মহাস্থানগড় (ইংৰাজী: Mahasthangarh)বাংলাদেশৰ এক অন্যতম প্ৰাচীন ঐতিহাসিক স্থান। এই প্ৰসিদ্ধ নগৰখন ইতিহাসত পুণ্ড্ৰবৰ্ধন বা পুণ্ড্ৰনগৰ নামেও পৰিচিত আছিল।[1][2][3] এটা সময়ত মহাস্থানগড় বাংলাদেশৰ ৰাজধানী আছিল। যীশু খ্ৰীষ্টৰ জন্মৰো আগতেই অৰ্থাৎ প্ৰায় আঢ়ৈ হাজাৰ বছৰ পূৰ্বেই যে ইয়াত সভ্য জনপদ গঢ়ি উঠিছিল, প্ৰত্নতাত্ত্বিক ভাৱে এই কথাৰ প্ৰমাণ পোৱা গৈছে। ২০১৬ চনত এই ঠাইক চাৰ্কৰ সাংস্কৃতিক ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
প্ৰাচীৰবেষ্টিত এই নগৰৰ ভিতৰত আছে বিভিন্ন সময়ৰ প্ৰত্নতাত্ত্বিক নিদৰ্শন। বহু শতাব্দী পৰ্যন্ত এই ঠাই মৌৰ্য, গুপ্ত, পাল, সেন আদি শাসকবৰ্গৰ প্ৰাদেশিক ৰাজধানী আৰু পৰবৰ্তীকালত হিন্দু সামন্ত ৰজাসকলৰ ৰাজধানী আছিল। তৃতীয় খ্ৰীষ্ট পূৰ্বৰ পৰা পঞ্চদশ খ্ৰীষ্টাব্দ পৰ্যন্ত অসংখ্য হিন্দু ৰাজা আৰু অন্যান্য ধৰ্মৰ ৰজাই ৰাজত্ব কৰিছিল। মহাস্থানগড়ৰ অৱস্থান বগুড়া জিলাৰ শিৱগঞ্জ উপজিলাত।[3] বগুড়া চহৰৰ পৰা প্ৰায় ১৮ কি.মি. উত্তৰে কৰতোৱা নদীৰ পশ্চিম তীৰলৈ গ’লে এই চহৰৰ ধ্বংসাৱশেষ দেখা যায়। ১৯৩১ চনত আৱিষ্কৃত হোৱা ব্ৰাহ্মী লিপিত প্ৰাকৃতত ছয়টা শাৰীত লিখা চূণশিলৰ ফলিত পোৱা ভূমিদান লিপিত লিপিৱদ্ধ মহাস্থানগড়ৰ তাৰিখমতে ই খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ৷ [4][5] মৌৰ্য সাম্ৰাজ্যত ই এখন গুৰুত্বপূৰ্ণ চহৰ আছিল্ খ্ৰীষ্টপূৰ্ব অষ্টম শতিকালৈ এই দুৰ্গম অঞ্চলটো ব্যৱহাৰ হৈ আছিল৷[2]
“মহাস্থান’’ মানে উৎকৃষ্ট বা পৱিত্ৰতা থকা ঠাই আৰু গড় মানে নিৰ্দিষ্ট পৰিসীমাৰে আৱৰা ঠাই। ত্ৰয়োদশ শতিকাৰ সংস্কৃত গ্ৰন্থ বল্লালচৰিতত প্ৰথমে মহাস্থানৰ কথা উল্লেখ কৰা হৈছিল। পৰিস্থিতিগতভাৱে দ্বাদশ–ত্ৰয়োদশ শতিকাত স্থান দিয়া অজ্ঞাত লেখকৰ এখন গ্ৰন্থ “কৰতোয়া মহাত্ম্যতো’’ ইয়াৰ উল্লেখ আছে। একেখন গ্ৰন্থতে একে ঠাইৰ অৰ্থ আৰু দুটা নামো উল্লেখ কৰা হৈছে; পুণ্ড্ৰাক্ষেত্ৰ, পুন্দ্ৰৰ ভূমি, আৰু পুন্দ্ৰাগৰা বা পুন্দ্ৰৰ নগৰ। ১৬৮৫ চনত প্ৰশাসনিক নিৰ্দেশত এই স্থানক মস্তাংগৰ বুলি উল্লেখ কৰা হৈছিল, যিটো সংস্কৃত আৰু পাৰ্চী ভাষাৰ মিশ্ৰণ যাৰ অৰ্থ আছিল, এজন সজ ব্যক্তিৰ দুৰ্গম স্থান। পৰৱৰ্তী আৱিষ্কাৰসমূহে নিশ্চিত কৰিছে যে, পূৰ্বৰ নামটো পুন্দ্ৰনগৰা বা পৌন্দ্ৰবৰ্ধনপুৰা আছিল, আৰু বৰ্তমানৰ মহাস্থানগড় নামটো পিছত উৎপত্তি হৈছিল৷[6]
বগুড়া-ৰংপুৰ ঘাইপথত বগুড়াৰ পৰা ১১ কিলোমিটাৰ উত্তৰে (৬.৮ মাইল) পুন্দ্ৰবৰ্ধনৰ প্ৰাচীন ৰাজধানী মহাস্থানগড় (পুন্দ্ৰনগৰ), আৰু ইয়াৰ পৰা এটা উপপথ (দুৰ্গৰ প্ৰাচীৰৰ পূব দিশেৰে দুৰ্গৰ কাষে কাষে ১.৫ কিলোমিটাৰ) জাহাজঘাট আৰু মিউজিয়ামৰ দিশেৰে গৈছে।[7] ঢাকাৰ পৰা বগুড়ালৈ বাছ উপলভ্য আৰু যমুনা নদী পাৰ হৈ বঙ্গবন্ধু যমুনা দলং হৈ যাত্ৰাৰ বাবে চাৰে-চাৰি ঘণ্টা সময় লাগে। বগুড়াৰ পৰা মহাস্থানগড়লৈ বাছৰ ব্যৱস্থা আছে। স্থানীয় চলাচলৰ বাবে ৰিক্সা পোৱা যায়। ঢাকা/ বগুড়াত ভাৰা গাড়ীও পোৱা যায়। বগুড়াত থকাৰ সুব্যৱস্থা আছে।[8] ভাড়া গাড়ীৰে যাত্ৰা কৰিলে একেদিনা ঢাকালৈ উভতি যাব পাৰি, যদিহে কোনোবাই নওগাঁও জিলাৰ পাহাৰপুৰত থকা সোমাপুৰা মহাবিহাৰ আৰু অন্যান্য ঠাই ভ্ৰমণ কৰাৰ পৰিকল্পনা নাৰাখে, বা বিশদ অধ্যয়নত লিপ্ত নহয়।
অনুমান কৰা হৈছে যে, এই অঞ্চলত চহৰ নিৰ্মাণৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈছিল কাৰণ ই বাংলাদেশৰ অন্যতম উচ্চভূমি অঞ্চল। এই অঞ্চলৰ ভূমি সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩৬ মিটাৰ (১১৮ ফুট) উচ্চতাত থকাৰ বিপৰীতে বাংলাদেশৰ ৰাজধানী ঢাকা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৬ মিটাৰ (২০ ফুট) উচ্চতাত অৱস্থিত। এই ঠাইখন বাচি লোৱাৰ আন এটা কাৰণ আছিল কাৰাতোৱাৰ অৱস্থান আৰু আকাৰ, যিটো শেহতীয়াকৈ ত্ৰয়োদশ শতিকাৰ তুলনাত গংগাতকৈ তিনিগুণ বহল আছিল।[9]
বৃহৎ পৰিমাণৰ জলজ অঞ্চলৰ ভিতৰত অলপ ওখ বাৰিন্দ ট্ৰেক্ট (বৰ্তমান বাংলাদেশৰ ৰাজশাহী অঞ্চল)ৰ[10] ৰঙা মাটিত মহাস্থানগড় নগৰ অৱস্থিত। চাৰিওফালৰ অঞ্চলৰ পৰা ১৫ৰ পৰা ২৫ মিটাৰ উচ্চতাই ইয়াক তুলনামূলকভাৱে বানপানীমুক্ত ভৌগলিক ঠাই হিচাপে চিহ্ণিত কৰিছে।[11]
মহাস্থানগড়ৰ ধ্বংসাৱশেষ আৱিষ্কাৰ আৰু চিনাক্তকৰণত কেইবাজনো ব্যক্তিয়ে অৰিহণা যোগাইছিল। ১৮০৮ চনত ফ্ৰান্সিছ বুকানান হেমিল্টনে প্ৰথমে মহাস্থানগড়ৰ স্থান নিৰ্ণয় কৰি ভ্ৰমণ কৰে, তাৰ পিছত চি.জে.অ’ডনেল, ই.ভি.ৱেষ্টমেকট আৰু বেভেৰিজে এই স্থানলৈ গৈছিল। আলেকজেণ্ডাৰ কানিংহামে প্ৰথমে এই স্থানক পুন্দ্ৰবৰ্ধনৰ ৰাজধানী বুলি চিনাক্ত কৰিছিল। ১৮৭৯ চনত তেওঁ এই স্থান ভ্ৰমণ কৰে।[6]
২০০৪ চনৰ ১৯ এপ্ৰিলত “দ্য ডেইলী ষ্টাৰে’’ প্ৰকাশ কৰা অনুসৰি স্থানীয় লোকে সেই ঠাইৰ পৰা ইটা আৰু মূল্যৱান সামগ্ৰী লুটপাত কৰি নি আছে। চৰকাৰী নিয়মক আওকাণ কৰি তেওঁলোকে সেই স্থানত বাসগৃহও নিৰ্মাণ কৰিছে৷[12]
প্ৰাচীন চহৰখনৰ কেন্দ্ৰবিন্দুত অৱস্থিত দুৰ্গটোৰ পৰিকল্পনা আছিল আয়তাকাৰ, ই উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় ১.৫২৩ কিলোমিটাৰ (০.৯৪৬ মাইল) দীঘল, আৰু পূৱৰ পৰা পশ্চিমলৈ ১.৩৭১ কিলোমিটাৰ (০.৮৫২ মাইল); ইয়াৰ চাৰিওকাষে ওখ আৰু বহল বহল প্ৰাচীৰ আছিল। দুৰ্গৰ মাটিৰ আয়তন প্ৰায় ১৮৫ হেক্টৰ।[9] এসময়ত শক্তিশালী কিন্তু বৰ্তমান সৰু হৈ পৰা কৰতোৱা নৈ ইয়াৰ পূব দিশেৰে বৈ গৈছে।[2]
১৯২০ চনত খনন আৰম্ভ হোৱাৰ সময়ত দুৰ্গৰ ভিতৰৰ অংশ চাৰিওফালৰ অঞ্চলতকৈ ৪ মিটাৰতকৈও অধিক ওখ আছিল আৰু ইয়াত কেইবাটাও টিলাসদৃশ মাটিৰ ঢিপ আছিল। প্ৰাচীৰটো দেখাত জংঘলেৰে আবৃত বোকাময় প্ৰাচীৰ যেন লাগিছিল আৰু কেবাঠাইতো প্ৰাচীৰসমূহ বলপূৰ্বক খোলা আছিল। এই প্ৰাচীৰখন চাৰিওফালৰ অঞ্চলতকৈ ১১–১৩ মিটাৰ (৩৬–৪৩ ফুট) ওখ আছিল। ইয়াৰ দক্ষিণ-পূব কোণত এটা মাজাৰ (পৱিত্ৰ সমাধি) আছিল। পৰৱৰ্তীসময়ৰ এটা মছজিদো(১৭১৮–১৯ চনত নিৰ্মিত) তাত আছিল।[6]
বৰ্তমান দুৰ্গসমূহৰ ভিতৰত কেইবাটাও টিলা আৰু গাঁথনিগত অৱশিষ্ট আছে। ইয়াৰে কেইটামান মন কৰিবলগীয়া হ’ল: জিয়াত কুণ্ডা (যিটোৰ কিংবদন্তি অনুসৰি জীৱনীদায়ক শক্তি আছে), মানকালিৰ ধাপ (মানকালীৰ বাবে পৱিত্ৰ স্থান), পৰশুৰামৰ বাসগৃহ (পৰশুৰাম নামৰ ৰজাৰ ৰাজপ্ৰসাদ), বৈৰাগীৰ ভিটা (এগৰাকী মহিলা সন্যাসী), খোদাৰ পাত্থৰ ভিটা (ঈশ্বৰে প্ৰদান কৰা শিলৰ ঠাই), আৰু মুনীৰ ঘোন (এটা দুৰ্গ)। বিভিন্ন স্থানত কিছুমান দুৱাৰ আছে: উত্তৰ-পূব কোণত কটা দুৱাৰ (উত্তৰত), দোৰাব শ্বাহ টোৰণ (পূবে), বুৰীৰ ফাটক (দক্ষিণত), আৰু তামৰা দৰৱাজা (পশ্চিমে)[2] জাহাজঘাটলৈ নামি যোৱা উৰণীয়া চিৰি (পিছৰ সংযোজন) আছে। জাহাজঘাটৰ অলপ ওপৰেৰে আৰু কৰতোৱাৰ পাৰত গোবিন্দ ভিটা (গোবিন্দৰ উৎসৰ্গিত মন্দিৰ) অৱস্থিত। ইয়াৰ সম্মুখত ছাইট মিউজিয়াম, য’ত কিছুমান প্ৰতিনিধিত্বমূলক তথ্য প্ৰদৰ্শিত কৰা হৈছে। ইয়াৰ কাষতে এটা জিৰণি ঘৰ।