Mahendrapala | |
---|---|
Pala empire with neighbours | |
ৰাজত্ব | 9th century |
পূৰ্বসূৰী | Devapala |
উত্তৰাধিকাৰী | Shurapala I |
মাতৃ | Mahata Devi |
পিতৃ | Devapala |
মহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা।[1] তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী মাহাতাৰ পুত্ৰ[1] যদিও পাল বংশত বিভিন্ন ঠাইত মহেন্দ্ৰপালৰ নাম উল্লেখ আছে, পূৰ্বতে ইতিহাসবিদে মহেন্দ্ৰপালক প্ৰতিহাৰ ৰাজবংশৰ প্ৰথম মহেন্দ্ৰপালৰ লগত একাকাৰ কৰা কৰিছিল। তেওঁলোকে দেবপালৰ পিছত প্ৰথম বিগ্ঝপালৰ কথা কৈছিল।[2] কিন্তু ১৯৮৭ত জগজ্জীবনপুৰত তেওঁৰ তাম্ৰশাসন আবিষ্কাৰ হ'ল আৰু এই কথা পোহৰলৈ আহিল যে দেবপালৰ পিছত মহেন্দ্ৰপালহে ৰজা হৈছিল।[3] মহেন্দ্ৰপালৰ ৰাজত্বৰ সপ্তম বছৰৰ এই সিংহাসনৰ বিষয়ে আৰু জনা যায় যে তেওঁৰ মহাসেনাপতি বজ্ৰদেব নন্দদীৰ্ঘিকাই উদ্ৰঙ্গ নামৰ ঠাইত এটা বৌদ্ধ বিহাৰ স্থাপন কৰিছিল। তাম্ৰশাসনত মহেন্দ্ৰপালৰ কণিষ্ঠ ভাতৃ প্ৰথম চুৰপালৰ নাম আছে।[4] প্ৰথম চুৰপালে মহেন্দ্ৰপালৰ পিছত সিংহাসন দখল কৰিলে।[5]