মহাদেৱী বৰ্মা | |
---|---|
জন্ম | ২৬ মাৰ্চ, ১৯০৭ ফৰুখাবাদ, উত্তৰ প্ৰদেশ, ভাৰত |
মৃত্যু | ১১ ছেপ্তেম্বৰ, ১৯৮৭ এলাহাবাদ, উত্তৰ প্ৰদেশ, ভাৰত |
পেচা | লেখক, কবি, স্বাধীনতা যুঁজাৰু, শিক্ষাবিদ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | অৰ্থ'ডক্স হিন্দু |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | এম.এ. সংস্কৃত এলাহাবাদ বিশ্ববিদ্যালয় |
মাতৃশিক্ষায়তন | এলাহাবাদ বিশ্ববিদ্যালয় |
সময় | আধুনিক কাল |
ধৰণ | কাব্য, সাহিত্য |
সাহিত্যিক বিপ্লৱ | ছায়াবাদ আৰু ৰহস্যবাদ |
উল্লেখযোগ্য বঁটা | ১৯৭৯: সাহিত্য অকাডেমি ফেল'শ্বিপ ১৯৮২: জ্ঞানপীঠ বঁটা ১৯৫৬: পদ্মভূষণ ১৯৮৮: পদ্মবিভূষণ |
দাম্পত্যসংগী | ড॰ স্বৰূপ নাৰায়ণ বৰ্মা |
মহাদেৱী বৰ্মা (২৬ মাৰ্চ, ১৯০৭ – ১১ ছেপ্তেম্বৰ, ১৯৮৭) হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ ছায়াবাদী যুগৰ "চাৰিটা মুখ্য স্তম্ভৰ"[ক] ভিতৰত মহাদেৱী বৰ্মা অন্যতম।[1] তেওঁক আধুনিক মীৰা বুলিও জনা যায়।[2] এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।[খ]
১৯০৭ চনৰ ২৬ মাৰ্চত উত্তৰ প্ৰদেশৰ ফৰুখাবাদ নামে ঠাইত মহাদেৱী বৰ্মাৰ জন্ম হৈছিল।[3] তেওঁলোকৰ পৰিয়ালত প্ৰায় ২০০ বছৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰীৰ জন্ম হৈছিল। সেইকাৰণে তেওঁলোকৰ ঘৰৰ মানুহে মহাদেৱী বৰ্মাক ঘৰৰ দেৱী — মহাদেৱী হিচাপে গণ্য কৰিছিল আৰু সেইকাৰণেই তেওঁৰ নামো মহাদেৱী ৰখা হয়। তেওঁৰ পিতৃ গোবিন্দ প্ৰসাদ বৰ্মা ভাগলপুৰৰ এখন মহাবিদ্যালয়ত প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ মাতৃ হেমৰানী দেৱী আছিল এগৰাকী ধৰ্ম পৰায়ণ, কৰ্মনিষ্ঠ, ভাবুক তথা নিৰামিষভোজী তিৰোতা।[3]
ইন্দোৰৰ মিছন স্কুলত মহাদেৱী বৰ্মাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। সমান্তৰালকৈ সংস্কৃত, ইংৰাজী, সংগীত তথা চিত্ৰকলাৰ শিক্ষা তেওঁক ঘৰতেই অধ্যাপকৰ দ্বাৰা দিয়া হৈছিল। ইয়াৰ মাজতেই বিবাহপাশত আবদ্ধ হ'বলগীয়া হোৱাত কিছুদিনৰ বাবে তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছিল। অৱশ্যে বিবাহৰ পাছত তেওঁ পুনৰ শিক্ষা গ্ৰহণ কৰিবলৈ মন মেলিছিল। ১৯১৯ চনত তেওঁ এলাহাবাদৰ ক্ৰস্থৱেট ছোৱালী বিদ্যালয়ত নামভৰ্তি কৰে আৰু বিদ্যালয়ৰ ছাত্ৰীৱাসত থাকিয়েই শিক্ষা গ্ৰহণ কৰিবলৈ ধৰে। ১৯২১ চনত তেওঁ অষ্টম শ্ৰেণীৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়। ইয়াৰ পৰাই তেওঁ নিজৰ কাব্য জীৱনৰ পাতনি মেলিছিল। তেওঁ সাত বছৰ বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু ১৯২৭ চনত যেতিয়া তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তেতিয়ালৈকে তেওঁ এগৰাকী প্ৰসিদ্ধ কবি হিচাপে খ্যাতি লাভ কৰিছিল। বিভিন্ন কাকত-আলোচনীত তেওঁৰ কবিতা প্ৰকাশ হৈছিল। কলেজত পঢ়ি থকা কালছোৱাত সুভদ্ৰা কুমাৰী চৌহানৰ সৈতে তেওঁৰ ঘনিষ্ঠ বন্ধুত্ব গঢ় লৈ উঠিছিল।
মহাদেৱী বৰ্মা কবিৰ উপৰিও এগৰাকী বিশিষ্ট গল্পকাৰ আছিল। তেওঁৰ কৃতিসমূহ এইধৰণৰ:
মহাদেৱী বৰ্মাৰ আন বহুতো কাব্য সংকলন প্ৰকাশ হৈছে য'ত উপৰোক্ত ৰচনাসমূহৰ পৰা নিৰ্বাচিত গীত সংকলন কৰা হৈছে। উদাহৰণস্বৰূপে আত্মিকা, পৰিক্ৰমা, সন্ধিনী (১৯৬৫), য়ামা (১৯৩৬), গীতপৰ্ব, দ্বীপগীত, স্মাৰিকা, নীলাম্বৰা আৰু আধুনিক কবি মহাদেৱী আদি।
মহাদেৱী বৰ্মাৰ শিশু কবিতাসমূহ দুটা সংকলনত প্ৰকাশিত হৈছে: