মহীশূৰ | |
---|---|
মহানগৰ | |
![]() ঘড়ীকাঁটাৰ দিশত ওপৰৰপৰা: মহীশূৰ মহল, মন্দ্যাৰ শিৱনাসমুদ্ৰা জলপ্ৰপাত, ইনফোচিচ কোম্পানীৰ মহীশূৰ কেম্পাচ, মন্দ্যাৰ বৃন্দাবন উদ্যান, শোমনাথপুৰাৰ মন্দিৰ, ললিতা মহল, চেইণ্ট ফিলোমেনাৰ গীৰ্জা আৰু চামুন্দেশ্বৰী মন্দিৰ | |
![]() | |
স্থানাংক: 12°16′N 76°36′E / 12.26°N 76.6°Eস্থানাংক: 12°16′N 76°36′E / 12.26°N 76.6°E | |
দেশ | ভাৰত |
ৰাজ্য | কৰ্ণাটক |
বিভাগ | মহীশূৰ বিভাগ |
জিলা | মহীশূৰ জিলা |
কালি | |
• মহানগৰ |
152 km2 (60.12 sq mi) |
উচ্চতা | ৭৬৩ মিটাৰ (২,৫০৩ ফুট) |
জনসংখ্যা | |
• মহানগৰ |
9,20,550 |
• স্থান | ৫৩ |
• ঘনত্ব | 6,100/km2 (15,000/sq mi) |
• মেট্ৰ’ | 9,90,900 |
মহীশূৰ (কন্নড়: ಮೈಸೂರು) কৰ্ণাটকৰ তৃতীয়খন বৃহৎ[4] আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ দক্ষিণ পশ্চিম দিশলৈ চামুণ্ডী শিলৰ তললৈ অৱস্থিত এই মহানগৰখনৰ কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮৮৭,৪৪৬।
১৩৯৯ চনৰ পৰা ১৯৫৬ চনলৈ মহীশূৰ আছিল মহীশূৰ ৰাজ্যৰ ৰাজধানী। ৱডেয়াৰ বংশৰ দ্বাৰা এই ৰাজ্য পৰিচালিত হৈছিল। এই সময়খিনিতে ঠাইখন কলা আৰু সাংস্কৃতিক দিশত আগবাঢ়ি গৈছিল। সেইবাবেই ইয়াক কৰ্ণাটকৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয়। মহীশূৰ ইয়াত থকা ঐতিহ্যমণ্ডিত ঠাই আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। দশেহৰা উৎসৱৰ সময়ত ইয়ালৈ দেশ বিদেশৰ পৰ্যটকে ভীৰ লগায়। ইয়াৰ মহীশূৰ দশেহৰা, মহীশূৰ চিত্ৰ, মহীশূৰ পাক(মিঠাই), মহীশূৰ মচলা দোচা, মহীশূৰ চণ্ডাল চাবোন, মহীশূৰ চিঞাহী, মহীশূৰ পেটা(স্থানীত পাগুৰি) আৰু মহীশূৰ শাৰী ইত্যাদি অন্যতম। পৰ্যটনেই ইয়াৰ মূল উদ্যোগ হিচাপে চিহ্নিত হৈছে যদিও আন উদ্যোগো নথকা নহয়। ইয়াৰ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুখ্যতঃ ৰেল, বাছ আৰু দশেহৰাৰ সময়ত বিমান পৰিবহণ ব্যৱস্থা সক্ৰিয় হৈ পৰে। ভাৰতৰ প্ৰথম ব্যক্তিগত ৰেডিঅ' সংস্থা মহীশূৰতেই আছিল। মহীশূৰ বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যালয়ো ইয়াত অৱস্থিত। ক্ৰিকেট, লন টেনিছ ইয়াত জনপ্ৰিয় খেল।
মহীশূৰৰ অৰ্থ হৈছে মহীষা (কন্নড় ভাষাৰ শব্দ)-ৰ বাসস্থান। সংস্কৃতৰ পৰা চাবলৈ গ'লে ইয়াৰ অৰ্থ হৈছে ম'হ। এই মহীষা নামটো আহিছে হিন্দু পৌৰাণিক কাহিনীৰ দৈত্য মহীষাশূৰৰ পৰা, যিয়ে মানুহ আৰু ম'হৰ ৰূপ ধাৰণ কৰিব পাৰিছিল আৰু মহীশূৰ ৰাজ্যৰ ৰজা আছিল।[5] দৈত্য মহীষাশূৰক বধ কৰিছিল চামুণ্ডেশ্বৰী দেৱীয়ে আৰু তেওঁৰ নামেৰে চামুণ্ডি পাহাৰৰ শীৰ্ষত এক মন্দিৰ আছে। তাৰ পাছৰে পৰা নামটো মহীষপুৰ হয় আৰু পাছলৈ মহীশূৰ হৈ পৰে।[6] পাছত বৃটিছসকলৰ আগমনৰ পাছত এই নামটো মাইচৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে।[7]
২০০৫ চনৰ ডিচেম্বৰত কৰ্ণাটকৰ ৰাজ্য চৰকাৰে মহানগৰখনৰ ইংৰাজী নামটো Mysuru কৰাৰ সিদ্ধান্ত কৰে[8] আৰু ২০১৪ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে এই সিদ্ধান্তক আদৰণি জনায়।[9][10][11]
মহীশূৰৰ অৱস্থিতি 12°18′N 74°39′E / 12.30°N 74.65°E আৰু গড় উচ্চতা ৭৭০ মিটাৰ আৰু কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ। ইয়াৰ ওচৰ চুবুৰীয়া মহানগৰ কেইখন হৈছে কেৰালা, তামিলনাডু ইত্যাদি। ভাষা কন্নড়। ইয়াত থকা কেইটামান পুখুৰীৰ নাম হৈছে কুক্কাৰাহালী, কাৰাঞ্জী আৰু লিংগমবুধি। মহানগৰখন দুখন নদীৰ মাজত অৱস্থিত, কাবেৰী নদী আৰু কাবিনী নদী।
ইয়াত গ্ৰীষ্মকাল মাৰ্চ মাহৰ পৰা জুন মাহলৈ আৰু বৰ্ষাকাল হয় জুলাইৰ পৰা নৱেম্বৰৰ ভিতৰত আৰু শীতকাল হয় ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীত। সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৯.৪ ডিগ্ৰী চেলচিয়াছ (১৯১৭ চনৰ ৪ এপ্ৰিল) আৰু সৰ্বনিম্ন ২০১২ চনৰ ১৬ জানুৱাৰীত ৭.৭ ডিগ্ৰী চেলচিয়াছ। বাৰ্ষিক গড় বৰষুণ হয় ৮০৪.২ মিলিমিটাৰ।