মহাবিদ্যা বা দশমহাবিদ্যা হিন্দু ধৰ্মৰ দেৱী। দিব্য জননী পাৰ্বতী দেৱীৰ দহটি বিশেষ ৰূপৰ সমষ্টিগত নাম। এই সকল দেৱীৰ এটা ৰূপ হৈছে ভয়ংকৰ দেৱীমূৰ্তি, আৰু আনটো ৰূপ অপৰূপ সুন্দৰী দেৱী প্ৰতিমাৰ।[1]
মুণ্ডমালা তন্ত্ৰ অনুসৰি দশমহাবিদ্যা হৈছে কালী, তাৰা, ষোড়শী, ভৈৰৱী, ভুৱনেশ্বৰী, ছিন্নমস্তা, ধূমাৱতী, বগলা, মাতঙ্গী আৰু কমলাকামিনী। অৱশ্যে মহাবিদ্যাৰ সংখ্যা সম্পৰ্কীয় মতান্তৰ থকা দেখা যায়। আন এক সূত্ৰ মতে মহাবিদ্যাৰ সংখ্যা ১২। দুৰ্গা, কামাখ্যা আৰু অন্নপূৰ্ণাও মহাবিদ্যা। মালিনী বিজয় গ্ৰন্থ মতে, মহাবিদ্যা হৈছে কালী, নীলা, মহাদুৰ্গা, ত্বৰিতা, ছিন্নমস্তিকা, বাগ্বাদিনী, অন্নপূৰ্ণা, প্ৰত্যঙ্গিৰা, কামাখ্যাবাসিনী, বালা, মাতঙ্গী আৰু শৈলবাসিনী।[2]মহাবিদ্যা অভিধাটো মূলত সংস্কৃত শব্দ। সংস্কৃত মহা (অৰ্থাৎ মহৎ) আৰু বিদ্যা (অৰ্থাৎ প্ৰকাশ, ৰূপ, জ্ঞান বা বুদ্ধি) শব্দদুটিৰ সমষ্টিয়ে মহাবিদ্যা।[3] ইয়াৰ সৈতে কেতিয়াবা কেতিয়াবা সংখ্যাবাচক দহ শব্দটো যুক্ত হৈ থাকে। মহাবিদ্যাৰ বিকাশে শক্তিবাদৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক প্ৰতিনিধিত্ব কৰে কিয়নো ই শক্তিবাদত ভক্তিদিশৰ উত্থানক চিহ্নিত কৰে, যি ১৫০০ খ্ৰীষ্টাব্দত শীৰ্ষত উপনীত হৈছিল। পৌৰাণিক যুগত, প্ৰায় ৩-৪ শতিকাত, তত্ত্ববাদী আন্দোলনৰ ই এক নতুন ধাৰা আছিল য'ত সৰ্বোচ্চ সত্তাক মহিলা হিচাপে কল্পনা কৰা হৈছিল। [4]
শাক্ত সকলে বিশ্বাস কৰে, "একেটা সত্যই দহোটা ভিন্ন ৰূপে প্ৰকাশিত; দিব্য জননী দহটি বিশ্বৰূপে দৃষ্ট আৰু পূজিত হৈ আছে।” এই দহটা ৰূপেই হ'ল দশমহাবিদ্যা।[5] মহাবিদ্যাগণ প্ৰকৃতিগতভাবে তান্ত্ৰিক। তেওঁলোকৰ সাধাৰণ নাম সমূহ হল:[6]
মহাভাগৱত পুৰাণ আৰু বৃহদ্ধৰ্ম পুৰাণত ত্ৰিপুৰাসুন্দৰীক ষোড়শী নামে অভিহিত কৰা হৈছে।[1] গুহ্যাতিগুহ্য তন্ত্ৰত কোৱা হৈছে যে মহাবিদ্যাগণেই হ'ল বিষ্ণুৰ দশাৱতাৰৰ উৎস।
নং. | দেৱীৰ নাম | অৱতাৰ সমূহ |
---|---|---|
১. | কালী | কৃষ্ণ |
২. | তাৰা | ৰাম |
৩. | ত্ৰিপুৰা সুন্দৰী বা ললিতা ত্ৰিপুৰা সুন্দৰী | বামন |
৪. | ভৈৰৱী | বৰাহ |
৫. | ভুৱনেশ্বৰী | কল্কি |
৬. | ছিন্নমস্তা | নৰসিংহ |
৭. | মাতঙ্গী | পৰশুৰাম |
৮. | বগলামুখী | কূৰ্ম |
৯. | কমলাকামিনী | বলোৰাম |
১০ | ধূমাৱতী | মৎস্য |
দেৱীৰ এই দশ ৰূপ, যি ভয়ংকৰেই হওক বা কোমল, বিশ্বজননী ৰূপে পূজিত হয়। এই প্ৰতিটো ৰূপকে পাৰ্বতী বা কালিৰ দহটা স্বৰূপ বুলি কোৱা হয়:
নং. | দেৱীৰ নাম | ভৈৰৱৰ নাম |
---|---|---|
১. | কালী | মহাকাল |
২. | তাৰা | অক্ষোভ্য |
৩. | ত্ৰিপুৰা সুন্দৰী | কামেশ্বৰ |
৪. | ভৈৰৱী | দক্ষিণামূৰ্তি |
৫. | ভুৱনেশ্বৰী | ভুৱনেশ্বৰ |
৬. | ছিন্নমস্তা | কবন্ধ |
৭. | মাতঙ্গী | মাতঙ্গ ভৈৰৱ |
৮. | বগলামুখী | একবক্ত্ৰ |
৯. | কমলাকামিনী | সদাশিৱ বা কমল ভৈৰৱ |
১০. | ধূমাৱতী | ভৈৰৱহীন[8] |
১১. | দুৰ্গা | নাৰদ ভৈৰৱ |
১২. | অন্নপূৰ্ণা | দশবক্ৰত |
|