰিয়তে ৰানডেয়ে বাল্য বিবাহ, ব্ৰাহ্মণ নাৰীৰ কেশচ্ছেদ, আড়ম্বৰপূৰ্ণ বিবাহকে ধৰি আন একাধিক ৰীতি-পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰিছিল। তেখেতে বিধৱা বিবাহ আৰু স্ত্ৰীশিক্ষাৰ হকে সজোৰে মাত মাতিছিল।[1] ১৮৬১ চনত, কৈশোৰ অৱস্থাতে ৰানডেয়ে "বিধৱা বিবাহ সংঘ"ৰ সহ-প্ৰতিষ্ঠা কৰিছিল।[9]
১৮৮৫ চনত ৰানডে, ৱামন আবাজী মোডক আৰু ইতিহাসবিদ ডা. আৰ.জি. ভাণ্ডাৰকাৰে মহাৰাষ্ট্ৰ ছোৱালী শিক্ষা সমাজ প্ৰতিষ্ঠা কৰে। ইয়াৰ লগতে প্ৰতিষ্ঠিত হয় মহাৰাষ্ট্ৰৰ সৰ্বপুৰণি উচ্চ বিদ্যালয় হুজুৰপাগা।[10][11][12]