![]() | ||||
2018 চনৰ এটি অনুষ্ঠানত ধোনি | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | মহেন্দ্ৰ সিং ধোনি | |||
জন্ম | ৭ জুলাই, ১৯৮১ (৪৩ বছৰ) ৰাঁচী, ঝাৰখণ্ড, ভাৰত | |||
উপনাম | মাহি, এম এচ, এম এচ ডি, এম এচ ধোনি | |||
উচ্চতা | 5 ফুট 10 ইঞ্চি (1.8 মিটাৰ) | |||
বেটিং শৈলী | সোঁ-হতীয়া বেট্ছমেন | |||
বলিং শৈলী | সোঁ-হতীয়া মধ্যম বেগী | |||
ভূমিকা | উইকেটৰক্ষক, ভাৰতৰ অধিনায়ক | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (কেপ ২৫১) | ২ ডিচেম্বৰ ২০০৫ বনাম শ্ৰীলংকা | |||
অন্তিম টেষ্ট | ২৬ ডিচেম্বৰ ২০১৪ বনাম অষ্ট্ৰেলিয়া | |||
অ'ডিআই অভিষেক (কেপ ১৫৮) | ২৩ ডিচেম্বৰ ২০০৪ বনাম বাংলাদেশ | |||
অন্তিম অ'ডিআই | ৬ মাৰ্চ ২০১৫ v ৱেষ্ট ইণ্ডিজ | |||
অ'ডিআই চোলা নং. | ৭ | |||
টি২০ অভিষেক (কেপ ২) | ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা | |||
অন্তিম আন্তৰ্জাতিক টি২০ | ৭ চেপ্তেম্বৰ ২০১৪ বনাম ইংলেণ্ড | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
১৯৯৯/০০–২০০৪/০৫ | বিহাৰ | |||
২০০৪/০৫–বৰ্তমান | ঝাৰখণ্ড | |||
২০০৮–বৰ্তমান | চেন্নাই ছুপাৰ কিংছ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট | ODI | FC | T20 |
মুঠ খেল | ৯০ | ২৫৭ | ১৩১ | ৫০ |
ৰাণ | ৪,৮৭৬ | ৮,২৯৮ | ৭,০৩৮ | ৮৪৯ |
বেটিং গড় | ৩৮.০৯ | ৫১.৮৬ | ৩৬.৮৪ | ৩৩.৯৬ |
শতক/অৰ্ধশতক | ৬/৩৩ | ৯/৫৬ | ৯/৪৭ | ০/০ |
সৰ্বোচ্চ ৰাণ | ২২৪ | ১৮৩* | ২২৪ | ৪৮* |
বল | ৯৬ | ৩৬ | ১২৬ | – |
উইকেট | ০ | ১ | ০ | – |
বলিং গড় | – | ৩১.০০ | – | – |
এক ইনিংছত ৫টা উইকেট | – | – | – | – |
এখন খেলত ১০টা উইকেট | – | – | – | – |
শ্ৰেষ্ঠ বলিং | – | ১/১৪ | – | – |
কেচ্চ/ষ্টাম্পিং | ২৫৬/৩৮ | ২৩৪/৮৫ | ৩৬৪/৫৭ | ২৫/১১ |
উৎস: http://www.cricinfo.com/india/content/player/28081.html ই এচ পি এন ক্ৰিকইনফ', ২৮ ফেব্ৰুৱাৰী ২০১৫ |
মহেন্দ্ৰ সিং ধোনি (ⓘ, জন্ম- ৭ জুলাই ১৯৮১) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমান অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিড্ল-অৰ্ডাৰ বেট্ছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisherসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়।[1][2][3][4] ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ আত্মপ্ৰকাশ কৰে আৰু তাৰ এবছৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেক ঘটে।
ভাৰতীয় দলৰ অধিনায়ক হিচাপে ধোনিৰ বহুকেইটা অভিলেখ আছে। ইয়াৰ ভিতৰত সৰ্বাধিক টেষ্ট আৰু এদিনীয়াত জয়লাভ কৰা ভাৰতীয় অধিনায়ক আৰু এদিনীয়াত একেলেথাৰিয়ে সৰ্বাধিক জয়লাভ কৰা ভাৰতীয় অধিনায়কৰ অভিলেখ উল্লেখযোগ্য। ২০০৭ চনত তেওঁ ৰাহুল দ্ৰাবিড়ৰ পৰা এদিনীয়া দলৰ অধিনায়কত্ব লাভ কৰে আৰু ভাৰতে প্ৰথমবাৰৰ বাবে শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাটিত দ্বি-দেশীয় শৃংখলাত বিজয় সাব্যস্ত কৰে। তেওঁৰ নেতৃত্বত ভাৰতে ২০০৭ চনৰ টুৱেণ্টি২০ বিশ্বকাপ, ২০০৭-০৮ চনৰ চি বি ছিৰিজ, ২০১০ চনৰ এছিয়া কাপ, ২০১১ চনৰ বিশ্বকাপ আৰু ২০১৩ চনৰ আই চি চি চেম্পিয়ন্ছ ট্ৰফীত বিজয় সাব্যস্ত কৰে। ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত ধোনিয়ে ৭৯ বলত অপৰাজেয় ৯১ ৰাণ কৰি ভাৰতৰ জয়লাভত প্ৰচুৰ অৰিহণা যোগায় আৰু ইয়াৰ বাবে তেওঁ ফাইনেলৰ 'মেন অৱ দ্য মেচ' ঘোষিত হয়। ২০১৩ চনৰ জুন মাহত চেম্পিয়ন্ছ ট্ৰফীৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ধোনি আই চি চিৰ তিনিওটা ট্ৰফী (বিশ্বকাপ, চেম্পিয়ন্ছ ট্ৰফী আৰু টুৱেণ্টি২০ বিশ্বকাপ) বিজয় কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়। ২০০৮ চনত তেওঁ টেষ্ট দলৰ অধিনায়কত্ব লাভ কৰে আৰু তেওঁৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ডত আৰু ৱেষ্ট ইণ্ডিজত হোৱা ছিৰিজত জয়লাভ কৰে আৰু ২০০৮, ২০১০ আৰু ২০১৩ চনত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়লাভ কৰে। ২০০৯ চনত ভাৰতে প্ৰথমবাৰৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান দখল কৰে। ২০১৩ চনত ধোনিৰ নেতৃত্বৰ ভাৰতীয় দলৰ হাতত টেষ্ট ছিৰিজত অষ্ট্ৰেলিয়া হোৱাইট ৱাশ্বৰ সন্মুখীন হয়। চল্লিছতকৈয়ো বেছি বছৰ পাছত অষ্ট্ৰেলিয়া কোনো দলৰ হাতত হোৱাইটৱাশ্বৰ সন্মুখীন হয়। তেওঁৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ দলে ২০১০ আৰু ২০১১ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আৰু ২০১০ আৰু ২০১৪ চনৰ চেম্পিয়ন্ছ লীগত খিতাপ জয় কৰে। ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।[5]
ধোনি পূৰ্বে এয়াৰ ইণ্ডিয়াত কৰ্মৰত অছিল। বৰ্তমান তেওঁ ইণ্ডিয়া চিমেণ্ট্ছ লিমিটেডৰ উপ সভাপতি। ইণ্ডিয়া চিমেণ্ট্ছ হ'ল চেন্নাই ছুপাৰ কিংছ দলৰ স্বত্বাধিকাৰী আৰু আই পি এলৰ প্ৰথম বৰ্ষৰপৰাই ধোনি এই দলৰ অধিনায়ক হৈ আছে।[6][7] ইণ্ডিয়ান ছুপাৰ লীগৰ দল চেন্নায়িন এফ চিৰ তেওঁ সহ-স্বত্বাধিকাৰী।[8]
ধোনিয়ে ২০০৮ আৰু ২০০৯ চনত আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ বঁটা (দুবাৰকৈ এই বঁটা লাভ কৰা ধোনি প্ৰথম খেলুৱৈ), ২০০৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু ২০০৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। ২০০৯ চনৰ বাবে তেওঁ আই চি চি বিশ্ব টেষ্ট একাদশ আৰু আই চি চি বিশ্ব এদিনীয়া একাদশৰ অধিনায়ক ঘোষিত হৈছিল। ২০১১ চনৰ ১ নৱেম্বৰত ভাৰতীয় স্থলসেনাই তেওঁক সন্মানীয় লেফটেনেণ্ট কৰ্ণেল ৰেংক প্ৰদান কৰে।[9]কপিল দেৱৰ পাছতেই এই সন্মান লাভ কৰা তেওঁ দ্বিতীয় ভাৰতীয় ক্ৰিকেটাৰ। ২০১৪ চনৰ জুনত ফ'ৰ্ব্ছ আলোচনীয়ে 'সৰ্বাধিক মাননি লাভ কৰা এথলীট'ৰ তালিকাত ধোনিক (৩০ নিযুত আমেৰিকান ডলাৰ) ২২ নং স্থানত ৰাখে।[10][11][12][13][14] ২০১১ চনত টাইম আলোচনীয়ে ইয়াৰ বাৰ্ষিক 'টাইম ১০০' তালিকাত বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ এজন হিচাপে ধোনিক স্থান দিয়ে।[15] স্প'ৰ্ট্ছপ্ৰ' আলোচনীয়ে ২০১২ চনত ধোনিক বিশ্বৰ 'ব্যৱসায়যোগ্য (marketable) এথলীট'ৰ তালিকাত ১৬ নং স্থানত ৰাখে।[16]
![]() |
ৱিকিমিডিয়া কমন্সত মহেন্দ্ৰ সিং ধোনি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
Sporting positions | ||
---|---|---|
পূৰ্বৱৰ্তী অনিল কুম্বলে |
ভাৰতৰ টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক ২০০৮–২০১৪ |
পৰৱৰ্তী বিৰাট ক'হলি |
পূৰ্বৱৰ্তী ৰাহুল দ্ৰাবিড় |
ভাৰতৰ এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক ২০০৭–বৰ্তমান |
পৰৱৰ্তী Incumbent |
পূৰ্বৱৰ্তী বীৰেন্দৰ ছেহৱাগ |
ভাৰতৰ টুৱেণ্টি২০ ক্ৰিকেট দলৰ অধিনায়ক ২০০৭–বৰ্তমান |
পৰৱৰ্তী Incumbent |
|
|
|